বিবাহ বহিৰ্ভূত প্ৰেমৰ বাবে ইটোৰ পিছত সিটো হত্যাকাণ্ড। এইবাৰ মধ্য দিল্লীত সংঘটিত হৈছে দুটাকৈ নৃশংস হত্যাকাণ্ড। ৰাম নগৰ অঞ্চলত শিহৰণকাৰী ঘটনা। জানিব পৰা মতে, ৰাজপথত এগৰাকী গৰ্ভৱতী মহিলাক প্ৰেমিকে হানি হত্যা কৰে। প্ৰতিশোধ হিচাপে মহিলাগৰাকীৰ স্বামীয়েও হত্যা কৰে অভিযুক্ত প্ৰেমিকক। এনে চাঞ্চল্যকৰ ঘটনাৰ পিছতে অঞ্চলটোত শংকাই বিৰাজ কৰিছে।
আৰক্ষীয়ে জনোৱা মতে, নিহত যুৱতীগৰাকীৰ নাম শালিনী (২২)। দুগৰাকী কন্যা সন্তানৰ মাতৃ আৰু এগৰাকী গৃহিণী। তেওঁৰ স্বামী আকাশ (২৩) পেছাত এজন ৰিক্সাচালক। তেওঁও গুৰুতৰভাৱে আহত হৈ বৰ্তমান চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজি আছে। খবৰ অনুসৰি শালিনীৰ প্ৰেমিক আশু ওৰফে শৈলেন্দ্ৰ (৩৪) অঞ্চলটোৰ এজন কুখ্যাত অপৰাধী হিচাপে পৰিচিত। শালিনীৰ লগত তেওঁৰ বিবাহ বহিৰ্ভূত সম্পৰ্ক আছিল।
আৰক্ষীৰ সূত্ৰ অনুসৰি আশুৱে শালিনীৰ গৰ্ভত থকা শিশুটি তেওঁৰ বুলি দাবী কৰে। শেহতীয়াকৈ শলিনীয়ে স্বামীৰ লগত থাকিবলৈ সিদ্ধান্ত লোৱাত আশু ক্ষুব্ধ হৈ পৰে। যোৱা মাজ নিশা সংঘটিত হয় এই ঘটনা। শালিনী আৰু আকাশ কুতুব ৰোড এলেকাত শালিনীৰ মাকক লগ কৰিবলৈ গৈছিল।
অভিযোগ অনুসৰি হঠাতে তাত আশুৰ আবিৰ্ভাৱ হয়। প্ৰথমে আকাশক ছুৰীৰে আক্ৰমণ কৰিলে, কিন্তু আকাশে আক্ৰমণৰ পৰা হাত সাৰে। তাৰপিছত শালিনীক ৰিক্সাত বহি থকা দেখি আশুৱে তেওঁৰ ওপৰত জপিয়াই পৰি নিৰ্বিচাৰে ছুৰীৰে আঘাত কৰিবলৈ ধৰে। আকাশে যেতিয়া পত্নীক বচাবলৈ লৰালৰিকৈ আহিছিল, তেতিয়া আশুৱে তেওঁকো আক্ৰমণ কৰে। কিন্তু গুৰুতৰভাৱে আহত হোৱাৰ পিছতো আকাশে প্ৰতিশোধ লয় । তাৰ পিছত আশুৰ হাতৰ পৰা ছুৰীখন কাঢ়ি লৈ হানি হত্যা কৰে।
ততাতৈয়াকৈ শালিনীৰ ভায়েক ৰোহিতে শালিনী আৰু আকাশক চিকিৎসালয়লৈ লৈ যায়। তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীয়েও সেই স্থানত উপস্থিত হৈ আশুক একেখন চিকিৎসালয়লৈ লৈ যায়। তাতে ডাক্তৰে শালিনী আৰু আশুক মৃত ঘোষণা কৰে। ডিচিপি (কেন্দ্ৰীয়) নিধিন বোলছনে এক বিবৃতিত কয় যে পত্নীক বচাবলৈ গৈ আকাশ কেইবাঠাইতো আঘাত পায়।
ইতিমধ্যে এই ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। শালিনীৰ মাতৃ শীলাই এজাহাৰ দাখিল কৰিছে। অভিযোগৰ ভিত্তিত আৰক্ষীয়ে হত্যা আৰু হত্যাৰ চেষ্টাৰ গোচৰ ৰুজু কৰিছে। পিছত মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
শীলাই আৰক্ষীক জনোৱা মতে, কেইবছৰমান আগতে আকাশ আৰু শালিনীৰ বৈবাহিক সম্পৰ্ক ভাঙি গৈছিল। সেই সময়ত শলিনীয়ে আশুৰ লগত সম্পৰ্কত জড়িত হৈ পৰিল। কেইদিনমান দুয়ো একেলগে আছিল। অৱশ্যে শেহতীয়াকৈ আকাশ আৰু শালিনীৰ মাজত মিলন ঘটি দুটা সন্তানৰ সৈতে পুনৰ সংসাৰ আৰম্ভ কৰে।
এই ঘটনাক লৈ আশু ক্ষুব্ধ হৈ পৰে। আৰক্ষীৰ মতে, তেওঁ আগতে শালিনীৰ গৰ্ভত থকা সন্তানটো নিজৰ বুলি দাবী কৰিছিল। অৱশ্যে সূত্ৰৰ পৰা জানিব পৰা মতে, শালিনীয়ে শিশুটিক আকাশৰ বুলি জোৰ দি কৈছিল। আৰু তাৰ বাবেই আশুৱে দম্পতীহালক আক্ৰমণ কৰাৰ ষড়যন্ত্ৰ কৰে।





