তেওঁলোক উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ অধীনৰ নৰ্মাল কৰ্মচাৰী। কিন্তু পৰিস্থিতিয়ে আজি তেওঁলোকক বাধ্য কৰিছে নিজৰ ঘৰুৱা সা-সমগ্ৰীবোৰৰ নিলাম কৰিবলৈ। তেওঁলোকে নিজৰ ঘৰৰ আচবাবৰ পৰা সন্তানৰ খেলনা সামগ্ৰীবোৰো আনক কিনিবলৈ আহ্বান জনাইছে। কাৰণ বিগত দহ-বাৰমাহে দৰমহা নাইপাই তেওঁলোকৰ অৱস্থা আজি পানীত হাঁহ নচৰাৰ দৰে। তেওঁলোকে পৰিয়াল চলাবলৈ অসমৰ্থ হৈছে। সন্তানৰ পঢ়া-শুনাৰ খৰচ দিব পৰা নাই বহুতে। এজন অভিভাৱকে ফীজ দিব নোৱৰা বাবে সন্তানৰ পৰীক্ষাৰ ফল ল’ব পৰা নাই। তেওঁলোকৰ এই পৰিস্থিত সম্পৰ্কত বিজেপি শাসিত পৰিষদৰ লগতে ৰাজ্য সৰকাৰক অৱগত কৰা হৈছে যদিও একো সদুত্তৰ পোৱা নাই। ইতিপূৰ্বে কেইবাবাৰো দৰমহাৰ দাবীত ধৰ্ণা আদিৰ কাৰ্য্যসূচী লৈছে যদিও ফল ধৰা নাই। যোৱা ছেপ্তেম্বৰ মাহত ধৰ্ণা কাৰ্য্যসূচী লওঁতে আৰক্ষীয়ে লাঠী চালনা কৰে। ফলত এই পন্থা লৈছে কৰ্মচাৰীসকলে। হাফলং কালচাৰাল হল চৌহদত এই নিলাম কাৰ্যসূচী অনুষ্ঠিত কৰে তেওঁলোকে। নিলাম কৰিবৰ বাবে ঘৰত যি যি সামগ্ৰী আছে সকলো লৈ আহিছে। চকী-টেবুল, কাঁহী-বাটি, কাপোৰ-কানি, চাইকেল, মটৰচাইকেল ইত্যাদি। স্বাভাৱিকতে কৰ্মচাৰীসকলৰ এই কাৰ্য্যই বহুতকে ভবাই তুলিছে। আনহাতে এনেকুৱা পৰিস্থিতি অব্যাহত থাকিলে পৰিষদৰ নৰ্মাল কৰ্মচাৰী সকলৰ ভবিষ্যৎ কি হ’ব -এই প্ৰশ্ন উত্থাপিত হৈছে।
আজি নিলাম চৌহদত কৰ্মচাৰী সংস্থাৰ উপ সভাপতি বি থাউচেনে কয়, ‘আমাৰ কাৰণে আৰু বেলেগ ৰাস্তা নথকাৰ কাৰণে বাধ্য হৈ ঘৰৰ আচবাব-পত্ৰ নিলাম কৰাৰ কাৰণে ওলাই আহিব লগা হ’ল। তথাপি পৰিষদ কৰ্তৃপক্ষৰ লগতে চৰকাৰৰ ওচৰত আমাৰ অনুৰোধ যে বাকী থকা দৰমহা প্ৰদানৰ ক্ষেত্ৰত ব্যৱস্থা লওক।
জানিব পৰা মতে পাৰ্বত্য পৰিষদৰ দৰমহা প্ৰদানৰ কাৰণে পৰ্যাপ্ত তহবিল নথকাৰ কাৰণে এনে সমস্যাৰ সৃষ্টি হৈছে।