• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰাষ্ট্ৰসংঘৰ মঞ্চত ইজৰাইলৰ প্ৰতিনিধিৰ চৰম অহংকাৰ, মহিলা প্ৰতিনিধিক মুখ বন্ধ ৰাখিবলৈ ধমকি

ৰাষ্ট্ৰসংঘৰ মঞ্চত এইবাৰ এক অভূতপূৰ্ব পৰিস্থিতিৰ সৃষ্টি হৈছে য’ত ইজৰাইলৰ প্ৰতিনিধিয়ে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছৰ মহিলা প্ৰতিনিধিক তীব্ৰভাৱে অপমান কৰে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 20, 2026 6:56 pm
63
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰসংঘৰ মঞ্চত এইবাৰ এক অভূতপূৰ্ব পৰিস্থিতিৰ সৃষ্টি হৈছে য’ত ইজৰাইলৰ প্ৰতিনিধিয়ে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছৰ মহিলা প্ৰতিনিধিক তীব্ৰভাৱে অপমান কৰে। সমগ্ৰ সন্মিলনৰ সন্মুখতে ইজৰাইলৰ প্ৰতিনিধিয়ে মহিলাগৰাকীক ব্যক্তিগতভাৱে আক্ৰমণ কৰি মনে মনে থাকিবলৈ অথবা সভা কক্ষৰ পৰা ওলাই যাবলৈ কঢ়া সকীয়নি দিয়ে। ৰাষ্ট্ৰসংঘৰ দৰে এক সন্মানীয় মঞ্চত ইজৰাইলৰ প্ৰতিনিধিৰ এনে আচৰণক লৈ এতিয়া বিশ্বজুৰি তীব্ৰ সমালোচনাৰ সৃষ্টি হৈছে যদিও এই সন্দৰ্ভত ইজৰাইল চৰকাৰে বৰ্তমানলৈকে কোনো স্পষ্টীকৰণ দিয়া নাই।

এই উত্তপ্ত তৰ্কৰ সূত্ৰপাত হৈছিল ৰাষ্ট্ৰসংঘৰ এটা বিশেষ প্ৰতিবেদনক কেন্দ্ৰ কৰি। ৰাষ্ট্ৰসংঘত ইজৰাইলৰ প্ৰতিনিধি ডেনী ডেননে সচিব প্ৰধানৰ বিশেষ প্ৰতিনিধি প্ৰমীলা পাটানক পদৰ পৰা বৰ্খাস্ত কৰাৰ দাবী উত্থাপন কৰে। কাৰণ প্ৰমীলা পাটানৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছিল যে যুদ্ধের সময়ত ইজৰাইলে ধাৰাবাহিকভাৱে যৌন নিৰ্যাতন চলাইছে আৰু এই অপৰাধৰ বাবে ইজৰাইলক ক’লা তালিকাভুক্ত কৰিব লাগে। এই প্ৰতিবেদনক লৈ ক্ষোভিত হৈ ইজৰাইলৰ প্ৰতিনিধি ডেনী ডেননে অভিযোগ কৰে যে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানে ইচ্ছাকৃতভাৱে ইজৰাইলক লক্ষ্য কৰি লৈছে আৰু তেওঁৰ চাপতে এই প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে।

Apply Now

এই মন্তব্যৰ তীব্ৰ প্ৰতিবাদ কৰে সচিব প্ৰধানৰ আন এগৰাকী প্ৰতিনিধি ভেনেছা ফ্ৰেচিয়াৰে। তেওঁ স্পষ্টকৈ কয় যে ইজৰাইলৰ প্ৰতিনিধিয়ে ব্যক্তিগত আক্ৰমণ চলাইছে আৰু বিভিন্ন উৎসৰ পৰা পোৱা তথ্যৰ আধাৰতহে এই প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে। এই কথা শুনিয়েই ইজৰাইলৰ প্ৰতিনিধিগৰাকী খঙত অগ্নিশৰ্মা হৈ পৰে আৰু কয় যে তেওঁলোক ৰাষ্ট্ৰসংঘৰ সদস্য অৰ্থাৎ মালিক আৰু ভেনেছা ফ্ৰেচিয়াৰ তাৰে এগৰাকী কৰ্মচাৰীহে। গতিকে তেওঁক মুখ বন্ধ কৰি ৰাখিবলৈ নিৰ্দেশ দি কয় যে তেওঁলোকৰ বিৰুদ্ধে কোনো অপপ্ৰচাৰ সহ্য কৰা নহ’ব আৰু যদি তেওঁ মনে মনে কথা শুনিব নোৱাৰে তেন্তে সভা এৰি ওলাই যাব পাৰে। এই সমগ্ৰ ঘটনাৰ এটা দৃশ্য বৰ্তমান ইণ্টাৰনেটত বহুলভাৱে বিয়পি পৰিছে।

উল্লেখ্য যে ইজৰাইলৰ কাৰাগাৰৰ পৰা মুক্ত হোৱা কেইবাগৰাকীও বন্দীৰ অভিজ্ঞতাৰ আধাৰত অলপতে এটা তথ্যচিত্ৰ প্ৰকাশ পাইছিল। তাত বন্দীসকলে অভিযোগ কৰিছিল যে কাৰাগাৰত থকাৰ সময়ত ইজৰাইলৰ সেনা বিষয়া আৰু মহিলা নিৰাপত্তাৰক্ষীসকলে তেওঁলোকৰ ওপৰত অকথ্য নিৰ্যাতন চলোৱাৰ উপৰিও যৌন নিৰ্যাতন আৰু ধৰ্ষণৰ দৰে জঘন্য অপৰাধ কৰিছিল। দুই হাজাৰ তেইশ চনৰ অক্টোবৰ মাহৰ পৰা এই নিৰ্যাতন বহুগুণে বৃদ্ধি পাইছিল বুলি জানিব পৰা গৈছে। ৰাষ্ট্ৰসংঘই এই সকলোবোৰ তথ্যৰ আধাৰতে ইজৰাইলৰ বিৰুদ্ধে প্ৰতিবেদনখন প্ৰকাশ কৰিছিল যদিও ইজৰাইলে ইয়াক ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বুলি অভিহিত কৰি নাকচ কৰিছে।

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

August 23, 2026 7:36 pm
কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

August 23, 2026 5:54 pm
‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm
মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

August 23, 2026 3:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

August 23, 2026 7:36 pm
কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

August 23, 2026 5:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd