• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নদীৰ পোহৰ আৰু ৰঙা মাটিৰ মিতিৰালি: বিশ্বভাৰতীত প্ৰদৰ্শিত হৈছে বৰেণ্য শিল্পী বেণু মিশ্ৰৰ জীৱনজোৰা কৃতি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 25, 2026 4:14 pm
36
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্ব ঐতিহ্যক্ষেত্ৰ শান্তিনিকেতনৰ বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ কলাভৱনত আজিৰে পৰা অসম তথা দেশৰ বৰেণ্য শিল্পী বেণু মিশ্ৰৰ এক বিশেষ মৰণোত্তৰ কলা প্ৰদৰ্শনী আৰম্ভ হৈছে। কলাভৱনৰ নন্দন কলাবীথিকাত আয়োজিত ‘বিটুইন ৰিভাৰলাইট এণ্ড ৰেড ছ’ইল : আ ৰেট্ৰ’স্পেক্টিভ অব্ বেণু মিশ্ৰ’ (Between Riverlight and Red Soil: A Retrospective of Benu Misra) শীৰ্ষক এই বৃহৎ প্ৰদৰ্শনীখন আজি পুৱা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে কলাভৱনৰ অধ্যক্ষ অধ্যাপক শিশিৰ সাহানাই। উল্লেখ্য যে, ১৯৫৭ চনৰ পৰা ১৯৬১ চনলৈ এইখন শিক্ষানুষ্ঠানতে বেণু মিশ্ৰই ৰামকিঙ্কৰ বেইজ আৰু বিনোদবিহাৰী মুখাৰ্জীৰ দৰে কিংবদন্তি শিল্পীৰ তত্ত্বাৱধানত শিল্প শিক্ষা গ্ৰহণ কৰিছিল। নিজৰ একালৰ সেই সাধনা ক্ষেত্ৰতে শিল্পীগৰাকীৰ নিৰ্বাচিত শিল্পকৰ্মৰ এই ৰেট্ৰ’স্পেক্টিভ প্ৰদৰ্শনীয়ে এক আৱেগিক আৰু সাংস্কৃতিক গুৰুত্ব বহন কৰিছে।

বিশ্বভাৰতীৰ কলাভৱনৰ সহযোগী অধ্যাপিকা ডঃ মেঘালী গোস্বামীৰ কিউৰেচন আৰু বেণু মিশ্ৰ স্মাৰক ন্যাসৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। দিনৰ ১১:৩০ বজাত অনুষ্ঠিত হোৱা এই উদ্বোধনী অনুষ্ঠানত বিশ্বভাৰতীৰ শ্ৰীমন্ত শংকৰদেৱ আসনৰ অধ্যাপক তথা প্ৰসিদ্ধ সমালোচক ৰঞ্জিৎ কুমাৰ দেৱ গোস্বামী, প্ৰথিতযশা শিল্পী ঝনক ঝংকাৰ নাৰ্জাৰী, অজিত শীল, সৌমিক নন্দী মাজুমদাৰৰ লগতে কলাভৱনৰ উপাৰ্ধক্ষদ্বয় লাৱনছাইভ’ খাওমাওলং আৰু ভাবনা খাজুৰিয়া বসুমতাৰী উপস্থিত থাকে। ইয়াৰ উপৰিও অসমীয়া বিভাগৰ সহযোগী অধ্যাপিকা ডঃ সংগীতা শইকীয়াৰ লগতে বহুসংখ্যক শিল্পী, গৱেষক আৰু ছাত্ৰ-ছাত্ৰীয়ে এই ঐতিহাসিক ক্ষণত অংশগ্ৰহণ কৰে।

Apply Now

প্ৰদৰ্শনীখনত বেণু মিশ্ৰৰ বহুমুখী শিল্প প্ৰতিভাৰ নিদৰ্শন স্বৰূপ তেওঁৰ চিত্ৰকৰ্ম, ভাস্কৰ্য, গ্ৰাফিক ডিজাইন আৰু বহুতো দুৰ্লভ আৰ্কাইভেল সামগ্ৰী দৰ্শকৰ বাবে মুকলি কৰি দিয়া হৈছে। এই সংগ্ৰহে শিল্পীগৰাকীৰ পঞ্চাশৰ দশকৰ পৰা আৰম্ভ হোৱা অনন্য শিল্প যাত্ৰাৰ এক সামগ্ৰিক চিত্ৰ ডাঙি ধৰিছে। উদ্বোধনী ভাষণত বক্তাসকলে উত্তৰ-পূৰ্ব ভাৰতত আধুনিক শিল্প আন্দোলন গঢ়ি তোলাত বেণু মিশ্ৰৰ অগ্ৰণী ভূমিকাৰ কথা গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰে। তেওঁলোকে মত প্ৰকাশ কৰে যে এই প্ৰদৰ্শনী কেৱল এগৰাকী শিল্পীৰ সাধনাৰ উদযাপনেই নহয়, বৰঞ্চ ই শান্তিনিকেতন আৰু অসমৰ মাজত থকা সুদীৰ্ঘ সাংস্কৃতিক মৈত্ৰীবন্ধনক পুনৰবাৰ দৃঢ় কৰি তুলিছে।

অসমৰ আধুনিক শিল্পকলাৰ ইতিহাসত এক বিশিষ্ট স্থান দখল কৰা বেণু মিশ্ৰৰ এই কৰ্মৰাজি অহা ১ এপ্ৰিললৈকে সৰ্বসাধাৰণৰ বাবে নন্দন কলাবীথিকাত মুকলি থাকিব। বিশেষকৈ নতুন প্ৰজন্মৰ শিল্পী আৰু গৱেষকসকলৰ বাবে এই প্ৰদৰ্শনীয়ে মিশ্ৰদেৱৰ শিল্পদৰ্শন আৰু শৈলীৰ সৈতে গভীৰভাৱে পৰিচিত হোৱাৰ এক সুবৰ্ণ সুযোগ প্ৰদান কৰিছে। শান্তিনিকেতনৰ ৰঙা মাটি আৰু অসমৰ নদীৰ পোহৰৰ মাজৰ যি একাত্মবোধ মিশ্ৰৰ শিল্পত প্ৰতিফলিত হৈছিল, তাক এই ৰেট্ৰ’স্পেক্টিভে এক নতুন মাত্ৰা প্ৰদান কৰিছে বুলি উপস্থিত শিল্পপ্ৰেমীসকলে মত ব্যক্ত কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰত হৰাৰ পিছতেই ভাহি আহিল গালি-গালাজ; বৈভৱৰ লগতো হতাহতি! দৰাচলতে কি ঘটিছিল?

ভাৰত হৰাৰ পিছতেই ভাহি আহিল গালি-গালাজ; বৈভৱৰ লগতো হতাহতি! দৰাচলতে কি ঘটিছিল?

June 16, 2026 3:02 pm
বাবা ৰামদেৱে মুকলি কৰিলে পতঞ্জলি চিভিল ছাৰ্ভিচেছ একাডেমী, গুৰু দায়িত্বত অৱধ ওঝা

বাবা ৰামদেৱে মুকলি কৰিলে পতঞ্জলি চিভিল ছাৰ্ভিচেছ একাডেমী, গুৰু দায়িত্বত অৱধ ওঝা

June 16, 2026 2:33 pm
টাইম আলোচনীৰ ২০২৬ বৰ্ষৰ তালিকা: বিশ্বৰ ১০০ প্ৰভাৱশালী খেলুৱৈৰ ভিতৰত একমাত্ৰ ভাৰতীয় হিচাপে উজ্বলিল স্মৃতি মান্ধানা

টাইম আলোচনীৰ ২০২৬ বৰ্ষৰ তালিকা: বিশ্বৰ ১০০ প্ৰভাৱশালী খেলুৱৈৰ ভিতৰত একমাত্ৰ ভাৰতীয় হিচাপে উজ্বলিল স্মৃতি মান্ধানা

June 16, 2026 1:59 pm
নিদান পত্ৰ অবিহনে ঔষধৰ দোকানৰ পৰা আৰু ক্ৰয় কৰিব নোৱাৰিব কোনো চিৰাপ; জনালে কেন্দ্ৰই

নিদান পত্ৰ অবিহনে ঔষধৰ দোকানৰ পৰা আৰু ক্ৰয় কৰিব নোৱাৰিব কোনো চিৰাপ; জনালে কেন্দ্ৰই

June 16, 2026 1:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰত হৰাৰ পিছতেই ভাহি আহিল গালি-গালাজ; বৈভৱৰ লগতো হতাহতি! দৰাচলতে কি ঘটিছিল?

ভাৰত হৰাৰ পিছতেই ভাহি আহিল গালি-গালাজ; বৈভৱৰ লগতো হতাহতি! দৰাচলতে কি ঘটিছিল?

June 16, 2026 3:02 pm
বাবা ৰামদেৱে মুকলি কৰিলে পতঞ্জলি চিভিল ছাৰ্ভিচেছ একাডেমী, গুৰু দায়িত্বত অৱধ ওঝা

বাবা ৰামদেৱে মুকলি কৰিলে পতঞ্জলি চিভিল ছাৰ্ভিচেছ একাডেমী, গুৰু দায়িত্বত অৱধ ওঝা

June 16, 2026 2:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd