কেন্দ্ৰীয় গৃহ মন্ত্ৰালয় আৰু সামাজিক মাধ্যমৰ প্লেটফৰ্ম এক্সৰ মাজত শেহতীয়াকৈ এক তীব্ৰ আইনী যুঁজ আৰম্ভ হৈছে। দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ এক শেহতীয়া প্ৰতিবেদন অনুসৰি, ২০২৪ চনৰ মাৰ্চ মাহৰ পৰা কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এক্স কৰ্পক কমেও ৯১ খন টেকডাউন জাননী প্ৰেৰণ কৰিছে। এই জাননীসমূহৰ জৰিয়তে ১১০০ৰো অধিক ইউ আৰ এল বা লিংকৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিয়া হৈছে। চৰকাৰৰ মতে এই লিংকসমূহে বিভিন্ন সময়ত দেশৰ আইন উলংঘা কৰি আহিছে। ভাৰতীয় চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰ চমুকৈ আই ৪ চিৰ জৰিয়তে আই টি আইনৰ ধাৰা ৭৯(৩)(খ)ৰ অধীনত এই নিৰ্দেশনাসমূহ জাৰি কৰা হৈছিল। ইয়াৰ বাবে চৰকাৰে সহ্যোগ নামৰ এক বিশেষ পৰ্টেল ব্যৱহাৰ কৰিছে, যাক লৈ বৰ্তমান এক্স কৰ্পে আদালতত প্ৰত্যাহ্বান জনাইছে।
প্ৰতিবেদনখনত উল্লেখ কৰা তথ্য অনুসৰি, এই জাননীসমূহৰ এক বৃহৎ অংশ চলিত বৰ্ষত জাৰি কৰা হৈছিল। ৯১ খন জাননীৰ ভিতৰত ৫৮ খন কেৱল ২০২৪ চনৰে হয়। ইয়াৰে প্ৰায় ২৪ খন জাননীত জনশান্তি বিঘ্নিত কৰা আৰু সমাজত শত্ৰুতা প্ৰসাৰ কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে। আনহাতে, তিনিখন জাননীত একাংশ সমলক ৰাষ্ট্ৰীয় অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি বুলি অভিহিত কৰা হৈছে। উল্লেখযোগ্য যে মাত্ৰ ১৪ খন জাননীহে বেটিং এপৰ প্ৰচাৰ, চৰকাৰী একাউণ্টৰ ৰূপ ধাৰণ কৰা বা শিশু যৌন নিৰ্যাতনৰ দৰে প্ৰত্যক্ষ অপৰাধমূলক কাৰ্যকলাপৰ সৈতে জড়িত আছিল। বাকী বেছিভাগ অভিযোগেই ৰাজহুৱা ব্যৱস্থা আৰু ৰাজনৈতিক বিষয়ৰ সৈতে সম্পৰ্কিত।
চিনাক্ত কৰা মুঠ ইউ আৰ এলৰ ভিতৰত ৫৬৬ টা লিংক ৰাজহুৱা শৃংখলা বিঘ্নিত কৰাৰ বাবে আঁতৰাবলৈ কোৱা হৈছিল। তদুপৰি ১২৪ টা লিংকত ৰাজনৈতিক ব্যক্তি আৰু ৰাজহুৱা ব্যক্তিক লক্ষ্য কৰি লোৱাৰ অভিযোগ আছিল। বিশেষকৈ ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ সময়ছোৱাত এই প্ৰক্ৰিয়া অধিক তীব্ৰতৰ হৈছিল। নিৰ্বাচনৰ সময়তে ৭৬১ টা লিংক ফ্লেগ কৰা হৈছিল আৰু ইয়াৰে ১১৫ টা লিংকত নিৰ্বাচনী প্ৰক্ৰিয়াক প্ৰভাৱিত কৰিব পৰা ভুৱা ভিডিঅ’ প্ৰচাৰ কৰাৰ অভিযোগ আছিল। ইয়াৰ উপৰিও নিৰ্বাচনৰ সময়ত জনপ্ৰতিনিধিত্ব আইন উলংঘা কৰাৰ বাবেও কেইবাখনো জাননী প্ৰেৰণ কৰা হৈছিল।
এই সমগ্ৰ বিষয়টোক লৈ এতিয়া আইনী জটিলতাই দেখা দিছে। দিল্লী উচ্চ ন্যায়ালয়ত দাখিল কৰা এক শপতনামাত কেন্দ্ৰীয় চৰকাৰে জানিবলৈ দিছে যে এক্স কৰ্পে এই জাননীসমূহ মানি ল’বলৈ অস্বীকাৰ কৰিছে আৰু চৰকাৰৰ বিষয়বস্তু আঁতৰোৱাৰ কৰ্তৃত্বৰ ওপৰত আপত্তি দৰ্শাইছে। আনহাতে এক্স কৰ্পে কেৰালা উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈ সহ্যোগ পৰ্টেলৰ বৈধতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। এক্সৰ মতে চৰকাৰে যি ধাৰা ৭৯(৩)(খ)ৰ অধীনত এই কাৰ্য কৰিছে, সেইটো সঠিক নহয়। তেওঁলোকৰ যুক্তি যে যিকোনো বিষয়বস্তু ব্লক কৰিবলৈ হ’লে চৰকাৰে আই টি আইনৰ ধাৰা ৬৯এ ব্যৱহাৰ কৰিব লাগে, কিয়নো ইয়াৰ এক নিৰ্দিষ্ট আৰু স্বচ্ছ প্ৰক্ৰিয়া আছে। বৰ্তমান চৰকাৰ আৰু এই সামাজিক মাধ্যমৰ প্ৰতিষ্ঠানটোৰ মাজত এই বিবাদ অব্যাহত আছে।





