• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ বিৰুদ্ধে একগোট বিৰোধী শক্তি! ৰাইজৰ দলক বাদ দি সংবাদমেল গৌৰৱ-লুৰীনৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 6, 2026 9:30 pm
26
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ উত্তপ্ত হৈ পৰিছে। বিজেপি চৰকাৰক প্ৰত্যাহ্বান জনাবলৈ কেইবাটাও বিৰোধী ৰাজনৈতিক দলে আজি একগোট হৈ এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়।

কংগ্ৰেছ, এজেপি, এপিএইচএলচি আৰু চিপিএমৰ জ্যেষ্ঠ নেতাসকলে এই বৈঠকত অংশগ্ৰহণ কৰি আগন্তুক নিৰ্বাচনত ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ কথা সদৰী কৰে। গুৱাহাটীত অনুষ্ঠিত এই সংবাদমেলত গৌৰৱ গগৈ, লুৰীণজ্যোতি গগৈ, জন ইংতি কাঠাৰ আৰু সুপ্ৰকাশ তালুকদাৰ উপস্থিত থাকে যদিও অখিল গগৈ এই বৈঠকত অনুপস্থিত আছিল।

Apply Now

সংবাদমেলত ভাষণ দি সাংসদ গৌৰৱ গগৈয়ে কয় যে চাৰিটা দলেই মিলি আজিৰ পৰা এক নতুন যাত্ৰা আৰম্ভ কৰিছে। ৰাইজৰ দল আৰু চিপিআইৰ সৈতেও মিত্ৰতাৰ আলোচনা চলি আছে বুলি তেওঁ জানিবলৈ দিয়ে। আগন্তুক দিনত ৰাজ্যৰ বিভিন্ন প্ৰান্তত যৌথ সভা অনুষ্ঠিত কৰি বিজেপিৰ তথাকথিত কুশাসন আৰু দুৰ্নীতিৰ কথা ৰাইজৰ মাজলৈ লৈ যোৱা হ’ব বুলি তেওঁ হুংকাৰ দিয়ে। বিজেপি চৰকাৰখনে কেৱল ক্ষমতাৰ স্বাৰ্থত কাম কৰিছে বুলি অভিযোগ তুলি তেওঁ কয় যে এই যুঁজখন হ’ব নীতি আৰু আদৰ্শৰ যুঁজ।

এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলক তীব্ৰ সমালোচনা কৰি গৌৰৱ গগৈয়ে তেওঁক মুখ্যমন্ত্ৰীৰ ১০৮ বুলি অভিহিত কৰে। তেওঁ অভিযোগ কৰে যে যেতিয়াই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিপদত পৰে, তেতিয়াই আজমলে সহায়ৰ হাত আগবঢ়ায়। এই গোপন বুজাবুজিৰ ফলস্বৰূপে এআইইউডিএফ লাভান্বিত হৈছে বুলিও তেওঁ মন্তব্য কৰে। বিজেপিয়ে যাক শত্ৰু বুলি কৈছিল, তেওঁলোকৰ পৰাই এতিয়া সমৰ্থন বিচাৰিছে বুলি উল্লেখ কৰি গগৈয়ে কয় যে বৰ্তমান ৰাজ্যখনৰ ৰাজনীতি নিম্নতম স্তৰলৈ নামি গৈছে।

আনহাতে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়েও বিজেপি চৰকাৰক কঠোৰ ভাষাৰে আক্ৰমণ কৰে। তেওঁ কয় যে বিজেপিক পৰাস্ত কৰিবলৈ বিৰোধী শক্তিসমূহ একগোট হৈছে আৰু ভৱিষ্যতে আৰু বহু দল এই মিত্ৰজোঁটত চামিল হ’ব। বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাক সমালোচনা কৰি তেওঁ ইয়াক অভিশাপ যাত্ৰা বুলিহে অভিহিত কৰে। গৰু চুৰিৰ পৰা আৰম্ভ কৰি জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ গোচৰত ন্যায় দিয়াত ব্যৰ্থ হোৱা চৰকাৰখনৰ বিৰুদ্ধে ৰাইজৰ মাজত ব্যাপক ক্ষোভৰ সৃষ্টি হৈছে বুলি লুৰীণজ্যোতি গগৈয়ে সংবাদমেলত মত প্ৰকাশ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

July 26, 2026 7:02 pm
কাছাৰত ভয়াৱহ বিস্ফোৰণ: ষ্টীল কাৰখানাত চাৰিজন শ্ৰমিকৰ মৃত্যু, আহত এজন

কাছাৰত ভয়াৱহ বিস্ফোৰণ: ষ্টীল কাৰখানাত চাৰিজন শ্ৰমিকৰ মৃত্যু, আহত এজন

July 26, 2026 6:04 pm
পূব কামৰূপ কুইজ ফ’ৰামৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীৰ বাবে কুইজ, তৰ্ক আৰু কবিতা আবৃত্তিৰ বিশেষ কৰ্মশালা সম্পন্ন

পূব কামৰূপ কুইজ ফ’ৰামৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীৰ বাবে কুইজ, তৰ্ক আৰু কবিতা আবৃত্তিৰ বিশেষ কৰ্মশালা সম্পন্ন

July 26, 2026 6:00 pm
ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত হ’ল সাৰনাথ

ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত হ’ল সাৰনাথ

July 26, 2026 3:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

July 26, 2026 7:02 pm
কাছাৰত ভয়াৱহ বিস্ফোৰণ: ষ্টীল কাৰখানাত চাৰিজন শ্ৰমিকৰ মৃত্যু, আহত এজন

কাছাৰত ভয়াৱহ বিস্ফোৰণ: ষ্টীল কাৰখানাত চাৰিজন শ্ৰমিকৰ মৃত্যু, আহত এজন

July 26, 2026 6:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd