• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মূল্যবৃদ্ধি দুগুণ হ’ব, বাজেটত ‘উন্নয়নৰ ব্যাখ্যা’ৰ বিপৰীতে ৰিজাৰ্ভ বেংকৰ ওলোটা সুৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 7, 2026 9:02 am
32
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সাধাৰণ মানুহৰ বাবে আৰু একো নাপাব। কিন্তু সদ্যঘোষিত বাজেটত মোডী চৰকাৰে অৰ্থনীতিৰ এক উজ্জ্বল ছবি অংকন কৰিছে। কেৱল সেয়াই নহয়, মূল্যবৃদ্ধি নিয়ন্ত্ৰণলৈ অহা বুলিও দাবী কৰিছে। সেইটোৱে সাধাৰণ মানুহৰ বাবে ভাল খবৰ।

মাজত মাত্ৰ চাৰিদিন। কেন্দ্ৰৰ এই নতুন ‘উন্নয়ন ব্যাখ্যা’ৰ সম্পূৰ্ণ বিপৰীত স্থিতি গ্ৰহণ কৰি ৰিজাৰ্ভ বেংকে স্পষ্ট কৰি দিছে যে পৰিস্থিতি সপোন দেখাৰ দৰে একেবাৰেই নহয়। ৰেপো ৰেট একেই থাকিল। আৰু নীতি নিৰ্ধাৰণ সমিতিৰ বৈঠকৰ অন্তত দেশৰ শীৰ্ষ বেংকে সতৰ্ক স্থিতি গ্ৰহণ কৰি ঘোষণা কৰে যে মূল্যবৃদ্ধিৰ হাৰ পুনৰ বৃদ্ধিৰ পথত।

Apply Now

এই পূৰ্বাভাস আৰ বি আইৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাই নিজেই কৰিছে। তেওঁ কয়, ঊনৈশ-বিশ নহয়। অহা বিত্তীয় বৰ্ষৰ আৰম্ভণিতে বৰ্তমানৰ তুলনাত মূল্যবৃদ্ধিৰ হাৰ দুগুণ হ’ব।

ইতিমধ্যে সামগ্ৰীৰ দাম বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে। নীতি নিৰ্ধাৰণ সমিতিৰ বৈঠকৰ প্ৰতিবেদনত কোৱা হৈছে যে চলিত বিত্তীয় বৰ্ষৰ সামগ্ৰিক মূল্যবৃদ্ধিৰ হাৰ ২.১ শতাংশ হ’ব পাৰে। ডিচেম্বৰ মাহত মূল্যবৃদ্ধিৰ হাৰ আছিল ২.৬ শতাংশ। কিন্তু তাৰ পিছতেই আৰম্ভ হ’ল আতংক। কাৰণ, চতুৰ্থ ত্ৰৈমাসিকত এই হাৰ ৩.২ শতাংশ হ’ব পাৰে। আৰু নতুন বিত্তীয় বৰ্ষত? প্ৰথম ত্ৰৈমাসিকত মুদ্ৰাস্ফীতিৰ হাৰ ৪ শতাংশ আৰু তাৰ পিছত ৪.২ শতাংশ স্পৰ্শ কৰিব।

ছমাহ ধৰি কাগজে-কলমে কমি আহিছে মুদ্ৰাস্ফীতিৰ হাৰ। কিন্তু খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি একেবাৰে নিয়ন্ত্ৰণ কৰিব পৰা নগ’ল। সেই সময়ত সিদ্ধান্ত লোৱা হৈছিল যে ইমান দিনে খুচুৰা মূল্যবৃদ্ধিৰ হাৰ যিটো নিয়মৰ দ্বাৰা নিৰ্ধাৰণ কৰা হৈছে, সেই নিয়ম সলনি কৰা হ’ব। ২০২৪ চনৰ ১২ ফেব্ৰুৱাৰীৰ পৰা ভিত্তি বছৰ হিচাপে লোৱা হ’ব। অৰ্থাৎ সেই বছৰত যি মূল্যবৃদ্ধিৰ হাৰ আছিল তাৰ ওপৰত ভিত্তি কৰি মূল্যবৃদ্ধি নিৰ্ণয় কৰা হ’ব। এইটো ইয়াতেই শেষ নহয়। সামগ্ৰিক মূল্যবৃদ্ধিৰ তালিকাত খাদ্যৰ মূল্যৰ অংশৰ প্ৰভাৱক হ্ৰাস কৰি দিয়া হ’ব। স্বাভাৱিকতে তেতিয়া মূল্যবৃদ্ধিৰ হাৰো কম বুলি দেখুৱাব পৰা যাব।

২০২৬-২৭ বিত্তীয় বৰ্ষত মূল্যবৃদ্ধিৰ হাৰ কিয় বৃদ্ধি পাব? ৰিজাৰ্ভ বেংকে কয় যে ইয়াৰ মূল কাৰণ হ’ল বহুমূলীয়া ধাতুৰ মূল্য অভাৱনীয় বৃদ্ধি। অৰ্থাৎ সোণ আৰু ৰূপ। আৰু সেইবাবেই সামগ্ৰিকভাৱে মূল্যবৃদ্ধিৰ হাৰো বৃদ্ধি পাব। একে সময়তে চিন্তাৰ আন দুটা কাৰণো আছে। প্ৰথমতে, আগন্তুক কেইমাহমানৰ ভিতৰত যদি খাদ্যৰ যোগান পৰ্যাপ্ত নহয়। আৰু দ্বিতীয়তে, ব’হাগ মাহৰ পৰা বড়ো শস্য চপোৱাৰ সময়ত যদি আশা কৰা ধৰণৰ উৎপাদন পোৱা নাযায়। তেনে ক্ষেত্ৰত খাদ্য সামগ্ৰীৰ দাম বৃদ্ধি পাব। ইয়াৰ উপৰিও খাৰিফ শস্যও আছে। জানুৱাৰী মাহৰ পৰা বৃদ্ধি পাইছে  ধানৰ বস্তাৰ দাম।

কেন্দ্ৰীয় বিত্তমন্ত্ৰী আৰু মোডী চৰকাৰৰ বাণিজ্য মন্ত্ৰালয়ে ট্ৰাম্পৰ শুল্কই ৰপ্তানি বাণিজ্যত বিৰূপ প্ৰভাৱ পেলোৱা নাই বুলি যিমানেই দাবী নকৰক কিয়, ৰিজাৰ্ভ বেংকে এই কথা কোৱা নাই। বৰঞ্চ গৱৰ্ণৰে নিজৰ বিবৃতিত কয়, ‘আমদানিৰ হাৰ এতিয়াও ৰপ্তানিতকৈ বেছি। আমদানি আৰু ৰপ্তানিৰ ঘাটি ৰৈয়েই গৈছে। ভূ-ৰাজনৈতিক পৰিস্থিতি অস্থিৰ।’

অৰ্থাৎ জিডিপি বৃদ্ধিৰ হাৰক লৈ চৰকাৰে যিমানেই চিঞৰ-বাখৰ নকৰক কিয়, ৰিজাৰ্ভ বেংক সতৰ্ক। ঔদ্যোগিক মহলে আশা কৰিছিল যে ৰেপ’ ৰেট আৰু হ্ৰাস পাব। কিন্তু এনে পৰিস্থিতিত ইয়াক ৫.২৫ শতাংশতে ৰাখি দিয়া হৈছে। গতিকে এতিয়ালৈ নতুন ঘৰ-গাড়ীৰ বাবে বেংকৰ ঋণৰ সুতৰ হাৰ কমি যোৱা নাই। ইএমআইও কমা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

July 23, 2026 2:52 pm
এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

July 23, 2026 1:44 pm
‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

July 23, 2026 1:04 pm
ফিফা বিশ্বকাপতকৈও পুৰণি ডুৰাণ্ড কাপ! এইবাৰ প্ৰতিযোগিতাত ৭টা নতুন দলৰ অভিষেক, অসমৰো দুটা দলৰ অংশগ্ৰহণ

ফিফা বিশ্বকাপতকৈও পুৰণি ডুৰাণ্ড কাপ! এইবাৰ প্ৰতিযোগিতাত ৭টা নতুন দলৰ অভিষেক, অসমৰো দুটা দলৰ অংশগ্ৰহণ

July 23, 2026 12:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

July 23, 2026 2:52 pm
এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

July 23, 2026 1:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd