• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

“বিয়া চাকৰি নহয় আৰু পত্নী বনকৰা তিৰোতা নহয়’’ : বিবাহ বিচ্ছেদৰ গোচৰত স্বামীক ডাঙৰ শিক্ষা দিলে উচ্চ ন্যায়ালয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 28, 2026 2:32 pm
123
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিয়াক এটা চুক্তি হিচাপে চোৱাটো ভুল আৰু ঘৰুৱা মহিলা হ’লেই যে তেওঁ সকলো কাম জানিব লাগিব, তেনে আশা কৰাটোও ঠিক নহয়। শেহতীয়াকৈ এটা বিবাহবিচ্ছেদৰ গোচৰৰ শুনানি গ্ৰহণ কৰি বোম্বে উচ্চ ন্যায়ালয়ে এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

আদালতে স্পষ্টকৈ কয় যে পত্নী কোনো বনকৰা মানুহ বা পৰিচাৰিকা নহয়। ৰান্ধিব নোৱাৰা বা ঘৰৰ কাম ঠিকমতে কৰিব নোৱাৰাটোক কেতিয়াও ক্ৰূৰতা বুলি ক’ব নোৱাৰি। এই বুলি কৈ আদালতে গোচৰকাৰী স্বামীক তীব্ৰ ভৎসৰ্না কৰে।

Apply Now

জানিব পৰা মতে, ২০০২ চনত এই যুগলটোৰ বিবাহ সম্পন্ন হৈছিল। কিন্তু বিয়াৰ এবছৰৰ ভিতৰতে পত্নীৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰি স্বামীয়ে বিবাহবিচ্ছেদৰ গোচৰ তৰিছিল। কেৱল ইমানেই নহয়, স্বামীয়ে পত্নীক কোনো ধৰণৰ ভৰণপোষণ দিবলৈও মান্তি হোৱা নাছিল।

বান্দ্ৰাৰ পৰিয়াল আদালতে প্ৰথমতে স্বামীৰ পক্ষতে ৰায় দি বিবাহবিচ্ছেদৰ মঞ্জুৰী দিছিল। কিন্তু পৰৱৰ্তী সময়ত যেতিয়া এই বিষয়টো উচ্চ ন্যায়ালয়ৰ ওচৰ পায়, তেতিয়া সমগ্ৰ ৰায়টো সলনি হৈ যায়।

যোৱা ৮ মে’ত অহা এক ৰায়দানত ন্যায়াধীশ ভাৰতী ডাংৰে আৰু ন্যায়াধীশ মঞ্জুষা দেশপাণ্ডেৰ ডিভিজন বেঞ্চে পৰিয়াল আদালতৰ পূৰ্বৰ ৰায় খাৰিজ কৰি দিয়ে। উচ্চ ন্যায়ালয়ে কয় যে বিবাহিত জীৱনত ৰন্ধা-বঢ়া কৰা, চাফ-চিকুণ কৰা বা ঘৰুৱা কাম-কাজ কৰাটো কোনো মহিলাৰ বাধ্যতামূলক দায়িত্ব হ’ব নোৱাৰে। এইবোৰ কৰিব নোৱাৰাটো ক্ৰূৰতাৰ আওতাত নাযায়। আদালতৰ মতে, বিবাহ সদায় সমতাৰ ভিত্তিত গঢ়ি উঠে আৰু ইয়াত কোনো এটা পক্ষ আনটো পক্ষৰ দাস বা কৰ্মচাৰী নহয়।

উচ্চ ন্যায়ালয়ে লগতে কয় যে পৰিয়াল আদালতে পত্নীক ভৰণপোষণ নিদিয়াৰ বাবে যি যুক্তি দিছিল, সেয়া সম্পূৰ্ণ অযৌক্তিক আছিল। কেৱল এটা আৰ্ট এণ্ড ক্ৰাফ্ট ক্লাছৰ বিজ্ঞাপন প্ৰকাশ হোৱা ঘটনাটোক ভিত্তি কৰিয়েই ধৰি লোৱা হৈছিল যে পত্নীয়ে নিয়মীয়াকৈ উপাৰ্জন কৰে, যাৰ কোনো প্ৰমাণ আদালতত নাছিল। আদালতে ইয়াক কেৱল এটা অনুমান বুলি অভিহিত কৰে। ইয়াৰ উপৰিও আদালতে উল্লেখ কৰে যে স্বামী নিজে এজন চাৰ্টাৰ্ড একাউণ্টেণ্ট অৰ্থাৎ চিএ। তেওঁ আৰ্থিকভাৱে যথেষ্ট স্বচ্ছল আৰু পত্নীৰ খৰচ বহন কৰিবলৈ সম্পূৰ্ণ সক্ষম। গতিকে ভৰণপোষণ নিদিয়াৰ দাবী কোনো কাৰণতে গ্ৰহণযোগ্য নহয়।

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি, স্বামীয়ে পত্নীক প্ৰতি মাহে ভৰণপোষণ বাবদ ১০ হাজাৰ টকা আৰু থকাৰ খৰচ হিচাপে অতিৰিক্ত ১০ হাজাৰ টকা দিব লাগিব। এই চৰ্ত মানি ল’লেহে বিবাহবিচ্ছেদৰ অনুমতি দিয়া হ’ব বুলি আদালতে স্পষ্ট কৰি দিয়ে। আদালতৰ এই ৰায়ে আকৌ এবাৰ প্ৰমাণ কৰিলে যে ঘৰৰ কাম-কাজ কেৱল মহিলাৰ অকলে দায়িত্ব নহয়, বৰঞ্চ বিবাহিত জীৱনত দায়িত্ব আৰু কৰ্তব্য ভাগ-বতৰা কৰি লোৱাটোৱেহে প্ৰকৃত সমতা।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আইনী জটিলতাত আৱদ্ধ! আদানীৰ বিৰুদ্ধে গোচৰ খাৰিজ কৰিবলৈ অস্বীকাৰ নিউয়ৰ্কৰ আদালতৰ

আইনী জটিলতাত আৱদ্ধ! আদানীৰ বিৰুদ্ধে গোচৰ খাৰিজ কৰিবলৈ অস্বীকাৰ নিউয়ৰ্কৰ আদালতৰ

June 28, 2026 12:33 pm
ফ্ৰী কিকত দুৰ্দান্ত গ’ল মেছিৰ, গঢ়িলে বিশ্ব অভিলেখ; জৰ্ডানক ৩-১ গ’লত পৰাস্ত কৰিলে আৰ্জেণ্টিনাই

ফ্ৰী কিকত দুৰ্দান্ত গ’ল মেছিৰ, গঢ়িলে বিশ্ব অভিলেখ; জৰ্ডানক ৩-১ গ’লত পৰাস্ত কৰিলে আৰ্জেণ্টিনাই

June 28, 2026 11:22 am
‘বিয়া ভঙাতকৈ হত্যা কৰাটো সহজ আছিল!’ কেতন হত্যাকাণ্ডৰ ঘটনাত যুৱতীৰ ভাষ্যত স্তম্ভিত আৰক্ষীও

‘বিয়া ভঙাতকৈ হত্যা কৰাটো সহজ আছিল!’ কেতন হত্যাকাণ্ডৰ ঘটনাত যুৱতীৰ ভাষ্যত স্তম্ভিত আৰক্ষীও

June 28, 2026 10:15 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

June 28, 2026 9:15 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আইনী জটিলতাত আৱদ্ধ! আদানীৰ বিৰুদ্ধে গোচৰ খাৰিজ কৰিবলৈ অস্বীকাৰ নিউয়ৰ্কৰ আদালতৰ

আইনী জটিলতাত আৱদ্ধ! আদানীৰ বিৰুদ্ধে গোচৰ খাৰিজ কৰিবলৈ অস্বীকাৰ নিউয়ৰ্কৰ আদালতৰ

June 28, 2026 12:33 pm
ফ্ৰী কিকত দুৰ্দান্ত গ’ল মেছিৰ, গঢ়িলে বিশ্ব অভিলেখ; জৰ্ডানক ৩-১ গ’লত পৰাস্ত কৰিলে আৰ্জেণ্টিনাই

ফ্ৰী কিকত দুৰ্দান্ত গ’ল মেছিৰ, গঢ়িলে বিশ্ব অভিলেখ; জৰ্ডানক ৩-১ গ’লত পৰাস্ত কৰিলে আৰ্জেণ্টিনাই

June 28, 2026 11:22 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd