• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কাজিৰঙাৰ আত্মাক হত্যাৰ ষড়যন্ত্ৰ নেকি? কৰ্পোৰেটৰ আগ্ৰাসনত নিজ মাতৃভূমিতে অস্তিত্বৰ সংকটত থলুৱা

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 13, 2026 3:37 pm
9
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কিশোৰ কুমাৰ কলিতা, মহেশ ডেকা

“অসমত অসমীয়াৰ আজি আছে কি? কি সম্পদৰ স্বৰ্ণভাণ্ডাৰ আগত লৈ নিৰুদ্বেগে আজি আমি বহি আছো? অসমত অসমীয়াৰ লোকসংখ্যা বাঢ়িছে মাত্ৰ শতকৰা ১৪ জন, কিন্তু বিদেশীৰ সংখ্যা বাঢ়িছে উঠি অহা বানপানীৰ দৰে শতকৰা ৩০ জন। অসমৰ মাটিৰ ৮ ভাগৰ ৫ ভাগ বিদেশীৰ অধিকাৰত। অসমত বেহা-বেপাৰৰ শতকৰা ৯৮ ভাগ আন লোকৰ। অসমীয়াৰ ঘৰুৱা শিল্পবিলাক তল পেলাই দৈনিক ব্যৱহাৰিক বস্তুবিলাকৰ শতকৰা ৯৫ ভাগ আহে বাহিৰৰ পৰা – অসমত উৎপন্ন হোৱা সম্পদৰ শতকৰা ৮৫ ভাগ কৰে বাহিৰুৱা লোকে, – অসম গৱৰ্ণমেণ্টৰ আৰু গৱৰ্ণমেণ্টৰ সংশ্ৰৱ থকা সকলো বিভাগৰ চাকৰিৰ শতকৰা ৮০ ভাগ আৰু ঠিকা আদি লাভজনক ব্যৱসায়ৰ শতকৰা ৯০ ভাগ লাভ কৰে বিদেশী লোকে, অসমীয়াৰ জাতীয় জীৱনৰ শতকৰা ৮৫ ভাগ পোত গৈছে আজি বিদেশীৰ কৃত্ৰিমতাৰ তলত; অথচ জাতিৰ এই অৱস্থা হৃদয়ঙ্গম কৰি দিগ্বীজয়ী বীৰৰ দৰে অদম্য উন্মাদনাৰে কৰ্মক্ষেত্ৰত সোমাবলৈ সাজু হৈ ওলাই অহা অসমীয়া নাই আজি শতকৰা এজনো…আজি অসমীয়াৰ মাত্ৰ এজনেই ৰজা নহয় – একছত্ৰাধিপতি ইংৰাজ গৱৰ্ণমেণ্টৰ বাহিৰেও ভাৰতৰ আন প্ৰদেশৰ লোকসকলেও দল বান্ধি বান্ধি পৰস্পৰৰ সহযোগত অসমীয়াক শাসন কৰিছে।”

Apply Now

 

আজিৰপৰা নব্বৈ বছৰ আগতে অম্বিকাগিৰী ৰায় চৌধুৰীৰ সম্পাদনাত প্ৰকাশ পোৱা ‘ডেকা অসম’ৰ প্ৰথম বছৰ ১৭ শ সংখ্যাত ‘অসমীয়া জাতিৰ সংগঠনলৈ আহ্বান’ শীৰ্ষক লেখাটোত অসমীয়া মানুহৰ পৰাধীনতা উল্লিখিত ধৰণে দাঙি ধৰা হৈছিল। সন্দেহ নাই-মানৱ অসম আক্ৰমণৰ সুযোগত ব্ৰিটিছে অসম দখল কৰা ৰাজনৈতিক তথা প্ৰশাসনিক প্ৰক্ৰিয়াটোৰ জৰিয়তে এই পৰাধীনতাৰ সূত্ৰপাত ঘটিছিল। বৰ্তমান অসমৰ পাৰিবেষিক তথা পাৰিপাৰ্শ্বিক ধ্বংসযজ্ঞৰো আৰম্ভণ ঘটিছিল এই ঔপনিবেশিক আগ্ৰাসনৰ পাছৰ পৰাই। তদানীন্তন অসমৰ বৃহত্তৰ ভূ-খণ্ডৰ আঠভাগৰ সাত শতাংশ হাবি-জংঘলৰে পৰিপূৰ্ণ হৈ থকাৰ পাছত, অসমৰ থলুৱা মানুহে প্ৰকৃতিৰ মাজত থাকি, প্ৰকৃতি নিৰ্ভৰশীল এটা জীৱন অতিবাহিত কৰা পাৰস্পৰিক জীৱন ধাৰাটোৰ ওপৰতো মোক্ষম আঘাট হানিছিল ঔপনিবেশিক ব্ৰিটিছ প্রশাসনে। কেৱল ৰাজহ সংগ্ৰহৰ স্বাৰ্থত বৃহৎ বনাঞ্চল কাটি খাংতাং কৰি বহিৰাগত কৃষকক সংস্থাপন দিয়া আৰু বিশ্বৰ চাহ বাণিজ্যত বৃটিছ আধিপত্য স্থাপন কৰাৰ বাবে চাহ বাগান প্ৰতিষ্ঠা কৰা- এই দুই প্ৰকৃতি বিধ্বংসী কাৰ্যৰ বাবেই অসমৰ থলুৱা লোকসকল জীৱন-জীৱিকাৰ দিশৰপৰা সৰ্বস্বান্ত হৈ পৰমুখাপেক্ষী হৈ পৰিবলৈ ধৰিলে। যদিহে অসম তথা বৰ্তমানৰ উত্তৰ-পূৰ্বাঞ্চললৈ ব্ৰিটিছ সাম্ৰাজ্য সম্প্ৰসাৰিত নহ’লহেঁতেন তেন্তে অসমৰ থলুৱা মানুহে বন-বননিৰ সৈতে সহৱস্থান কৰি পাৰস্পৰিক জীৱন নিৰ্বাহ কৰি থকা প্ৰক্ৰিয়াটোত এক ঐতিহাসিক যতি নপৰিলেহেঁতেন নেকি! সৰ্বোপৰি সমগ্ৰ বিশ্বৰ ভিতৰতে পাৰিবেশিকভাৱে এক সংবেদনশীল এলেকাত যদি ব্ৰিটিছ শাসনৰ আগমন নঘটিলহেঁতেন তেন্তে এই অঞ্চলটোৰ পাৰিপাৰ্শ্ব আৰু জৈৱ বৈচিত্ৰ্য আজিৰ নিচিনাকৈ তচনচ হৈ নগ’লহেঁতেন নেকি!

 

পৰিবেশ ধ্বংসৰ আৰম্ভণি পৰ্ব :

আমি মনত ৰখাটো জৰুৰী যে সুসভ্য বুলি নিজৰ পৰিচিত দাম্ভি ধৰা ইংলেণ্ডতে নৱ জাগৰণৰ পাছৰ সময়ছোৱাত মানুহ আৰু প্ৰকৃতিৰ মাজত থকা পাৰস্পৰিক সহৱস্থানৰ সম্পৰ্কটোক ধ্বংস কৰি দিয়া হৈছিল আৰু ১৮৬০ চনলৈ ইংলেণ্ড হৈ পৰিছিল পৃথিৱীৰ নিৰ্বনানীকৰণৰ চৰ্দাৰ। নিজ দেশৰ গছ-বন উদ্যোগীকৰণৰ নামত কাটি খাংতাং কৰাৰ পাছত ব্ৰিটিছৰ চকু পৰিছিল আয়াৰলেণ্ড, দক্ষিণ আফ্রিকা, আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্তৰ-পূব সীমান্ত আৰু ভাৰতৰ নিচিনা দেশৰ বননিৰ ওপৰত। পানী জাহাজ নিৰ্মাণ, লো প্ৰগলিত কৰা (smelting) আৰু কৃষি কাৰ্যৰ বাবে ব্ৰিটিছে সমগ্ৰ পৃথিৱীতে নিৰ্বনানীকৰণৰ নেতৃত্ব লৈছিল আৰু বিশেষকৈ অসমৰ নিচিনা প্ৰান্তীয় প্ৰদেশৰ সাধাৰণ জনগগণৰ প্ৰতিৰোধহীনতাৰ সুযোগ লৈ অঞ্চলটোৰ গছ-গছনি, জীৱ-জন্তুৰ বাসস্থলী অৱৰ্ণনীয় হাতত ধ্বংস কৰি কেৱল ৰাজহ সংগ্ৰহত মনোনিবেশ কৰিছিল। অসম তথা উত্তৰ-পুবৰ পাৰিবেশিক-পাৰিপাৰ্শ্বিক ইতিহাসৰ আটাইতকৈ বিধ্বংসী আৰু অভূতপূৰ্ব নিৰ্বনানীকৰণৰ সেয়াই আছিল আৰম্ভণি। ব্ৰিটিছে দখল লোৱাৰ সময়ত অসমৰ কিমান শতাংশ ভূমি হাবি-জংগলেৰে পৰিপূৰ্ণ আছিল বাৰু? জন এম কোশৰ ১৮৩৭ চনত প্ৰকাশিত ‘Topography of Assam’ শীৰ্ষক গ্ৰন্থখনত অসমৰ সৰ্বমুঠ ভূমিৰ আঠভাগৰ ছয় অংশ বা আঠভাগৰ সাত অংশ জংগলেৰে আৱৰা বুলি উল্লেখ কৰা হৈছে – “…This extensive valley, though some centuries ago richly cultivated by an industrious and enterprising people, is now throughout six-eights or seven-eights of its extent covered with jungle”. গোটেই অঞ্চলটো হাবি-বননিৰে পৰিবেষ্টিত হৈ থকাৰ সুবাদতে ইয়াৰ স্থানীয় মানুহৰ আছিল (যিসকলক কোশে কঠোৰ পৰিশ্ৰমী আৰু উদ্যমী বুলি অভিহিত কৰিছে) এক আৰামদায়ক জীৱন, যি জীৱনত ইয়াৰ আৱাসীসকলে জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় শাক-পাচলি,ফল-মূল, মাছ-কাছ,কাঠ-খৰি আৰু গৃহ নিৰ্মাণৰ সজুঁলি কম আয়াসতে লাভ কৰিছিল চৌপাশৰ হাবি-বননিৰপৰা। ১৮৭৪-৭৫ চনত অসমৰ বন সংৰক্ষক গুষ্টাভ মানে লিখিছিল যে অসমৰ ৰায়ত সকলৰ বাবে কাঠ, খৰি, অন্যান্য বনজ উৎপাদিত সামগ্ৰী তথা চৰণীয়া পথাৰ ইমান বেছি আছিল যে তেওঁলোকে এইবিলাক বিনামূলীয়াভাৱে লাভ কৰিছিল তথা এনে জংঘলত প্ৰৱেশৰ বাবে তেওঁলোকক কোনো ধৰণৰ অনুমতিৰো প্ৰয়োজন নাছিল – “As regards the supply of timbers, wood and other forest produce, as well as grazing grounds for ryots – these are so abundant that they are granted free and without the necessity of permitting access to the reserves.” অৰ্থাৎ নিজ ঘৰৰ বাৰীখনতে সংলগ্ন হৈ আছিল অৰণ্যখন। অসমৰ থলুৱা মানুহে জীৱন নিৰ্বাহৰ প্ৰয়োজনখিনিৰ বাবে সেই অৰণ্যখনৰ সম্পদৰাজি প্ৰকৃতিৰ এক অমল উৎস বুলি বিবেচনা কৰিছিল আৰু বেছিভাগ জনগোষ্ঠীৰ বাবে অৰণ্যখন আছিল জীৱন-জীৱিকা সমৃদ্ধ কৰা এক পবিত্ৰ স্থল। সেই পবিত্ৰতাক কলুষিত কৰি অৰণ্যৰ গছ-গছনি কাটি খাংতাং কৰি, বিনোদনৰ বাবে বনৰীয়া জীৱ-জন্তু চিকাৰ কৰা সমগ্ৰ ধ্বংস যজ্ঞৰ-আৰম্ভণি ঘটালে ব্ৰিটিছ শাসক তথা ব্ৰিটিছ শাসকৰ ৰোকোচাত উঠি অহা বহিৰাগত সকলে।

 

অসমত যেতিয়াৰেপৰা বন বিভাগটো আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হ’ল তেতিয়াৰেপৰা অসমৰ বনাঞ্চলৰ ভূ-সামন্ত হৈ পৰিল এই বন বিভাগ। ১৮৭৪ চনত যেতিয়া অসমৰ বনাঞ্চলক দুটা সংমণ্ডলত বিভক্ত কৰি বন-প্ৰশাসন চলোৱা আৰম্ভ কৰা হৈছিল তাৰ আগলৈকে বনাঞ্চলৰ পৰা ৰাজহ সংগ্ৰহৰ কথাটো ভবা হোৱা নাছিল। সুগন্ধি কাঠ (aloe) হাতী দাঁত, কাঠৰ বাদে বনজ সম্পদৰ বাণিজ্যকীকৰণ এই অঞ্চলত হোৱা নাছিল। ব্ৰিটিছে অসমৰ প্ৰশাসন নিজৰ হাতলৈ নিয়াৰ পাছতে জংঘলৰ কাঠৰ লগতে আন সৰু-সুৰা বনজ উৎপাদন, লা, ৰাবাৰ আদিৰ ওপৰতো কৰ লগাবলৈ আৰম্ভ কৰিলে। বাণিজ্যকীকৰণৰ স্বাৰ্থত অসমৰ ভূগোল আৰু পৰিবেশৰ পৰিপন্থী চেগুন গছ ৰোপন কৰা হ’ল। ব্ৰিটিছে অসমৰ বনাঞ্চলক কৃষিৰ মূল প্ৰতিবন্ধক বুলি বিবেচনা কৰিলে আৰু স্থানীয় কৃষিৰ প্ৰযুক্তিগত উন্নতি সাধাৰ সলনি ব্যাপক পৰিসৰত জংগল কাটি খেতি মাটি মোকলোৱা প্ৰক্ৰিয়া এটা আৰম্ভ কৰিলে। অসমৰ মাটিৰ খেতি কৰাবলৈ ব্ৰিটিছে তেতিয়াৰ পূৰ্ব বংগৰ ঢাকা, মৈমনসিং, চিলেট আদিৰ পৰা লাখ লাখ বহিৰাগত লোকক আদৰি আনিলে। একেদৰে ১৮৩৮ চনত অসমৰ আয়ুক্ত মেজৰ জেনকিনে চাহ খেতি কৰিবলৈ ইউৰোপীয়ান প্লেণ্টাৰসকলক অসমলৈ আমন্ত্ৰণ জনালে। এই দুই প্ৰক্ৰিয়াৰ ফলত কেইটামান দশকৰ ভিতৰতে কামৰূপ, গোৱালপাৰা, দৰং, শিৱসাগৰ আৰু লখিমপুৰ জিলাৰ হাজাৰ-হাজাৰ হেক্টৰ মাটিৰ পৰা গছ-গছনি উচ্ছেদ কৰা হ’ল। অসমৰ থলুৱা মানুহক ব্ৰিটিছ শাসকে দমন কৰি তেওঁলোকৰ বাপতি সাহোন অৰণ্যক এমুৰৰপৰা উছন কৰিলে আৰু ইয়াত পূৰ্ণ সহযোগ আগবঢ়ালে অ-খিলঞ্জীয়া লোকসকলে। অসমৰ থলুৱা লোকসকলে জন্মগতভাৱে লাভ কৰা অৰণ্যৰ অধিকাৰ সমূহ কাঢ়ি লোৱা হ’ল আৰু তাৰ সলনি অৰণ্যৰ কাঠ ব্যৱহাৰৰ বাবে ‘গোৰখাটি’, চৰণীয়া পথাৰ ব্যৱহাৰ কৰাৰ বাবে ‘খুচুৰি’ আৰু ঘাহনি বন-ইকৰা আদি ব্যৱহাৰ বাবে ‘বনকৰ’ শীৰ্ষক কৰ দিব লগাত পৰিল। নিজ গৃহভূমিতে অসমৰ থলুৱা মানুহক বন বিভাগে অৰণ্যখনৰ পৰা খেদি পঠালে আৰু বনজ সম্পদ লুণ্ঠনৰ লগতে অসমৰ অৰণ্য বহিৰাগতসকলৰ বাবে হৈ পৰিল চিকাৰ বিনোদনৰ কেন্দ্ৰভূমি।

 

কাজিৰঙাৰ বিৱৰ্তন :

‘কাৱঙা’ নামৰ এগৰাকী স্থানীয় যুৱতী আৰু কাষৰীয়া কাৰ্বি পাহাৰখনৰ ‘কাজী’ নামৰ যুৱকজনৰ মাজত প্ৰেম হ’ল। সেই সম্পৰ্কক দুয়োঘৰ পৰিয়ালে মানি নল’লে বাবে এদিন প্ৰেমিক যুগল কাষৰ অৰণ্যখনত বিলীন হৈ গ’ল। তেওঁলোকক আৰু কাহানিও দেখা পোৱা নগ’ল আৰু সেই প্ৰেমিক যুগলৰ স্মৃতি সোঁৱৰি স্থানীয় মানুহে অৰণ্যখনৰ নাম দিলে ‘কাজিৰঙা’। কাজিৰঙা নামটোৰ বুৎপত্তিৰ বিষয়ত এই জনশ্ৰুতিটোৰ উদাহৰণ দিয়া হয় যদিও নামটোৰ আৰু কিছু ইতিহাস পোৱা যায়। কাজি শব্দটোৰ কাৰ্বি ভাষাত অৰ্থ হৈছে ছাগলী আৰু ৰঙাই মানে হৈছে ৰঙা। সেই অৰ্থত ৰঙা ছাগলী (হৰিণ) ৰ ভূমি হিচাপেও ‘কাজিৰঙা’ক বুজোৱা হয়।

 

এতিয়া আহিছো বৰ্তমান কাজিৰঙা অভয়াৰণ্যৰ আধুনিক ইতিহাসলৈ। ১৯০৪ চনত ভাৰতবৰ্ষৰ ভাইচৰয় লৰ্ড কাৰ্জনৰ পত্নী মেৰি কাৰ্জন যেতিয়া প্ৰথমবাৰৰ বাবে কাজিৰঙালৈ আহে তেতিয়া তেওঁ অঞ্চলটোত এটাও গড় দেখিবলৈ নাপালে। ইতিমধ্যে অসমৰ এশিঙীয়া গড়ৰ কথা জগতজুৰি বিয়পি গৈছিল বাবে কাজিৰঙাত গড় নেদেখি মেৰি কাৰ্জন হতাশ হৈ পৰিল। কোৱা হয় যে তেতিয়া স্থানীয় পশু বিশেষজ্ঞ বাপিৰাম হাজৰিকাই (নিগনা চিকাৰী) মেৰি কাৰ্জনৰ আগত অঞ্চলটোত চিকাৰীৰ হাতত দ্ৰুত হাতত বন্যপ্ৰাণী নিধন হোৱাৰ বাতৰি সদৰি কৰিলে। তেখেতে শীঘ্ৰে কাজিৰঙাক সংৰক্ষিত বনাঞ্চল কৰাৰ বাবে অনুৰোধ জনালে আৰু তাৰ পাছতে মেৰি কাৰ্জনৰ তৎপৰতাত ১৯০৫ চনৰ ১ জুনত ৫৭,২৭৩.৬ একৰ ভূমিত (২৩১.৭৭৮ বৰ্গ কিলোমিটাৰ) প্ৰস্তাৱিত কাজিৰঙা সংৰক্ষিত বনাঞ্চল অধিসূচিত কৰা হয়।

 

সেই সময়ছোৱাত অসমৰ বিস্তৃত বনভূমিত ব্ৰিটিছ বিষয়া, সেনা, বহিৰাগত চিকাৰী আদিয়ে কেনেভাৰে নিৰ্বিচাৰৰূপত বন্যপ্ৰাণীৰ চিকাৰ কৰিছিল তাৰ দুটামান উদাহৰণ দাঙি ধৰিবলৈ বিচাৰিছো। ১৮৫৫ চনত বেংগল নেটিভ ইনফেণ্ট্ৰি মেজৰ জন বাটলাৰে লিখিছিল যে সেই সময়ত তিনি গৰাকী সৈনিকে লগ হৈ ত্ৰিশটা মহ, বিশটা হৰিণ, এক ডজন গাহৰি, এটা বা দুটা বাঘ আৰু গড় চিকাৰ কৰাতো তেনেই সাধাৰণ কথা আছিল। আনহাতে কেপ্টেইন পোলক নামৰ এগৰাকী ব্ৰিটিছ সামৰিক বিষয়াই লিখিছিল যে প্ৰতিদিনে পুৱাৰ আহাৰ গ্ৰহণৰ আগে-আগে এটা বা দুটা গড় বা মহ হত্যা কৰাটো এক দৈনন্দিন কাম আছিল। ১৯০৫ চনত অসম সচিবালয়ৰ পৰা প্ৰকাশ কৰা ‘Rules for the Regulation of sports in reserved forests’ শীৰ্ষক নিয়মত কি লিখা আছে তালৈ লক্ষ্য কৰক। আসাম ভেলি ডিষ্ট্ৰিক্টৰ কমিছনাৰে অসমৰ মুখ্য আয়ুক্তৰ সচিৱলৈ লিখা এই নিয়মৰ কিয়দংশ এনেধৰণৰ – “The anninal which was formerly common in Assam, has been exterminated except in remote localities at the foot of the Bhutan Hills in Kamrup and Goalpara and in a very narrow tract of country between the Brahmaputra and Mikir Hills in Nowgong and Golaghat where a few individuals still exist. In Kamrup and Goalpara the extinction of an interesting animal has been hastened within the last 5 years by the yearly incursions of large shooting parties from Bengal, which has led to the reckless and indiscriminate destruction of all game. It is inevitable that such parties should include novices who fire at anything that gets up in front of them. In the case of rhinoceros the slaughter of females and immature animals has brought the specios to the verge of extinction. There is, I think, still time to preserve the very few that are left. I understand that the shooting of rhinoceros has been prohibited in Bengal. I would therefore suggest that the destruction of rhinoceros in Assam by shooting or by pitfalls be prohibited until further orders. …..An ordor prohibitig or limiting the destruction of rhinoceros without special permission would, I feel sure, be welcomed by all true lovers of sport and natural history.”

 

গতিকে ব্ৰিটিছে আৰম্ভ কৰা বন ধ্বংস অভিযানৰ ফলত অসমৰ হাবি-জংগল, জীৱ-জন্তু আদি যেতিয়া এফালৰপৰা নিঃশেষ হ’বলৈ ধৰিছিল তেতিয়া সমগ্ৰ পৃথিৱীজুৰি বিকশিত হোৱা পাৰিবেশিক সংৰক্ষণৰ এক অংশ হিচাপে কাজিৰঙাক সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিল। সমগ্ৰ বিশ্বজুৰি গছ-বন কাটি তহলিং কৰা সকলেই আৰম্ভ কৰিছিল পৰিবেশ সংৰক্ষণৰ নতুন নীতি আৰু নিয়ম। সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষিত হোৱাৰ পাছতে কাজিৰঙা সংৰক্ষিত বনাঞ্চলক পূবৰ দিশত বোকাখাট ধনশিৰি মুখলৈ সম্প্ৰসাৰিত কৰাৰ প্ৰস্তাৱ লোৱা হয়। এই প্ৰস্তাৱৰ বিৰোধিতা কৰি স্থানীয় লোকসকলে আপত্তি দৰ্শাইছিল যে সংৰক্ষিত বনাঞ্চলখন এনেদৰে বঢ়াই নিলে মাছ মৰা, গৰু-ম’হৰ বাবে চৰণীয়া পথাৰ ব্যৱহাৰ, জংগলৰ পৰা খৰি, খেৰ আদি সংগ্ৰহৰ নিচিনা তেওঁলোকৰ পাৰস্পৰিক অধিকাৰসমূহ নোহোৱা হৈ পৰিব। আনহাতে ইউৰোপীয় চাহ বাগানৰ মালিকসকলৰ আপত্তি আছিল এয়ে যে এনে কৰিলে ডাঙৰ জন্তু চিকাৰৰ এলেকা সংকুচিত হ’ব। তদুপৰি বাৰিষা কালত ডিফলু নদী আৰু মৰা ধনশিৰি নদীৰে ব্ৰহ্মপুত্ৰলৈ নাৱেৰে চাহ সৰবৰাহ কৰা প্ৰক্ৰিয়াটোও বাধাগ্রস্ত হ’ব বুলি বাগান মালিকসকলে আপত্তি দৰ্শাইছিল। অৱশেষত ১৯১৩ চনৰ ২৮ জানুৱাৰীৰ এক অধিসূচনা যোগে ১৩,৫০৬ একৰ (৫৪.৬৬ বৰ্গ কিলোমিটাৰ) এলেকা কাজিৰঙা সংৰক্ষিত বনাঞ্চলত যোগ দিয়া হয়। ইয়াৰ পাছতে বানপানীৰ সময়ত বন্য জন্তুবোৰে উত্তৰৰ দিশৰ ওখ ঠাইবোৰত যাতে আশ্ৰয় ল’ব পাৰে তাৰ বাবে সংৰক্ষিত বনাঞ্চলখন উত্তৰৰ দিশলৈ সম্প্ৰসাৰণৰ প্ৰস্তাৱ লোৱা হয়। তেতিয়া বৃহৎ সংখ্যক ম’হ খুটি থকা নেপালী সম্প্ৰদায়ৰ লোকসকলে এই প্ৰস্তাবৰ বিৰোধিতা কৰে। অৱশেষত মুখ্য সচিবৰ হস্তক্কেপত ব্ৰহ্মপুত্ৰৰ দিশলৈ ৩৭,৫২৯ একৰ ভূমি (১৫১.৮৭ বৰ্গ কিলোমিটাৰ) কাজিৰঙা সংৰক্ষিত বনাঞ্চলত যোগ কৰা (vide Notification No. 3560. R dated 26 July 1917) হয়। ইয়াৰ পাছতে ১৯৬৭ চনত অতিৰিক্তভাৱে ১৫১ একৰ (০.৬ বৰ্গ কিলোমিটাৰ) মাটি সংযোজন কৰা হয় (vide Natification No FOF/WL/S12/66/17)। এই সম্প্ৰসাৰণৰ জৰিয়তে সংৰক্ষিত বনাঞ্চলখনক ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দক্ষিণলৈ সম্প্ৰসাৰণ কৰা হৈছিল যাতে বানপানীৰ সময়ত জীৱ-জন্তুবোৰ কাৰ্বি আংলঙৰ পাহাৰলৈ সুৰক্ষিতভাৱে যাব পাৰে।

 

১৯১৬ চনত গেম চেনচুৱাৰী (Game Sanctuary) হিচাপে ঘোষিত কাজিৰঙাত ১৯২৬ চনত বন্যজন্তু চিকাৰ নিষিদ্ধ কৰা হয়। ১৯৫০ চনত কাজিৰঙাক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰা হয়। ১৯৫৪ চনত অসম বিধান সভাই The Assam (Rhinoceros) Bill গ্ৰহণ কৰে আৰু এই বিধেয়কৰ জৰিয়তে গড় হত্যা কৰিলে কঠোৰ শাস্তি প্ৰদানৰ বিধান লোৱা হয়। ১৯৭৪ চনৰ ১১ ফেব্ৰুৱাৰীত কাজিৰঙাক ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ মৰ্যাদা প্ৰদান কৰা হয় আৰু ১৯৮৫ চনত ইউনেস্কোই কাজিৰঙাক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি প্ৰদান কৰে। ২০০৮ চনত কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্যক বাঘৰ সংৰক্ষিত এলেকা (Tiger Reserve) বুলি ঘোষণা কৰা হয় আৰু লাওখোৱা আৰু বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যক ইয়াত সামৰি লোৱা হয়। মাত্ৰ ২৩১.৭৭৮ বৰ্গ কিঃ মিঃ এলেকাৰে আৰম্ভ হোৱা কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্যত বিগত এশ বিশটা বছৰত কেইবাটাও সংযোজন আৰু দুখন সংৰক্ষিত বনাঞ্চল পাণবাৰী আৰু কুকুৰাকাটা সামৰি লোৱা হৈছে। বৰ্তমান ১৩০২ বৰ্গ কিঃ মিঃ সামৰি লোৱা এই বনাঞ্চলত পুনৰাই ৪৭,৩৯১.৩৩ হেক্টৰ সামৰি লোৱা ষষ্ঠ সংযোজনৰ প্ৰতি অসম চৰকাৰৰ কেবিনেটে ইতিমধ্যে অনুমোদন জনাইছে।

 

পৰিৱেশ ধ্বংসৰ শেহতীয়া পৰ্ব :

“অৰণ্যখনৰ লগত আমাৰ সম্পৰ্ক কেবাটাও প্ৰজন্মৰ। মই আগৰাতলি পুৰ কাজিৰঙাৰ বাসিন্দা। এসময়ত আমাৰ মানুহবোৰ ধনশিৰি নৈৰ পাৰত বাস কৰিছিল। ব্ৰিটিছে অসম দখল কৰাৰ পাছত ধনশিৰি ঘাট উজনি অসমৰ এক ডাঙৰ জাহাজ ঘাট হৈ পৰিছিল। ১৯৫০ চনৰ ভূমিকম্পৰ পাছত আমাৰ মানুহবোৰ ধনশিৰি মুখৰ পৰা জেনাই, লাইকা দৰিয়া আদি ঠাইলৈ উঠি যায়। ১৯০৫ চনত কাজিৰঙা সংৰক্ষিত বনাঞ্চলখন যেতিয়া গঠন হয় তেতিয়া আমাৰ পূৰ্বজ সকলৰ লগত ব্ৰিটিছৰ সীমাক লৈ কাজিয়া হৈছিল। গেম চেনচুৱিখন গঠনৰ সময়তো সীমাকলৈ বিবাদ হৈছিল। এই অৰণ্যখনৰ বিল, খাল, নদ-নদী আদিৰ লগত আমাৰ সম্পৰ্ক আছিল একেলগে জীৱন কটোৱাৰ। তেতিয়া এনে কথা নাছিল যে অৰণ্যখনত কেৱল হাতী, বাঘ বা হৰিণ থাকিব। তাত আমি সকলোৱে আছিলো। হাতীও আছিল, গড়ো আছিল, হৰিণ-বাঘ আদি সকলো আছিল আৰু মানুহো আছিল। তেতিয়া আমাৰ মাজত কোনো সীমা নাছিল। কাজিৰঙাৰ পৰিসৰ যিমানেই বঢ়াই দিয়া হৈছে সিমানেই আমাৰ ঘৰ-মাটি কাঢ়ি লোৱা হৈছে। এতিয়া বহিৰাগত কৰ্পোৰেট, বণিয়া গোষ্ঠীৰ লোক, দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ, ব্যৱসায়ী, বিভিন্ন বৃত্তিজীৱী লোকে কাজিৰঙাত মাটি কিনি তাত ৰিজৰ্ট, হোটেল আদি খুলিছে আৰু আমি নিজৰ মাটি হেৰুৱাইছো। কাজিৰঙাক কেন্দ্ৰ কৰি গঢ় লৈ উঠা পৰ্যটন উদ্যোগ, হোটেল-ব্যৱসায়, জীপ চাফাৰী আদি সকলো এতিয়া বহিৰাগত বনিয়াৰ হাতত। থলুৱা মানুহখিনিক উচ্ছেদ কৰি ইয়াত বহিৰাগত লোকক স্বাৱলম্বী হোৱাৰ সুযোগ দিয়া হৈছে।” থলুৱা মানুহক উচ্ছেদ কৰি কহৰাত হায়াট গোষ্ঠীয়ে এখন হোটেল খোলাৰ প্ৰসংগ তথা কাজিৰঙাৰ নতুন সংযোজন সন্দৰ্ভত স্থানীয় যুৱক তথা পৰ্যটন ক্ষেত্ৰৰ লগত জড়িত ঋতুপৰ্ণ দ’লে আমাৰ আগত এনেদৰে উষ্মা ব্যক্ত কৰিছিল। প্ৰণিধানযোগ্য যে অসম চৰকাৰ আৰু জুনিপাৰ হোটেলছৰ (হায়াট গ্ৰুপৰ সৈতে সম্পৰ্কিত) মাজত হোৱা এক চুক্তিৰ আধাৰত কহৰাৰ ইংলে পথাৰত এখন পঞ্চতাৰকায়ুক্ত হোটেল তথা পৰ্যটন প্ৰকল্প নিৰ্মাণৰ পৰিকল্পনা ৰচনা কৰা হৈছে। ইংলে পথাৰত আজি দশকৰ পাছত দশক ধৰি খেতি-বাতি কৰি অহা ৰায়তীসকলক উচ্ছেদ কৰি প্ৰকল্পটো নিৰ্মাণৰ প্ৰতিবাদ কৰা প্ৰণৱ দলে, ৰাজীৱ পেগু, বিজিত কুটুম, অমিত নাথ আৰু ভাস্কৰ শইকীয়াক বিগত ২৯ জুনত অসম আৰক্ষীয়ে আটক কৰিছিল। ইয়াৰে প্ৰণৱ দ’লে ৩১ জুলাইত জামিনত মুক্তি লাভ কৰে যদিও মুক্তি লাভৰ লগে লগে তেওঁক পুনৰ ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত আটক কৰা হয়।

 

তাৎপর্যপূৰ্ণ কথাটো হ’ল যিখন খেতিপথাৰত সম্প্ৰতি এক বৃহৎ পঞ্চতাৰকায়ুক্ত হোটেল নিৰ্মাণৰ প্ৰস্তাৱ লোৱা হৈছে তাত বহু লোকে ৰায়ত হিচাপে মাটি দখল কৰি আছে আৰু বহুতোৰে ৰায়তী কেঁঁচা খতিয়ান আছে। তদুপৰি চাহ শ্ৰেণীৰ মাটিও প্ৰিমিয়াম জমা দি মাটি ম্যাদী ভুক্ত কৰি লোৱা নথিংও আছে। কিছু মাটিত চৰকাৰে ভূমি আৱণ্টন দিছিল আৰু পৰৱৰ্তী সময়ত সেই মাটিও ম্যাদী ভুক্ত কৰা হৈছে। ইংলে পথাৰৰ এগৰাকী স্থানীয় চাহ সম্প্ৰদায়ৰ মহিলাই আমাৰ আগত ক্ষোভ উজাৰি কৈছিল – “আমি বাগানত অস্থায়ী কাম কৰো। সেই মজুৰিৰে ঘৰ নচলে। ইংলে পথাৰত আমাৰ খেতি কৰা তিনি বিঘা মাটি আছে। আমাৰ ককা, আজো ককাইঁতৰ দিনৰপৰা আমি তাত খেতি কৰি আহিছো। এতিয়া সেই মাটি কাঢ়ি ল’লে আমি জীয়াই থাকিম কিদৰে? যোৱা পাঁচ বছৰ ধৰি আমাক খেতি কৰিবলৈ দিয়া হোৱা নাই। বহু মানুহৰ হাতত ৰায়তী খতিয়ান আৰু আৱণ্টনৰ কাগজ আছে। কিছুসংখ্যকৰ ম্যাদী মাটিও আছে। এইসকল মানুহক চৰকাৰে কেনেদৰে উচ্ছেদ কৰিব পাৰে? আমাক জনজাতি কৰাৰ প্ৰতিশ্ৰুতি এইখন চৰকাৰে দিছিল। তাৰ বিপৰীতে এতিয়া আমাৰ মাটি কাঢ়ি সেই মাটি বৃহৎ পুঁজিপতিৰ হাতত তুলি দিয়া হৈছে। আমাক উচ্ছেদ কৰি চৰকাৰ চলোৱাসকলে এতিয়া কাজিৰঙাত হোটেল-ৰিজৰ্ট খুলিছে। আমি তেজ দিম কিন্তু আমাৰ সাতাম পুৰুষীয়া মাটি এৰি নিদিও।”

 

কাজিৰঙাত ক্ৰমবৰ্ধমান গতিত বাঢ়ি অহা হোটেল-ৰিজৰ্ট আদিয়ে পৰিবেশ কেনেদৰে প্ৰদূষিত কৰিছে তথা কাৰ্বি আংলঙৰ শিল গুড়ি কৰা (stone crushing), খনন আৰু উদ্যোগিক কাৰ্যকলাপ (প্ৰণিধানযোগ্য যে ২০১৯ ৰ ১২ এপ্ৰিলত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে এক আদেশযোগে অভয়াৰণ্যখনৰ দক্ষিণ সীমা তথা এনিমেল কৰিডৰত শিল গুড়ি কৰা, খনন আৰু সকলো ধৰণৰ উদ্যোগিক কাৰ্যকলাপ বন্ধ কৰিছিল) কেনেদৰে পৰিবেশ বিধস্ত কৰিছে সেই সন্দৰ্ভত কাজিৰঙা নিবাসী তথা অসমীয়া প্ৰতিদিন কাকতৰ স্থানীয় সাংবাদিক ধ্ৰুৱজ্যোতি সাহাই এনেদৰে মন্তব্য প্ৰদান কৰিছিল – “কাজিৰঙাৰ স্থানীয় মানুহে অৰণ্যখন কেনেদৰে জীয়াই ৰাখিছে তাৰ এটা উদাহৰণ দিবলৈ বিচাৰিছো। প্ৰতিবছৰে কাজিৰঙাত বানপানী হয় আৰু বিশেষকৈ বানপানীৰ সময়ত জীৱ-জন্তুবোৰে ৰাষ্ট্ৰীয় ঘাই পথটো পাৰ হৈ দক্ষিণৰ কাৰ্বি আংলঙৰ পাহাৰলৈ যায়। তেতিয়া গাড়ীৰ খুন্দাত দুই-এটা জীৱ মৃত্যু মুখত পৰে। বানপানীৰ সময়ত আমাৰ ইয়াৰ স্থানীয় ল’ৰাই সম্পূৰ্ণ স্বেচ্ছামূলকভাৱে ওৰে নিশা ৰাষ্ট্ৰীয় ঘাইপথত পহৰা দিয়ে। আমি অৰণ্যখন জীয়াই ৰাখিব বিচাৰো আৰু অন্য এচামে ইয়াক শেষ কৰিবলৈ বিচাৰে। যেতিয়াৰেপৰা কাৰ্বি আংলঙৰ পাহাৰত শিল ভঙা আৰম্ভ হ’ল তেতিয়াৰেপৰা হাতীৰ আৱাসস্থলবোৰ ধ্বংস হ’ল। বাঁহবোৰ কাটি শেষ কৰা হ’ল। ষ্টন ক্ৰেছাৰৰ ফলত বহু শিল-মাটি খহি আহে। বৰষুণ দিলে পানীৰ ঢলে সেই শিল-বালি-মাটি উটুৱাই আনি কাজিৰঙাৰ খাল, বিল জলাশয় আদি পুতি পেলায়। খেতি পথাৰবোৰ আজিকালি শিল-বালিৰে ভৰি পৰিছে। ইয়াৰ হোটেল-ৰিজৰ্টৰ ওপৰত কাৰো একো নিয়ন্ত্ৰণ নাই। আমি স্থানীয় লোকে ঘৰ এটা সাজিব লাগিলে বন বিভাগৰ অনুমতি ল’ব লাগে অথচ চকুৰ সমুখতে হাজাৰ-বিজাৰ হোটেল-ৰিজৰ্ট হৈছে। কাৰ অনুমতিত সেইবোৰ সজা হৈছে আমি নাজানো। আমাৰ ইয়াৰ দুৰ্গাপুৰ নামৰ খেতিপথাৰখনত এতিয়া আৰু মানুহে খেতি নকৰা হ’ল। মানুহে মাটিবোৰ বেচি দিলে আৰু পথাৰখন এতিয়া কেবাফুট মাটিৰে পুতি পেলোৱা হ’ল। কাজিৰঙাৰ চৌকাষৰ প্ৰাকৃতিক জলাশয়বোৰ পোত খালে। পানী যোৱা বাটবোৰ বন্ধ হ’ল। এতিয়া কাজিৰঙাত এজাক ডাঙৰ বৰষুণতে জলবদ্ধা অৱস্থা হয়। দৈনিক হাজাৰ-হাজাৰ লিটাৰ পানী হোটেল-ৰিজৰ্টবোৰে ভূ-গৰ্ভৰপৰা উত্তোলন কৰে। আমাৰ ইয়াৰ ভূগৰ্ভৰ পানী বহু তললৈ গৈছে। খাল-বিলবোৰ শুকাই গৈছে আৰু সাধাৰণ মানুহে খোৱাপানীৰ বাবে হাহাকাৰ কৰিব লগাত পৰিছে। কাজিৰঙাৰ অন্যতম নৈখন হৈছে কহৰা। সেই নৈখন আজিৰ দিনত ভীষণভাৱে প্ৰদূষিত। একেদৰে বোকাখাত পৌৰ নিগমৰ ‘ডাম্পিং ষ্টেচনটো’ স্থাপন কৰা হৈছে লতাবাৰীত ডিফলু নৈৰ পাৰত। নিতৌ অলেখ জাবৰ-জোঁথৰ, চিকিৎসালয়ৰ বেজী, চিৰিঞ্জ আদি তাত পেলোৱা হয় আৰু ডিফলুৱে সেই প্ৰদূষণ বহন কৰি কাজিৰঙাৰ বুকুলৈ আগবাঢ়ে। এতিয়া কাজিৰঙাত ডেষ্টিনেশ্যন মেৰেজ অনুষ্ঠিত হয়। নিশা উচ্চস্বৰত হোটেল-ৰিজৰ্টত গান বাজনা বাজে বাবে স্থানীয় মানুহে শুব নোৱাৰে। জীৱ-জন্তুৰ কি দশা হয় আপোনালোকে ভাবক।”

 

কৰ্পোৰেট টুৰিজম :

কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ ফলত আমাৰ মিচিং সম্প্ৰদায়ৰ বহু মানুহৰ মাটি কাজিৰঙাত সোমাব। আজি শ-শ বছৰ ধৰি চাপৰিৰ সেই মাটিত আমি খেতি কৰি আহিছো। আজিলৈকে সৰহভাগ মানুহে মাটিৰ পট্টা নাপালে। কিছুমানৰ পট্টাৰ মাটি আছে যদিও তেনে লোকেও নিজৰ খেতিডৰালৈ যাবলৈ বন বিভাগৰ কৰ্মচাৰীক আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড দেখুৱাব লাগে। আমাৰ মানুহে খেতি কৰা ড্ৰেৰ লাখ বিঘা মাটি এতিয়া ষষ্ঠ সংযোজনত ভৰাই দিয়া হৈছে। আমাক ক্ষতিপূৰণ দিয়া হ’ব নে নাই সেই বিষয়ত চৰকাৰে এতিয়ালৈ একো প্ৰতিশ্ৰুতি দিয়া নাই। ইপিনে শুকানী গাঁও তামুলি পথাৰত মৰি ধনশিৰিখনত যিখন চুইছ গেট নিৰ্মাণ কৰা হৈছে তাৰ ফলত মানুহৰ পথাৰৰপৰা পানী নোযোৱা হ’ল। তাৰ বিপৰীতে কাজিৰঙাৰ ভিতৰৰ খাল বিলবোৰত পানী নোহোৱা হৈছে। কাজিৰঙাৰ হোটেল উদ্যোগত আমাৰ থলুৱা লোকে চকীদাৰৰ কামহে পায়। ল’ৰা-ছোৱালীৰ কৌশল বৃদ্ধিৰ কোনো পদক্ষেপ চৰকাৰে লোৱা নাই। আমাৰ চকুৰ আগতে কাজিৰঙাখন যেন শেষ কৰি অনা হৈছে।

 

ধনশিৰি মুখৰ এগৰাকী স্থানীয় যুৱকে আমাৰ আগত এনেদৰে নিজ খেতিভূমিৰ পৰা উচ্ছেদিত হোৱাৰ শংকা ব্যক্ত কৰিছিল। তেওঁ পুনৰ কৈছিল- “অসমৰ কেবাজনো ৰাজনীতিবিদৰ কাজিৰঙাত বৃহৎ বৃহৎ চাহ বাগান আছে। তেওঁলোকৰ কেইজনমানে তাত হোটেল-ৰিজৰ্টো নিৰ্মাণ কৰিছে। যদিহে সঁচাকৈয়ে কাজিৰঙাত এখন পঞ্চতাৰকায়ুক্ত হোটেল নিৰ্মাণৰ প্ৰয়োজন আছে তেন্তে এনে লোকৰ মাটিতে হোটেল নিৰ্মাণৰ প্ৰস্তাৱ নলয় কিয়?” সুদীৰ্ঘকাল ধৰি কাজিৰঙাৰ সুৰক্ষাৰ হকে মাত মাতি অহা বোকাখাটৰ এগৰাকী সমাজকৰ্মী সোণেশ্বৰ নৰহে কৰ্পোৰেট টুৰিজমে কাজিৰঙাৰ পাৰিপাৰ্শ্বিক আৰু পাৰিবেশিক স্বৰূপটো কেনেদৰে ধ্বংস কৰিছে সেই বিষয়ত কৈছিল – “কাজিৰঙাৰ প্ৰতি শ্ৰদ্ধাশীল কোনো লোকে কৰ্পোৰেট টুৰিজম সমৰ্থন কৰিব নোৱাৰে। যেতিয়াৰে পৰা কাজিৰঙাত কৰ্পোৰেট টুৰিজম আৰম্ভ হৈছে তেতিয়াৰেপৰা কাজিৰঙাত এক ভয়াবহ পৰিবেশৰ সৃষ্টি হৈছে। আপুনি চাওঁক কাজিৰঙাত যিবোৰ ডাঙৰ হোটেল নিৰ্মাণ কৰা হৈছে সেইবোৰৰ ড্ৰেইনেজ ছিষ্টেমৰ বিৰুদ্ধে থলুৱা মানুহে আন্দোলন কৰিব লগাত পৰিছে। হোটেল উদ্যোগৰ জাবৰ-জোঁথৰ পেলোৱাক লৈ থলুৱা মানুহৰ লগত কাজিয়া হৈছে। কাজিৰঙাত কাহানিও নেদেখা জলবদ্ধা অৱস্থা সঘনাই হ’বলৈ ধৰিছে। আমাক এনেধৰণৰ পৰ্যটন কিয় লাগে? তাতকৈ আমাৰ সমাজ-সংস্কৃতিৰ লগত সামঞ্জস্য ৰাখি ‘হোম ষ্টে’ কিয় গঢ় দিয়া নহয়? আমাৰ খাদ্যভ্যাস, আচাৰ-ব্যৱহাৰ আৰু অতিথি পৰায়ণৰ লগত সংগতি থকা এক পৰ্যটন কিয় চৰকাৰে গঢ় দিবলৈ নিবিচাৰে? আচলতে চৰকাৰে থলুৱা মানুহক ভয় খুৱাই মাটিবোৰ কৰ্পোৰেটৰ হাতত তুলি দিবলৈ বিচাৰিছে। যি ইংলেপথাৰত হোটেল নিৰ্মাণ কৰাৰ সিদ্ধান্ত লৈছে সেই এলেকাত ডেৰশ-দুশ হাতী সদায় ঘূৰি ফুৰে। থলুৱা মানুহৰ লগত হাতীৰ একো সংঘাত কাহানিও হোৱা নাই। কৰ্পোৰেট টুৰিজমৰ লগতে পাৰিবেশিক স্বেচ্ছাসেৱী সংগঠনবোৰেও তিলতিলকৈ কাজিৰঙাৰ স্বাৰ্থৰ পৰিপন্থী কাম কৰি আছে। এখন হোটেল স্থাপনে যে দুশ-তিনিশ হাতীৰ আৱাসস্থল ধ্বংস কৰিব তাক লৈ এনে সংস্থাবোৰ নিমাত কিয়? এটা হেলিফেন্ট কৰিডৰ বন্ধ কৰি চৰকাৰ চলোৱা মুখিয়াল মানুহৰ ঘৰৰ লোকে যদি ডাঙৰ হোটেল নিৰ্মাণ কৰিব পাৰে তেন্তে তেনে লোকৰ কাজিৰঙাৰ প্ৰতি কেনে দৃষ্টিভংগী থাকিব পাৰে তাক সহজে বুজিব পাৰি। আগতে পাহাৰ খান্দি, শিলৰ গুড়িৰে তোমালোকে কাজিৰঙাৰ খাল, বিল আৰু নৈবোৰ তৰাং কৰিলা আৰু এতিয়া জেচিবিৰে কৃত্ৰিম জলাশয় নিৰ্মাণ কৰিবলৈ বিচাৰিছা। ই কেনেধৰণৰ পৰিবেশ সংৰক্ষণ? আপুনি জানি আচৰিত হ’ব যে গৰাখহনীয়াই কাজিৰঙাৰ ষাঠি-সত্তৰ শতাংশ মাটি কাঢ়িলে অথচ চৰকাৰে এনে খহনীয়া ৰোধৰ বাবে একো বিজ্ঞানসন্মত পদক্ষেপ ল’ব নোৱাৰিলে। এতিয়া ভুৱা এনকাউণ্টাৰৰ জৰিয়তে আমাৰ থলুৱা মানুহক চোৰাংচিকাৰী বুলি গুলিয়াই হত্যা কৰা হৈছে। ষষ্ঠ সংযোজনৰ নামত ইয়াৰ থলুৱা মানুহৰ মাটি কাঢ়ি ল’বলৈ বিচাৰিছে। আগতে কাজিৰঙাত কিবা এটা প্ৰকল্প ল’লে সাধাৰণ মানুহৰ মতামত লোৱা হৈছিল। এতিয়া মন্ত্ৰীৰ কথা শেষ কথা হৈ পৰিছে। আমাৰ কোনো মতামত এতিয়া আৰু লোৱা নহয়। কাজিৰঙাৰ লগত ইয়াৰ থলুৱা মানুহখিনিৰ যিটো আত্মিক সম্পৰ্ক সেইটোক লাহে লাহে শেষ কৰিবলৈ বিচৰা হৈছে। তেতিয়া আৰু কাজিৰঙা জীয়াই নাথাকিব। আমাৰ বাৰীৰ কল খাই ইয়াৰ হাতী ডাঙৰ হয়। আমি প্ৰসাদ দিলে এতিয়াও শুকৰু ডিম, ভকতক ডিম, চৰাইক ডিম, চিৰিকতিক দিম বুলি কও। আমাৰ জীৱন ধাৰণৰ লগত পাৰিপাৰ্শ্বৰ কথা জড়িত হৈ আছে। এতিয়া এই সম্পৰ্কৰ এনাজৰীডাল শেষ কৰি উচ্চাংগ সংগীত, আকাশ পোহৰোৱা এল ই ডি লাইটৰ কৰ্পোৰেট টুৰিজমে কাজিৰঙাক গ্ৰাস কৰিছে।”

 

শেহতীয়াভাৱে কাজিৰঙাৰ মাজেৰে এলিভেটেড কৰিডৰ নিৰ্মাণ আৰু কাজিৰঙাৰ পাৰিপাৰ্শ্বিক সংবেদনশীল এলেকাৰ সীমা দহ কিল’মিটাৰৰ পৰা হ্ৰাস কৰি এক কিল’মিটাৰ কৰিব বিচৰাক লৈ নানান বিতৰ্কৰ সূত্ৰপাত ঘটিছে। স্থানীয় লোকৰ মতানুসৰি এলিভেটেড কৰিডৰ নিৰ্মাণৰ বাবে যথাযথ ৰাজহুৱা শুনানি কৰাৰ যিটো প্ৰক্ৰিয়া আছে তাক আজিলৈ কৰা নহ’ল। কাজিৰঙাৰ মাজেৰে নগৈ বৃহৎ বৃহৎ বাহনবোৰ গহপুৰ-ধেমাজি হৈ উজনি অসমলৈ যাব পাৰে বুলি এইসকল লোকে ভাৱে। একেদৰে কাজিৰঙাত আৰু অধিক বিলাসী হোটেল, ৰিজৰ্ট আৰু উদ্যোগ স্থাপনৰ পথ প্ৰশস্ত কৰাৰ স্বাৰ্থতহে ইক’ ছেনছিটিভ জ’নৰ সীমা কমাই অনাৰ পদক্ষেপ লোৱা হৈছে বুলি স্থানীয় লোকসকলে ক’বলৈ বিচাৰে। জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ সলনি ব্যৱসায়িক লাভালাভৰ হিচাপতহে আজিৰ কাজিৰঙাৰ সমগ্ৰ ব্যৱস্থাপনা চলি আছে বুলি স্থানীয় লোকসকলে লাহে লাহে ভাবিবলৈ আৰম্ভ কৰিছে।

 

(লেখকদ্বয়ৰ email – [email protected], [email protected])

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙাৰ আত্মাক হত্যাৰ ষড়যন্ত্ৰ নেকি? কৰ্পোৰেটৰ আগ্ৰাসনত নিজ মাতৃভূমিতে অস্তিত্বৰ সংকটত থলুৱা

কাজিৰঙাৰ আত্মাক হত্যাৰ ষড়যন্ত্ৰ নেকি? কৰ্পোৰেটৰ আগ্ৰাসনত নিজ মাতৃভূমিতে অস্তিত্বৰ সংকটত থলুৱা

September 13, 2026 3:37 pm
বিয়া নকৰোৱাৰ বাবে গুলী… আমেৰিকাত ভাৰতীয় মূলৰ যুৱতীক হত্যা; অভিযুক্তইও দিলে প্ৰাণ

বিয়া নকৰোৱাৰ বাবে গুলী… আমেৰিকাত ভাৰতীয় মূলৰ যুৱতীক হত্যা; অভিযুক্তইও দিলে প্ৰাণ

September 13, 2026 12:38 pm
ইণ্ডোনেছিয়াৰ জাভা সাগৰত সন্ধানহীন ২৪০ জন যাত্ৰী কঢ়িয়াই অনা এখন জাহাজ!

ইণ্ডোনেছিয়াৰ জাভা সাগৰত সন্ধানহীন ২৪০ জন যাত্ৰী কঢ়িয়াই অনা এখন জাহাজ!

September 13, 2026 11:39 am
প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা ছিদ্দিক আহমেদৰ ৬৪ বছৰ বয়সত মৃত্যু

প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা ছিদ্দিক আহমেদৰ ৬৪ বছৰ বয়সত মৃত্যু

September 13, 2026 11:01 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙাৰ আত্মাক হত্যাৰ ষড়যন্ত্ৰ নেকি? কৰ্পোৰেটৰ আগ্ৰাসনত নিজ মাতৃভূমিতে অস্তিত্বৰ সংকটত থলুৱা

কাজিৰঙাৰ আত্মাক হত্যাৰ ষড়যন্ত্ৰ নেকি? কৰ্পোৰেটৰ আগ্ৰাসনত নিজ মাতৃভূমিতে অস্তিত্বৰ সংকটত থলুৱা

September 13, 2026 3:37 pm
বিয়া নকৰোৱাৰ বাবে গুলী… আমেৰিকাত ভাৰতীয় মূলৰ যুৱতীক হত্যা; অভিযুক্তইও দিলে প্ৰাণ

বিয়া নকৰোৱাৰ বাবে গুলী… আমেৰিকাত ভাৰতীয় মূলৰ যুৱতীক হত্যা; অভিযুক্তইও দিলে প্ৰাণ

September 13, 2026 12:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd