ভাৰত এতিয়া আৰু আগৰ ভাৰত হৈ থকা নাই। ভাৰত এতিয়া এখন অঘোষিত হিন্দু ৰাষ্ট্ৰ। এই কথাটো আমি বৰকৈ উপলব্ধি কৰোঁ মুছলমানসকলৰ উৎসৱ ঈদ, মহৰম পালনৰ সময়ত আৰু খ্ৰীষ্টানসকলৰ বৰদিন পালনৰ সময়ত। বকৰীদৰ কিমান দিন আগৰ পৰা কাৰ কিমান হুমকি, কাৰ কিমান কথা! কালি দুঘৰলৈ ঈদৰ নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ গৈছিলোঁ। তাৰে এঘৰত আমি মাটন-বিৰিয়ানী খালোঁ। অইন এঘৰত কি খালোঁ জানেনে? চিৰা-দৈ আৰু বিভিন্ন ধৰণৰ মিঠাই। আহিবৰ সময়ত ঘৰৰ মুৰব্বীয়ে আমাক তেওঁলোকে নতুনকৈ সজা ঘৰটো দেখুৱালে। ঘৰৰ ভিতৰলৈ গৈ দেখোঁ তেওঁলোকৰ ল’ৰা তিনিটাই খাই আছে, কিন্তু পৰিৱেশটো নিৰুত্তাপ, গোমা।
আচলতে কেৱল তেওঁলোকৰ ঘৰৰে পৰিৱেশনে এইটো? এইটো সমগ্ৰ দেশৰে পৰিৱেশ। এতিয়া উৎসৱ-পাৰ্বন আহিলে এই সকল লোকৰ ফুৰ্তিতকৈ দুৰ্ভাৱনাহে বেছি! ক’ৰবাত কিবা এটা দুৰ্ঘটনা নঘটিলেই ৰক্ষা। ছেহ! আমি কি কৰি পেলালোঁ এই দেশখন? আমাৰ চকুৰ আগতে কি ভাৰত কি হৈ গ’ল! মোৰ মনত পৰিছে আজিৰ পৰা ৪০ বছৰৰ আগৰ কথা। গুৱাহাটী বিশ্ববিদ্যালয়ত দৰ্শনত এম.এ. পঢ়ি থকা সময়ত মই হোষ্টেলত থকা নাছিলোঁ; ভাড়া ঘৰত আছিলোঁ। কিন্তু পৰীক্ষাৰ সময়ত যাতে অলপ মনোযোগ দি পঢ়া-শুনা কৰিব পাৰোঁ, তাৰ কাৰণে মোৰ বন্ধু মহলে চিন্তা কৰিছিল। পৰীক্ষালৈ কেইমাহমান থাকোঁতে, সেই সময়ত এছ.বি.আই.ত কাম কৰা অসিতদাই (অসিত বৰণ চক্ৰৱৰ্তী) মোক তেওঁলোকৰ লগত থাকিবলৈ লৈ গৈছিল। তেতিয়া তেওঁলোক পানবজাৰৰ ডনবস্ক’ স্কুলৰ পিছফালে সৰু ভাড়া ঘৰ এটাত আছিল। তেওঁৰ লগত বেংকত কাম কৰা তেওঁৰ ভাইয়েক সুজিত আৰু কিবা এটা প্ৰাইভেট কাম কৰা তেওঁৰ সম্পৰ্কীয় ভাইয়েক বাৎসু।
এইটো আছিল এটা বঙালী পৰিয়াল। তেওঁলোকৰ লগত তেনেদৰে কেইমাহমান থকাৰ পিছত, অলপ আহল-বহল ঘৰ এটাত মোৰ পঢ়াৰ সুবিধা হ’ব বুলি মোৰ বন্ধু নেচিমূল মজিদে মোক তেওঁলোক থকা নাৰেংগীৰ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ চৰকাৰী বাংলোলৈ লৈ গৈছিল। নেচিমৰ আব্বা, প্ৰখ্যাত চলচ্চিত্ৰ পৰিচালক আব্দুল মজিদ তেতিয়া বিদ্যুৎ পৰিষদত কৰ্মৰত আছিল। এঘৰ বঙালী আৰু আনঘৰ মুছলমান। আমি একেই, কিন্তু তাৰ মাজতো আমাৰ সূক্ষ্ম সাংস্কৃতিক পাৰ্থক্য। এই সূক্ষ্ম পাৰ্থক্যটোৱেই হৈছে বৈচিত্ৰ্য। এই বৈচিত্ৰ্য হ’ল গণতন্ত্ৰৰ এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। অসিতদাহঁতৰ তাত থাকোতে দেওবাৰে তেওঁলোকে ৰন্ধা কণীৰ আঞ্জাখনৰ সোৱাদ আজিও মোৰ জিভাত লাগি আছে। মই মজিদখুৰাহঁতৰ ঘৰত থাকোঁতে তেওঁলোকৰ ওচৰ-চুবুৰীয়াই খুৰীদেউক সুধিছিল— “ইমানদিনে তোমালোকৰ তিনিটা ল’ৰা নেচিম, কাজু আৰু ভাইটিৰ কথাহে জানিছিলোঁ, তোমালোকৰ আৰু এটা ল’ৰা আছিল নেকি?” আমি ইমানেই মিলি-জুলি আছিলোঁ। ইমানদিন অনাই-বনাই ঘূৰি ফুৰাৰ পিছত তেওঁলোকৰ ঘৰতে প্ৰথম মোৰ সময়মতে খাদ্য খোৱাৰ সৌভাগ্য হৈছিল। তেতিয়াই গা ধোৱা ঘৰত সোমাই শৰীৰত প্ৰথমবাৰলৈ সমান্য চৰ্বিৰ উমান পাইছিলোঁ।তেওঁলোকৰ ঘৰত ৰন্ধা মুৰ্গী, ছাগলী মাংসৰ কি ৰং, কি সোৱাদ! তাৰ পিছত অসমৰ বাহিৰত চাকৰি কৰিবলৈ গৈ ভাৰতৰ পূব-পশ্চিম, উত্তৰ-দক্ষিণ সকলোতে থাকিলোঁ। সকলো ঠাইৰ জীৱনশৈলী দেখিলোঁ। আচৰিত কথা, কলিকতাত থাকোঁতে এটা সময়ত খাদ্যৰ সোৱাদ আৰু গোন্ধৰ পৰাই মই কৈ দিব পাৰিছিলোঁ মানুহঘৰ ইপাৰ বাংলাৰ নে সিপাৰ বাংলাৰ। আমাৰ কাপোৰ-কানি, ৰন্ধন প্ৰণালী, সংগীত, শিল্প, চিত্ৰকলা— সকলোতে কি বৈচিত্ৰ্য! খাদ্য কেৱল খাদ্য নহয়, যেন ইতিহাস! হাজাৰ বছৰ ধৰি সংস্কৃতিৰ আদান-প্ৰদান। কেতিয়াও কোনো সংঘাত-সংঘৰ্ষ হোৱা নাছিল এনে নহয়, কিন্তু তাৰ মাজেৰেও মিল-অমিল আৰু বিৱৰ্তনৰ মাজেৰে আমাৰ সংস্কৃতিৰ বোৱতী সূঁতি বৈ আছিল। ক’ৰবাত ক’ৰবাত ধৰ্ম আৰু সংস্কৃতিও মিলি গৈছে।
কিন্তু এতিয়া হিন্দুত্বৰ নামত তেওঁলোকে আমাৰ চিৰযুগমীয়া বৈচিত্ৰ্যৰ মাজৰ ঐক্য হানি কৰিব বিচাৰিছে। এতিয়া তেওঁলোকে বিভেদকে সাৰমৰ্ম কৰি তুলিছে। এই বিভেদৰ প্ৰথম বীজ কোনে সিঁচিছিল জানেনো? ব্ৰিটিছে, বংগ বিভাজনৰ দ্বাৰা ১৯০৫ চনত। আৰু তাক এতিয়া কোনে সাৰ-পানী দি জীয়াই ৰাখিছে! বিজেপিয়ে নহয়নে? কথাটো অলপ জাঁপ মৰা ধৰণৰ হ’লেও, এই ক্ষেত্ৰত আন এটা উদাহৰণ দিব বিচাৰিছোঁ— ইজৰাইল সৃষ্টিত কোনে মূল অৰিহণা যোগাইছিল? গ্ৰেট ব্ৰিটেইন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই। ইজৰাইল সৃষ্টিৰ পিছত মধ্যপ্ৰাচ্যত কি অৱস্থাৰ সৃষ্টি হৈছে দেখিছে? গাজাৰ অৱস্থা দেখিছে ! আৰু দেশ বিভাজনৰ পিছত এছিয়া উপ-মহাদেশলৈ চাওক। এইটো হৈছে আমাৰ বিভাজনৰ ঐতিহ্য। আমাক বিভাজিত কৰি তেওঁলোকে আমাৰ সম্পদ লুটিব। এতিয়া চাওক, যিমানেই আমাৰ দেশৰ অৰ্থনৈতিক অৱস্থা শোচনীয় হৈ আহিছে, সিমানেই হিন্দু-মুছলমান বিভাজনৰ চিঞৰ-বাখৰ কাণতাল মৰা হৈ আহিছে। পেট্ৰ’ল, ডিজেলৰ দাম বাঢ়ি আছে, বজাৰত জুই লাগিছে। তেওঁলোকে এফালে আমাক মিতব্যয়ী হ’বলৈ কৈ আছে আৰু আনফালে হিন্দু-মুছলমানৰ ৰণশিঙা যিমান বেছিকৈ বজাব পাৰে বজাই আছে। হয়তো মই কথাবোৰ অলপ বেছি সৰলীকৰণ কৰি কৈছোঁ। কিন্তু পৰিস্থিতিটো সাধাৰণভাৱে সেইটোৱে নহয় জানো? আমাৰ কি দেশ কি হৈ গ’ল!





