• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ট্ৰাম্পৰ ভাবুকি! শান্তি বৈঠকৰ পৰা ওলাই গুচি গ’ল ক্ষুব্ধ ইৰাণ; ভেবা লাগি চাই ৰ’ল পাকিস্তান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 22, 2026 11:52 am
97
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেওবাৰে ছুইজাৰলেণ্ডত পাকিস্তান আৰু কাটাৰৰ মধ্যস্থতাত আমেৰিকা আৰু ইৰাণৰ শান্তি বৈঠক অনুষ্ঠিত হৈছিল। প্ৰথম পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হৈ গৈছে। কিন্তু ই কিমান ইতিবাচক আছিল সেই লৈ ইতিমধ্যে প্ৰশ্ন উত্থাপন হ’বলৈ আৰম্ভ কৰিছে। কাৰণ, একাধিক সংবাদ মাধ্যমৰ সূত্ৰৰ মতে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ভাবুকিৰ বাবে ইৰাণৰ প্ৰতিনিধিসকলে ৮০ মিনিটৰ পিছত বৈঠকৰ পৰা ওলাই গৈছিল। এই সমগ্ৰ ঘটনাত পাকিস্তানও স্তম্ভিত হৈ পৰিছে।

কিছুদিন পূৰ্বে ইৰাণ আৰু আমেৰিকাই পশ্চিম এছিয়াত স্থায়ীভাৱে শান্তি ঘূৰাই অনাৰ বাবে বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছিল। কিন্তু চুক্তিখনৰ ১৪ দফীয়া চৰ্ত কাৰ্যকৰী আৰু পুনৰীক্ষণৰ বাবে দেওবাৰে ছুইজাৰলেণ্ডৰ বাৰ্গেনষ্টৰ এখন ৰিজ’ৰ্টত দুয়োখন দেশৰ প্ৰতিনিধিয়ে মুখামুখিকৈ ​​বৈঠকত মিলিত হয়।

Apply Now

আমেৰিকাৰ প্ৰতিনিধি দলটোৰ নেতৃত্বত আছিল আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্স। আনহাতে, ইৰাণৰ প্ৰতিনিধি দলটোৰ নেতৃত্বত আছিল সেই দেশৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘচি।

সূত্ৰসমূহৰ পৰা জানিব পৰা মতে, আলোচনাৰ প্ৰথম ৮০ মিনিট মসৃণভাৱে সমাপ্ত হয়। কিন্তু তাৰ পিছত বিৰতি লোৱা হয় । বিৰতিৰ পিছত পুনৰ দুয়োপক্ষৰ সাক্ষাৎ হোৱাৰ কথা আছিল। কিন্তু ইয়াৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে লেবাননৰ বিষয়টো উত্থাপন কৰি তেহৰাণক ভাবুকি প্ৰদান কৰে। তেওঁ কয়, “ইৰাণ সমৰ্থিত হিজবুল্লাহ আৰু লেবাননৰ অন্যান্য গোটসমূহে যদি অশান্তি বন্ধ নকৰে তেন্তে ইৰাণক পুনৰ আক্ৰমণ কৰা হ’ব। আৰু এই আক্ৰমণ পূৰ্বতকৈ ডাঙৰ আৰু শক্তিশালী হ’ব।”

ট্ৰাম্পৰ এনেকুৱা আক্ৰমণৰ পিছতে ক্ষুব্ধ ইৰাণৰ প্ৰতিনিধিয়ে বৈঠক এৰি গুচি যায়। কিন্তু শান্তি বৈঠকখন সম্পূৰ্ণৰূপে বাতিল হৈ যোৱা নাই বুলি জনা গৈছে। সোমবাৰে পুনৰ দুয়োপক্ষ মুখামুখি আলোচনাত মিলিত হ’ব।

শেহতীয়া সংঘাতৰ পৰিৱেশত এই বৈঠক অতি উল্লেখযোগ্য আছিল। ইৰাণৰ প্ৰতিনিধিৰ সৈতে সাক্ষাৎ কৰি আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি ভেন্সে দাবী কৰে যে বৈঠকত বিভিন্ন ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰা হৈছে। যদিও লেবানন আৰু হৰমুজ প্ৰণালীৰ দৰে বিষয়ত মতানৈক্য থাকি গ’ল। কেৱল সেয়াই নহয়, তেওঁ ট্ৰাম্পৰ বাৰ্তাও প্ৰেৰণ কৰে। তেওঁ কয়, “কূটনীতিৰ জৰিয়তে আলোচনা আগবাঢ়িলে তেহৰাণৰ সৈতে সম্পৰ্ক উন্নত কৰিবলৈ ৱাশ্বিংটন সাজু। অৰ্থপূৰ্ণ কূটনৈতিক চুক্তিৰ বাবে আপোচ আৰু নিৰন্তৰ প্ৰচেষ্টাৰ প্ৰয়োজন।”

মন কৰিবলগীয়া যে ইৰাণ-আমেৰিকাৰ শান্তিৰ বাবে ১৪টা চৰ্তত এই বুজাবুজি চুক্তি স্বাক্ষৰিত হৈছিল। ইয়াৰ ভিতৰত আটাইতকৈ উল্লেখযোগ্য হ’ল ইৰাণ, লেবানন আৰু বাকী মধ্যপ্ৰাচ্যৰ যুদ্ধ বন্ধ হ’ব। ইজৰাইল আৰু আমেৰিকাই নিশ্চয়তা দিব যে নতুনকৈ আৰু কোনো যুদ্ধ নহ’ব। আমেৰিকাই হৰমুজৰ অৱৰোধ উঠাই ল’ব। ইৰাণেও হৰমুজ মুকলি কৰিব। সেইদৰে ইৰাণৰ জাহাজৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰা হ’ব।

আনহাতে, ইৰাণৰ জব্দ কৰা ২৪ মিলিয়ন ডলাৰ ঘূৰাই দিয়া হ’ব। ইৰাণৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰা হ’ব। ৩০ দিনৰ ভিতৰত ইৰাণৰ আশে পাশে থকা অঞ্চলৰ পৰা সৈন্য প্ৰত্যাহাৰ কৰা হ’ব। আৰু আটাইতকৈ ডাঙৰ কথাটো হ’ল ইৰাণে পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ নকৰে। ৬০ শতাংশ সমৃদ্ধ ইউৰেনিয়ামৰ ভৱিষ্যত সন্দৰ্ভত আলোচনা অব্যাহত থাকিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এইবাৰ আকৌ কি হ’ল? ভাৰতৰ বিৰুদ্ধে চিধাচিধি সামৰিক পদক্ষেপৰ ভাবুকি পাকিস্তানৰ

এইবাৰ আকৌ কি হ’ল? ভাৰতৰ বিৰুদ্ধে চিধাচিধি সামৰিক পদক্ষেপৰ ভাবুকি পাকিস্তানৰ

June 22, 2026 1:25 pm
বিষ্ণু প্ৰসাদ ৰাভাৰ ব্যাক্তিত্বৰ আকৰ্ষণ

বিষ্ণু প্ৰসাদ ৰাভাৰ ব্যাক্তিত্বৰ আকৰ্ষণ

June 22, 2026 12:33 pm
ট্ৰাম্পৰ ভাবুকি! শান্তি বৈঠকৰ পৰা ওলাই গুচি গ’ল ক্ষুব্ধ ইৰাণ; ভেবা লাগি চাই ৰ’ল পাকিস্তান

ট্ৰাম্পৰ ভাবুকি! শান্তি বৈঠকৰ পৰা ওলাই গুচি গ’ল ক্ষুব্ধ ইৰাণ; ভেবা লাগি চাই ৰ’ল পাকিস্তান

June 22, 2026 11:52 am
‘মোদীয়ে ধ্বংস কৰিছে দেশ, ট্ৰাম্পে সমগ্ৰ বিশ্ব!’ প্ৰধানমন্ত্ৰীৰ ‘মাই গুড ফ্ৰেণ্ড’ নীতিক কটাক্ষ কংগ্ৰেছৰ

‘মোদীয়ে ধ্বংস কৰিছে দেশ, ট্ৰাম্পে সমগ্ৰ বিশ্ব!’ প্ৰধানমন্ত্ৰীৰ ‘মাই গুড ফ্ৰেণ্ড’ নীতিক কটাক্ষ কংগ্ৰেছৰ

June 22, 2026 11:03 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এইবাৰ আকৌ কি হ’ল? ভাৰতৰ বিৰুদ্ধে চিধাচিধি সামৰিক পদক্ষেপৰ ভাবুকি পাকিস্তানৰ

এইবাৰ আকৌ কি হ’ল? ভাৰতৰ বিৰুদ্ধে চিধাচিধি সামৰিক পদক্ষেপৰ ভাবুকি পাকিস্তানৰ

June 22, 2026 1:25 pm
বিষ্ণু প্ৰসাদ ৰাভাৰ ব্যাক্তিত্বৰ আকৰ্ষণ

বিষ্ণু প্ৰসাদ ৰাভাৰ ব্যাক্তিত্বৰ আকৰ্ষণ

June 22, 2026 12:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd