• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

টি-২০ বিশ্বকাপ ২০২৬: ভাৰতৰ বিৰুদ্ধে নেখেলে পাকিস্তানে; তীব্ৰ জোকাৰণি ক্ৰীড়াজগতত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 2, 2026 5:21 pm
36
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা ১৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপৰ আটাইতকৈ চৰ্চিত ভাৰত বনাম পাকিস্তানৰ মেচখনক লৈ চৰম অনিশ্চয়তাই দেখা দিছে। পাকিস্তান চৰকাৰৰ আনুষ্ঠানিক ‘এক্স’ (পূৰ্বৰ টুইটাৰ) একাউণ্টৰ জৰিয়তে প্ৰকাশিত এক বিবৃতিত জনাইছে যে পাকিস্তান ক্ৰিকেট দলক বিশ্বকাপত অংশ লবলৈ শ্ৰীলংকালৈ যোৱাৰ অনুমতি দিয়া হৈছে যদিও ভাৰতৰ বিৰুদ্ধে নিৰ্ধাৰিত মেচখনত তেওঁলোকে অংশগ্ৰহণ নকৰে।

পাকিস্তান চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তৰ কোনো স্পষ্ট কাৰণ বৰ্তমানলৈকে উল্লেখ কৰা হোৱা নাই। যদিও পাকিস্তান ক্ৰিকেট বৰ্ডে (PCB) এই সন্দৰ্ভত আইচিচিক (ICC) আনুষ্ঠানিকভাৱে একো জনোৱা নাই, তথাপিও আইচিচিয়ে দেওবাৰে নিশা এক বিবৃতি জাৰি কৰি পাকিস্তানক সঁকীয়াই দিছে। সংস্থাটোৰ মতে, এনে ‘নিৰ্বাচিত অংশগ্ৰহণ’ (Selective Participation) বিশ্ব ক্ৰিকেটৰ গৰিমা আৰু মনোভাৱৰ পৰিপন্থী। ইয়াৰ ফলত বিশ্ব ক্ৰিকেটত পাকিস্তানৰ অংশগ্ৰহণৰ ওপৰত দীৰ্ঘম্যাদী নেতিবাচক প্ৰভাৱ পৰিব পাৰে বুলিও আইচিচিয়ে সতৰ্ক কৰি দিছে।

Apply Now

অহা ৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া টি-২০ বিশ্বকাপত পাকিস্তানৰ অভিযান আৰম্ভ হ’ব নেদাৰলেণ্ডৰ বিৰুদ্ধে। ‘গোট-এ’ত (Group A) ভাৰত আৰু পাকিস্তানৰ সৈতে নামিবিয়া, নেদাৰলেণ্ড আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ আছে।

পাকিস্তানৰ সূচী অনুসৰি:

১০ ফেব্ৰুৱাৰী: বনাম আমেৰিকা।

১৫ ফেব্ৰুৱাৰী: বনাম ভাৰত (যিখন মেচ বৰ্জনৰ কথা ঘোষণা কৰা হৈছে)।

১৮ ফেব্ৰুৱাৰী: বনাম নামিবিয়া।

যদি পাকিস্তানে ভাৰতৰ বিৰুদ্ধে খেলখন বৰ্জন কৰে, তেন্তে নিয়ম অনুসৰি তেওঁলোকে মেচখনৰ গুৰুত্বপূৰ্ণ ২ পইণ্ট হেৰুৱাব লাগিব, যাৰ ফলত তেওঁলোকৰ ছেমিফাইনেলৰ পথ কঠিন হৈ পৰিব পাৰে।

ইফালে আইচিচিৰ অধ্যক্ষ জয় শ্বাহৰ নেতৃত্বত সংস্থাটোৱে বিষয়টো সমাধানৰ বাবে পিচিবিৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে। ইফালে, ভাৰততো এই বিষয়টোৱে ৰাজনৈতিক মোৰ লৈছে। সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱে ভাৰত চৰকাৰৰ বিদেশ নীতিক সমালোচনা কৰিছে। তেওঁ প্ৰশ্ন উত্থাপন কৰি কয় যে ‘অপাৰেচন সিন্দুৰ’ৰ পাছতো ভাৰতে কিয় ডুবাইত পাকিস্তানৰ সৈতে মেচ খেলিছিল?

মন কৰিবলগীয়া যে ভাৰত-পাকিস্তানৰ মেচখন বিশ্বৰ ভিতৰতে সৰ্বাধিক দৰ্শকে উপভোগ কৰা ক্ৰীড়া সমাৰোহ। এই মেচখন বাতিল হ‘লে সম্প্ৰচাৰকাৰী সকল বিশাল বিত্তীয় লোকচানৰ সন্মুখীন হ’ব পাৰে। পাকিস্তানে অভিযোগ কৰিছে যে বাংলাদেশে নিৰাপত্তাৰ কাৰণত ভাৰতত খেলিবলৈ অস্বীকাৰ কৰাত তেওঁলোকক বাহিৰ কৰি দি আইচিচিয়ে ‘দ্বৈত নীতি’ অৱলম্বন কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

October 2, 2026 9:30 pm
সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

October 2, 2026 8:30 pm
শিৱাজী পাৰ্কত ‘ককৰোচ জনতা পাৰ্টি’ৰ তীব্ৰ প্ৰতিবাদ, সমৰ্থন জনাবলৈ আহিল নাচিৰুদ্দিন শ্বাহ আৰু জাভেদ আখতাৰ

শিৱাজী পাৰ্কত ‘ককৰোচ জনতা পাৰ্টি’ৰ তীব্ৰ প্ৰতিবাদ, সমৰ্থন জনাবলৈ আহিল নাচিৰুদ্দিন শ্বাহ আৰু জাভেদ আখতাৰ

October 2, 2026 7:30 pm
তাৰিখ পে তাৰিখ! প্ৰণৱ দলেৰ গোচৰত পুনৰ তাৰিখ পিছুৱালে আদালতে

তাৰিখ পে তাৰিখ! প্ৰণৱ দলেৰ গোচৰত পুনৰ তাৰিখ পিছুৱালে আদালতে

October 2, 2026 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

October 2, 2026 9:30 pm
সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

October 2, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd