• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘মোক নীৰৱ কৰোৱা হৈছে, পৰাজিত নহয়’: ৰাজ্যসভাৰ পদৰ পৰা অপসাৰণৰ পিছতে আপৰ বিৰুদ্ধে সৰৱ ৰাঘৱ চাদ্দা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 11:36 am
21
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুকুৰবাৰে আম আদমী পাৰ্টীৰ (আপ) জ্যেষ্ঠ নেতা তথা সাংসদ ৰাঘৱ চাদ্দাই নিজৰ দলৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। ৰাজ্যসভাৰ উপ-দলপতি পদৰ পৰা অপসাৰণ কৰাৰ এদিন পিছতে সাংসদগৰাকীয়ে অভিযোগ উত্থাপন কৰে যে দলে তেওঁক সংসদত মাত মাতিবলৈ বাধা প্ৰদান কৰিছে। সামাজিক মাধ্যম এক্সত (পূৰ্বৰ টুইটাৰ) এটা ভিডিঅ’ বাৰ্তাযোগে চাদ্দাই স্পষ্ট কৰি দিয়ে যে তেওঁক “নীৰৱ কৰোৱা হৈছে, কিন্তু পৰাজিত কৰিব পৰা নাই।”

ভিডিঅ’ বাৰ্তাটোত ৰাঘৱ চাদ্দাই প্ৰশ্ন কৰে যে যেতিয়াই তেওঁ সংসদত সুযোগ পায়, তেতিয়াই সাধাৰণ মানুহৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ বিষয়সমূহ উত্থাপন কৰে। কিন্তু ৰাইজৰ সমস্যাৰ কথা কোৱাটো অপৰাধ নেকি বুলি তেওঁ খেদ প্ৰকাশ কৰে। চাদ্দাই দাবী কৰে যে আপ নেতৃত্বই ৰাজ্যসভাৰ সচিবালয়ক অৱগত কৰিছে যাতে তেওঁক সংসদত ভাষণ দিবলৈ সময় দিয়া নহয়। ভিডিঅ’টোৰ অন্তত তেওঁ এক বিশেষ পংক্তি আওৰাই কয় যে তেওঁৰ নীৰৱতাক কোনেও পৰাজয় বুলি ভাবিব নালাগে, তেওঁ এনে এখন নদী যিয়ে সময় আহিলে বানপানীৰ ৰূপ ল’ব পাৰে।

Apply Now

উল্লেখ্য যে, বৃহস্পতিবাৰে আম আদমী পাৰ্টীয়ে ৰাজ্যসভাৰ সচিবালয়লৈ এখন পত্ৰ প্ৰেৰণ কৰি ৰাঘৱ চাদ্দাক সদনত দলৰ উপ-দলপতি পদৰ পৰা অপসাৰণ কৰাৰ বাবে অনুৰোধ জনাইছিল। তেওঁৰ স্থানত পঞ্জাৱৰ আন এগৰাকী সাংসদ অশোক মিট্টলক উক্ত পদত নিযুক্তি দিয়াৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছিল। সূত্ৰৰ খবৰ অনুসৰি, পত্ৰখনত আপ নেতৃত্বই অনুৰোধ কৰিছিল যাতে দলৰ আবণ্টিত সময়ৰ পৰা ৰাঘৱ চাদ্দাক সদনত ভাষণ দিবলৈ সময় নিৰ্ধাৰণ কৰা নহয়।

চাদ্দাই নিজৰ বক্তব্যত উল্লেখ কৰে যে তেওঁ সদায় সাধাৰণ মানুহৰ উপকাৰ হোৱা বিভিন্ন বিষয়, যেনে— বিমানবন্দৰৰ খাদ্যৰ অস্বাভাৱিক মূল্য, জ’মাট’ বা ব্লিঙ্কিটৰ দৰে প্ৰতিষ্ঠানৰ কৰ্মীৰ সমস্যা আৰু মধ্যবিত্ত শ্ৰেণীৰ কৰৰ বোজা আদিৰ দৰে প্ৰসংগ সংসদত উত্থাপন কৰি আহিছে। এই বিষয়সমূহে আম আদমী পাৰ্টীৰ কি ক্ষতি কৰিলে বুলিও তেওঁ প্ৰশ্ন কৰে। এসময়ত অৰবিন্দ কেজৰিৱালৰ আটাইতকৈ বিশ্বাসভাজন নেতা হিচাপে পৰিচিত চাদ্দাই তেওঁক কিয় নীৰৱ কৰিব বিচৰা হৈছে বুলি মুকলিকৈ প্ৰশ্ন উত্থাপন কৰে।

আনহাতে, ৰাঘৱ চাদ্দাৰ এই মন্তব্যৰ পিছতে আপৰ আন কেইবাগৰাকীও জ্যেষ্ঠ নেতাই তেওঁক তীব্ৰ সমালোচনাৰে প্ৰত্যুত্তৰ দিয়ে। আপৰ নেত্ৰী আতিশীয়ে চাদ্দাক উদ্দেশ্যি কয় যে বৰ্তমান দেশৰ সংবিধানৰ প্ৰতি ভাবুকি অহাৰ সময়ত তেওঁ সৰু-সুৰা বিষয়ক লৈ নিজৰ দায়িত্বৰ পৰা ফালৰি কাটিছে। নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে বিৰোধীয়ে অনা অনাস্থা প্ৰস্তাৱতো চাদ্দাই কিয় স্বাক্ষৰ কৰিবলৈ ভয় খাইছে বুলি আতিশীয়ে প্ৰশ্ন কৰে। একেদৰে জ্যেষ্ঠ নেতা সৌৰভ ভৰদ্বাজে চাদ্দাক কটাক্ষ কৰি কয় যে তেওঁ ভয় খাইছে আৰু ৰাজনৈতিকভাৱে চৰকাৰক জবাবদিহি কৰিব পৰা বিষয়সমূহৰ পৰা আঁতৰি কেৱল ‘চিঙৰাৰ মূল্য’ক লৈ প্ৰশ্ন কৰাত ব্যস্ত হৈ আছে। এই সাম্প্ৰতিক ঘটনাক্ৰমে আম আদমী পাৰ্টীৰ ভিতৰচ’ৰাত চলি থকা তীব্ৰ সংঘাতক পোহৰলৈ আনিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমেৰিকাৰ দৰ্শকৰ ফালে ‘বন্দুক’ টোঁৱাই উল্লাস! ইৰানৰ খেলুৱৈক নিষিদ্ধ কৰিব নেকি ফিফাই?

আমেৰিকাৰ দৰ্শকৰ ফালে ‘বন্দুক’ টোঁৱাই উল্লাস! ইৰানৰ খেলুৱৈক নিষিদ্ধ কৰিব নেকি ফিফাই?

June 16, 2026 5:44 pm
খেলপথাৰ নে বধ্যভূমি, আজিও শুনা যায় চিলিৰ এই ষ্টেডিয়ামত মৃত্যুৰ আৰ্তনাদ

খেলপথাৰ নে বধ্যভূমি, আজিও শুনা যায় চিলিৰ এই ষ্টেডিয়ামত মৃত্যুৰ আৰ্তনাদ

June 16, 2026 5:08 pm
ইউটিউবেই শিক্ষাগুৰু : কোচিং অবিহনেই চাৰি বছৰত তিনিবাৰকৈ ইউ পি এছ চি উত্তীৰ্ণ হ’ল এইগৰাকী যুৱতী

ইউটিউবেই শিক্ষাগুৰু : কোচিং অবিহনেই চাৰি বছৰত তিনিবাৰকৈ ইউ পি এছ চি উত্তীৰ্ণ হ’ল এইগৰাকী যুৱতী

June 16, 2026 4:58 pm
পাঠদানৰ তিনিমাহ উকলিল, তথাপিও কিতাপ নাপালে শিক্ষাৰ্থীয়ে, শিক্ষা পৰিষদৰ অধ্যক্ষৰ ৰহস্যজনক নীৰৱতা

পাঠদানৰ তিনিমাহ উকলিল, তথাপিও কিতাপ নাপালে শিক্ষাৰ্থীয়ে, শিক্ষা পৰিষদৰ অধ্যক্ষৰ ৰহস্যজনক নীৰৱতা

June 16, 2026 4:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমেৰিকাৰ দৰ্শকৰ ফালে ‘বন্দুক’ টোঁৱাই উল্লাস! ইৰানৰ খেলুৱৈক নিষিদ্ধ কৰিব নেকি ফিফাই?

আমেৰিকাৰ দৰ্শকৰ ফালে ‘বন্দুক’ টোঁৱাই উল্লাস! ইৰানৰ খেলুৱৈক নিষিদ্ধ কৰিব নেকি ফিফাই?

June 16, 2026 5:44 pm
খেলপথাৰ নে বধ্যভূমি, আজিও শুনা যায় চিলিৰ এই ষ্টেডিয়ামত মৃত্যুৰ আৰ্তনাদ

খেলপথাৰ নে বধ্যভূমি, আজিও শুনা যায় চিলিৰ এই ষ্টেডিয়ামত মৃত্যুৰ আৰ্তনাদ

June 16, 2026 5:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd