• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভাৰতীয় উচ্চ শিক্ষাৰ আন্তৰ্জাতিকীকৰণ: নীতি আয়োগৰ গুৰুত্বপূৰ্ণ পৰামৰ্শ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 22, 2026 9:39 am
19
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চৰকাৰী নীতি নিৰ্ধাৰক প্ৰতিষ্ঠান নীতি আয়োগৰ এক শেহতীয়া কাৰ্যপত্ৰত উল্লেখ কৰা হৈছে যে দেশৰ প্ৰতিষ্ঠিত উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহ, যেনে আই.আই.টি , আই.আই.এম , এন.আই.টি আৰু ভাৰতীয় বিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানসমূহে ( অধিক সংখ্যক বিদেশী শিক্ষাৰ্থীক নামভৰ্তিৰ সুযোগ দিবলৈ প্ৰতি বছৰে ৫ শতাংশ হাৰত আসন বৃদ্ধি কৰিব লাগে।

অৱশ্যে, শিক্ষাৰ্থীৰ আন্তৰ্জাতিক গতিশীলতা অধ্যয়ন কৰা বিশেষজ্ঞসকলে এই পৰামৰ্শক কেৱল এক “আনুষ্ঠানিকতা” বুলি অভিহিত কৰিছে। তেওঁলোকৰ মতে, কেৱল আসন বৃদ্ধি কৰিলেই বিদেশী শিক্ষাৰ্থী ভাৰতমুখী হোৱাৰ সম্ভাৱনা কম। একাংশ বিশেষজ্ঞই ভাৰতীয় প্ৰতিষ্ঠানৰ শিক্ষাৰ মানদণ্ড আশানুৰূপ নোহোৱাটোকে বিদেশী ছাত্ৰ-ছাত্ৰীৰ অনাগ্ৰহৰ মূল কাৰণ বুলি গণ্য কৰে।

Apply Now

‘ভাৰতত উচ্চ শিক্ষাৰ আন্তৰ্জাতিকীকৰণ’ শীৰ্ষক এই প্ৰতিবেদনত ২০১৬ চনৰ পৰা ২০২২ চনৰ ভিতৰত ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ বিদেশমুখী হোৱাৰ এক ঊর্ধ্বমুখী ধাৰা প্ৰকাশ পাইছে।

প্ৰতিবেদন অনুসৰি, ২০১৬ চনত উচ্চ শিক্ষাৰ বাবে বিদেশলৈ যোৱা ভাৰতীয় শিক্ষাৰ্থীৰ সংখ্যা আছিল ৬.৮৪ লাখ, যিটো ২০২১ চনত বৃদ্ধি পাই ১১.৫৮ লাখ হয়গৈ। তাৰ বিপৰীতে, ভাৰতলৈ অহা বিদেশী শিক্ষাৰ্থীৰ সংখ্যা ২০১৬ চনত ৪৫,৪২৪ জন আছিল যদিও ২০২২ চনত ই মাত্ৰ ৪৬,৮৭৮ জনতে স্থিৰ হৈ আছে।

প্ৰতিবেদনখনত উল্লেখ কৰা হৈছে যে বিশ্বজুৰি বৰ্তমান এক “বিপৰীত মেধা ক্ষয়” পৰিলক্ষিত হৈছে। আমেৰিকাৰ দৰে আগশাৰীৰ দেশসমূহৰ ঘৰুৱা নীতি আৰু পুঁজি কৰ্তনৰ বাবে বহু বিশেষজ্ঞই এতিয়া বিশ্বৰ অন্য প্ৰান্তত সুযোগ বিচাৰিছে। এই সুযোগ গ্ৰহণ কৰি ভাৰতে ২০৩০ চনৰ ভিতৰত বিদেশী শিক্ষাৰ্থীৰ সংখ্যা অন্তত ১.৫ লাখলৈ বৃদ্ধি কৰাৰ লক্ষ্য ল’ব লাগে। ইয়াৰ বাবে দক্ষিণ-পূব এছিয়া, মধ্য আৰু পশ্চিম এছিয়া, আফ্ৰিকা, ইউৰোপ আৰু ওচেনিয়াৰ দৰে গুৰুত্বপূৰ্ণ অঞ্চলসমূহৰ ওপৰত চকু দিবলৈ পৰামৰ্শ দিয়া হৈছে।

নীতি আয়োগৰ প্ৰস্তাৱিত পদক্ষেপসমূহ:

আসন বৃদ্ধি: আগশাৰীৰ ১০০খন NIRF ৰেংকিংপ্ৰাপ্ত প্ৰতিষ্ঠানে প্ৰতি বছৰে ৫ শতাংশ আৰু উচ্চ সম্ভাৱনাপূৰ্ণ ৰাজ্যসমূহে ১০ শতাংশ হাৰত বিদেশী শিক্ষাৰ্থীৰ আসন বৃদ্ধি কৰা।

দ্বিপাক্ষিক চুক্তি: ২০২৭ চনৰ ভিতৰত কমেও ১৫খন দেশৰ সৈতে পাৰস্পৰিক শিক্ষাৰ্থী বিনিময়ৰ বাবে চুক্তি কৰা।

STEM শিক্ষা: বিজ্ঞান, প্ৰযুক্তি, অভিযান্ত্ৰিক আৰু গণিত বিভাগত আন্তৰ্জাতিক মানদণ্ডৰ পাঠ্যক্ৰম প্ৰৱৰ্তন কৰা।

প্ৰাক্তন শিক্ষাৰ্থীৰ নেটৱৰ্ক: দেশৰ নামী শিক্ষা প্ৰতিষ্ঠানসমূহৰ পৰা উত্তীৰ্ণ হৈ বিশ্বৰ বিভিন্ন ক্ষেত্ৰত সফল হোৱা প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলক গৱেষণা আৰু পৰিকল্পনাৰ কামত ব্যৱহাৰ কৰা।

প্ৰচাৰ ও বিপণন: ভাৰতৰ কম খৰচী উচ্চ মানদণ্ডৰ শিক্ষা, সাংস্কৃতিক বৈচিত্ৰ্য আৰু উদ্ভাৱনীমূলক পাঠ্যক্ৰমৰ বিষয়ে বিশ্বজুৰি প্ৰচাৰ চলোৱা।

উল্লেখ্য যে বৰ্তমান চৰকাৰী নীতি অনুসৰি, ভাৰতীয় উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহে ১৫ শতাংশ অতিৰিক্ত আসন সৃষ্টি কৰিব পাৰে। অৱশ্যে, ২০২৫ চনৰ মে’ মাহত বিশ্ববিদ্যালয় অনুদান আয়োগে এই আসনৰ পৰিমাণ ২৫ শতাংশলৈ বৃদ্ধি কৰিবলৈ বিশ্ববিদ্যালয়সমূহক আহ্বান জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সমীপৰ ৰেছ কোৰ্ছ মছজিদ ৬ দিনৰ ভিতৰত খালী কৰাৰ নিৰ্দেশ চৰকাৰৰ

প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সমীপৰ ৰেছ কোৰ্ছ মছজিদ ৬ দিনৰ ভিতৰত খালী কৰাৰ নিৰ্দেশ চৰকাৰৰ

October 21, 2026 1:44 pm
দিল্লী বিমানবন্দৰত কিয় ৩ ঘণ্টা আৱদ্ধ হৈ থাকিল মুখ্যমন্ত্ৰী ভগৱন্ত মান? ৫০ হাজাৰ টকাৰ জৰিমনা বিহাৰ অভিযোগ আপৰ

দিল্লী বিমানবন্দৰত কিয় ৩ ঘণ্টা আৱদ্ধ হৈ থাকিল মুখ্যমন্ত্ৰী ভগৱন্ত মান? ৫০ হাজাৰ টকাৰ জৰিমনা বিহাৰ অভিযোগ আপৰ

October 21, 2026 12:37 pm
এছিয়ান পেৰা গেমছত অব্যাহত ভাৰতৰ জয়যাত্ৰা: হাই জাম্প আৰু শ্বটপুটত স্বৰ্ণ জয়েৰে দেশলৈ গৌৰৱ কঢ়িয়ালে এথলীটসকলে

এছিয়ান পেৰা গেমছত অব্যাহত ভাৰতৰ জয়যাত্ৰা: হাই জাম্প আৰু শ্বটপুটত স্বৰ্ণ জয়েৰে দেশলৈ গৌৰৱ কঢ়িয়ালে এথলীটসকলে

October 21, 2026 10:06 am
শীঘ্ৰেই চূড়ান্ত হ’ব ভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তি! ভাৰতৰ শক্তি খণ্ডত আমেৰিকাৰ অংশীদাৰিত্ব বৃদ্ধিৰ পোষকতা মাৰ্কো ৰুবীঅ’ৰ

শীঘ্ৰেই চূড়ান্ত হ’ব ভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তি! ভাৰতৰ শক্তি খণ্ডত আমেৰিকাৰ অংশীদাৰিত্ব বৃদ্ধিৰ পোষকতা মাৰ্কো ৰুবীঅ’ৰ

October 21, 2026 8:53 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সমীপৰ ৰেছ কোৰ্ছ মছজিদ ৬ দিনৰ ভিতৰত খালী কৰাৰ নিৰ্দেশ চৰকাৰৰ

প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সমীপৰ ৰেছ কোৰ্ছ মছজিদ ৬ দিনৰ ভিতৰত খালী কৰাৰ নিৰ্দেশ চৰকাৰৰ

October 21, 2026 1:44 pm
দিল্লী বিমানবন্দৰত কিয় ৩ ঘণ্টা আৱদ্ধ হৈ থাকিল মুখ্যমন্ত্ৰী ভগৱন্ত মান? ৫০ হাজাৰ টকাৰ জৰিমনা বিহাৰ অভিযোগ আপৰ

দিল্লী বিমানবন্দৰত কিয় ৩ ঘণ্টা আৱদ্ধ হৈ থাকিল মুখ্যমন্ত্ৰী ভগৱন্ত মান? ৫০ হাজাৰ টকাৰ জৰিমনা বিহাৰ অভিযোগ আপৰ

October 21, 2026 12:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd