• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিশ্বকাপ খেলিবলৈ যোৱা ইৰাকৰ তাৰকা খেলুৱৈক আমেৰিকাত সন্ত্ৰাসবাদীৰ সন্দেহ, বিমান বন্দৰত সাত ঘণ্টা ধৰি জেৰা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 9, 2026 6:47 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দীৰ্ঘ চাৰিটা দশকৰ অন্তত ইৰাকৰ ফুটবল দলে আকৌ এবাৰ বিশ্বৰ আটাইতকৈ ডাঙৰ প্ৰতিযোগিতা বিশ্বকাপৰ মঞ্চত খেলিবলৈ যোগ্যতা অৰ্জন কৰিছে। এই ডাঙৰ সফলতাৰ আঁৰত থকা আটাইতকৈ গুৰুত্বপূৰ্ণ খেলুৱৈগৰাকী হ’ল আয়মান হুচেইন। বলিভিয়াৰ বিৰুদ্ধে খেলা নিৰ্ণায়ক খেলখনত তেওঁৰ গ’লৰ সহায়তে ইৰাকে জয়লাভ কৰিছিল আৰু তেওঁক নিজ দেশত এজন জাতীয় নায়ক হিচাপে গণ্য কৰা হয়। কিন্তু সেই একেগৰাকী তাৰকা খেলুৱৈ আয়মানৰ সৈতে আমেৰিকাৰ বিমান বন্দৰত এজন সন্ত্ৰাসবাদীৰ দৰে ব্যৱহাৰ কৰাৰ ঘটনাই এতিয়া তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰিছে।

স্পেইনৰ বিৰুদ্ধে প্ৰস্তুতিমূলক খেলখন খেলি ইৰাকৰ দলটোৱে আমেৰিকাত উপস্থিত হৈছিল। চিকাগোৰ বিমান বন্দৰত দলটো অৱতৰণ কৰাৰ পিছতে আয়মান হুচেইনক হাৰাশাস্তি কৰা আৰম্ভ হয়। দলৰ বাকীসকল খেলুৱৈক এৰি দিলেও আয়মানক আমেৰিকাৰ সুৰক্ষা কৰ্মীয়ে আটক কৰে। নিজৰ দেশৰ হৈ ৮৯ খন খেলত ৩২ টা গ’ল কৰা এই ত্ৰিশ বছৰীয়া খেলুৱৈ তথা দলৰ অধিনায়কগৰাকীক এটা সুকীয়া কোঠালৈ লৈ যোৱা হয় আৰু তাত তেওঁক দীৰ্ঘ সময় ধৰি সোধা-পোছা কৰা হয়। ইৰাক দলৰ বিষয়াসকলে তেওঁক মুক্ত কৰিবলৈ সকলো ধৰণৰ চেষ্টা চলাইছিল যদিও প্ৰথম অৱস্থাত সফল হোৱা নাছিল। অৱশেষত দীৰ্ঘ সাত ঘণ্টা ধৰি চলা জেৰাৰ অন্ততহে আয়মানক মুক্তি দিয়া হয়।

Apply Now

আমেৰিকাৰ প্ৰশাসনৰ তৰফৰ পৰা জনোৱা হৈছে যে এজন চিনাক্ত সন্ত্ৰাসবাদীৰ সৈতে আয়মানৰ নামৰ মিল থকাৰ বাবেই তেওঁক সন্দেহবশতঃ আটক কৰা হৈছিল। কিন্তু আটাইতকৈ ডাঙৰ আৰু দুখজনক কথাটো হ’ল যে আয়মান হুচেইন নিজেই সন্ত্ৰাসবাদৰ এগৰাকী ভুক্তভোগী। তেওঁৰ পিতৃ ইৰাকৰ সেনাবাহিনীৰ এজন সদস্য আছিল আৰু ২০০৮ চনত অল কায়দাৰ সৈতে হোৱা যুদ্ধত তেওঁ নিহত হৈছিল। কেৱল সেয়াই নহয়, ২০১৪ চনত ইচলামিক ষ্টেটৰ সন্ত্ৰাসবাদীয়ে আয়মানৰ ভাতৃক অপহৰণ কৰি লৈ গৈছিল আৰু তেতিয়াৰ পৰাই তেওঁ নিৰুদ্দেশ হৈ আছে। এনে এক দেশপ্ৰেমী পৰিয়ালৰ সদস্য তথা এগৰাকী আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াবিদক সন্ত্ৰাসবাদী বুলি সন্দেহ কৰি কৰা এই দুৰ্ব্যৱহাৰক লৈ এতিয়া সকলোৱে ক্ষোভ প্ৰকাশ কৰিছে, যদিও এই সন্দৰ্ভত আমেৰিকা প্ৰশাসনে বৰ্তমানলৈকে কোনো আনুষ্ঠানিক বিবৃতি দিয়া নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অতিৰিক্ত পৰিমাণে ৰাসায়নিক কীটনাশক ব্যৱহাৰৰ অভিযোগ: জাপানৰ পাছত এইবাৰ নেপালতো নিষিদ্ধ ভাৰতীয় আম

অতিৰিক্ত পৰিমাণে ৰাসায়নিক কীটনাশক ব্যৱহাৰৰ অভিযোগ: জাপানৰ পাছত এইবাৰ নেপালতো নিষিদ্ধ ভাৰতীয় আম

June 9, 2026 6:56 pm
বিশ্বকাপ খেলিবলৈ যোৱা ইৰাকৰ তাৰকা খেলুৱৈক আমেৰিকাত সন্ত্ৰাসবাদীৰ সন্দেহ, বিমান বন্দৰত সাত ঘণ্টা ধৰি জেৰা

বিশ্বকাপ খেলিবলৈ যোৱা ইৰাকৰ তাৰকা খেলুৱৈক আমেৰিকাত সন্ত্ৰাসবাদীৰ সন্দেহ, বিমান বন্দৰত সাত ঘণ্টা ধৰি জেৰা

June 9, 2026 6:47 pm

FONBET ΚΩΔΙΚΟΣ ΠΡΟΣΦΟΡΑΣ* ΔΕΣ ΤΙ ΙΣΧΥΕΙ ΕΔΩ

June 9, 2026 6:44 pm
ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠকত কংগ্ৰেছৰ ভূমিকাক লৈ চিপিআই(এম)ৰ তীব্ৰ আপত্তি, মুখ্য ন্যায়াধীশলৈ চিঠি প্ৰেৰণৰ সিদ্ধান্ত

ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠকত কংগ্ৰেছৰ ভূমিকাক লৈ চিপিআই(এম)ৰ তীব্ৰ আপত্তি, মুখ্য ন্যায়াধীশলৈ চিঠি প্ৰেৰণৰ সিদ্ধান্ত

June 9, 2026 6:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অতিৰিক্ত পৰিমাণে ৰাসায়নিক কীটনাশক ব্যৱহাৰৰ অভিযোগ: জাপানৰ পাছত এইবাৰ নেপালতো নিষিদ্ধ ভাৰতীয় আম

অতিৰিক্ত পৰিমাণে ৰাসায়নিক কীটনাশক ব্যৱহাৰৰ অভিযোগ: জাপানৰ পাছত এইবাৰ নেপালতো নিষিদ্ধ ভাৰতীয় আম

June 9, 2026 6:56 pm
বিশ্বকাপ খেলিবলৈ যোৱা ইৰাকৰ তাৰকা খেলুৱৈক আমেৰিকাত সন্ত্ৰাসবাদীৰ সন্দেহ, বিমান বন্দৰত সাত ঘণ্টা ধৰি জেৰা

বিশ্বকাপ খেলিবলৈ যোৱা ইৰাকৰ তাৰকা খেলুৱৈক আমেৰিকাত সন্ত্ৰাসবাদীৰ সন্দেহ, বিমান বন্দৰত সাত ঘণ্টা ধৰি জেৰা

June 9, 2026 6:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd