• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

পুলিচৰ চকুত ধূলি দি ভুৱা পাচপৰ্টেৰে বিদেশলৈ উৰা মাৰিল সন্ত্ৰাসবাদী খৰগোশ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 11:06 am
39
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুলিচৰ চকুত ধুলি দিয়াত সিদ্ধহস্ত এটা দুধৰ্ষ সন্ত্ৰাসবাদী। এটা স্থানৰ পৰা আন এটা স্থানলৈ অতি কম সময়ৰ ভিতৰতে আত্মগোপন কৰিব পাৰে বাবেই সন্ত্ৰাসবাদীৰ মহলত তাৰ নাম হৈছিল ‘খৰগোশ’ (Rabbit)। লস্কৰ-ই-তৈবাৰ সেই কুখ্যাত পাকিস্তানী সন্ত্ৰাসবাদী উমৰ হেৰিছ ওৰফে খৰগোশে এইবাৰ ভাৰতীয় পৰিচয় ধাৰণ কৰি দেশ এৰি পলাই যোৱা বুলি জানিব পৰা গৈছে।

চোৰাংচোৱা সূত্ৰৰ খবৰ অনুসৰি, বৰ্তমান উমৰে চৌদি আৰবত আত্মগোপন কৰি আছে। শ্ৰীনগৰ আৰক্ষীৰ তদন্তত এক বিস্ফোৰক তথ্য পোহৰলৈ আহিছে যে ২০১২ চনত উপত্যকাত অনুপ্ৰৱেশ কৰা এই সন্ত্ৰাসবাদীজনে নিজকে ৰাজস্থানৰ বাসিন্দা ‘সজ্জাদ’ বুলি পৰিচয় দিছিল।

Apply Now

কেৱল সেয়াই নহয়, ৰাজস্থানৰ জয়পুৰত এজন লস্কৰ এজেণ্টৰ কন্যাক বিয়াও কৰাইছিল আৰু সেই বিবাহৰ নথিপত্ৰ ব্যৱহাৰ কৰিয়েই ৰাজস্থানৰ পৰা ভাৰতীয় পাছপোৰ্ট যোগাৰ কৰিছিল।

আৰক্ষীৰ কঠোৰ নিৰীক্ষণৰ পাছতো এজন পাকিস্তানী সন্ত্ৰাসবাদীয়ে কেনেকৈ ভাৰতীয় পাছপোৰ্ট লাভ কৰিলে, তাক লৈ এতিয়া ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে। পাকিস্তানৰ খাইবাৰ পাখতুনখোয়াৰ বাসিন্দা উমৰ হেৰিছে কৰাচীত কেইবাটাও অগ্নিসংযোগৰ গোচৰৰ পৰা বাচিবলৈ লস্কৰত যোগ দিছিল। শ্ৰীনগৰ আৰু বান্ডিপোৰাৰ বিভিন্ন ঘাটিত দীৰ্ঘদিন থাকি সি এটা নেটৱৰ্ক গঢ়ি তুলিছিল আৰু ভাৰতৰ পৰা প্ৰথমে ইণ্ডোনেছিয়া আৰু তাৰ পিছত আন এক জাল নথিৰ সহায়ত চৌদি আৰবত উপস্থিত হোৱা বুলি অনুমান কৰা হৈছে।

অলপতে শ্ৰীনগৰ আৰক্ষীয়ে এটা বৃহৎ আন্তঃৰাজ্যিক লস্কৰ মডিউল ধ্বংস কৰিছে আৰু তাতেই ধৃত সন্ত্ৰাসবাদী আব্দুল্লাহ আৰু উসমানক জেৰা কৰি ‘খৰগোশ’ৰ এই ৰাজস্থান সংযোগৰ কথা পোহৰলৈ আহে। আনকি যোৱা নৱেম্বৰত ধৰা পৰা ‘আল ফালাহ মডিউল’ৰ সৈতেও ইয়াৰ সম্পৰ্ক থকাৰ সন্দেহ কৰা হৈছে, য’ত চিকিৎসকৰ দৰে উচ্চশিক্ষিত পেছাদাৰীসকলক সন্ত্ৰাসবাদী কাৰ্যকলাপত ব্যৱহাৰ কৰা হৈছিল।

বৰ্তমান উমৰ হেৰিছ ওৰফে খৰগোশৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কূটনৈতিক তৎপৰতা আৰম্ভ কৰিছে ভাৰত চৰকাৰে আৰু অতি সোনকালে এই গোচৰৰ তদন্তৰ দায়িত্ব এনআইএ-য়ে ল’ব পাৰে বুলি ধাৰণা কৰা হৈছে। লগতে পাছপোৰ্ট ভেৰিফিকেচনৰ সময়ত ৰাজস্থান আৰক্ষীৰ ক’ত ত্ৰুটি ৰৈ গৈছিল, সেই বিষয়টোও এতিয়া তদন্তৰ আওতালৈ অনা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ উত্তাল সদন! শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত ক’লা কাপোৰ পিন্ধি বিৰোধীৰ প্ৰতিবাদ

নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ উত্তাল সদন! শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত ক’লা কাপোৰ পিন্ধি বিৰোধীৰ প্ৰতিবাদ

July 22, 2026 3:35 pm
মোদী চৰকাৰৰ স্বৈৰাচাৰী ৰূপ! ছাত্ৰৰ ন্যায়ৰ দাবীত ধৰণাত বহা ৰাহুল-প্ৰিয়ংকাক গ্ৰেপ্তাৰ: হিটলাৰী শাসনৰ বিৰুদ্ধে উত্তাল  ৰাজধানী

মোদী চৰকাৰৰ স্বৈৰাচাৰী ৰূপ! ছাত্ৰৰ ন্যায়ৰ দাবীত ধৰণাত বহা ৰাহুল-প্ৰিয়ংকাক গ্ৰেপ্তাৰ: হিটলাৰী শাসনৰ বিৰুদ্ধে উত্তাল  ৰাজধানী

July 22, 2026 2:46 pm
ভিৰ বাঢ়ি আহিছে যন্তৰ মন্তৰত! ৰাহুল গান্ধীৰ ৫ দফীয়া দাবী, বিদেশলৈকে বিয়পিছে আন্দোলনৰ জুই

ভিৰ বাঢ়ি আহিছে যন্তৰ মন্তৰত! ৰাহুল গান্ধীৰ ৫ দফীয়া দাবী, বিদেশলৈকে বিয়পিছে আন্দোলনৰ জুই

July 22, 2026 12:55 pm
জন্তৰ-মন্তৰৰ প্ৰতিবাদকাৰীক সহায় কৰিবলৈ অনলাইনত খাদ্য অৰ্ডাৰ শতাধিক লোকৰ

জন্তৰ-মন্তৰৰ প্ৰতিবাদকাৰীক সহায় কৰিবলৈ অনলাইনত খাদ্য অৰ্ডাৰ শতাধিক লোকৰ

July 22, 2026 12:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ উত্তাল সদন! শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত ক’লা কাপোৰ পিন্ধি বিৰোধীৰ প্ৰতিবাদ

নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ উত্তাল সদন! শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত ক’লা কাপোৰ পিন্ধি বিৰোধীৰ প্ৰতিবাদ

July 22, 2026 3:35 pm
মোদী চৰকাৰৰ স্বৈৰাচাৰী ৰূপ! ছাত্ৰৰ ন্যায়ৰ দাবীত ধৰণাত বহা ৰাহুল-প্ৰিয়ংকাক গ্ৰেপ্তাৰ: হিটলাৰী শাসনৰ বিৰুদ্ধে উত্তাল  ৰাজধানী

মোদী চৰকাৰৰ স্বৈৰাচাৰী ৰূপ! ছাত্ৰৰ ন্যায়ৰ দাবীত ধৰণাত বহা ৰাহুল-প্ৰিয়ংকাক গ্ৰেপ্তাৰ: হিটলাৰী শাসনৰ বিৰুদ্ধে উত্তাল  ৰাজধানী

July 22, 2026 2:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd