• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চকু শুকান হৈ পৰাৰ সমস্যা গুৰুতৰ হ’ব পাৰে! আওকাণ নকৰিব…

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 28, 2025 6:51 am
30
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ঋতু পৰিৱৰ্তনৰ লগে লগে দেহত বিভিন্ন সমস্যাৰ উদ্ভৱ হোৱাটো সাধাৰণ কথা। বিশেষকৈ চকুৰ স্বাস্থ্যৰ ক্ষেত্ৰত এনে সমস্যাসমূহ অধিক পৰিলক্ষিত হয়। চকুৰ শুকান হোৱা বা ড্ৰাই আইজ সমস্যা এতিয়া বহু লোকৰ মাজত সাধাৰণ হৈ পৰিছে। ছাৰ গংগা ৰাম চিকিৎসালয়ৰ চকু বিভাগৰ প্ৰাক্তন বিভাগীয় মুৰব্বী ডাঃ এ.কে. গ্ৰ’ভাৰে এই বিষয়ে সতৰ্ক কৰি কয় যে, যদি এই সমস্যাৰ লক্ষণসমূহ দীৰ্ঘদিন ধৰি থাকে, তেন্তে বিলম্ব নকৰি চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। চকুৰ শুকানতা মানে চকুলো গ্ৰন্থিৰ পৰা পৰ্যাপ্ত চকুলো উৎপন্ন নোহোৱাৰ ফলত চকুত অস্বস্তি অনুভৱ হোৱা।

ডাঃ গ্ৰ’ভাৰে জানিবলৈ দিয়া মতে, এই সমস্যা বিশেষকৈ মোবাইল ফোন, লেপটপ বা কম্পিউটাৰ দীৰ্ঘ সময় ব্যৱহাৰ কৰা লোকসকলৰ মাজত অধিক দেখা যায়। তদুপৰি শীততাপ নিয়ন্ত্ৰিত পৰিৱেশ, ধূলি, প্ৰদূষণ বা সূৰ্যৰ পোহৰত বহু সময় কটোৱা লোকসকলেও এই সমস্যাৰ সন্মুখীন হয়। বিশেষজ্ঞসকলে কয় যে, ৪০ বছৰৰ ওপৰৰ লোক, কনটেক্ট লেন্স পৰিধানকাৰী, হৰম’নৰ পৰিৱৰ্তন হোৱা মহিলাসকল এই সমস্যাত অধিক আক্ৰান্ত হয়। দেহত পানীৰ অভাৱ, টোপনিৰ অভাৱ, ভিটামিন এৰ অভাৱ, ধূমপান আৰু কিছুমান ঔষধ যেনে এণ্টিহিষ্টামিন, ৰক্তচাপ বা হতাশাৰ ঔষধেও চকুলো উৎপাদনত প্ৰভাৱ পেলায়। বয়স বঢ়াৰ লগে লগে চকুলো উৎপাদন কৰা গ্ৰন্থিবোৰ কম সক্ৰিয় হোৱাৰ ফলত এই সমস্যা বৃদ্ধি পায়। যদি সমস্যাটো দীৰ্ঘদিনীয়া হয়, তেন্তে ই চকুৰ কৰ্ণিয়াৰ ক্ষতি কৰি দৃষ্টিশক্তিৰ ওপৰত গুৰুতৰ প্ৰভাৱ পেলাব পাৰে।

Apply Now

চকু শুকান হোৱা সমস্যাৰ সাধাৰণ লক্ষণসমূহ হৈছে: চকুত জ্বলা-পোৰা বা খজুৱতি অনুভৱ। চকুত কিবা সোমাই থকাৰ দৰে অস্বস্তি। পোহৰৰ প্ৰতি অধিক সংবেদনশীলতা। দীৰ্ঘসময় পঢ়া বা স্ক্ৰীন ব্যৱহাৰৰ পিছত অস্পষ্ট দৃষ্টি। নিশা গাড়ী চলোৱাত অসুবিধা। চকুত সঘনাই পানী ওলোৱা, আঠা আঠা যেন অনুভৱ, ৰঙা পৰা বা বিষ।

যদি এই লক্ষণসমূহ অব্যাহত থাকে, তেন্তে চকুৰ চিকিৎসকৰ ওচৰলৈ যোৱাটো অত্যন্ত প্ৰয়োজনীয়।

ঘৰুৱা উপায়েৰে প্ৰতিৰোধ সম্পৰ্কে বিশেষজ্ঞসকলে কয় যে, চকু শুকান হৈ পৰা, প্ৰতিৰোধ কৰিবলৈ কিছুমান সহজ ঘৰুৱা উপায় অৱলম্বন কৰিব পাৰি:

প্ৰতি ২০ মিনিটৰ মূৰে মূৰে চকু দুটা স্ক্ৰীনৰ পৰা আঁতৰাই ২০ ছেকেণ্ড জিৰণি লওক। সঘনাই চকু টিপিয়াই আৰ্দ্ৰতা বজাই ৰাখক। কোঠাত হিউমিডিফায়াৰ ব্যৱহাৰ কৰক। প্ৰচুৰ পানী খোৱক আৰু ধূমপান-কেফেইন পৰিহাৰ কৰক। ধূলি আৰু সূৰ্যৰ পোহৰৰ পৰা ৰক্ষাৰ বাবে ছানগ্লাছ পৰিধান কৰক। চিকিৎসকৰ পৰামৰ্শ অনুসৰি আই ড্ৰপ ব্যৱহাৰ কৰক।

ডাঃ গ্ৰ’ভাৰে সকীয়াই দিয়ে যে, এই সমস্যাক অৱহেলা নকৰি সময়মতে চিকিৎসা লোৱাটো গুৰুত্বপূৰ্ণ। চকুৰ স্বাস্থ্য সুৰক্ষিত ৰাখি জীৱনটো সুন্দৰ কৰি তুলক।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

September 28, 2026 10:35 am
‘বজৰুৱা সংস্কৃতি!’ বদ্ৰীনাথ ধামত ‘ডিজে কনচাৰ্ট’, সৰৱ প্ৰবীণ বিজেপি নেতা মুৰলী মনোহৰ যোশী

‘বজৰুৱা সংস্কৃতি!’ বদ্ৰীনাথ ধামত ‘ডিজে কনচাৰ্ট’, সৰৱ প্ৰবীণ বিজেপি নেতা মুৰলী মনোহৰ যোশী

September 28, 2026 9:24 am
স্থগিত বেংকৰ ধৰ্মঘট, বৈঠকত সমাধান সূত্ৰ পোৱাৰ পিছতে ঘোষণা ইউনিয়নৰ; গ্ৰাহকৰ বাবে সকাহ

স্থগিত বেংকৰ ধৰ্মঘট, বৈঠকত সমাধান সূত্ৰ পোৱাৰ পিছতে ঘোষণা ইউনিয়নৰ; গ্ৰাহকৰ বাবে সকাহ

September 28, 2026 8:26 am
কোহলীৰ বিৰাট শতক, ভংগ কৰিলে শচীনৰ দ্বৈত অভিলেখ! ৱেষ্ট ইণ্ডিজক ‘পানী খুৱালে’ ভাৰতে

কোহলীৰ বিৰাট শতক, ভংগ কৰিলে শচীনৰ দ্বৈত অভিলেখ! ৱেষ্ট ইণ্ডিজক ‘পানী খুৱালে’ ভাৰতে

September 28, 2026 7:49 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

September 28, 2026 10:35 am
‘বজৰুৱা সংস্কৃতি!’ বদ্ৰীনাথ ধামত ‘ডিজে কনচাৰ্ট’, সৰৱ প্ৰবীণ বিজেপি নেতা মুৰলী মনোহৰ যোশী

‘বজৰুৱা সংস্কৃতি!’ বদ্ৰীনাথ ধামত ‘ডিজে কনচাৰ্ট’, সৰৱ প্ৰবীণ বিজেপি নেতা মুৰলী মনোহৰ যোশী

September 28, 2026 9:24 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd