• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মোডীৰ উদ্বোধনৰ পূৰ্বেই অগ্নিকাণ্ডত জ্বলি ছাই হৈ গ’ল ৮০ হাজাৰ কোটি টকাৰ শোধনাগাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 11:05 am
138
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজস্থানৰ মৰুভূমিৰ বুকুত নিৰ্মাণ কৰা সপোনৰ প্ৰকল্পটো যেন হঠাতে জুইৰ গ্ৰাসত পৰি ছাই হৈ গ’ল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উদ্বোধনৰ মাত্ৰ এদিন পূৰ্বে  সোমবাৰে (২০ এপ্ৰিল) বিয়লি বালোতৰাৰ পচপদৰায়ৰ এইচপিচিএলৰ ৮০ হাজাৰ কোটি টকাৰ বিশাল শোধনাগাৰত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। এই ঘটনাত স্থানীয় ৰাইজ আতংকিত হৈ পৰে।

‘মৰুভূমিৰ ৰত্ন’ হিচাপে পৰিচিত এই বছৰি ৯০ লাখ মেট্ৰিক টন (এমএমটিপিএ) ক্ষমতাসম্পন্ন গ্ৰীণফিল্ড শোধনাগাৰ-ও-পেট্ৰ’কেমিকেল কমপ্লেক্সটো উদ্বোধনৰ বাবে অপেক্ষা কৰি আছিল।

Apply Now

প্ৰাৰম্ভিক তথ্য অনুসৰি শোধনাগাৰৰ মূল অংশ চিডিইউ-ভিডিইউ (Crude Distillation Unit-Vacuum Distillation Unit) এলেকাত এই অগ্নিকাণ্ড সংঘটিত হয়। কোৱা হৈছে যে এক্সচেঞ্জাৰ বিস্ফোৰণৰ ফলত জুই বিয়পি পৰে। এশৰো অধিক অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে সেই স্থানত উপস্থিত হৈ জুই নিয়ন্ত্ৰণলৈ আনে।

এই পৰ্যন্ত কোনো লোক হতাহতৰ খবৰ পোৱা হোৱা নাই। প্ৰথমে শ্ৰমিকসকলে নিজাকৈ অগ্নিনিৰ্বাপক ব্যৱস্থা সক্ৰিয় কৰি জুই নিয়ন্ত্ৰণৰ চেষ্টা চলাইছিল। স্থানীয় প্ৰশাসন আৰু এইচ পি চি এল কৰ্তৃপক্ষই কয় যে এতিয়া পৰিস্থিতি নিয়ন্ত্ৰণত আছে। এই প্ৰকল্পটো এইচ পি চি এল আৰু ৰাজস্থান চৰকাৰৰ যৌথ উদ্যোগত নিৰ্মাণ কৰা হৈছিল। ৰাজস্থানৰ পশ্চিম অংশত উদ্যোগীকৰণ আৰু কৰ্মসংস্থাপনৰ বাবে ইয়াক ‘গেম চেঞ্জাৰ’ প্ৰকল্প হিচাপে গণ্য কৰা হৈছিল।

জুলাই মাহৰ পৰা বাণিজ্যিক উৎপাদন আৰম্ভ হোৱাৰ কথা আছিল। ২১ এপ্ৰিল মঙলবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে শোধনাগাৰটো উদ্বোধন কৰাৰ কথা আছিল। উদ্বোধনৰ বাবে বিতং প্ৰস্তুতি চলি আছিল। কিন্তু দুৰ্ঘটনাটোৱে এদিন আগতে সকলো সলনি কৰি পেলালে।

এইচ পি চি এলে জনোৱা মতে, অগ্নিকাণ্ডৰ কাৰণ জানিবলৈ তদন্ত আৰম্ভ কৰা হৈছে। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (এন ডি আৰ এফ), স্থানীয় আৰক্ষী, অগ্নিনিৰ্বাপক সেৱা আৰু সম্ভৱতঃ কেন্দ্ৰীয় তদন্ত সংস্থাৰ দৰে একাধিক সংস্থা তদন্তৰ সৈতে জড়িত হ’ব পাৰে।

প্ৰথম অৱস্থাত কাৰিকৰী দোষ বা ৰক্ষণাবেক্ষণৰ অভাৱৰ কাৰণ বুলি সন্দেহ কৰা হৈছে। অৱশ্যে চূড়ান্ত প্ৰতিবেদন অহালৈকে একো ক’ব পৰা নাযায়। ৰাজস্থানৰ এই প্ৰকল্পটো কেৱল শোধনাগাৰ নহয়, ই আছিল দেশৰ প্ৰথমটো সম্পূৰ্ণ গ্ৰীণফিল্ড সংহত শোধনাগাৰ-পেট্ৰ’কেমিকেল কমপ্লেক্স। ইয়াত পেট্ৰ’ল, ডিজেল, বিমান ইন্ধনকে ধৰি বিভিন্ন পেট্ৰ’কেমিকেল সামগ্ৰী উৎপাদন হোৱাৰ কথা আছিল।

আশা কৰা হৈছিল যে এই প্ৰকল্প সম্পূৰ্ণ হ’লে ৰাজস্থানৰ অৰ্থনীতিয়ে এক নতুন গতি লাভ কৰিব। হাজাৰ হাজাৰ নিয়োগৰ সুযোগ সৃষ্টি হ’লহেঁতেন৷ স্থানীয় বাসিন্দাসকলে দীৰ্ঘদিন ধৰি এই প্ৰকল্পৰ সুফলৰ বাবে অপেক্ষা কৰি আছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আপোনাৰ ওঁঠৰ ৰং সলনি হৈছে নেকি? সাৱধান! ই হ’ব পাৰে কোনো গুৰুতৰ ৰোগৰ লক্ষণ

আপোনাৰ ওঁঠৰ ৰং সলনি হৈছে নেকি? সাৱধান! ই হ’ব পাৰে কোনো গুৰুতৰ ৰোগৰ লক্ষণ

September 23, 2026 7:49 am
বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 22, 2026 9:47 pm
আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

September 22, 2026 7:46 pm
৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

September 22, 2026 7:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আপোনাৰ ওঁঠৰ ৰং সলনি হৈছে নেকি? সাৱধান! ই হ’ব পাৰে কোনো গুৰুতৰ ৰোগৰ লক্ষণ

আপোনাৰ ওঁঠৰ ৰং সলনি হৈছে নেকি? সাৱধান! ই হ’ব পাৰে কোনো গুৰুতৰ ৰোগৰ লক্ষণ

September 23, 2026 7:49 am
বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 22, 2026 9:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd