• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চৌদি আৰবৰ কঠোৰ সকিয়নীৰ পিছতেই সুৰ সলালে তেহৰানে: চুবুৰীয়া ৰাষ্ট্ৰৰ ওচৰত ক্ষমা খুজিলে ইৰানৰ ৰাষ্ট্ৰপতিয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 7, 2026 7:03 pm
104
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইজৰাইলৰ যুটীয়া সামৰিক অভিযানৰ প্ৰত্যুত্তৰ দিবলৈ গৈ পশ্চিম এছিয়াৰ কেইবাখনো চুবুৰীয়া ৰাষ্ট্ৰত মিছাইল আক্ৰমণ চলোৱাৰ বাবে অৱশেষত ক্ষমা বিচাৰিলে ইৰানৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ানে। যুদ্ধই দ্বিতীয় সপ্তাহত ভৰি দিয়াৰ সময়তে তেহৰানে চুবুৰীয়া দেশসমূহৰ ওপৰত আৰু কোনো ধৰণৰ আক্ৰমণ নচলায় বুলি স্পষ্ট কৰি দিছে। একে সময়তে, মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কৰা ‘বিনা চৰ্তে আত্মসমৰ্পণ’ৰ দাবী ইৰানে কঠোৰ ভাষাৰে নাকচ কৰিছে।

ইৰানৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ানে জানিবলৈ দিয়া মতে, দেশখনৰ অস্থায়ী নেতৃত্ব পৰিষদে চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ ওপৰত আক্ৰমণ স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই প্ৰসংগত ৰাষ্ট্ৰপতিগৰাকীয়ে চুবুৰীয়া দেশসমূহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰি কয় যে অন্য ৰাষ্ট্ৰৰ ওপৰত আক্ৰমণ চলোৱাৰ তেওঁলোকৰ কোনো ইচ্ছা নাছিল। লগতে তেওঁ স্পষ্ট কৰি দিয়ে যে যদিহে সেই দেশসমূহৰ ভূখণ্ডৰ পৰা ইৰানৰ ওপৰত কোনো নতুন আক্ৰমণ নহয়, তেন্তে তেহৰানেও সেই দেশসমূহলৈ লক্ষ্য কৰি কোনো ধৰণৰ ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰাৰ পৰা বিৰত থাকিব।

Apply Now

উল্লেখ্য যে, শেহতীয়াকৈ আমেৰিকা আৰু ইজৰাইলৰ যুটীয়া আক্ৰমণৰ প্ৰতিশোধ ল‘বলৈ গৈ ইৰানে চৌদি আৰব, কাটাৰ, কুৱেইট, ওমান আৰু বাহৰেইনকে ধৰি পশ্চিম এছিয়াৰ প্ৰায় দহখন প্ৰদেশত থকা মাৰ্কিন সেনা ঘাটিসমূহত ধাৰাবাহিকভাৱে মিছাইল আক্ৰমণ চলাইছিল। ইয়াৰ পিছতেই চৌদি আৰবে ইৰানক কঠোৰ সকিয়নী প্ৰদান কৰি কয় যে যদিহে তেহৰানে আক্ৰমণৰ পৰা বিৰত নাথাকে, তেন্তে তেওঁলোকো কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ বাধ্য হ‘ব। ৰিয়াধৰ এই সকিয়নীৰ পিছতেই পাকিস্তানেও চৌদি আৰবৰ সমৰ্থনত থিয় দি প্ৰয়োজনত যুদ্ধত সামৰিক সাহায্য প্ৰদান কৰাৰ আশ্বাস দিয়ে।

ইপিনে, সংঘাত তীব্ৰতৰ হৈ পৰাৰ লগে লগে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে তেহৰানৰ ওপৰত নতুনকৈ হেঁচা প্ৰয়োগ কৰি ইৰানক বিনা চৰ্তে আত্মসমৰ্পণ কৰিবলৈ দাবী জনায়। কিন্তু ৰাষ্ট্ৰপতি পেজেস্কিয়ানে এই দাবী পোনচাতেই নাকচ কৰি ইয়াক এক অবাস্তৱ প্ৰত্যাশা বুলি অভিহিত কৰে। ইৰানে কোনো কাৰণতেই আমেৰিকাৰ ওচৰত আত্মসমৰ্পণ নকৰে বুলি দোহাৰি তেওঁ কয় যে ৱাশ্বিংটনৰ এই সপোন কেৱল সপোন হৈয়েই ৰ‘ব।

কূটনৈতিক মহলৰ মতে, চৌদি আৰবৰ কঠোৰ সকিয়নী আৰু বৰ্তমানৰ ভয়াৱহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়েই ইৰানে হঠাতে নিজৰ সুৰ সলনি কৰিবলৈ বাধ্য হৈছে। ইজৰাইল আৰু আমেৰিকাৰ ভয়ংকৰ যুটীয়া আক্ৰমণত ইৰান ইতিমধ্যে জুৰুলা হৈ পৰিছে। প্ৰাপ্ত তথ্য অনুসৰি, এই আক্ৰমণত হাজাৰৰো অধিক লোকৰ মৃত্যু হোৱাৰ লগতে দেশখনৰ বিস্তীৰ্ণ অঞ্চল ধ্বংসস্তূপত পৰিণত হৈছে। এনে এক সংকটজনক অৱস্থাত চৌদি আৰব আৰু পাকিস্তানক একত্ৰিত কৰি নতুনকৈ যুদ্ধত লিপ্ত হ‘লে ইৰানে প্ৰতিৰোধ কৰাৰ ক্ষমতা সম্পূৰ্ণৰূপে হেৰুৱাই পেলাব বুলি বিশেষজ্ঞসকলে ধাৰণা কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাতৃত্ববোধৰ অনন্য নিদৰ্শন: ককায়েকৰ সৈতে একেলগে পঢ়িবলৈ আইআইটি বম্বেৰ আসন ত্যাগ কিশোৰৰ

ভাতৃত্ববোধৰ অনন্য নিদৰ্শন: ককায়েকৰ সৈতে একেলগে পঢ়িবলৈ আইআইটি বম্বেৰ আসন ত্যাগ কিশোৰৰ

June 3, 2026 9:26 pm
ভাৰতৰ ওপৰত পুনৰ আমেৰিকাৰ ১২.৫ শতাংশ অতিৰিক্ত শুল্কৰ বোজা! কি ক’লে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ে?

ভাৰতৰ ওপৰত পুনৰ আমেৰিকাৰ ১২.৫ শতাংশ অতিৰিক্ত শুল্কৰ বোজা! কি ক’লে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ে?

June 3, 2026 8:52 pm
উকীল-আদালতৰ কি প্ৰয়োজন? যদিহে পুলিচে নিমিষতে এইদৰে ‘ন্যায়’ দিয়াটো আমি মানি লওঁ?

উকীল-আদালতৰ কি প্ৰয়োজন? যদিহে পুলিচে নিমিষতে এইদৰে ‘ন্যায়’ দিয়াটো আমি মানি লওঁ?

June 3, 2026 8:35 pm
ফ্ৰেঞ্চ অপেনত মাজা স্বালিন্সকাৰ ঐতিহাসিক জয়, প্ৰথমবাৰৰ বাবে ছেমি ফাইনেলত প্ৰৱেশ

ফ্ৰেঞ্চ অপেনত মাজা স্বালিন্সকাৰ ঐতিহাসিক জয়, প্ৰথমবাৰৰ বাবে ছেমি ফাইনেলত প্ৰৱেশ

June 3, 2026 8:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাতৃত্ববোধৰ অনন্য নিদৰ্শন: ককায়েকৰ সৈতে একেলগে পঢ়িবলৈ আইআইটি বম্বেৰ আসন ত্যাগ কিশোৰৰ

ভাতৃত্ববোধৰ অনন্য নিদৰ্শন: ককায়েকৰ সৈতে একেলগে পঢ়িবলৈ আইআইটি বম্বেৰ আসন ত্যাগ কিশোৰৰ

June 3, 2026 9:26 pm
ভাৰতৰ ওপৰত পুনৰ আমেৰিকাৰ ১২.৫ শতাংশ অতিৰিক্ত শুল্কৰ বোজা! কি ক’লে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ে?

ভাৰতৰ ওপৰত পুনৰ আমেৰিকাৰ ১২.৫ শতাংশ অতিৰিক্ত শুল্কৰ বোজা! কি ক’লে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ে?

June 3, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd