• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডিব্ৰুগড়ত মাজনিশা তিনি কুকুৰ চোৰ আটক : ৰহস্যজনক সামগ্ৰী উদ্ধাৰক লৈ চাঞ্চল্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 21, 2026 9:25 pm
32
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডিব্ৰুগড় চহৰত শেহতীয়াকৈ ৰাজপথৰ কুকুৰ নিৰুদ্দেশ হোৱাক লৈ সৃষ্টি হোৱা জনসাধাৰণৰ শংকা এতিয়া এক নতুন মোৰ লৈছে। মঙলবাৰে নিশা প্ৰায় ২ বজাত ডিব্ৰুগড় আৰক্ষীয়ে তহল দি থকা অৱস্থাত এখন সন্দেহযুক্ত বাহন প্ৰত্যক্ষ কৰে। চহৰখনৰ ভিতৰত এএছ-০২জেড-৫৩৮৬ নম্বৰৰ গাড়ীখন অস্বাভাৱিকভাৱে চলাচল কৰি থকা দেখি আৰক্ষীৰ দলটোৱে গাড়ীখনৰ পিছে পিছে গৈ অৱশেষত তালাচীৰ বাবে ৰখায়। গাড়ীখনত থকা তিনিজন যুৱকক আৰক্ষীয়ে আটক কৰে। ধৃত যুৱককেইজন কাৰ্বি আংলং জিলাৰ বাসিন্দা ছয়ংকিৰি ৰংফাৰ, ৱাইচং ৰংপি আৰু ছেনচেন হামছে বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীয়ে গাড়ীখনত তালাচী চলোৱাৰ সময়ত ১৫ টাকৈ চাউলৰ খালী বস্তা, ৰছী, বিস্কুটৰ পেকেট আৰু তিনিটা মবাইল ফোন উদ্ধাৰ কৰে। এই সামগ্ৰীসমূহ উদ্ধাৰ হোৱাৰ পিছতে সমগ্ৰ চহৰখনতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। উল্লেখযোগ্য যে বিগত কেইবামাহো ধৰি ডিব্ৰুগড়ৰ পৰা ৰহস্যজনকভাৱে বহুতো পথৰ কুকুৰ সন্ধানহীন হৈ আছিল। স্থানীয় ৰাইজ আৰু পশু প্ৰেমীসকলে নিশাৰ ভাগত কুকুৰবোৰ চুৰি হোৱাৰ সন্দেহ কৰি আহিছিল। এতিয়া আটক কৰা যুৱককেইজনৰ পৰা উদ্ধাৰ হোৱা সামগ্ৰীসমূহে এই সন্দেহক অধিক দৃঢ় কৰি তুলিছে।

Apply Now

বৰ্তমান ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰা যুৱককেইজনক অধিক সোধা-পোছা অব্যাহত ৰাখিছে। মাজনিশা তেওঁলোকে কি উদ্দেশ্যত এনে সামগ্ৰী লৈ চহৰখনত ঘুৰি ফুৰিছিল আৰু ইয়াৰ সৈতে পূৰ্বৰ ঘটনাৰ কিবা সম্পৰ্ক আছে নেকি সেই বিষয়ে তদন্ত চলাই থকা হৈছে। তেওঁলোকৰ মবাইল ফোনসমূহো পৰীক্ষা কৰি থকা হৈছে যাতে এই চক্ৰটোৰ সৈতে আন কোনো জড়িত আছে নেকি সেইটো জানিব পৰা যায়। আৰক্ষীৰ মতে এই ঘটনাৰ আঁৰত এটা ডাঙৰ দল থাকিব পাৰে বুলিও সন্দেহ কৰা হৈছে।

এই ঘটনাই স্থানীয় পশু প্ৰেমী তথা সচেতন নাগৰিকৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি কৰিছে। পশু কল্যাণ কৰ্মীসকলে এই ঘটনাক মানৱতাহীন কাৰ্য বুলি অভিহিত কৰিছে আৰু দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ দাবী জনাইছে। ডিব্ৰুগড় আৰক্ষীয়ে জনোৱা অনুসৰি তদন্তৰ পিছতহে সমগ্ৰ ৰহস্য পোহৰলৈ আহিব আৰু আগন্তুক দিনত অধিক তথ্য ৰাজহুৱা কৰা হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘বাৰ কাউন্সিলসমূহ পুৰুষৰ ক্লাবলৈ পৰিণত হৈছে’: মহিলা সদস্য নিযুক্তি দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

‘বাৰ কাউন্সিলসমূহ পুৰুষৰ ক্লাবলৈ পৰিণত হৈছে’: মহিলা সদস্য নিযুক্তি দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

August 4, 2026 9:20 pm
“অসমত অবৈধ খনন চলি থকা নাই, নাগালেণ্ডৰ বিষয়টো কেন্দ্ৰৰ ওচৰত উত্থাপন কৰা হ’ব”, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

“অসমত অবৈধ খনন চলি থকা নাই, নাগালেণ্ডৰ বিষয়টো কেন্দ্ৰৰ ওচৰত উত্থাপন কৰা হ’ব”, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

August 4, 2026 7:26 pm
চেলেংহাট লেফেৰাত হোৰাহোৰে সোমাইছে টীয়ক নৈৰ বাঢ়নী পানী : উদ্ধাৰকাৰীৰ দল সাজু ৰাখিবলৈ আহ্বান জ্ঞানশ্ৰী বৰাৰ

চেলেংহাট লেফেৰাত হোৰাহোৰে সোমাইছে টীয়ক নৈৰ বাঢ়নী পানী : উদ্ধাৰকাৰীৰ দল সাজু ৰাখিবলৈ আহ্বান জ্ঞানশ্ৰী বৰাৰ

August 4, 2026 7:13 pm
উন্নয়ন আৰু বহনক্ষমতা বিষয়ক বিশেষ বক্তৃতানুষ্ঠানৰ আয়োজন : মুখ্য বক্তা উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

উন্নয়ন আৰু বহনক্ষমতা বিষয়ক বিশেষ বক্তৃতানুষ্ঠানৰ আয়োজন : মুখ্য বক্তা উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

August 4, 2026 6:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘বাৰ কাউন্সিলসমূহ পুৰুষৰ ক্লাবলৈ পৰিণত হৈছে’: মহিলা সদস্য নিযুক্তি দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

‘বাৰ কাউন্সিলসমূহ পুৰুষৰ ক্লাবলৈ পৰিণত হৈছে’: মহিলা সদস্য নিযুক্তি দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

August 4, 2026 9:20 pm
“অসমত অবৈধ খনন চলি থকা নাই, নাগালেণ্ডৰ বিষয়টো কেন্দ্ৰৰ ওচৰত উত্থাপন কৰা হ’ব”, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

“অসমত অবৈধ খনন চলি থকা নাই, নাগালেণ্ডৰ বিষয়টো কেন্দ্ৰৰ ওচৰত উত্থাপন কৰা হ’ব”, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

August 4, 2026 7:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd