• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

শিক্ষাৰ্থীৰ সৰ্বাংগীণ কল্যাণৰ লক্ষ্য! মধ্যপ্ৰদেশত নৱাগত ছাত্ৰ-ছাত্ৰীৰ বাবে বাধ্যতামূলক কৰা হ’ল মানসিক স্বাস্থ্যৰ বিশেষ পাঠ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাৱলীৰ ভিত্তিত উচ্চ শিক্ষা বিভাগৰ পদক্ষেপ, মানসিক চাপ আৰু হতাশা দূৰ কৰাৰ লগতে ৰেগিং বিৰোধী বিষয়সমূহ অন্তৰ্ভুক্ত কৰাৰ নিৰ্দেশ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 24, 2026 8:11 pm
13
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিক্ষাৰ্থীসকলৰ সামগ্ৰিক কল্যাণ সুনিশ্চিত কৰাৰ উদ্দেশ্যে মধ্যপ্ৰদেশৰ উচ্চ শিক্ষা বিভাগে ৰাজ্যখনৰ মহাবিদ্যালয়সমূহত নতুনকৈ নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীৰ বাবে মানসিক স্বাস্থ্য সজাগতা এক বাধ্যতামূলক বিষয় হিচাপে অন্তৰ্ভুক্ত কৰিছে। বুধবাৰে জাৰি কৰা এক চৰকাৰী নিৰ্দেশনা মৰ্মে, অহা ১ জুলাইৰ পৰা আৰম্ভ হ‘বলগীয়া নতুন শৈক্ষিক বৰ্ষৰ পৰিচয়মূলক কাৰ্যসূচীৰ অংশ হিচাপে সকলো চৰকাৰী আৰু বেচৰকাৰী মহাবিদ্যালয়ক মানসিক স্বাস্থ্য আৰু সুস্থতাৰ বিশেষ কাৰ্যসূচী আয়োজন কৰিবলৈ কঠোৰ নিৰ্দেশ দিয়া হৈছে।

বিভাগীয় বিবৃতি অনুসৰি, মহাবিদ্যালয়ৰ দিনবোৰত উদ্ভৱ হ‘ব পৰা মানসিক চাপ, উৎকণ্ঠা, হতাশা আৰু আনুষংগিক আৱেগিক সমস্যাসমূহ ফলপ্ৰসূভাৱে পৰিচালনা কৰাত শিক্ষাৰ্থীসকলক সহায় কৰাই হৈছে এই পদক্ষেপৰ প্ৰধান লক্ষ্য। নিৰ্দেশনাটোত উল্লেখ কৰা কৰা অনুসৰি এই কাৰ্যসূচীৰ উদ্দেশ্য হৈছে ছাত্ৰ-ছাত্ৰীসকলক মানসিক স্বাস্থ্যৰ বিষয়ে সজাগ কৰা আৰু তেওঁলোকক মানসিক চাপ, হতাশা আৰু অন্যান্য মনস্তাত্ত্বিক প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰয়োজনীয় নিৰ্দেশনা প্ৰদান কৰা।

Apply Now

এই কাৰ্যসূচীৰ অধীনত মহাবিদ্যালয়সমূহে মানসিক চাপ নিয়ন্ত্ৰণ, সময় ব্যৱস্থাপনা, আৱেগিক ভাৰসাম্য, ইতিবাচক চিন্তা, ধ্যান আৰু জীৱনশৈলীৰ দক্ষতাৰ ওপৰত বিশেষ অধিৱেশন অনুষ্ঠিত কৰিব। শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰিবলৈ আৰু তেওঁলোকক আৱেগিক সুস্থতা বজাই ৰখাৰ ক্ষেত্ৰত পথ প্ৰদৰ্শন কৰিবলৈ স্থানীয় মানসিক স্বাস্থ্য বিশেষজ্ঞ, মনোবিজ্ঞানী আৰু পৰামৰ্শদাতাসকলক আমন্ত্ৰণ জনাবলৈ বিভাগটোৱে প্ৰতিষ্ঠানসমূহক নিৰ্দেশ দিছে। মানসিক স্বাস্থ্যৰ লগতে এই কাৰ্যসূচীত ৰেগিং বিৰোধী নীতি, অভিযোগ নিষ্পত্তি ব্যৱস্থা, মেণ্টৰ-মেণ্টি ব্যৱস্থা, চাইবাৰ বুলিং আৰু দায়িত্বশীল ডিজিটেল আচৰণৰ দৰে গুৰুত্বপূৰ্ণ বিষয়সমূহো সামৰি লোৱা হ‘ব। ইয়াৰ উপৰি, চৌহদত উপলব্ধ পৰামৰ্শদাতা, ৰেগিং বিৰোধী সমিতি আৰু আভ্যন্তৰীণ অভিযোগ সমিতিৰ দৰে সহায়ক ব্যৱস্থাসমূহৰ বিষয়েও শিক্ষাৰ্থীসকলক অৱগত কৰা হ‘ব।

চৰকাৰী নিৰ্দেশনাটোত স্পষ্টকৈ কোৱা হৈছে যে শিক্ষাৰ্থীসকলৰ শৈক্ষিক পাৰদৰ্শিতা, ব্যক্তিত্ব বিকাশ আৰু সামগ্ৰিক সুস্থতাৰ বাবে তেওঁলোকৰ মানসিক স্বাস্থ্য অত্যন্ত গুৰুত্বপূৰ্ণ আৰু সেয়েহে শৈক্ষিক বৰ্ষৰ আৰম্ভণিৰ পৰাই মহাবিদ্যালয়সমূহত এক সুৰক্ষিত, সৰ্বসাঁমৰি আৰু সহায়ক শৈক্ষিক পৰিৱেশ সৃষ্টি কৰা উচিত। চৰকাৰী বিষয়াগৰাকীয়ে প্ৰকাশ কৰা মতে, উচ্চতম ন্যায়ালয়ৰ দ্বাৰা গঠিত ৰাষ্ট্ৰীয় কৰ্মবাহিনীৰ পৰামৰ্শৰ ভিত্তিত এই গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে। উক্ত কৰ্মবাহিনীয়ে শিক্ষানুষ্ঠানসমূহত মানসিক স্বাস্থ্যৰ সহায়ক ব্যৱস্থা অধিক শক্তিশালী কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছিল।

বৰ্তমান ৰাজ্যখনৰ সকলো মহাবিদ্যালয় কৰ্তৃপক্ষক এই কাৰ্যসূচীত নৱাগত ছাত্ৰ-ছাত্ৰীৰ সৰ্বাধিক অংশগ্ৰহণ সুনিশ্চিত কৰিবলৈ আৰু পৰৱৰ্তী সময়ত ইয়াৰ প্ৰতিবেদন, আলোকচিত্ৰ তথা অন্যান্য সবিশেষ বিভাগীয় কাৰ্যালয়ত নিৰ্ধাৰিত সময়ৰ ভিতৰত দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। নতুন শৈক্ষিক বৰ্ষত মধ্যপ্ৰদেশৰ মহাবিদ্যালয়সমূহত নামভৰ্তি কৰা সহস্ৰাধিক শিক্ষাৰ্থীয়ে এই পদক্ষেপৰ জৰিয়তে চৌহদৰ নতুন পৰিৱেশৰ সৈতে সহজে খাপ খোৱাত সুবিধা পাব আৰু প্ৰয়োজন অনুসৰি যথোপযুক্ত মানসিক সাহায্য লাভ কৰিবলৈ সক্ষম হ‘ব বুলি আশা প্ৰকাশ কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

August 29, 2026 9:20 pm
২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

August 29, 2026 8:16 pm
অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

August 29, 2026 7:28 pm
খাৰ্গেৰ সভাস্থলীত ‘শুদ্ধিকৰণ’! অস্পৃশ্যতাৰ নতুন ৰূপ বুলি বিজেপি-আৰএছএছক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

খাৰ্গেৰ সভাস্থলীত ‘শুদ্ধিকৰণ’! অস্পৃশ্যতাৰ নতুন ৰূপ বুলি বিজেপি-আৰএছএছক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

August 29, 2026 6:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

August 29, 2026 9:20 pm
২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

August 29, 2026 8:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd