• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২৩ হাজাৰ কোটিৰ জালিয়াতিৰ গোচৰত মেহুল চোক্সিৰ সম্পত্তি নিলামৰ নিৰ্দেশ; মূল্য প্ৰায় ৪৬ কোটি টকা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 9, 2025 2:19 pm
38
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পঞ্জাৱ নেশ্যনেল বেংকৰ ২৩ হাজাৰ কোটি টকাৰ জালিয়াতিৰ গোচৰৰ মূল অভিযুক্ত মেহুল চোক্সিৰ সৈতে জড়িত ১৩টা সম্পত্তি নিলামৰ নিৰ্দেশ দিছে মুম্বাইৰ এখন বিশেষ আদালতে। এই নিলামৰ পৰা পোৱা ধন বিশেষ আদালতৰ নামত ফিক্সড ডিপ’জিট হিচাপে সংৰক্ষিত ৰাখিব লাগে বুলি আদালতে কয়।

আদালতৰ ৪ নৱেম্বৰৰ নিৰ্দেশ অনুসৰি গীতাঞ্জলি জেমছ লিমিটেডৰ এই সম্পত্তিৰ মূল্য প্ৰায় ৪৬ কোটি টকা বুলি অনুমান কৰা হৈছে। ইয়াৰ ভিতৰত বৰিভলীৰ চাৰিটা ফ্লেট (প্ৰায় ২.৬ কোটি টকা), এটা বাণিজ্যিক ইউনিট আৰু বান্দ্ৰা-কুৰ্লা কমপ্লেক্সৰ ভাৰত ডাইমণ্ড বৌৰ্ছ ভৱনত ১৪টা পাৰ্কিং স্থান (প্ৰায় ১৯.৭ কোটি টকা), গুৰগাঁও পূৱৰ ৬টা উদ্যোগিক উদ্যান আৰু উদ্যোগ নগৰৰ আন এখন উদ্যান। এই তালিকাত জয়পুৰৰ এটা কাৰখানাৰ ৰূপৰ ইটা, অৰ্ধ মূল্যবান শিল আৰু যন্ত্ৰপাতিও সন্নিবিষ্ট কৰা হৈছে। এই সম্পত্তিসমূহৰ মূল্যায়ন ২০১৮ চনত কৰা হৈছিল।

Apply Now

আদালতে স্পষ্ট কৰি দিয়ে যে এতিয়াৰ বাবে কেৱল অসুৰক্ষিত সম্পত্তিহে নিলাম কৰিব পাৰি, যিবোৰ কোনো নিৰাপদ পাওনাদাৰে দাবী কৰা নাই। অৱশ্যে এই নিলামৰ পৰা পোৱা ধনৰ মালিকীস্বত্ব আৰু বাজেয়াপ্ত কৰাৰ সিদ্ধান্ত গোচৰটোৰ ৰায় ঘোষণাৰ পিছতহে লোৱা হ’ব।

আদালতৰ নিৰ্দেশত কোৱা হৈছে, “গীতঞ্জলি জেমছ আৰু সংশ্লিষ্ট লিকুইডেটৰসকলে নিলামৰ পৰা পোৱা ধন বিশেষ আদালতৰ নামত স্থায়ী জমা হিচাপে আইচিআইচিআই বেংকত জমা কৰিব লাগিব। নিলামৰ খৰচ বাদ দি বাকী থকা ধনৰাশি আদালতৰ সপক্ষে এফডিৰ ৰূপত ৰখা হ’ব।”

মন কৰিবলগীয়া যে পিএনবি কেলেংকাৰিৰ এনফৰ্চমেণ্ট ডাইৰেক্টৰেট (ইডি)ৰ তদন্তৰ অন্যতম মূল সংস্থা গীতাঞ্জলি জেমছ লিমিটেড। ইতিমধ্যে মেহুল চোক্সিক ‘পলাতক অৰ্থনৈতিক অপৰাধী’ হিচাপে ঘোষণা কৰা হৈছে।

শেহতীয়াকৈ বেলজিয়ামৰ এখন আদালতে চোক্সিক ভাৰতলৈ প্ৰত্যাৰ্পণৰ অনুমতি প্ৰদান কৰিছে। আদালতৰ মতে, তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ যথেষ্ট গুৰুতৰ – যেনে অপৰাধচক্ৰত চামিল, জালিয়াতি, দুৰ্নীতি আৰু জাল নথি-পত্ৰ ব্যৱহাৰ। যদিও ভাৰতীয় দণ্ডবিধিৰ ২০১ ধাৰাত ‘প্ৰমাণ ধ্বংস’ৰ অভিযোগ বেলজিয়ামত স্বীকৃতি দিয়া হোৱা নাই, আদালতে কয় যে সেই নিৰ্দিষ্ট ধাৰাত প্ৰত্যাৰ্পণৰ অনুমতি দিয়া নহ’ব। অৱশ্যে চোকচিয়ে ইতিমধ্যে এই ৰায়ৰ বিৰুদ্ধে বেলজিয়ামৰ উচ্চতম ন্যায়ালয়ত আবেদন জনাইছে।

দৰাচলতে ২০১৮ চনত প্ৰথম পিএনবি কেলেংকাৰী পোহৰলৈ আহিছিল। সেই গোচৰত মেহুল আৰু নীৰৱৰ বাহিৰেও পিএনবিৰ একাংশ কৰ্মচাৰী আৰু বিষয়া জড়িত আছিল। সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি হৈছিল। কেলেংকাৰী কেনেকৈ সংঘটিত হ’ল? অভিযোগ অনুসৰি বেংকৰ দুই এজন কৰ্মচাৰীৰ সহায়ত নীৰৱ আৰু তেওঁৰ মোমায়েক মেহুলে বেংকৰ পৰা কোটি কোটি টকা আত্মসাৎ কৰে। মুম্বাই আদালতত অৱস্থিত পিএনবিৰ ব্ৰেডী হাউছ শাখাত সংঘটিত হৈছে এই অপৰাধ।

তাৰ পৰাই বিভিন্ন বিদেশী কোম্পানীৰ নামত ভুৱা ‘Letters of Undertaking (LoU)’ জাৰি কৰি বিপুল পৰিমাণৰ ঋণ লোৱা হ’ল! বিদেশী বেংকৰ পৰা ঋণ ল’বলৈ হ’লে ভাৰতীয় বেংকৰ পৰা এল অ’ ইউ জাৰি কৰাটো প্ৰয়োজনীয় আছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

August 15, 2026 11:56 am
স্মৃতিৰ কেলেণ্ডাৰত ১৫ আগষ্ট ২০০৪ : ধেমাজীয়ে সুধিব খুজিছে – আমি কিমান স্বাধীন? ‎

স্মৃতিৰ কেলেণ্ডাৰত ১৫ আগষ্ট ২০০৪ : ধেমাজীয়ে সুধিব খুজিছে – আমি কিমান স্বাধীন? ‎

August 15, 2026 10:56 am
ডাঙৰ সপোন দেখক, ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত গঢ়াৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

ডাঙৰ সপোন দেখক, ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত গঢ়াৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

August 15, 2026 10:24 am
এখন সশস্ত্ৰ সংগ্ৰাম, অপূৰ্ণ স্বপ্ন, বঞ্চনা আৰু স্বাধীনতাৰ ৮০ বছৰত অসমৰ উপলব্ধি

এখন সশস্ত্ৰ সংগ্ৰাম, অপূৰ্ণ স্বপ্ন, বঞ্চনা আৰু স্বাধীনতাৰ ৮০ বছৰত অসমৰ উপলব্ধি

August 15, 2026 9:36 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

August 15, 2026 11:56 am
স্মৃতিৰ কেলেণ্ডাৰত ১৫ আগষ্ট ২০০৪ : ধেমাজীয়ে সুধিব খুজিছে – আমি কিমান স্বাধীন? ‎

স্মৃতিৰ কেলেণ্ডাৰত ১৫ আগষ্ট ২০০৪ : ধেমাজীয়ে সুধিব খুজিছে – আমি কিমান স্বাধীন? ‎

August 15, 2026 10:56 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd