• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

উত্তৰ-পূৰ্বাঞ্চলৰ আঠটা বিশেষ পৰ্যটনস্থলী চিনাক্ত: ড’নাৰ মন্ত্ৰালয়ৰ নতুন পদক্ষেপ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 18, 2025 5:27 pm
29
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ-পূৰ্বাঞ্চলক ভাৰতৰ উন্নয়নৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰণালয়ে এক ঐক্যবদ্ধ কৌশলৰ জৰিয়তে অঞ্চলটোক বিশ্বৰ পৰ্যটন আৰু সাংস্কৃতিক কেন্দ্ৰস্থল হিচাপে প্ৰচাৰৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। মন্ত্ৰী জ্যোতিৰাদিত্য এম সিন্ধিয়াই শুকুৰবাৰে এই কথা ঘোষণা কৰি কয় যে মন্ত্ৰণালয়ে অঞ্চলটোৰ আঠটা বিশেষ আকৰ্ষণ (ইউ এছ পি) আৰু সমসংখ্যক গুৰুত্বপূৰ্ণ পৰ্যটনস্থল চিনাক্ত কৰিছে।

মন্ত্ৰী সিন্ধিয়াই কয় যে, “অসমৰ মুগা শিল্প, মেঘালয়ৰ লাকাডং হালধি, মণিপুৰৰ প’লো, ছিকিমৰ জৈৱিক কৃষি, ত্ৰিপুৰাৰ কুইন আনাৰস আদিৰ দৰে প্ৰতিটো ৰাজ্যৰ নিজস্ব অনন্য সামগ্ৰী আৰু অভিজ্ঞতাৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলক বিশ্বৰ সন্মুখত পৰিচয় কৰোৱা হ’ব।” তেওঁ লগতে কয় যে কাজিৰঙা (অসম), জিৰো (অৰুণাচল প্ৰদেশ), সোহৰা (মেঘালয়), থেনজাউল (মিজোৰাম), মাতাবাৰী (ত্ৰিপুৰা), কিছামা (নাগালেণ্ড), নামচি (ছিকিম) আৰু মইৰাঙ (মণিপুৰ) এই আঠটা পৰ্যটন ক্ষেত্ৰক ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্বৰ জৰিয়তে বিশ্বমানৰ পৰ্যটন কেন্দ্ৰ হিচাপে গঢ়ি তোলা হ’ব।

Apply Now

মন্ত্ৰণালয়ে ৰাজ্যসমূহত হোমষ্টে আৰু ইকো-টুৰিজমৰ মডেল সম্প্ৰসাৰণৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতিৰ উন্নতিৰ লক্ষ্য ৰাখিছে বুলি সদৰী কৰিছে। আৰু এই পদক্ষেপৰ ফলত গ্ৰাম্য আয় ৪৫ শতাংশ বৃদ্ধি পোৱাৰ লগতে বহনক্ষম জীৱিকাৰ সুযোগ সৃষ্টি হ’ব বুলি মত প্ৰকাশ কৰিছে। এই প্ৰকল্পত ২০২৪–২৫ বিত্তীয় বৰ্ষত ড’নাৰ মন্ত্ৰণালয়ে ৩,৪৪৭.৭১ কোটি টকা ব্যয় কৰিছে, যিটো পূৰ্বৰ বছৰৰ তুলনাত ৭৪.৪ শতাংশ আৰু তিনি বছৰৰ ভিতৰত ২০০ শতাংশতকৈ অধিক বৃদ্ধি পাইছে।

উল্লেখ্য যে ২০২৫ চনৰ মে’ মাহত অনুষ্ঠিত ৰাইজিং নৰ্থ-ইষ্ট ইনভেষ্টৰ্ছ ছামিটত ৪.৪৮ লাখ কোটি টকাৰ বিনিয়োগৰ প্ৰতিশ্ৰুতি লাভ কৰা হৈছে। এই সমাৰোহত আঠজন মুখ্যমন্ত্ৰী, আঠজন কেন্দ্ৰীয় মন্ত্ৰী আৰু ১০৮টা ৰাজহুৱা খণ্ডৰ উদ্যোগে অংশগ্ৰহণ কৰিছিল। মন্ত্ৰণালয়ে পৰ্যটন, কৃষি, আন্তঃগাঁথনি, ক্ৰীড়া আদিৰ বাবে মুখ্যমন্ত্ৰী নেতৃত্বাধীন আঠটা উচ্চ পৰ্যায়ৰ টাস্ক ফ’ৰ্চ গঠন কৰিছে, যিয়ে আন্তঃৰাজ্যিক সহযোগিতা আৰু নীতিৰ সংহতি সক্ষম কৰিছে।

উত্তৰ-পূৰ্বাঞ্চলৰ সংযোগ ব্যৱস্থা শক্তিশালী কৰিবলৈ শিলচৰ, কৈলাশাহাৰ আৰু ছিকিমৰ বিমানবন্দৰ সম্প্ৰসাৰণৰ দৰে প্ৰকল্প ত্বৰান্বিত কৰা হৈছে। বিগত ১১ বছৰত বিমানবন্দৰৰ সংখ্যা ৯ৰ পৰা ১৭লৈ বৃদ্ধি পাইছে, আৰু ২০২৯ৰ ভিতৰত সকলো ৰাজ্য ৰে’লৰ জৰিয়তে সংযুক্ত হ’ব বুলি সদৰী কৰে। কালাদান আৰু ভাৰত-ম্যানমাৰ-থাইলেণ্ড ত্ৰিপাক্ষিক ঘাইপথ প্ৰকল্পই অঞ্চলটোক বিশ্বৰ সৈতে সংযোগ কৰিব বুলি উল্লেখ কৰে।

ইফালে নেশ্যনেল মিছন অন ইডিবল অইলছৰ জৰিয়তে ৬৮ হাজাৰ হেক্টৰত তেল পামৰ খেতিৰ ব্যৱস্থা কৰাৰ কথা সদৰী কৰিছে। অগৰুৰ ৰপ্তানি কোটা ছয়গুণ বৃদ্ধি পাইছে আৰু জি আই পঞ্জীয়নৰ কাম চলি আছে। বাঁহ খণ্ডত ১২৬.৭ কোটি টকাৰ ২২টা প্ৰকল্পৰ জৰিয়তে ২,৫৮৭ জন শিল্পীক প্ৰশিক্ষণ দিয়া হৈছে আৰু আমাজনৰ সৈতে বজাৰ সংযোগ স্থাপন কৰা হৈছে বুলি জানিবলৈ দিয়ে।

মন্ত্ৰী সিন্ধিয়াই উল্লেখ কৰে যে উত্তৰ-পূৰ্বাঞ্চল এতিয়া ভাৰতৰ শেষ সীমান্ত নহয়, বৰঞ্চ বিশ্বৰ সৈতে সংযোগৰ দুৱাৰমুখ হিচাপে আত্মপ্ৰকাশ কৰিছে। এই পদক্ষেপসমূহে অঞ্চলটোৰ পৰ্যটন, অৰ্থনীতি আৰু আন্তঃগাঁথনিৰ ক্ষেত্ৰত নতুন সম্ভাৱনা মুকলি কৰিব বুলি আশা কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ঘূৰি আহিল ইউৰোৰ আতংক! পুনৰ চেতনা হেৰুৱাই খেলপথাৰত ঢলি পৰিল খ্ৰীষ্টিয়ান এৰিক্সন

ঘূৰি আহিল ইউৰোৰ আতংক! পুনৰ চেতনা হেৰুৱাই খেলপথাৰত ঢলি পৰিল খ্ৰীষ্টিয়ান এৰিক্সন

June 8, 2026 12:07 pm
৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

June 8, 2026 11:08 am
নিম্নমানৰ কীটনাশকৰ ফলত ক্ষতি; ৰাজস্থানত দুবছৰত ৫৩৫ জন কৃষকৰ মৃত্যু

নিম্নমানৰ কীটনাশকৰ ফলত ক্ষতি; ৰাজস্থানত দুবছৰত ৫৩৫ জন কৃষকৰ মৃত্যু

June 8, 2026 10:22 am
পাত্তাই নিদিলে ট্ৰাম্পৰ পৰামৰ্শক! ইৰাণৰ কেইবাটাও অঞ্চলত একেলগে এয়াৰষ্ট্ৰাইক ইজৰাইলৰ

পাত্তাই নিদিলে ট্ৰাম্পৰ পৰামৰ্শক! ইৰাণৰ কেইবাটাও অঞ্চলত একেলগে এয়াৰষ্ট্ৰাইক ইজৰাইলৰ

June 8, 2026 9:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঘূৰি আহিল ইউৰোৰ আতংক! পুনৰ চেতনা হেৰুৱাই খেলপথাৰত ঢলি পৰিল খ্ৰীষ্টিয়ান এৰিক্সন

ঘূৰি আহিল ইউৰোৰ আতংক! পুনৰ চেতনা হেৰুৱাই খেলপথাৰত ঢলি পৰিল খ্ৰীষ্টিয়ান এৰিক্সন

June 8, 2026 12:07 pm
৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

June 8, 2026 11:08 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd