• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

খেলিব গৌৰবে! মূৰত পানী দিছে হিমন্ত বিশ্ব শৰ্মাই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 4, 2026 10:21 am
26
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলে মঙলবাৰে প্ৰাৰ্থীৰ প্ৰথমখন তালিকা ঘোষণা কৰিছে। এই তালিকাত আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰটো হ’ল দলৰ সভাপতি তথা লোকসভাৰ সাংসদ গৌৰৱ গগৈক যোৰহাট সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। কংগ্ৰেছৰ এই সিদ্ধান্তই উজনি অসমত এক নতুন ৰাজনৈতিক প্ৰেক্ষাপট সৃষ্টি কৰিছে বুলি চৰ্চা হৈছে। বিশেষকৈ ভাৰতীয় জনতা পাৰ্টিৰ শক্তিশালী দুৰ্গ হিচাপে পৰিচিত উজনি অসমত গৌৰৱ গগৈৰ দৰে এজন ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাক প্ৰক্ষেপ কৰি কংগ্ৰেছে এক বৃহৎ প্ৰত্যাহ্বান জনোৱাৰ পৰিকল্পনা কৰিছে। দলটোৱে ইয়াৰ জৰিয়তে উজনি অসমৰ ভোটাৰৰ মাজত এক নতুন উছাহ সৃষ্টি কৰিব বিচাৰিছে।

মাজতে ৰাইজৰ দলৰ সৈতে মিত্ৰতা হোৱাৰ চৰ্চা চলিছিল যদিও বৰ্তমানলৈকে এই মিত্ৰতাৰ আনুষ্ঠানিক ঘোষণা হোৱা নাই। অৱশ্যে দলটোৱে অসম জাতীয় পৰিষদৰ সৈতে নিৰ্বাচনী বুজাবুজি কৰাৰ কথা নিশ্চিত কৰিছে। ৰাইজৰ দলৰ সৈতে আসন বুজাবুজি নোহোৱাৰ ফলত কোনো কোনো ঠাইত বিৰোধীৰ ভোট বিভাজন হোৱাৰ সম্ভাৱনা আছে বুলিও ৰাজনৈতিক বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে। কংগ্ৰেছে এতিয়াও ৰাইজৰ দলৰ সৈতে আলোচনা চলাই থকা বুলি জানিব পৰা গৈছে।

Apply Now

এই তালিকাত দলৰ কেইবাগৰাকীও জ্যেষ্ঠ আৰু প্ৰভাৱশালী নেতাৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে। দিছপুৰ সমষ্টিৰ পৰা মীৰা বৰঠাকুৰ গোস্বামীক প্ৰাৰ্থিত্ব দিয়াৰ বিপৰীতে বৰচলা সমষ্টিৰ পৰা প্ৰাক্তন সভাপতি ৰিপুণ বৰাই প্ৰতিদ্বন্দ্বিতা কৰিব। নাজিৰাৰ পৰা বৰ্তমানৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু চামগুৰিৰ পৰা ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইনে নিৰ্বাচনত অৱতীৰ্ণ হ’ব। উল্লেখযোগ্য যে শেহতীয়াকৈ কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰা ভূপেন বৰাৰ সমষ্টি বিহপুৰীয়াত এইবাৰ নাৰায়ণ ভূঞাক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে।

কংগ্ৰেছে ১২৬ খন আসনৰ ভিতৰত প্ৰথম পৰ্যায়ত ৪২ গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। গুৱাহাটী অঞ্চলৰ কমলপুৰত সত্যব্ৰত কলিতা, নলবাৰীত অশোক কুমাৰ শৰ্মা আৰু টিহুত ৰাতুল পাটোৱাৰীক প্ৰক্ষেপ কৰা হৈছে। উজনি অসমৰ দুলীয়াজানত ধ্ৰুৱ গগৈ, চাবুৱা-লাহোৱালত প্ৰাঞ্জল ঘাটোৱাৰ আৰু ডুমডুমাত দুৰ্গা ভূমিজক দলে প্ৰাৰ্থিত্ব দিছে। মাজুলীত ইন্দ্ৰনীল পেগু আৰু জোনাইত ৰাজ কুমাৰ মেদকক প্ৰাৰ্থিত্ব দিয়া হৈছে। মাৰ্ঘেৰিটাত প্ৰতীক বৰদলৈ আৰু সোণাৰিত উৎপল গগৈয়ে নিৰ্বাচন খেলিব। বৰাক উপত্যকাৰ শিলচৰত অভিজিৎ পাল আৰু সোনাই সমষ্টিত আমিনুল হক লস্কৰৰ নাম ঘোষণা কৰা হৈছে। ইয়াৰ উপৰিও কৰিমগঞ্জ উত্তৰত জাকৰিয়া আহমেদ আৰু উদালবন্ধত অজিত সিঙক প্ৰাৰ্থিত্ব দিয়া হৈছে।

দলটোৱে জ্যেষ্ঠ নেতাৰ লগতে বহু নতুন মুখক এই তালিকাত স্থান দি এক ভাৰসাম্য ৰক্ষাৰ চেষ্টা কৰিছে। ইয়াৰ উপৰিও বোকাজানত ৰতন ইংতি, তেজপুৰত পল্লৱী শইকীয়া গগৈ আৰু যমুনামুখত স্বপন কৰৰ নামো তালিকাত আছে। গৌৰীপুৰত আব্দুছ ছোবহান আলী চৰকাৰ আৰু বঙাইগাঁৱত গিৰীশ বৰুৱাই নিৰ্বাচন খেলিব। হাজো-শুৱালকুছিত নন্দিতা দাস আৰু বৰপেটাত মহানন্দ চৰকাৰক প্ৰক্ষেপ কৰা হৈছে। এপ্ৰিল মাহত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা থকাৰ মাজতে কংগ্ৰেছৰ এই আগতীয়া তৎপৰতাই অসমৰ ৰাজনৈতিক পৰিৱেশ অধিক গৰম কৰি তুলিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত হ’ল সাৰনাথ

ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত হ’ল সাৰনাথ

July 26, 2026 3:46 pm
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 26, 2026 12:25 pm
যন্তৰ মন্তৰত প্ৰতিবাদৰ অন্ত, স্বাভাৱিক অৱস্থালৈ দিল্লী মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা

যন্তৰ মন্তৰত প্ৰতিবাদৰ অন্ত, স্বাভাৱিক অৱস্থালৈ দিল্লী মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা

July 26, 2026 11:33 am
চৰকাৰে সংবিধান মানি শাসন কৰিব লাগিব, অন্যথা গাদী এৰিব লাগিব!

চৰকাৰে সংবিধান মানি শাসন কৰিব লাগিব, অন্যথা গাদী এৰিব লাগিব!

July 26, 2026 10:12 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত হ’ল সাৰনাথ

ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত হ’ল সাৰনাথ

July 26, 2026 3:46 pm
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 26, 2026 12:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd