• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডিলিট হ’ল ৬০০টা একাউণ্ট, ব্লক হ’ল ৩৫০০টা পোষ্ট! কেন্দ্ৰৰ কঠোৰ বাৰ্তাৰ পিছত X ৰ পদক্ষেপ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 11, 2026 12:45 pm
28
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰৰ পত্ৰৰ পিছতে ব্যৱস্থা গ্ৰহণ কৰিছে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সে। চৰকাৰী সূত্ৰই জনোৱা মতে, অশ্লীল বিষয়বস্তু বিয়পোৱাৰ অভিযোগত এতিয়ালৈকে ৩৫০০টা পোষ্ট ব্লক কৰা হৈছে আৰু ৬০০টা একাউণ্ট সম্পূৰ্ণৰূপে ডিলিট কৰা হৈছে।

আনহাতে, ইয়াৰ সমান্তৰালকৈ সংস্থাটোৱে ভৱিষ্যতে এনেধৰণৰ বিষয়বস্তু সহ্য কৰা নহ’ব বুলিও আশ্বাস দিছে। চৰকাৰৰ নিয়ম অনুসৰি দেশত এই প্লেটফৰ্ম চলিব বুলি জনোৱা হৈছে।

Apply Now

এসপ্তাহৰ আগতেই এই ঘটনা আৰম্ভ হৈছিল। ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে এক্স কৰ্তৃপক্ষলৈ পত্ৰ লিখি জনাইছিল যে প্লেটফৰ্মত অশ্লীল, নগ্ন আৰু আপত্তিজনক বিষয়বস্তু উদ্বেগজনক হাৰত বৃদ্ধি পাইছে।

বিশেষকৈ এক্সৰ কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ক গ্ৰ’ক আৰু xAIৰ অন্যান্য সেৱাৰ অপব্যৱহাৰ কৰি মহিলাৰ ছবি আৰু ভিডিঅ’ বিকৃত আৰু প্ৰচাৰ কৰা হৈছে। পত্ৰখনত ৭২ ঘণ্টাৰ ভিতৰত ‘একচন টেকন ৰিপ’ৰ্ট’ দাখিল কৰিবলৈ কোৱা হৈছিল।

মন্ত্ৰালয়ে পত্ৰখনত স্পষ্ট ভাষাত সকীয়াই দিছিল যে নিৰ্দেশনা পালন নকৰিলে ভাৰতীয় আইন অনুসৰি কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব। কেৱল প্লেটফৰ্মৰ বিৰুদ্ধেই নহয় সংশ্লিষ্ট বিষয়াসকলৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। চৰকাৰৰ মতে গ্ৰ’ক ব্যৱহাৰ কৰি ভুৱা একাউণ্ট তৈয়াৰ কৰি যিখিনি কাম কৰা হৈছে সেয়া সম্পূৰ্ণ অনৈতিক আৰু অবৈধ।

এই প্ৰসংগত মন্ত্ৰালয়ে তৎক্ষণাত এক্সক গ্ৰ’কৰ কাৰিকৰী আৰু প্ৰশাসনীয় কাঠামোৰ সম্পূৰ্ণ পৰ্যালোচনা কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ উপৰিও, কঠোৰ ইউজাৰ নীতিসমূহ কাৰ্যকৰী কৰিব লাগিব – যদি নিয়মসমূহ উলংঘা কৰা হয় একাউণ্ট নিলম্বনৰ পৰা বন্ধ কৰালৈকে সকলো ব্যৱস্থা গ্ৰহণ কৰিব লাগিব ।

মন্ত্ৰালয়ে লগতে জনাইছে যে যদি এনে অনিয়ম অব্যাহত থাকে তেন্তে তথ্য প্ৰযুক্তি আইনৰ ৭৯ নং ধাৰাত এক্সৰ ‘নিৰাপদ সুৰক্ষা’ (safe harbour) সুবিধা বাতিল হ’ব পাৰে। ইয়াৰ লগতে ভাৰতীয় ন্যায় সংহিতা, মহিলাৰ অশালীন প্ৰতিনিধিত্ব আইন আৰু যৌন অপৰাধৰ পৰা শিশু সুৰক্ষা আইন (POCSO Act)ৰ অধীনত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।

গুৰুত্বপূৰ্ণ কথাটো হ’ল সমগ্ৰ ঘটনাটো কেৱল ভুৱা একাউণ্ট সৃষ্টিৰ মাজতে সীমাবদ্ধ নহয়। বহু ক্ষেত্ৰত ছবি বিকৃতি, কৃত্ৰিম আউটপুট বা প্ৰমপ্টৰ জৰিয়তে কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰি মহিলাক লক্ষ্য কৰি কন্টেন্ট সৃষ্টি কৰা হৈছে।

মন্ত্ৰালয়ৰ মতে, এয়া প্লেটফৰ্মৰ নিৰাপত্তা ব্যৱস্থাৰ গুৰুতৰ বিফলতা আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ চৰম অপব্যৱহাৰ। মুঠতে কেন্দ্ৰৰ পৰা কঠোৰ নিৰীক্ষণৰ সন্মুখীন হৈ এক্সে নিয়ন্ত্ৰণ আনিবলৈ বাধ্য হৈছে। কিন্তু প্ৰশ্নটো হ’ল – এই আশ্বাস কাৰ্যক্ষেত্ৰত কিমান ফলপ্ৰসূ হ’ব, বা পুনৰ নিয়ম উলংঘাৰ অভিযোগ উঠিব নেকি, সেয়া এতিয়া লক্ষণীয় হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm
শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd