• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

এলপিজিৰ ক’লা বজাৰ ৰোধ কৰিবলৈ ছত্তীশগড় চৰকাৰৰ তীব্ৰ অভিযান, উদ্ধাৰ ৭৪১টা চিলিণ্ডাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 14, 2026 4:01 pm
16
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পশ্চিম এছিয়াত চলি থকা ভূ-ৰাজনৈতিক উত্তেজনাৰ মাজতে দেশজুৰি গেছ যোগানৰ অনিশ্চয়তাক লৈ সাধাৰণ জনতাৰ মাজত উদ্বেগ বৃদ্ধি পাইছে। ইয়াৰ সুযোগ লৈ একাংশ অসাধু চক্ৰই এলপিজি চিলিণ্ডাৰৰ ক’লা বজাৰ আৰু অবৈধ মজুতকৰণ আৰম্ভ কৰিছে। এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ছত্তীশগড় প্ৰশাসনে এক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। শেহতীয়াকৈ ৰাজ্যখনৰ বিভিন্ন স্থানত খাদ্য বিভাগ আৰু জিলা প্ৰশাসনে চলোৱা যুটীয়া অভিযানত মুঠ ৭৪১টা এলপিজি চিলিণ্ডাৰ বাজেয়াপ্ত কৰা হৈছে। এই চিলিণ্ডাৰসমূহ ৰাজ্যখনৰ ১০২টা সন্দেহজনক স্থানৰ পৰা উদ্ধাৰ কৰা হৈছে বুলি এজন চৰকাৰী বিষয়াই সদৰী কৰিছে। বিশেষকৈ ঘৰুৱা ব্যৱহাৰৰ বাবে থকা চিলিণ্ডাৰসমূহ বাণিজ্যিক কামত ব্যৱহাৰ কৰা বা অবৈধভাৱে জমা কৰি ৰখা কাৰ্য ৰোধ কৰিবলৈ এই হঠাত তালাচী চলোৱা হৈছে।

এই অভিযানত ৰাজ্যখনৰ ৰাজধানী ৰায়পুৰতে সৰ্বাধিক চিলিণ্ডাৰ উদ্ধাৰ কৰা হৈছে। কেৱল ৰায়পুৰ জিলাৰ পৰাই ৩৯২টা ঘৰুৱা চিলিণ্ডাৰ বাজেয়াপ্ত কৰা হৈছে। ইয়াৰ পিছতে বিলাসপুৰ জিলাত ১৩০টা চিলিণ্ডাৰ উদ্ধাৰ কৰা হৈছে। চৰকাৰী তথ্য অনুসৰি ছত্তীশগড়ত বৰ্তমান পাঁচটা এলপিজি বটলিং প্লাণ্ট সক্ৰিয় হৈ আছে। ইয়াৰে দুটাকৈ ইণ্ডিয়ান অইল কৰ্পৰেশ্যন আৰু হিন্দুস্তান পেট্ৰ’লিয়াম কৰ্পৰেশ্যনৰ অধীনত থকাৰ বিপৰীতে এটা প্লাণ্ট ভাৰত পেট্ৰ’লিয়াম কৰ্পৰেশ্যনৰ জৰিয়তে পৰিচালিত হৈছে। এই প্লাণ্টসমূহৰ জৰিয়তে গ্ৰাহকসকলক পৰ্যাপ্ত পৰিমাণৰ গেছ যোগান ধৰিবলৈ সম্পূৰ্ণ ক্ষমতাত চিলিণ্ডাৰ ভৰোৱাৰ কাম অব্যাহত ৰখা হৈছে বুলি প্ৰশাসনে স্পষ্ট কৰি দিছে।

Apply Now

প্ৰশাসনে জনোৱা মতে ৰাজ্যখনৰ ৫৪০ গৰাকী ডিস্ট্ৰিবিউটাৰৰ জৰিয়তে নিয়মিতভাৱে সকলো জিলাতে চিলিণ্ডাৰ যোগান ধৰি থকা হৈছে। একেদৰে ৰাজ্যখনত পেট্ৰ’ল আৰু ডিজেলৰো কোনো নাটনি হোৱা নাই আৰু মুঠ ২,৪৬৫টা পেট্ৰ’ল পাম্পৰ জৰিয়তে গ্ৰাহকক ইন্ধন যোগান ধৰা হৈছে। সমগ্ৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰিবলৈ যোৱা ১২ মাৰ্চত মুখ্য সচিব বিকাশ শীলে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। খাদ্য বিভাগৰ সচিব আৰু তেল কোম্পানীসমূহৰ বিষয়াসকলৰ উপস্থিতিত হোৱা এই বৈঠকৰ পিছতে ১৩ মাৰ্চত খাদ্য সঞ্চালকৰ নেতৃত্বত এক বিশেষ নিয়ন্ত্ৰণ আৰু নিৰীক্ষণ কমিটি গঠন কৰা হয়।

ইফালে কেন্দ্ৰীয় চৰকাৰেও জনসাধাৰণক এই সন্দৰ্ভত আশ্বস্ত কৰিছে। ১৩ মাৰ্চত কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা বিভাগৰ সচিবৰ সৈতে ৰাজ্যসমূহৰ খাদ্য সচিবসকলৰ এখন ভিডিঅ’ কনফাৰেন্স অনুষ্ঠিত হয়। এই বৈঠকত কেন্দ্ৰই জনাইছে যে দেশত ঘৰুৱা এলপিজি তথা পেট্ৰ’ল-ডিজেলৰ পৰ্যাপ্ত ভাণ্ডাৰ আছে। গতিকে কোনো ধৰণৰ আতংকিত হোৱাৰ প্ৰয়োজন নাই। লগতে কেন্দ্ৰই সকলো ৰাজ্য চৰকাৰক নিৰ্দেশ দিছে যাতে কোনো অঞ্চলতে ইন্ধনজাত সামগ্ৰীৰ ক’লা বজাৰ বা অবৈধ মজুত হ’বলৈ নাপায়। ইয়াৰ বাবে প্ৰশাসনক সতৰ্ক দৃষ্টি ৰাখিবলৈ আৰু প্ৰয়োজনীয় ব্যৱস্থা ল’বলৈ কোৱা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দুটা দশকৰ পাছত অসম বিধানসভাত বদৰুদ্দিন আজমল

দুটা দশকৰ পাছত অসম বিধানসভাত বদৰুদ্দিন আজমল

June 22, 2026 3:37 pm
পেন্টাগনৰ ব্লেকলিষ্টৰ প্ৰত্যুত্তৰ চীনৰ; আমেৰিকাৰ ১০টা কোম্পানীৰ ওপৰত আৰোপ কৰিলে নিষেধাজ্ঞা

পেন্টাগনৰ ব্লেকলিষ্টৰ প্ৰত্যুত্তৰ চীনৰ; আমেৰিকাৰ ১০টা কোম্পানীৰ ওপৰত আৰোপ কৰিলে নিষেধাজ্ঞা

June 22, 2026 2:26 pm
এইবাৰ আকৌ কি হ’ল? ভাৰতৰ বিৰুদ্ধে চিধাচিধি সামৰিক পদক্ষেপৰ ভাবুকি পাকিস্তানৰ

এইবাৰ আকৌ কি হ’ল? ভাৰতৰ বিৰুদ্ধে চিধাচিধি সামৰিক পদক্ষেপৰ ভাবুকি পাকিস্তানৰ

June 22, 2026 1:25 pm
বিষ্ণু প্ৰসাদ ৰাভাৰ ব্যাক্তিত্বৰ আকৰ্ষণ

বিষ্ণু প্ৰসাদ ৰাভাৰ ব্যাক্তিত্বৰ আকৰ্ষণ

June 22, 2026 12:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুটা দশকৰ পাছত অসম বিধানসভাত বদৰুদ্দিন আজমল

দুটা দশকৰ পাছত অসম বিধানসভাত বদৰুদ্দিন আজমল

June 22, 2026 3:37 pm
পেন্টাগনৰ ব্লেকলিষ্টৰ প্ৰত্যুত্তৰ চীনৰ; আমেৰিকাৰ ১০টা কোম্পানীৰ ওপৰত আৰোপ কৰিলে নিষেধাজ্ঞা

পেন্টাগনৰ ব্লেকলিষ্টৰ প্ৰত্যুত্তৰ চীনৰ; আমেৰিকাৰ ১০টা কোম্পানীৰ ওপৰত আৰোপ কৰিলে নিষেধাজ্ঞা

June 22, 2026 2:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd