• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Uncategorized

আদানী প’ৰ্টছক আবণ্টিত চৰণীয়া ভূমি উদ্ধাৰৰ নিৰ্দেশ খাৰিজ উচ্চতম ন্যায়ালয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 7, 2026 7:14 pm
21
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আদানী প’ৰ্টছ এণ্ড স্পেচিয়েল ইক’নমিক জ’ন বনাম গুজৰাট ৰাজ্যৰ মাজত চলি থকা ভূমি বিবাদে এক নতুন পাক লৈছে। মুন্দ্ৰাত আদানি প’ৰ্টছক আবণ্টন দিয়া ১০৮ হেক্টৰ ‘গোচৰ’ বা চৰণীয়া ভূমি উদ্ধাৰৰ বাবে গুজৰাট উচ্চ ন্যায়ালয়ে দিয়া এক নিৰ্দেশ উচ্চতম ন্যায়ালয়ে শেহতীয়াকৈ খাৰিজ কৰিছে।

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ জে কে মহেশ্বৰী আৰু ন্যায়াধীশ অতুল চান্দুৰকাৰৰ বিচাৰপীঠে এই ৰায়দানত স্পষ্ট কৰি দিয়ে যে চৰণীয়া ভূমি উদ্ধাৰৰ সিদ্ধান্ত আৰু তাৰ ওপৰত ভিত্তি কৰি উচ্চ ন্যায়ালয়ে দিয়া নিৰ্দেশসমূহ ত্ৰুটিপূৰ্ণ আছিল। বিচাৰপীঠৰ মতে, ক্ষতিগ্ৰস্ত ভূমি আবণ্টনকাৰীক শুনানিৰ কোনো সুযোগ নিদিয়াকৈ এই নিৰ্দেশ গ্ৰহণ কৰা হৈছিল, যাৰ ফলত সমগ্ৰ প্ৰক্ৰিয়াটোৱেই স্থিৰতা হেৰুৱাই পেলাইছে।

Apply Now

আদালতে পৰ্যবেক্ষণ কৰে যে উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশসমূহ পোনপটীয়াকৈ ৰাজ্য চৰকাৰৰ ২০২৪ চনৰ ৪ জুলাইৰ ভূমি উদ্ধাৰৰ নিৰ্দেশৰ পৰা আহিছিল। এই পৰ্যবেক্ষণৰ পাছতে বিচাৰপীঠে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশটো খাৰিজ কৰাৰ সিদ্ধান্ত লয় আৰু সংশ্লিষ্ট কৰ্তৃপক্ষক সমগ্ৰ বিষয়টোৰ ওপৰত এক নতুন সিদ্ধান্ত ল’বলৈ নিৰ্দেশ দিয়ে। অৱশ্যে এই ৰায়ৰ আনুষ্ঠানিক প্ৰতিলিপি এতিয়াও ৱেবচাইটত আপলোড হোৱা নাই।

উচ্চতম ন্যায়ালয়ে ৰাজ্যিক কৰ্তৃপক্ষক আদানী প’ৰ্টছে দাখিল কৰিব পৰা যিকোনো আপত্তি বিবেচনা কৰিবলৈ দুই সপ্তাহৰ সময় দিছে। লগতে নতুন সিদ্ধান্ত গ্ৰহণৰ পূৰ্বে সকলো পক্ষকে শুনানিৰ সুযোগ প্ৰদান কৰাটো আদালতৰ দ্বাৰা বাধ্যতামূলক কৰা হৈছে। যেতিয়ালৈকে ৰাজ্য চৰকাৰে পুনৰ বিবেচনা প্ৰক্ৰিয়া সম্পূৰ্ণ নকৰে, তেতিয়ালৈকে ২০২৪ চনৰ ১০ জুলাইত দিয়া নিৰ্দেশ অনুসৰি বৰ্তমানৰ স্থিতাৱস্থা বাহাল থাকিব বুলিও আদালতে জানিবলৈ দিয়ে।

উল্লেখ্য যে এই বিবাদৰ আৰম্ভণি হৈছিল ২০০৫ চনত, যেতিয়া গুজৰাটৰ নাভিনাল গাঁৱৰ প্ৰায় ২৩১ হেক্টৰ চৰণীয়া ভূমি মুন্দ্ৰা প’ৰ্টছক আবণ্টন দিয়া হৈছিল। পৰৱৰ্তী সময়ত আদানী গ্ৰুপে এই প’ৰ্ট অধিগ্ৰহণ কৰে। ২০১০-১১ চনত সেই ভূমিত বেৰ দিয়াৰ কাম আৰম্ভ হোৱাৰ পাছতেই গাঁৱবাসীয়ে উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। তেওঁলোকৰ যুক্তি আছিল যে চৰণীয়া ভূমিৰ অভাৱত পশুধনৰ ওপৰত নিৰ্ভৰশীল লোকসকল তীব্ৰ সমস্যাৰ সন্মুখীন হৈছে।

দীৰ্ঘদিনীয়া আইনী যুঁজৰ পাছত ২০২৪ চনৰ ৪ জুলাইত ৰাজ্য চৰকাৰে আদানী প’ৰ্টছৰ ১০৮ হেক্টৰ ভূমি উদ্ধাৰ কৰাৰ সিদ্ধান্ত লয়। এই সিদ্ধান্তৰ পাছতেই উচ্চ ন্যায়ালয়ে উদ্ধাৰৰ বাবে পদক্ষেপ ল’বলৈ নিৰ্দেশ দিছিল। আদানি প’ৰ্টছে এই নিৰ্দেশক উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাই দাবী কৰিছিল যে শুনানিৰ সুযোগ নিদিয়াকৈ তেওঁলোকৰ ভূমি কাঢ়ি লোৱাৰ সিদ্ধান্ত লোৱা হৈছে।

বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে আদানী প’ৰ্টছৰ যুক্তি মানি লৈ উচ্চ ন্যায়ালয়ৰ ৰায় খাৰিজ কৰে। আদানী প’ৰ্টছৰ হৈ আদালতত জ্যেষ্ঠ অধিবক্তা মুকুল ৰোহতগীয়ে প্ৰতিনিধিত্ব কৰিছিল। ৰাজ্যিক কৰ্তৃপক্ষই নতুন নিৰ্দেশ দিয়াৰ পাছতহে গুজৰাট উচ্চ ন্যায়ালয়ে এই বিষয়ত পুনৰ স্বতন্ত্ৰভাৱে শুনানি ল’ব পাৰিব বুলি উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

July 27, 2026 3:37 pm
নাম ধৰি মাতি কিছু কথা-বতৰা, তাৰ পাছতেই গুলী! কানাডাত ৰাজপথত ঢলি পৰিল ভাৰতীয় মূলৰ যুৱতী

নাম ধৰি মাতি কিছু কথা-বতৰা, তাৰ পাছতেই গুলী! কানাডাত ৰাজপথত ঢলি পৰিল ভাৰতীয় মূলৰ যুৱতী

July 27, 2026 3:21 pm
শান্তিপূৰ্ণ প্ৰতিবাদ সাংবিধানিক অধিকাৰ, কেৱল আন্দোলনৰ অজুহাতত লাঠীচালনা গ্ৰহণযোগ্য নহয়: উচ্চতম ন্যায়ালয়

শান্তিপূৰ্ণ প্ৰতিবাদ সাংবিধানিক অধিকাৰ, কেৱল আন্দোলনৰ অজুহাতত লাঠীচালনা গ্ৰহণযোগ্য নহয়: উচ্চতম ন্যায়ালয়

July 27, 2026 2:51 pm
ইথানল বিতৰ্ক: ভুৱা পোষ্টৰ বিৰুদ্ধে বম্বে উচ্চ ন্যায়ালয়ৰ কাষ চাপিল নীতিন গাডকাৰী

ইথানল বিতৰ্ক: ভুৱা পোষ্টৰ বিৰুদ্ধে বম্বে উচ্চ ন্যায়ালয়ৰ কাষ চাপিল নীতিন গাডকাৰী

July 27, 2026 2:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

July 27, 2026 3:37 pm
নাম ধৰি মাতি কিছু কথা-বতৰা, তাৰ পাছতেই গুলী! কানাডাত ৰাজপথত ঢলি পৰিল ভাৰতীয় মূলৰ যুৱতী

নাম ধৰি মাতি কিছু কথা-বতৰা, তাৰ পাছতেই গুলী! কানাডাত ৰাজপথত ঢলি পৰিল ভাৰতীয় মূলৰ যুৱতী

July 27, 2026 3:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd