• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘তেওঁলোকৰ পৰা শিকিবলগীয়া আছে’, অসম-পশ্চিমবংগত গেৰুৱা ধুমুহাৰ পিছত কিয় এনেদৰে ক’লে শশী থাৰুৰে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 10:25 am
101
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তীক্ষ্ণ বুদ্ধি আৰু ইংৰাজী শব্দৰ উৎকৃষ্ট ব্যৱহাৰৰ বাবে ভাৰতীয় ৰাজনীতিত তেওঁ পৰিচিত। কংগ্ৰেছৰ সাংসদ শশী থাৰুৰে এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক অভূতপূৰ্ব প্ৰশংসা কৰিছে।

অসম আৰু পশ্চিমবংগত বিজেপিৰ বিপুল সফলতাৰ পৰিপ্ৰেক্ষিতত থাৰুৰে এতিয়া মুকলিকৈ স্বীকাৰ কৰিছে যে মোডী-শ্বাহৰ যুটিটো নিৰ্বাচনী যুঁজত অতি দক্ষ আৰু পেছাদাৰী।

Apply Now

সোমবাৰে সৰ্বভাৰতীয় সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত থাৰুৰে কয়, “প্ৰধানমন্ত্ৰী মোডী আৰু অমিত শ্বাহে অসম আৰু পশ্চিমবংগত অতি ভাল কাম কৰিছে। ইয়াৰ কাৰণৰ এটা অংশ হ’ল তেওঁলোক নিৰ্বাচন পৰিচালনা কৰাত অতি পাকৈত। তেওঁলোক অতি পেছাদাৰী আৰু তেওঁলোকৰ সাংগঠনিক শক্তিও আকৰ্ষণীয়।”

থাৰুৰৰ মতে বিজেপিয়ে যি ধনবল আৰু জনশক্তিৰে প্ৰচাৰৰ আয়োজন কৰে সেয়া অতি নিখুঁত।

তিৰুৱনন্তপুৰমৰ সাংসদগৰাকীয়েও বিশ্বাস কৰে যে বিজেপিৰ নির্বাচনী ক্ষেত্রত অশ্বমেধৰ ঘোঁৰাৰ দৌৰৰ পৰা বিৰোধীয়ে বহুখিনি শিকিবলগীয়া আছে৷ তেওঁ কয় যে বিজেপিৰ এই পৰিকল্পনা আৰু প্ৰচাৰ পৰিচালনাৰ পৰা আমি সকলোৱে কিবা এটা শিকিবলগীয়া আছে। অৱশ্যে প্ৰশংসাৰ লগতে তেওঁ এটা সতৰ্কবাণীও দিয়ে।

থাৰুৰৰ ভাষাত “মই মাথোঁ আশা কৰিছো যে তেওঁলোকৰ (বিজেপি) বিজয়ৰ বাৰ্তাই যেন দেশবাসীক একত্ৰিত কৰে, বিভাজন নকৰে।”

আনহাতে, থাৰুৰেও নিজৰ ৰাজ্য কেৰালাৰ ফলাফলৰ বিষয়ে মুকলিকৈ ক’লে। তাত কংগ্ৰেছ নেতৃত্বাধীন ইউডিএফে বাওঁ মৰ্চাৰ (এল ডি এফ)ক স্থানচ্যুত কৰি যাদুকৰী সংখ্যা অতিক্ৰম কৰিছে। থাৰুৰে অনুভৱ কৰে যে বাওঁপন্থী শাসনৰ এটা দশকৰ পাছত মানুহে পৰিৱৰ্তনৰ দাবী জনাইছে। অৱশ্যে কেইবাজনো হেভিৱেট নেতা পিছ পৰি থকাৰ বাবে তেওঁ অলপ সতৰ্ক।

কেৰেলাৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ’ব সেই প্ৰশ্নৰ উত্তৰত থাৰুৰে কয় যে ফলাফল চূড়ান্ত হোৱাৰ পিছত নৱনিৰ্বাচিত বিধায়কসকলৰ সৈতে আলোচনা কৰি দলৰ শীৰ্ষ নেতৃত্বই সামূহিকভাৱে সিদ্ধান্ত ল’ব।

শশী থাৰুৰ সাধাৰণতে ৰাষ্ট্ৰীয় ৰাজনীতিত মোডী চৰকাৰৰ কঠোৰ সমালোচক হিচাপে পৰিচিত। কিন্তু ২০২৬ চনৰ বৃহৎ নিৰ্বাচনী ফলাফলৰ পিছত মোডী-শ্বাহৰ ‘নিৰ্বাচন ব্যৱস্থাপনা’ৰ প্ৰতি তেওঁৰ অকপট প্ৰশংসাই ৰাজনৈতিক মহলত এক নতুন চৰ্চাৰ সূত্ৰপাত কৰিছে। বহুতে বিশ্বাস কৰে যে বিজেপিৰ অদম্য অপপ্ৰচাৰ যন্ত্ৰৰ শক্তিক এতিয়া কংগ্ৰেছৰ ভিতৰতো স্বীকৃতি দিয়া হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বৃহৎ সফলতাৰ দিশে কৃষকৰ প্ৰতিষ্ঠান কৃভকো : ৪৬ সংখ্যক সাধাৰণ সভাত ৮২৪ কোটি টকা লাভৰ ঘোষণা

বৃহৎ সফলতাৰ দিশে কৃষকৰ প্ৰতিষ্ঠান কৃভকো : ৪৬ সংখ্যক সাধাৰণ সভাত ৮২৪ কোটি টকা লাভৰ ঘোষণা

September 25, 2026 6:23 pm
নিৰ্বাচনত অংশ লৈ জালিয়াতিক বৈধতা নিদিব : বিৰোধীক নিৰ্বাচন বৰ্জনৰ আহ্বান চিজেপিৰ

নিৰ্বাচনত অংশ লৈ জালিয়াতিক বৈধতা নিদিব : বিৰোধীক নিৰ্বাচন বৰ্জনৰ আহ্বান চিজেপিৰ

September 25, 2026 4:35 pm
অসমত এতিয়াৰে পৰা চৰকাৰী পঞ্জীয়কেহে কৰিব পাৰিব মুছলমান বিবাহৰ পঞ্জীয়ন! নতুন নিয়মৱলীত অনুমোদন ৰাজ্যিক কেবিনেটৰ

অসমত এতিয়াৰে পৰা চৰকাৰী পঞ্জীয়কেহে কৰিব পাৰিব মুছলমান বিবাহৰ পঞ্জীয়ন! নতুন নিয়মৱলীত অনুমোদন ৰাজ্যিক কেবিনেটৰ

September 25, 2026 2:57 pm
জম্মু-কাশ্মীৰত সন্মানীয় ‘ডুগৰ দা সন্মান’ লাভ বিশিষ্ট মানৱাধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াৰ

জম্মু-কাশ্মীৰত সন্মানীয় ‘ডুগৰ দা সন্মান’ লাভ বিশিষ্ট মানৱাধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াৰ

September 25, 2026 2:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বৃহৎ সফলতাৰ দিশে কৃষকৰ প্ৰতিষ্ঠান কৃভকো : ৪৬ সংখ্যক সাধাৰণ সভাত ৮২৪ কোটি টকা লাভৰ ঘোষণা

বৃহৎ সফলতাৰ দিশে কৃষকৰ প্ৰতিষ্ঠান কৃভকো : ৪৬ সংখ্যক সাধাৰণ সভাত ৮২৪ কোটি টকা লাভৰ ঘোষণা

September 25, 2026 6:23 pm
নিৰ্বাচনত অংশ লৈ জালিয়াতিক বৈধতা নিদিব : বিৰোধীক নিৰ্বাচন বৰ্জনৰ আহ্বান চিজেপিৰ

নিৰ্বাচনত অংশ লৈ জালিয়াতিক বৈধতা নিদিব : বিৰোধীক নিৰ্বাচন বৰ্জনৰ আহ্বান চিজেপিৰ

September 25, 2026 4:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd