চিকিৎসক পত্নীৰ আকস্মিকভাৱে মৃত্যু ঘটিছিল। ছমাহৰ পাছত আৰক্ষীয়ে পত্নীক হত্যা কৰাৰ অভিযোগত চিকিৎসকৰ স্বামীক গ্ৰেপ্তাৰ কৰে। অভিযোগ অনুসৰি ডাঃ মহেন্দ্ৰ ৰেড্ডীয়ে এনাস্থেচিয়াৰ অতিমাত্ৰা ডোজ দি পত্নীক হত্যা কৰিছিল।
এই ঘটনা পোহৰলৈ অহাৰ লগে লগে বেংগালুৰুত চাঞ্চল্যৰ সৃষ্টি হয়। ভিক্টোৰিয়া হাস্পতালত কৰ্মৰত অস্ত্ৰোপচাৰ বিশেষজ্ঞ (চাৰ্জন) ডাঃ মহেন্দ্ৰ ৰেড্ডীয়ে মানুহৰ শৰীৰে কেনেদৰে কাম কৰে সেই বিষয়ে ভালদৰেই জানিছিল। আৰু সেই জ্ঞান তেওঁ এটা জীৱন বচাবলৈ নহয়, এটা জীৱন শেষ কৰিবলৈ ব্যৱহাৰ কৰিছিল।
ছয় মাহ পূৰ্বে ছালৰ বিশেষজ্ঞ কৃতিকা ৰেড্ডীৰ আকস্মিক মৃত্যুক স্বাভাৱিক বুলি গণ্য কৰা হৈছিল। কিন্তু আৰক্ষীয়ে দাবী কৰে যে এই ‘পৰিকল্পিত হত্যাকাণ্ড’ৰ মূল আৰু একমাত্ৰ মাষ্টাৰমাইণ্ড আছিল তেওঁৰ স্বামী মহেন্দ্ৰ।
আৰক্ষীৰ মতে, তেওঁ ‘এজন দক্ষ অস্ত্ৰোপচাৰ বিশেষজ্ঞৰ দৰে নিখুঁত পৰিকল্পনা’ৰে পত্নীক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল আৰু তেওঁ এনাস্থেচিয়াৰ মাৰাত্মক ডোজ দি কৰিছিল। ২০২৪ চনৰ ২৬ মে’ত বিবাহপাশত আবদ্ধ হয় এই দম্পতী। আৰক্ষীয়ে জনোৱা মতে, মহেন্দ্ৰই পত্নীৰ শাৰীৰিক দুৰ্বলতা আৰু চিকিৎসাৰ ইতিহাসৰ সবিশেষ জানিছিল। সেই তথ্য তেওঁ নিজৰ হত্যাৰ পৰিকল্পনাত ব্যৱহাৰ কৰিছিল।
হোয়াইটফিল্ডৰ উপ আয়ুক্ত এম পৰশুৰামে কয়, “মহেন্দ্ৰই অতি নিখুঁতভাৱে পৰিকল্পনা কৰিছিল। তেওঁ জানিছিল যে তেওঁৰ পত্নী কোনটো ঔষধৰ প্ৰতি আটাইতকৈ সংবেদনশীল আৰু সেইটো অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছিল।”
আৰক্ষীৰ সূত্ৰ অনুসৰি চলিত বৰ্ষৰ ২১ এপ্ৰিলত মহেন্দ্ৰই পত্নীক কৈছিল যে তেওঁ হেনো গেষ্ট্ৰিকৰ সমস্যাত ভুগিছে, গতিকে তেওঁক বেজী দিয়াৰ প্ৰয়োজন। ঘৰতে তেওঁক শিৰাত (IV) ঔষধ দিছিল। পিছদিনা কৃতিকাক জিৰণিৰ প্ৰয়োজন বুলি কৈ মাৰাঠাহল্লীৰ মাক-দেউতাকৰ ঘৰলৈ লৈ গ’ল। সেই নিশা ঘূৰি আহি তেওঁক আৰু এটা আইভি ড’জ দিয়ে। ২৩ এপ্ৰিলত কৃতিকাই বেজী দিয়া ঠাইত বিষ হোৱা বুলি জনায়। তাৰ পিছত মহেন্দ্ৰই তেওঁক হোৱাটছএপত পৰামৰ্শ দিলে, “আইভি লাইনটো খুলিব নালাগে, মই ৰাতি আহি আৰু এটা ড’জ দিম।”
সেইদিনা ৰাতি ৯:৩০ মান বজাত তেওঁ কৃতিকাৰ কোঠাত সোমাই আন এটা বেজী দিলে। পিছদিনা ২৪ এপ্ৰিলৰ ৰাতিপুৱা কৃতিকাক অচেতন অৱস্থাত উদ্ধাৰ কৰা হয়। আশ্চৰ্যজনকভাৱে মহেন্দ্ৰই তেওঁক চিপিআৰ দিয়া নাছিল। পিছত চিকিৎসালয়লৈ নিয়াৰ সময়ত চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।
মৰণোত্তৰ পৰীক্ষা আৰু ফৰেনছিক বিজ্ঞান পৰীক্ষাগাৰৰ প্ৰতিবেদনত কৃতিকাৰ শৰীৰত এনাস্থেচিয়াৰ লেখ-জোখ পোৱা গৈছে, যাৰ ফলত এই মৃত্যু ‘প্ৰাকৃতিক’ নহয়, বৰঞ্চ ‘বিষক্ৰিয়াজনিত হত্যা’ বুলি প্ৰমাণিত হৈছে। ইয়াৰ পিছতে আৰক্ষীয়ে অস্বাভাৱিক মৃত্যুৰ প্ৰতিবেদন (UDR)ক হত্যাৰ গোচৰলৈ ৰূপান্তৰিত কৰি কৃতিকাৰ পিতৃ কে মুনি ৰেড্ডীৰ অভিযোগৰ ভিত্তিত মহেন্দ্ৰক গ্ৰেপ্তাৰ কৰে।
কৃতিকাৰ পিতৃ মুনি ৰেড্ডীয়ে কয়, “আমাৰ কন্যাই বিশ্বাস কৰিছিল যে তাইৰ বিবাহ প্ৰেম আৰু সন্মানৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠিছে। কিন্তু মানুহৰ জীৱন ৰক্ষা কৰিব লগা চিকিৎসা জ্ঞানেই তাইৰ প্ৰাণ কাঢ়ি নিলে।”





