শেহতীয়াকৈ সমগ্ৰ দেশতে পেট্রল আৰু ডিজেলৰ দাম লিটাৰত ৩ টকাকৈ বৃদ্ধি পোৱাৰ পাছতে এটা পুৰণি বিতৰ্কই পুনৰ গা কৰি উঠিছে। ১৫ মেৰ হিচাপ অনুসৰি দিল্লীত এক লিটাৰ পেট্রলৰ দাম য’ত ৯৭.৭৭ টকা হৈ আছে তাৰ বিপৰীতে একেই তেলৰ বাবে অসমৰ মানুহে ভৰিব লগীয়া হৈছে ১০১ টকা।
ভাৰতে কেন্দ্রীয়ভাৱে বিদেশৰ পৰা খাৰুৱা তেল আমদানি কৰে আৰু সকলো চহৰতে ইয়াৰ গুণগত মান একেই থাকে। তেন্তে অসম, পশ্চিমবংগ বা মুম্বাইৰ মানুহে দিল্লীতকৈ ইমান বেছি দাম কিয় দিব লাগে সেই প্রশ্নটো এতিয়া বহুতৰে মনলৈ আহিছে। ইয়াৰ আচল উত্তৰটো লুকাই আছে আমাৰ দেশৰ কৰ ব্যৱস্থাৰ মাজত।
পেট্রল বা ডিজেলৰ খুচুৰা মূল্য নিৰ্ধাৰণৰ ক্ষেত্রত কেইবাটাও স্তৰ থাকে। তেলৰ আচল দামৰ সৈতে পৰিবহণ খৰচ, ডিলাৰৰ কমিশন আৰু কেন্দ্ৰীয় চৰকাৰৰ আবকাৰী শুল্ক যোগ কৰা হয়। এইখিনিলৈকে দেশৰ সকলো চহৰতে তেলৰ দাম প্ৰায় একেই থাকে। কিন্তু খেলখন সলনি হয় যেতিয়া ইয়াৰ লগত ৰাজ্য চৰকাৰৰ ভেট বা মূল্য সংযোজিত কৰ যোগ কৰা হয়। ইন্ধনজাত সামগ্ৰীসমূহ এতিয়াও জিএছটিৰ আওতাত অহা নাই। সেইবাবেই প্রতিখন ৰাজ্য চৰকাৰে নিজৰ ইচ্ছা অনুসৰি ইয়াৰ ওপৰত কৰ আৰোপ কৰিব পাৰে। দিল্লীত ঐতিহাসিকভাৱে ইন্ধনৰ ওপৰত ভেট কমকৈ লোৱা হয় বাবে তাত তেল সস্তা। ইয়াৰ বিপৰীতে অসম, পশ্চিমবঙ্গ বা মহাৰাষ্ট্ৰৰ দৰে ৰাজ্যত ভেট আৰু কৰৰ হাৰ বহুত বেছি। ঠিক এই কাৰণেই শেহতীয়া মূল্য বৃদ্ধিৰ পাছত অসমত তেলৰ দাম ১০১ টকালৈ বৃদ্ধি পাইছে।
বহুতে ভাবিব পাৰে যে তেল শোধনাগাৰৰ পৰা পাম্পলৈ তেল নিওঁতে হোৱা পৰিবহণ খৰচৰ বাবে চাগে এই পাৰ্থক্য হয়। কথাটো কিছু পৰিমাণে সঁচা হ’লেও ৰাজ্যিক কৰৰ তুলনাত এই খৰচ তেনেই সামান্য। উদাহৰণস্বৰূপে মুম্বাইত নিজাকৈ শোধনাগাৰ থকাৰ পাছতো তাত দিল্লীতকৈ তেলৰ দাম বহুত বেছি। আকৌ প’ৰ্ট ব্লেয়াৰৰ দৰে দুৰ্গম ঠাইত ভেট কম হোৱাৰ বাবে তাত তেলৰ দাম দেশৰ মূল ভূখণ্ডতকৈ বহু সময়ত কম। ইয়াৰ উপৰিও বিশ্ব বজাৰত আমেৰিকা আৰু ইৰানৰ মাজত চলি থকা উত্তেজনাৰ বাবে ব্ৰেন্ট ক্ৰুডৰ দাম বৃদ্ধি পোৱাৰ প্ৰভাৱো আমাৰ দেশত পৰে কাৰণ ভাৰতে নিজৰ প্ৰয়োজনৰ ৮০ শতাংশতকৈও অধিক তেল বিদেশৰ পৰা কিনিব লাগে। কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে অৱশ্যে দেশত তেলৰ নাটনি নহয় বুলি আশ্বাস দিছে যদিও ২০২২ চনৰ পাছত এয়াই আটাইতকৈ ডাঙৰ মূল্য বৃদ্ধি বুলি ধৰা হৈছে।
এতিয়া প্ৰশ্ন হয় যে সকলো চহৰতে তেলৰ দাম কিয় একে কৰিব পৰা নাযায়। বহু অৰ্থনীতিবিদে ইন্ধনক জিএছটিৰ অধীনলৈ আনিবলৈ পৰামৰ্শ দি আহিছে যদিও ৰাজ্য চৰকাৰবোৰ ইয়াৰ বাবে সাজু নহয়। পেট্রল আৰু ডিজেলৰ পৰা পোৱা ভেট ৰাজ্য চৰকাৰসমূহৰ উপাৰ্জনৰ অন্যতম প্ৰধান উৎস। ৰাস্তা-ঘাট নিৰ্মাণৰ পৰা আৰম্ভ কৰি বিভিন্ন উন্নয়নমূলক আঁচনিৰ খৰচ এই কৰৰ পৰাই আহে। যদি ইন্ধন জিএছটিৰ আওতাত আহে তেন্তে ৰাজ্য চৰকাৰসমূহে এই কৰ লগোৱাৰ ক্ষমতা হেৰুৱাই পেলাব। সেয়েহে যেতিয়ালৈকে কেন্দ্ৰ আৰু ৰাজ্য এই বিষয়ত একমত নহয় তেতিয়ালৈকে ভাৰতৰ মানচিত্ৰত সীমা সলনি হ’লেই তেলৰ দামো সলনি হৈ থাকিব। আৰু অসমৰ দৰে ৰাজ্যৰ মানুহে দিল্লীতকৈ টকা বেছিকৈ দি তেল কিনিবলৈ বাধ্য হ’ব।





