• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হৈ কংগ্ৰেছত যোগদান তৃণমূলৰ নেতাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 21, 2026 5:41 pm
45
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ পূৰ্বে শাসকীয় তৃণমূল কংগ্ৰেছতো প্ৰাৰ্থিত্বক লৈ আৰম্ভ হৈছে তীব্ৰ অসন্তুষ্টি। দলৰ পৰা টিকট লাভ নকৰাৰ ক্ষোভত শনিবাৰে কোচবিহাৰৰ প্ৰবীণ তৃণমূল নেতা তথা ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী ৰবীন্দ্ৰনাথ ঘোষৰ ঘনিষ্ঠ খোকন মিয়াঁই আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰে। কোচবিহাৰ জিলা কংগ্ৰেছৰ কাৰ্যালয়ত ধীৰাজ কুমাৰ সাহু আৰু প্ৰদীপ কুমাৰ বালমুচুৰ উপস্থিতিত তেওঁ কংগ্ৰেছৰ পতাকা গ্ৰহণ কৰে। কংগ্ৰেছৰ সূত্ৰৰ মতে, আগন্তুক নিৰ্বাচনত তেওঁক কোচবিহাৰ দক্ষিণ বিধানসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ সম্ভাৱনা আছে।

দল ত্যাগ কৰাৰ সময়ত আৱেগিক হৈ পৰা প্ৰবীণ নেতাজনে সংবাদ মাধ্যমৰ আগত কান্দোনত ভাগি পৰে। ১৯৯৮ চনত তৃণমূল কংগ্ৰেছৰ জন্মলগ্নৰে পৰা দলটোৰ সৈতে জড়িত থকা খোকন মিয়াঁই সুদীৰ্ঘকাল ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰি আহিছিল। ১৯৯৮ চনৰ পৰা ২০০৭ চনলৈ তেওঁ তৃণমূল যুৱ কংগ্ৰেছৰ সভাপতি আৰু ২০০৮ চনৰ পৰা ২০১৯ চনলৈ কোচবিহাৰ-১ ব্লকৰ সভাপতি আছিল। ইয়াৰ উপৰিও তেওঁ পঞ্চায়ত সমিতিৰ সদস্য তথা জিলা পৰিষদৰ পূৰ্ত আৰু পৰিবহণ কৰ্মাধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। এনে এজন নিষ্ঠাৱান পুৰণি কৰ্মীয়ে নিৰ্বাচনৰ সময়ত প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হোৱাটোৱে দলৰ পুৰণি নেতা-কৰ্মীসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

Apply Now

তৃণমূলৰ নেতৃত্বৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰি খোকন মিয়াঁই কয় যে বৰ্তমান তৃণমূল কংগ্ৰেছ কোনো ৰাজনৈতিক দল হৈ থকা নাই, ই এক কৰ্প’ৰেট সংস্থালৈ পৰ্যবসিত হৈছে আৰু তাত পুৰণি কৰ্মীসকলৰ কোনো সন্মান নাই। তেওঁ অভিযোগ কৰে যে প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ মাত্ৰ এঘণ্টা পূৰ্বে খেলপথাৰৰ পৰা এগৰাকী খেলুৱৈক আনি আগন্তুক নিৰ্বাচনত প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। যিসকল নেতাই দলৰ বাবে ত্যাগ স্বীকাৰ কৰিছে আৰু কষ্ট কৰিছে, তেওঁলোকে একোৱেই নাপালে বুলি তেওঁ আক্ষেপ প্ৰকাশ কৰে। ৰবীন্দ্ৰনাথ ঘোষ, জিতেন বৰ্মণ আৰু বিনয়কৃষ্ণ বৰ্মণৰ দৰে পুৰণি নেতাসকলৰ কপালতো টিকট নজুটাত তেওঁ তীব্ৰ নিৰাশা ব্যক্ত কৰে।

খোকন মিয়াঁৰ এই দলত্যাগ সন্দৰ্ভত তৃণমূল কংগ্ৰেছৰ নেতৃত্বই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কোচবিহাৰ জিলা তৃণমূলৰ সহ-সভাপতি আব্দুল জলিল আহমেদে কয় যে দলত ক্ষোভ বা অসন্তুষ্টি থকাটো স্বাভাৱিক কথা, কিন্তু সেয়া দলৰ ভিতৰতে আলোচনাৰ মাধ্যমেৰে মীমাংসা কৰা উচিত। আন দলত গৈ বিক্ষোভ প্ৰদৰ্শন কৰাটো গ্ৰহণযোগ্য নহয় বুলি তেওঁ মন্তব্য কৰে। আনহাতে, তৃণমূলৰ অধ্যক্ষ গিৰিন্দ্ৰনাথ বৰ্মণে খোকন মিয়াঁক এজন বলিষ্ঠ নেতা বুলি স্বীকাৰ কৰাৰ লগতে সকলোকে দলৰ নেত্ৰীৰ সিদ্ধান্ত মানি চলিবলৈ আহ্বান জনায়। নিৰ্বাচনৰ ঠিক পূৰ্বে হোৱা এই দলত্যাগে কোচবিহাৰৰ ৰাজনৈতিক প্ৰেক্ষাপটত শাসকীয় দলটোৰ বাবে এক প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

June 16, 2026 9:13 pm
নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

June 16, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd