• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

দেশৰ ৯৮ হাজাৰ বিদ্যালয়ত নাই মহিলাৰ শৌচাগাৰ, ১ .১৯ লাখ বিদ্যালয়ত নাই বিদ্যুৎ সংযোগ : নীতি আয়োগৰ প্ৰতিবেদনত ভয়ংকৰ তথ্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 8, 2026 6:45 pm
135
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰ্তমান সময়ত এফালে যদি আত্মনিৰ্ভৰ ভাৰতৰ অধীনত দেশত অত্যাধুনিক যুদ্ধাস্ত্ৰ নিৰ্মাণ কৰা হৈছে, আনফালে দেশৰ শিক্ষা ব্যৱস্থাৰ এক পুতৌলগা ছবি পোহৰলৈ আহিছে। কেন্দ্ৰীয় চৰকাৰৰে এক ৰিপৰ্ট অনুসৰি দেশৰ হাজাৰ হাজাৰ চৰকাৰী স্কুলত এতিয়াও নূন্যতম সেৱাখিনিও উপলব্ধ হোৱা নাই। বহু স্কুলত নাই শৌচালয়, পানী বা বিদ্যুৎ সংযোগ। আনকি বহু স্কুলত পাঠদান কৰিবলৈ এজনো শিক্ষক নাই, আকৌ কোনো কোনো স্কুলত শিক্ষক থাকিলেও নাই এজনো ছাত্ৰ-ছাত্ৰী। শেহতীয়াকৈ নীতি আয়োগে প্ৰকাশ কৰা স্কুল এডুকেচন চিষ্টেম ইন ইণ্ডিয়া শীৰ্ষক ৰিপৰ্টত এই ভয়ংকৰ তথ্যবোৰ দাঙি ধৰা হৈছে।

নীতি আয়োগৰ এই ৰিপৰ্টত দেখা গৈছে যে দেশৰ প্ৰায় ৯৮৫৯২ খন স্কুলত ছাত্ৰীসকলৰ বাবে কোনো সুকীয়া শৌচাগাৰৰ ব্যৱস্থা নাই। ইয়াৰ উপৰিও ৬১৫৪০ খন স্কুলৰ শৌচাগাৰ ব্যৱহাৰ কৰিব নোৱাৰা অৱস্থাত আছে। দেশৰ প্ৰায় ১.১৯ লাখ স্কুলত আজিও বিদ্যুৎ সংযোগ গৈ পোৱা নাই। প্ৰায় ৬০ হাজাৰ স্কুলত হাত ধোৱাৰ পৰিৱেশ নাই আৰু ১৪ হাজাৰ স্কুলত বিশুদ্ধ খোৱা পানীৰ কোনো সংযোগ নাই। বিজ্ঞান শিক্ষাৰ বাবে প্ৰয়োজনীয় গৱেষণাগাৰ বা লেবৰেটৰীৰ সুবিধা আধাতকৈ বেছি চৰকাৰী স্কুলত দেখিবলৈ পোৱা নাযায়। অৱশ্যে যোৱা কেইবছৰমানত বিদ্যুৎ যোগানৰ ক্ষেত্ৰত কিছু পৰিমাণে উন্নতি হৈছে। এসময়ত দেশৰ মাত্ৰ ৫৫ শতাংশ স্কুলত বিদ্যুৎ আছিল যদিও বৰ্তমান সেয়া ৯১.৯ শতাংশলৈ বৃদ্ধি পাইছে।

Apply Now

শিক্ষকৰ অভাৱ দেশৰ শিক্ষা খণ্ডৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান হৈ থিয় দিছে। ৰিপৰ্ট অনুসৰি দেশৰ ১,০৪,১২৫ খন স্কুলত মাত্ৰ এজনহে শিক্ষক আছে আৰু এই স্কুলসমূহৰ ৮৯ শতাংশই গ্ৰামাঞ্চলত অৱস্থিত। বিশেষকৈ বিহাৰ, ঝাড়খণ্ড আৰু মধ্য প্ৰদেশত শিক্ষকৰ পদ আটাইতকৈ বেছি খালি হৈ আছে। বিহাৰত ২,০৮,৭৮৪ টা, ঝাড়খণ্ডত ৮০,৩৪১ টা আৰু মধ্য প্ৰদেশত ৪৭,১২২ টা শিক্ষকৰ পদ খালি হৈ পৰি আছে। ইয়াৰ বিপৰীতে দেশত ৭৯৯৩ খন এনেকুৱা স্কুল আছে য’ত এজনো ছাত্ৰ-ছাত্ৰী নাই। পশ্চিম বংগত এনে স্কুলৰ সংখ্যা ৩৮১২ খন আৰু তেলেংগানাত ২২৪৫ খন।

স্কুল আধাতে এৰি দিয়া ছাত্ৰ-ছাত্ৰীৰ সংখ্যাইও চৰকাৰক চিন্তাত পেলাইছে। মাধ্যমিক স্তৰত দেশত স্কুল ছুটৰ হাৰ ১১.৫ শতাংশ যদিও পশ্চিম বংগত এই হাৰ ২০ শতাংশ অতিক্ৰম কৰিছে। অসম, কৰ্ণাটক আৰু অৰুণাচল প্ৰদেশতো বহু ছাত্ৰ-ছাত্ৰীয়ে আধাতে স্কুল এৰিছে। উত্তৰ প্ৰদেশ আৰু বিহাৰতো এই সমস্যা দিনক দিনে বাঢ়িছে। নীতি আয়োগৰ এই ৰিপৰ্টত কোৱা হৈছে যে ভাৰতে ইয়াৰ মুঠ ৰাষ্ট্ৰীয় উৎপাদনৰ মাত্ৰ ৪.৬ শতাংশহে শিক্ষাৰ নামত খৰচ কৰে। অথচ ব্ৰিটেইন, আমেৰিকা আৰু ফ্ৰান্সৰ দৰে উন্নত দেশসমূহে শিক্ষাক্ষেত্ৰত ভাৰততকৈ বহু বেছি পৰিমাণৰ ধন বিনিয়োগ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

July 27, 2026 7:20 am
প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

July 26, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

July 27, 2026 7:20 am
প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd