• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নিৰ্বাচনৰ পূৰ্বে মোদীৰ কৰ্ণাটক ভ্ৰমণত এদিনতে ৩৩ কোটি টকাৰ চৰকাৰী খৰচ: আৰ টি আইৰ তথ্যত চাঞ্চল্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 6, 2026 10:15 am
17
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২৩ চনৰ কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ঠিক আগে আগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এদিনীয়াকৈ কৰা ৰাজ্যখনৰ ভ্ৰমণত ৰাজহুৱা কোষাগাৰৰ বৃহৎ পৰিমাণৰ ধন খৰচ হোৱাৰ এক চাঞ্চল্য্যকৰ তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে। তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত দাখিল কৰা এক আবেদনৰ উত্তৰত প্ৰকাশ পাইছে যে কেৱল এটা দিনৰ ভ্ৰমণ আৰু কাৰ্যসূচীৰ বাবে চৰকাৰী পুঁজিৰ ৩৩.১৬ কোটি টকা ব্যয় কৰা হৈছিল। সেই সময়ত কৰ্ণাটকত বিজেপি চৰকাৰ শাসনত আছিল আৰু নিৰ্বাচনৰ কেইসপ্তাহমান পূৰ্বে ২৭ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শিৱমোগ্গা বিমানবন্দৰ উদ্বোধন কৰিবলৈ ৰাজ্যখনলৈ গৈছিল। ডেকান হেৰাল্ডৰ এক প্ৰতিবেদন অনুসৰি এই চৰকাৰী অনুষ্ঠানটোতে তেওঁ আগন্তুক নিৰ্বাচনৰ বাবে ডাবল ইঞ্জিন চৰকাৰৰ সপক্ষে ভোট বিচাৰি আবেদন জনাইছিল।

আৰ টি আইৰ পৰা পোৱা তথ্য অনুসৰি কেৱল শিৱমোগ্গাৰ উদ্বোধনী অনুষ্ঠানতে ১৮.৮১ কোটি টকা খৰচ হৈছিল। ইয়াৰ উপৰিও ভ্ৰমণৰ বাকী অংশৰ বাবে অতিৰিক্ত ১৪.৩৫ কোটি টকা ব্যয় কৰা হৈছিল। এই বৃহৎ অংকৰ ধনৰ এক বুজন অংশ ব্যয় হৈছিল মানুহ গোটোৱাৰ নামত। প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে মোদীৰ এই অনুষ্ঠানলৈ বিভিন্ন ঠাইৰ পৰা জনসাধাৰণক কঢ়িয়াই আনিবলৈ ১৮০০ খন বাছ ভাড়া কৰা হৈছিল যাৰ বাবদ ৪.১১ কোটি টকা ব্যয় হয়। ইয়াৰ লগতে প্ৰধানমন্ত্ৰী, ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীৰ বাবে নিৰ্মাণ কৰা বিশেষ ৱাটাৰপ্ৰুফ জাৰ্মান ষ্ট্ৰাকচাৰ পেণ্ডেল, মঞ্চ সজ্জা আৰু ফুলৰ অলংকাৰৰ বাবে ১.৮ কোটি টকাতকৈ অধিক ধন খৰচ কৰা হৈছিল।

Apply Now

শিৱমোগ্গাৰ কাৰ্যসূচী শেষ কৰি প্ৰধানমন্ত্ৰীয়ে বিশেষ বিমানেৰে বেলাগাৱীলৈ গৈছিল আৰু তাৰ পিছত হেলিকপ্টাৰেৰে এটা ৰোড শ্ব’ত অংশগ্ৰহণ কৰিছিল। এই সমগ্ৰ যাত্ৰাপথৰ বাবে চৰকাৰী বিভাগসমূহে প্ৰায় ১৪.৩৫ কোটি টকা ব্যয় কৰিছিল য’ত বিমান যাত্ৰাৰ খৰচ অন্তৰ্ভুক্ত কৰা হোৱা নাছিল। বেলাগাৱীৰ অনুষ্ঠানলৈও মানুহ আনিবলৈ বাছৰ নামত ২.৫ কোটি টকা ব্যয় কৰা হৈছিল বুলি নথি-পত্ৰত প্ৰকাশ পাইছে। মঞ্জুনাথ হীৰেচোটি নামৰ এজন আৰ টি আই কৰ্মীয়ে এই তথ্য ৰাজহুৱা কৰিছে। তেওঁ অভিযোগ কৰিছে যে এই সমগ্ৰ প্ৰক্ৰিয়াটোত নিবিদা প্ৰক্ৰিয়াৰ পৰা ৰেহাই দি চৰকাৰী নীতি উলংঘা কৰা হৈছিল।

আৰ টি আই কৰ্মীগৰাকীৰ মতে ৰাজহুৱা ধন নিৰ্বাচনী প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰাটো অনুচিত। তেওঁ মত পোষণ কৰে যে নিৰ্বাচনৰ পূৰ্বে চৰকাৰী উন্নয়নমূলক প্ৰকল্পসমূহক ৰাজনৈতিক প্ৰচাৰৰ মঞ্চ হিচাপে ব্যৱহাৰ কৰাটো বন্ধ হ’ব লাগে। নিৰ্বাচনী আচৰণ বিধি কাৰ্যকৰী হোৱাৰ আগৰ সময়ছোৱাত বিত্তীয় খৰচ নিয়ন্ত্ৰণৰ বাবে দেশত কঠোৰ আইনৰ প্ৰয়োজন আছে বুলিও তেওঁ উল্লেখ কৰে। নহ’লে কৰদাতাসকলৰ কষ্টোপাৰ্জিত ধন ৰাজনৈতিক লাভালাভৰ বাবে অপব্যয় হৈ থাকিব। উল্লেখযোগ্য যে ২০২৩ চনৰ মাৰ্চ মাহতে এই আবেদন দাখিল কৰা হৈছিল যদিও ৰাজ্যিক তথ্য আয়োগৰ হস্তক্ষেপৰ পিছতহে চলিত বৰ্ষৰ জানুৱাৰী মাহত এই তথ্যসমূহ চৰকাৰে প্ৰদান কৰে।

অৱশ্যে সেই সময়ত বিজেপি চৰকাৰৰ ৰাজহুৱা কাম-কাজ মন্ত্ৰী হিচাপে দায়িত্বত থকা চি.চি. পাটিলে এই সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত কয় যে ইমান বছৰৰ পিছত তেওঁৰ খৰচৰ সঠিক হিচাপ মনত নাই। ইয়াৰ পূৰ্বেও কৰ্ণাটকত যোগ দিৱসৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ বাবে ৫৬ কোটি টকা খৰচ হোৱাৰ বাতৰি প্ৰকাশ পাইছিল। বিভিন্ন সময়ত দেখা গৈছে যে নিৰ্বাচনৰ ঠিক আগে আগে প্ৰধানমন্ত্ৰীৰ চৰকাৰী ভ্ৰমণসমূহৰ লগত নিৰ্বাচনী প্ৰচাৰৰ এক বিশেষ মিল থাকে। ইয়াৰ ফলত ৰাজহুৱা পুঁজি আৰু ৰাজনৈতিক প্ৰচাৰৰ মাজৰ সীমাৰেখাডাল ধূসৰ হৈ পৰা বুলি সচেতন মহলত চৰ্চা চলিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাতৃত্ববোধৰ অনন্য নিদৰ্শন: ককায়েকৰ সৈতে একেলগে পঢ়িবলৈ আইআইটি বম্বেৰ আসন ত্যাগ কিশোৰৰ

ভাতৃত্ববোধৰ অনন্য নিদৰ্শন: ককায়েকৰ সৈতে একেলগে পঢ়িবলৈ আইআইটি বম্বেৰ আসন ত্যাগ কিশোৰৰ

June 3, 2026 9:26 pm
ভাৰতৰ ওপৰত পুনৰ আমেৰিকাৰ ১২.৫ শতাংশ অতিৰিক্ত শুল্কৰ বোজা! কি ক’লে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ে?

ভাৰতৰ ওপৰত পুনৰ আমেৰিকাৰ ১২.৫ শতাংশ অতিৰিক্ত শুল্কৰ বোজা! কি ক’লে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ে?

June 3, 2026 8:52 pm
উকীল-আদালতৰ কি প্ৰয়োজন? যদিহে পুলিচে নিমিষতে এইদৰে ‘ন্যায়’ দিয়াটো আমি মানি লওঁ?

উকীল-আদালতৰ কি প্ৰয়োজন? যদিহে পুলিচে নিমিষতে এইদৰে ‘ন্যায়’ দিয়াটো আমি মানি লওঁ?

June 3, 2026 8:35 pm
ফ্ৰেঞ্চ অপেনত মাজা স্বালিন্সকাৰ ঐতিহাসিক জয়, প্ৰথমবাৰৰ বাবে ছেমি ফাইনেলত প্ৰৱেশ

ফ্ৰেঞ্চ অপেনত মাজা স্বালিন্সকাৰ ঐতিহাসিক জয়, প্ৰথমবাৰৰ বাবে ছেমি ফাইনেলত প্ৰৱেশ

June 3, 2026 8:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাতৃত্ববোধৰ অনন্য নিদৰ্শন: ককায়েকৰ সৈতে একেলগে পঢ়িবলৈ আইআইটি বম্বেৰ আসন ত্যাগ কিশোৰৰ

ভাতৃত্ববোধৰ অনন্য নিদৰ্শন: ককায়েকৰ সৈতে একেলগে পঢ়িবলৈ আইআইটি বম্বেৰ আসন ত্যাগ কিশোৰৰ

June 3, 2026 9:26 pm
ভাৰতৰ ওপৰত পুনৰ আমেৰিকাৰ ১২.৫ শতাংশ অতিৰিক্ত শুল্কৰ বোজা! কি ক’লে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ে?

ভাৰতৰ ওপৰত পুনৰ আমেৰিকাৰ ১২.৫ শতাংশ অতিৰিক্ত শুল্কৰ বোজা! কি ক’লে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ে?

June 3, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd