• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘ভোট ৰিগিঙতকৈ ডাঙৰ দেশদ্ৰোহ নাই’ – সংসদত মোদী-আয়োগক ৰাহুলৰ তীব্ৰ আক্ৰমণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 9, 2025 8:10 pm
24
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে এতিয়া সংসদৰ ভিতৰৰ পৰা কেন্দ্ৰীয় মোদী চৰকাৰ আৰু নিৰ্বাচন আয়োগক লক্ষ্য কৰি লৈছে। ভোট ৰিগিঙৰ অভিযোগ উত্থাপন কৰি তেওঁ সোচ্চাৰ হৈ কৈছে, “ভোট ৰিগিংতকৈ ডাঙৰ দেশদ্ৰোহ নাই।”

বিৰোধীৰ দাবী আৰু প্ৰতিবাদৰ ফলত চৰকাৰে সংসদত SIR সন্দৰ্ভত আলোচনা কৰিবলৈ সন্মত হোৱাৰ পাছতে ৰাহুলে এই মন্তব্য কৰে।

Apply Now

আলোচনাৰ আৰম্ভণিতে ৰাহুল গান্ধীয়ে নিৰ্বাচন আয়োগৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে। তেওঁ অভিযোগ কৰে যে হাৰিয়ানাৰ ভোটাৰ তালিকাত ২২ স্থানত এগৰাকী ব্ৰাজিলৰ মডেলৰ ছবি আৰু ২০০ ঠাইত আন এগৰাকী মহিলাৰ নাম আছিল।

তেওঁ আয়োগক প্ৰত্যক্ষ প্ৰশ্ন কৰে, “তালিকাখনত লাখ লাখ ভুৱা ভোটাৰ কিয় আছে? SIR-ৰ পাছতো বিহাৰত কিয় ১.২ লাখ ভুৱা ভোটাৰ থাকি গ‘ল? আয়োগে এতিয়াও কোনো সঁহাৰি দিয়া নাই।” এইদৰে তেওঁ অভিযোগ কৰে যে চৰকাৰে সকলো প্ৰতিষ্ঠান নিজৰ দখললৈ লৈ গৈছে আৰু দেখুৱাইছে যে আয়োগে কেনেকৈ নিয়মৰ বাহিৰত কাম কৰি আছে।

ৰাহুল গান্ধীয়ে নিৰ্বাচন আয়ুক্ত নিৰ্বাচন কৰা কমিটীৰ গঠনৰ ওপৰতো গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰে। ৰাহুলে কয়- “নিৰ্বাচন আয়ুক্ত নিৰ্বাচনৰ কমিটীৰ পৰা দেশৰ মুখ্য ন্যায়াধীশক কিয় বাদ দিয়া হ‘ল? মুখ্য ন্যায়াধীশক আমিও বিশ্বাস কৰিব নোৱাৰোনে?”

বিৰোধী নেতাগৰাকীয়ে কয় যে নিৰ্বাচন আয়োগ নিৰ্বাচনৰ সময়ত মুখ্য ন্যায়াধীশ কিয় উপস্থিত নাথাকে। তেওঁ কয়, “মই পেনেলত আছো, কিন্তু মোৰ কথাৰ কোনো গুৰুত্ব নাই। মোদী আৰু অমিত শ্বাহে দেশৰ নিৰ্বাচন আয়ুক্তক কিয় বাছনি কৰিব?”

প্ৰসংগক্ৰমে, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত পূৰ্বে মুখ্য নিৰ্বাচন আয়ুক্ত বাছনি কৰাৰ বাবে গঠিত তিনিজনীয়া কমিটীত প্ৰধানমন্ত্ৰী, বিৰোধী দলৰ নেতা আৰু মুখ্য ন্যায়াধীশক অন্তৰ্ভুক্ত কৰাৰ কথা আছিল। কিন্তু মোদী চৰকাৰে অধ্যাদেশ জাৰি কৰি সেই সিদ্ধান্ত সলনি কৰে। কমিটীৰ পৰা মুখ্য ন্যায়াধীশক অপসাৰণ কৰি কেবিনেটৰ এজন সদস্যক অন্তৰ্ভুক্ত কৰা হয়, যাৰ ফলত তিনিজনীয়া কমিটীত চৰকাৰী দল সংখ্যাগৰিষ্ঠ হয়। বিৰোধীয়ে এই সিদ্ধান্তৰ ওপৰত তীব্ৰ আপত্তি কৰি আহিছে।

উল্লেখযোগ্য যে ৰাহুল গান্ধীয়ে দীৰ্ঘদিন ধৰি সংবাদমেলত ভোট ৰিগিঙৰ অভিযোগ উত্থাপন কৰি আহিছিল, কিন্তু আয়োগে ইয়াক গুৰুত্ব দিয়া নাছিল। বৰঞ্চ, আয়োগে প্ৰশ্ন কৰিছিল যে ৰাহুলে সাংবিধানিক শপত গ্ৰহণ কৰি কিয় সেই অভিযোগ উত্থাপন কৰা নাই। এতিয়া বিৰোধী নেতাগৰাকীয়ে সংসদত থিয় দি অভিযোগ উত্থাপন কৰাত স্বাভাৱিকতে এই অভিযোগৰ গুৰুত্ব বহুগুণে বৃদ্ধি পালে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

August 6, 2026 8:57 pm
“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

August 6, 2026 8:06 pm
অসম-নাগালেণ্ডৰ বানপীড়িতৰ কাষত গিৰিজানন্দ চৌধুৰী ‎বিশ্ববিদ্যালয়, চাৰিদিনীয়া সাহায্য অভিযান

অসম-নাগালেণ্ডৰ বানপীড়িতৰ কাষত গিৰিজানন্দ চৌধুৰী ‎বিশ্ববিদ্যালয়, চাৰিদিনীয়া সাহায্য অভিযান

August 6, 2026 7:14 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিদেশ ভ্ৰমণত কিমান টকা খৰচ হৈছে? চৰকাৰে প্ৰকাশ কৰিলে তথ্য

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিদেশ ভ্ৰমণত কিমান টকা খৰচ হৈছে? চৰকাৰে প্ৰকাশ কৰিলে তথ্য

August 6, 2026 6:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

August 6, 2026 8:57 pm
“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

August 6, 2026 8:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd