• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

দিল্লীত মণিপুৰী সংগীত শিল্পীক প্ৰহাৰ কৰি হত্যা; স্মৃতিচাৰণ সভাত ক্ষোভ উজাৰিলে ৰাহুল গান্ধীয়ে!

ৰাহুলে কয়, ‘এজন যুৱকক হত্যা কৰা হৈছে - এয়া এক ভয়ংকৰ ট্ৰেজেডী। একে সময়তে মণিপুৰৰ জনসাধাৰণৰ বাবেও ই এক ট্ৰেজেডী।'

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
September 11, 2026 10:31 am
8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পী চাংথাম বিক্ৰম সিঙৰ স্মৃতিচাৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে। বৃহস্পতিবাৰে নতুন দিল্লীৰ ড০ আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰত আয়োজন কৰা স্মৃতিচাৰণ সভাত বিক্ৰমৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি ন্যায়ৰ দাবী জনায়।

এই ঘটনাত ঈৰ্ষা, ঘৃণা আৰু অহংকাৰ প্ৰকাশ পোৱা বুলিও অভিযোগ কৰে ৰাহুলে।  তেওঁ লগতে মন্তব্য কৰে যে ক্ষমতা থাকিলেই হিংসাত্মক আচৰণ কৰিব পাৰে বুলি যি মানসিকতা সেয়া বিপজ্জনক।

ৰাহুলে কয়, ‘এজন যুৱকক হত্যা কৰা হৈছে – এয়া এক ভয়ংকৰ ট্ৰেজেডী। একে সময়তে মণিপুৰৰ জনসাধাৰণৰ বাবেও ই এক ট্ৰেজেডী।’ তেওঁৰ ভাষাত যোৱা কেইবছৰমানৰ পৰা মণিপুৰৰ জনসাধাৰণে বাৰে বাৰে ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছে৷ সেই পৰিস্থিতিত এজন মহান প্ৰতিভাক হেৰুওৱাটো আৰু বেছি কষ্টদায়ক।

Apply Now

বিক্ৰমৰ কথা উল্লেখ কৰি ৰাহুলে কয় যে তেওঁৰ পুত্ৰই আৰু কেতিয়াও পিতৃক দেখা নাপাব, পিতৃ-মাতৃয়ে আৰু কেতিয়াও তেওঁলোকৰ সন্তানক ঘূৰাই নাপাব। এই ঘটনাত ‘হিংসা, ঘৃণা আৰু অহংকাৰ’ নিহিত আছিল বুলিও ৰাহুলে মন্তব্য কৰে।

ৰাহুলে কয় যে আজিকালি এনে এটা প্ৰৱণতাৰ সৃষ্টি হৈছে য’ত বিশ্বাস কৰা হয় যে যিসকল শক্তিশালী তেওঁলোকেহে হিংসাত্মক আচৰণ বা অহংকাৰ দেখুৱাব পাৰে। কিন্তু এনে পৰিস্থিতিৰ প্ৰতি কেতিয়াও খঙেৰে প্ৰত্যুত্তৰ দিয়া উচিত নহয়।

বিক্ৰমক প্ৰেম, স্নেহ আৰু প্ৰতিভাৰে ভৰা জীৱনৰ প্ৰতীক বুলি উল্লেখ কৰি ৰাহুলে কয় যে তেওঁক লৈ তেওঁলোক অতি গৌৰৱান্বিত। বিক্ৰমৰ পৰিয়ালৰ কাষত থিয় দিব বুলি আশ্বাস দি তেওঁ কয়, “আমি ন্যায় বিচাৰো। আমি ন্যায় পাম আৰু হিংসাৰ আগত ভয় বা নতিস্বীকাৰ নকৰো।”

কংগ্ৰেছে দাবী কৰিছে যে কেৱল ঘৰৰ সন্মুখত কোলাহল কমাবলৈ অনুৰোধ কৰাৰ বাবেই বিক্ৰমক নিৰ্মমভাৱে প্ৰহাৰ কৰি হত্যা কৰা হৈছিল। তেওঁৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জনাই ৰাহুলে পৰিয়ালৰ কাষত থিয় দিয়াৰ বাৰ্তাও আগবঢ়ায়।

মণিপুৰৰ সংগীত শিল্পী চাংথাম বিক্ৰম সিং (৫৪)ক দেওবাৰে নিশা দিল্লীত আক্ৰমণ কৰা হৈছিল। প্ৰহাৰত তেওঁ গুৰুতৰভাৱে আহত হয়। পিছত সোমবাৰে চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা সংগীতজ্ঞজনৰ মৃত্যু হয়।

২০০৪ চনত দিল্লীলৈ গুচি আহিছিল বিক্ৰম। তেওঁ আগতে সংগীতৰ অনুশীলন কৰিছিল আৰু প্ৰশিক্ষণ দিছিল। তেওঁ আল্ট্ৰা ভাইৰিজ, ফিনিক্স আৰু ইষ্টাৰ্ণ ডাৰ্ক নামৰ বেণ্ডৰ সৈতে কাম কৰিছিল।

বিক্ৰমক প্ৰহাৰ কৰি হত্যা কৰাৰ ঘটনা পোহৰলৈ অহাৰ পিছতে দিল্লীৰ আইন-শৃংখলাৰ পৰিস্থিতিৰ অৱনতি ঘটাৰ অভিযোগ উত্থাপন কৰি বিজেপি চৰকাৰক আক্ৰমণ কৰে ৰাহুল গান্ধী-মল্লিকাৰ্জুন খৰ্গেকে ধৰি নেতাসকলে।

খাৰ্গেই অভিযোগ কৰে যে উত্তৰ-পূব ভাৰতৰ লোকৰ বিৰুদ্ধে বৈষম্য কৰা হৈছে। তেওঁ ছ’চিয়েল মিডিয়াত লিখিছে, ‘মোডী চৰকাৰৰ অযোগ্যতাৰ বাবে মণিপুৰৰ জনসাধাৰণে নিজৰ ৰাজ্য আৰু ৰাজ্যৰ বাহিৰতো-সকলোতে দুৰ্ভোগ ভূগিবলগীয়া হৈছে।’

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

September 11, 2026 11:32 am
দিল্লীত মণিপুৰী সংগীত শিল্পীক প্ৰহাৰ কৰি হত্যা; স্মৃতিচাৰণ সভাত ক্ষোভ উজাৰিলে ৰাহুল গান্ধীয়ে!

দিল্লীত মণিপুৰী সংগীত শিল্পীক প্ৰহাৰ কৰি হত্যা; স্মৃতিচাৰণ সভাত ক্ষোভ উজাৰিলে ৰাহুল গান্ধীয়ে!

September 11, 2026 10:31 am
ব্ৰিকছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ভাৰতত উপস্থিত পুটিন; চৰ্চাত মোডীৰ সৈতে দ্বিপাক্ষিক বৈঠক

ব্ৰিকছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ভাৰতত উপস্থিত পুটিন; চৰ্চাত মোডীৰ সৈতে দ্বিপাক্ষিক বৈঠক

September 11, 2026 9:34 am
পাৰমাণৱিক অস্ত্ৰতকৈও ডাঙৰ ভাবুকি এআই! পদত্যাগ কৰিয়েই বিস্ফোৰণ এন্থ্ৰ’পিকৰ প্ৰাক্তন গৱেষকৰ

পাৰমাণৱিক অস্ত্ৰতকৈও ডাঙৰ ভাবুকি এআই! পদত্যাগ কৰিয়েই বিস্ফোৰণ এন্থ্ৰ’পিকৰ প্ৰাক্তন গৱেষকৰ

September 11, 2026 8:25 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

September 11, 2026 11:32 am
দিল্লীত মণিপুৰী সংগীত শিল্পীক প্ৰহাৰ কৰি হত্যা; স্মৃতিচাৰণ সভাত ক্ষোভ উজাৰিলে ৰাহুল গান্ধীয়ে!

দিল্লীত মণিপুৰী সংগীত শিল্পীক প্ৰহাৰ কৰি হত্যা; স্মৃতিচাৰণ সভাত ক্ষোভ উজাৰিলে ৰাহুল গান্ধীয়ে!

September 11, 2026 10:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd