• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছৌদি আৰৱত তেল টেংকাৰৰ সৈতে বাছৰ ভয়ংকৰ সংঘৰ্ষ! ৪২ জন ভাৰতীয় উমৰাহ যাত্ৰীৰ মৃত্যু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 17, 2025 1:03 pm
37
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোমবাৰে পুৱাই ছৌদি আৰৱৰ মক্কাৰ পৰা মদিনা অভিমুখী পথত সংঘটিত হোৱা ভয়ংকৰ বাছ দুৰ্ঘটনাত কমেও ৪২ জন ভাৰতীয় উমৰাহ যাত্ৰী নিহত হয়। বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত তথ্য অনুসৰি ভাৰতীয় সময় অনুসৰি নিশা প্ৰায় ১:৩০ বজাত এখন যাত্ৰীবাহী বাছে ডিজেল টেংকাৰৰ সৈতে খুন্দা মাৰে। সংঘৰ্ষৰ লগে লগে বাছখনত অগ্নিকাণ্ড সংঘটিত হয়। দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত অধিকাংশ যাত্ৰী শুই আছিল আৰু অগ্নিদগ্ধ হৈছিল।

বাছখনত থকা অধিকাংশ যাত্ৰী হায়দৰাবাদৰ বাসিন্দা আছিল। যাত্ৰীৰ ভিতৰত কেইবাজনো মহিলা আৰু শিশুও আছিল। দুৰ্ঘটনাৰ পিছতে স্থানীয় বাসিন্দাসকলে ক্ষিপ্ৰতাৰে উদ্ধাৰ অভিযান আৰম্ভ কৰে। অগ্নিনিৰ্বাপক বাহিনী আৰু উদ্ধাৰ কৰ্মীয়ে গোটেই নিশা কাম কৰিছিল। অৱশ্যে মৃতকৰ সঠিক সংখ্যা এতিয়াও আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই।

Apply Now

স্থানীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি তীব্ৰ অগ্নিকাণ্ড আৰু বিস্ফোৰণৰ ফলত থিতাতে বহু যাত্ৰীয়ে প্ৰাণ হেৰুৱাইছে। গুৰুতৰভাৱে আহত একাংশক ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

হায়দৰাবাদৰ সাংসদ আছাদুদ্দিন ওৱেছিয়ে কয় যে দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে মহানগৰীৰ দুটা ট্ৰেভেল এজেন্সীৰ সৈতে যোগাযোগ কৰি মৃত আৰু আহতসকলৰ তথ্য ভাৰতীয় কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰে।

ওৱাইছিয়ে কয় যে, “মক্কাৰ পৰা মদিনালৈ যোৱাৰ সময়ত উমৰাহ যাত্ৰী কঢ়িয়াই অনা বাছখনত জুই লাগিছিল। মই ৰিয়াদত থকা ভাৰতীয় দূতাবাসৰ মিছনৰ উপ-মূৰব্বী আবু মাথেন জৰ্জৰ সৈতে কথা পাতিছিলো। তেওঁ কয় যে তথ্য সংগ্ৰহৰ কাম চলি আছে।”

সাংসদ ওৱাইছিয়ে কেন্দ্ৰীয় চৰকাৰক মৃতদেহবোৰ শীঘ্ৰে ভাৰতলৈ ঘূৰাই অনাৰ দাবী জনায়। তেওঁ কয়, “মৃতকৰ দেহ শীঘ্ৰে ভাৰতলৈ অনাৰ ব্যৱস্থা কৰিবলৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰক অনুৰোধ কৰিছো। লগতে আহতসকলে যাতে উপযুক্ত চিকিৎসা লাভ কৰে তাৰ প্ৰতিও নিশ্চিত হ’ব লাগে।”

দুৰ্ঘটনা সন্দৰ্ভত সঠিক তথ্য, মৃত আৰু আহত লোকৰ সঠিক সংখ্যা এতিয়াও আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই ছৌদি প্ৰশাসনে। উদ্ধাৰ কাম সম্পূৰ্ণ হোৱাৰ পিছত বিতং তথ্য প্ৰকাশ পাব পাৰে। কিন্তু প্ৰাৰম্ভিক খবৰ অনুসৰি এই ভয়াবহ অগ্নিকাণ্ডত মৃত্যু হোৱা লোকৰ সংখ্যা ৪০ জনতকৈ অধিক হ’ব পাৰে, ইয়াৰে অধিকাংশই ভাৰতীয় উমৰাহ যাত্ৰী।

ভাৰতীয় দূতাবাস, তেলেংগানা চৰকাৰ আৰু কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এই ঘটনাৰ পৰিস্থিতি নিৰীক্ষণ কৰি আছে। পৰৱৰ্তী পদক্ষেপ হ’ব আহতসকলৰ চিকিৎসা, মৃতদেহ চিনাক্তকৰণ আৰু মৃতদেহ ঘূৰাই অনাৰ প্ৰক্ৰিয়া।

জেদ্দাত থকা ভাৰতৰ কনছুলেট জেনেৰেলে এই সন্দৰ্ভত এক্স হেণ্ডেলত এটা পোষ্ট কৰিছে। প্ৰশাসনে তাত থকা ভাৰতীয় দূতাবাসত ২৪ ঘণ্টীয়া হেল্পলাইন আৰম্ভ কৰা বুলি জনোৱা হৈছে। হেল্পলাইন নম্বৰ হৈছে ৮০০২৪৪০০৩।

এই সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে টুইট কৰি এক্সত লিখিছে, ‘চৌদি আৰৱৰ মদিনাত যি দুৰ্ঘটনা সংঘটিত হৈছে সেয়া অতি মৰ্মান্তিক। ৰিয়াদত থকা ভাৰতীয় দূতাবাস আৰু জেদ্দাত থকা আমাৰ কনছুলেট এই দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত ভাৰতীয় আৰু তেওঁলোকৰ পৰিয়ালৰ কাষত সম্ভৱপৰ সকলো প্ৰকাৰে থিয় দিছে। মৃতকৰ পৰিয়াললৈ মোৰ আন্তৰিক সমবেদনা জনাইছো। আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছো।’

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ! ৫ ছেপ্টেম্বৰত দিল্লীত পুনৰ প্ৰতিবাদত নামিব ককৰোচ জনতা পাৰ্টী

প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ! ৫ ছেপ্টেম্বৰত দিল্লীত পুনৰ প্ৰতিবাদত নামিব ককৰোচ জনতা পাৰ্টী

August 25, 2026 7:06 am
২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

August 24, 2026 9:30 pm
পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

August 24, 2026 8:28 pm
আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

August 24, 2026 7:48 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ! ৫ ছেপ্টেম্বৰত দিল্লীত পুনৰ প্ৰতিবাদত নামিব ককৰোচ জনতা পাৰ্টী

প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ! ৫ ছেপ্টেম্বৰত দিল্লীত পুনৰ প্ৰতিবাদত নামিব ককৰোচ জনতা পাৰ্টী

August 25, 2026 7:06 am
২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

August 24, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd