• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

দিল্লীত এতিয়াও পেট্রলৰ দৰ ৯৭ টকা : অসমকে ধৰি আন আন ৰাজ্যত কিয় বৃদ্ধি পালে মূল্য?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 15, 2026 3:51 pm
53
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ সমগ্ৰ দেশতে পেট্রল আৰু ডিজেলৰ দাম লিটাৰত ৩ টকাকৈ বৃদ্ধি পোৱাৰ পাছতে এটা পুৰণি বিতৰ্কই পুনৰ গা কৰি উঠিছে। ১৫ মেৰ হিচাপ অনুসৰি দিল্লীত এক লিটাৰ পেট্রলৰ দাম য’ত ৯৭.৭৭ টকা হৈ আছে তাৰ বিপৰীতে একেই তেলৰ বাবে অসমৰ মানুহে ভৰিব লগীয়া হৈছে ১০১ টকা।

ভাৰতে কেন্দ্রীয়ভাৱে বিদেশৰ পৰা খাৰুৱা তেল আমদানি কৰে আৰু সকলো চহৰতে ইয়াৰ গুণগত মান একেই থাকে। তেন্তে অসম, পশ্চিমবংগ বা মুম্বাইৰ মানুহে দিল্লীতকৈ ইমান বেছি দাম কিয় দিব লাগে সেই প্রশ্নটো এতিয়া বহুতৰে মনলৈ আহিছে। ইয়াৰ আচল উত্তৰটো লুকাই আছে আমাৰ দেশৰ কৰ ব্যৱস্থাৰ মাজত।

Apply Now

পেট্রল বা ডিজেলৰ খুচুৰা মূল্য নিৰ্ধাৰণৰ ক্ষেত্রত কেইবাটাও স্তৰ থাকে। তেলৰ আচল দামৰ সৈতে পৰিবহণ খৰচ, ডিলাৰৰ কমিশন আৰু কেন্দ্ৰীয় চৰকাৰৰ আবকাৰী শুল্ক যোগ কৰা হয়। এইখিনিলৈকে দেশৰ সকলো চহৰতে তেলৰ দাম প্ৰায় একেই থাকে। কিন্তু খেলখন সলনি হয় যেতিয়া ইয়াৰ লগত ৰাজ্য চৰকাৰৰ ভেট বা মূল্য সংযোজিত কৰ যোগ কৰা হয়। ইন্ধনজাত সামগ্ৰীসমূহ এতিয়াও জিএছটিৰ আওতাত অহা নাই। সেইবাবেই প্রতিখন ৰাজ্য চৰকাৰে নিজৰ ইচ্ছা অনুসৰি ইয়াৰ ওপৰত কৰ আৰোপ কৰিব পাৰে। দিল্লীত ঐতিহাসিকভাৱে ইন্ধনৰ ওপৰত ভেট কমকৈ লোৱা হয় বাবে তাত তেল সস্তা। ইয়াৰ বিপৰীতে অসম, পশ্চিমবঙ্গ বা মহাৰাষ্ট্ৰৰ দৰে ৰাজ্যত ভেট আৰু কৰৰ হাৰ বহুত বেছি। ঠিক এই কাৰণেই শেহতীয়া মূল্য বৃদ্ধিৰ পাছত অসমত তেলৰ দাম ১০১ টকালৈ বৃদ্ধি পাইছে।

বহুতে ভাবিব পাৰে যে তেল শোধনাগাৰৰ পৰা পাম্পলৈ তেল নিওঁতে হোৱা পৰিবহণ খৰচৰ বাবে চাগে এই পাৰ্থক্য হয়। কথাটো কিছু পৰিমাণে সঁচা হ’লেও ৰাজ্যিক কৰৰ তুলনাত এই খৰচ তেনেই সামান্য। উদাহৰণস্বৰূপে মুম্বাইত নিজাকৈ শোধনাগাৰ থকাৰ পাছতো তাত দিল্লীতকৈ তেলৰ দাম বহুত বেছি। আকৌ প’ৰ্ট ব্লেয়াৰৰ দৰে দুৰ্গম ঠাইত ভেট কম হোৱাৰ বাবে তাত তেলৰ দাম দেশৰ মূল ভূখণ্ডতকৈ বহু সময়ত কম। ইয়াৰ উপৰিও বিশ্ব বজাৰত আমেৰিকা আৰু ইৰানৰ মাজত চলি থকা উত্তেজনাৰ বাবে ব্ৰেন্ট ক্ৰুডৰ দাম বৃদ্ধি পোৱাৰ প্ৰভাৱো আমাৰ দেশত পৰে কাৰণ ভাৰতে নিজৰ প্ৰয়োজনৰ ৮০ শতাংশতকৈও অধিক তেল বিদেশৰ পৰা কিনিব লাগে। কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে অৱশ্যে দেশত তেলৰ নাটনি নহয় বুলি আশ্বাস দিছে যদিও ২০২২ চনৰ পাছত এয়াই আটাইতকৈ ডাঙৰ মূল্য বৃদ্ধি বুলি ধৰা হৈছে।

এতিয়া প্ৰশ্ন হয় যে সকলো চহৰতে তেলৰ দাম কিয় একে কৰিব পৰা নাযায়। বহু অৰ্থনীতিবিদে ইন্ধনক জিএছটিৰ অধীনলৈ আনিবলৈ পৰামৰ্শ দি আহিছে যদিও ৰাজ্য চৰকাৰবোৰ ইয়াৰ বাবে সাজু নহয়। পেট্রল আৰু ডিজেলৰ পৰা পোৱা ভেট ৰাজ্য চৰকাৰসমূহৰ উপাৰ্জনৰ অন্যতম প্ৰধান উৎস। ৰাস্তা-ঘাট নিৰ্মাণৰ পৰা আৰম্ভ কৰি বিভিন্ন উন্নয়নমূলক আঁচনিৰ খৰচ এই কৰৰ পৰাই আহে। যদি ইন্ধন জিএছটিৰ আওতাত আহে তেন্তে ৰাজ্য চৰকাৰসমূহে এই কৰ লগোৱাৰ ক্ষমতা হেৰুৱাই পেলাব। সেয়েহে যেতিয়ালৈকে কেন্দ্ৰ আৰু ৰাজ্য এই বিষয়ত একমত নহয় তেতিয়ালৈকে ভাৰতৰ মানচিত্ৰত সীমা সলনি হ’লেই তেলৰ দামো সলনি হৈ থাকিব। আৰু অসমৰ  দৰে ৰাজ্যৰ মানুহে দিল্লীতকৈ টকা বেছিকৈ দি তেল কিনিবলৈ বাধ্য হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অংগনৱাড়ীৰ খাদ্যত ওলাল মৃত সাপ! গৰ্ভৱতী মহিলালৈ যোগান ধৰা পেকেটক লৈ তীব্ৰ চাঞ্চল্য

অংগনৱাড়ীৰ খাদ্যত ওলাল মৃত সাপ! গৰ্ভৱতী মহিলালৈ যোগান ধৰা পেকেটক লৈ তীব্ৰ চাঞ্চল্য

June 7, 2026 5:40 pm
ইণ্ডি মিত্ৰজোঁটৰ গুৰুত্বপূৰ্ণ বৈঠকৰ পূৰ্বে বাঢ়িছে খৰিয়াল, চিপিআইএম আৰু ডিএমকে-ৰ মাজত তীব্ৰ অসন্তুষ্টি

ইণ্ডি মিত্ৰজোঁটৰ গুৰুত্বপূৰ্ণ বৈঠকৰ পূৰ্বে বাঢ়িছে খৰিয়াল, চিপিআইএম আৰু ডিএমকে-ৰ মাজত তীব্ৰ অসন্তুষ্টি

June 7, 2026 5:23 pm
ৰাজ্যৰ সৰ্বাঙ্গীন উন্নয়নৰ লক্ষ্যৰে জিলাসমূহৰ বাবে নতুন অভিভাৱক মন্ত্ৰীৰ দায়িত্ব ঘোষণা মুখ্যমন্ত্ৰীৰ

ৰাজ্যৰ সৰ্বাঙ্গীন উন্নয়নৰ লক্ষ্যৰে জিলাসমূহৰ বাবে নতুন অভিভাৱক মন্ত্ৰীৰ দায়িত্ব ঘোষণা মুখ্যমন্ত্ৰীৰ

June 7, 2026 4:32 pm
ৰন্ধন গেছৰ মূল্য বৃদ্ধি: ১২ বছৰত ৫৩০ টকাৰ লুণ্ঠনৰ অভিযোগ তুলি মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ মল্লিকাৰ্জুন খাৰ্গে

ৰন্ধন গেছৰ মূল্য বৃদ্ধি: ১২ বছৰত ৫৩০ টকাৰ লুণ্ঠনৰ অভিযোগ তুলি মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ মল্লিকাৰ্জুন খাৰ্গে

June 7, 2026 3:50 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অংগনৱাড়ীৰ খাদ্যত ওলাল মৃত সাপ! গৰ্ভৱতী মহিলালৈ যোগান ধৰা পেকেটক লৈ তীব্ৰ চাঞ্চল্য

অংগনৱাড়ীৰ খাদ্যত ওলাল মৃত সাপ! গৰ্ভৱতী মহিলালৈ যোগান ধৰা পেকেটক লৈ তীব্ৰ চাঞ্চল্য

June 7, 2026 5:40 pm
ইণ্ডি মিত্ৰজোঁটৰ গুৰুত্বপূৰ্ণ বৈঠকৰ পূৰ্বে বাঢ়িছে খৰিয়াল, চিপিআইএম আৰু ডিএমকে-ৰ মাজত তীব্ৰ অসন্তুষ্টি

ইণ্ডি মিত্ৰজোঁটৰ গুৰুত্বপূৰ্ণ বৈঠকৰ পূৰ্বে বাঢ়িছে খৰিয়াল, চিপিআইএম আৰু ডিএমকে-ৰ মাজত তীব্ৰ অসন্তুষ্টি

June 7, 2026 5:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd