গাজাত চলি থকা দীঘলীয়া সংঘৰ্ষই পেলেষ্টাইনী শিশুসকলৰ জীৱনলৈ নমাই অনা ভয়াৱহ প্ৰভাৱ সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ এক গুৰুত্বপূৰ্ণ প্ৰতিবেদন প্ৰকাশ পোৱাৰ পাছতেই ভাৰতস্থিত পেলেষ্টাইনৰ দূতাবাসে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ক জৰুৰী হস্তক্ষেপৰ আহ্বান জনাইছে। যোৱা ২৩ জুনত ৰাষ্ট্ৰসংঘৰ স্বাধীন আন্তঃৰাষ্ট্ৰীয় অনুসন্ধান আয়োগে প্ৰকাশ কৰা ৯৪ পৃষ্ঠাযোৰা প্ৰতিবেদনখনত ২০২৩ চনৰ অক্টোবৰ মাহৰ পৰা পেলেষ্টাইনৰ ভূখণ্ডত ইজৰাইলৰ সামৰিক অভিযানৰ ফলত শিশুসকলৰ ওপৰত হোৱা শাৰীৰিক আৰু মানসিক ক্ষতিৰ বিস্তৃত বিৱৰণ দাঙি ধৰা হৈছে। এই প্ৰতিবেদনৰ ভিত্তিত বৃহস্পতিবাৰে জাৰি কৰা এক বিবৃতিত পেলেষ্টাইনী দূতাৱাসে সমগ্ৰ বিষয়টোক গভীৰ উদ্বেগজনক বুলি অভিহিত কৰিছে।
ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত যুদ্ধৰ ফলত শিশুসকলৰ ওপৰত হোৱা প্ৰভাৱক লৈ এতিয়ালৈকে চলোৱা আটাইতকৈ বৃহৎ অনুসন্ধানৰ তথ্য সন্নিৱিষ্ট কৰা হৈছে। প্ৰতিবেদনখনৰ তথ্য অনুসৰি, যুদ্ধ আৰম্ভ হোৱাৰ পৰা বৰ্তমানলৈকে ২০ হাজাৰতকৈ অধিক পেলেষ্টাইনী শিশুৰ মৃত্যু ঘটিছে আৰু ৪৪ হাজাৰতকৈ অধিক শিশু আহত হৈছে। নিহত হোৱা মুঠ পেলেষ্টাইনী নাগৰিকৰ প্ৰায় এক তৃতীয়াংশই হৈছে শিশু আৰু ইয়াৰ ভিতৰত পাঁচ বছৰৰ অনুৰ্ধৰ শিশুৰ সংখ্যাও সহস্ৰাধিক। ইয়াৰ উপৰি এতিয়াও হাজাৰ হাজাৰ শিশু সন্ধানহীন হৈ আছে বা গাজাৰ ধ্বংসপ্ৰাপ্ত বাসগৃহ আৰু অট্টালিকাসমূহৰ ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ থকা বুলি আশংকা কৰা হৈছে।
যুদ্ধ বিধ্বস্ত গাজাৰ শিশুসকলৰ জীৱনৰ কৰুণ চিত্ৰ দাঙি ধৰি প্ৰতিবেদনখনত শৈশৱ ধ্বংস হৈ যোৱা বুলি উল্লেখ কৰা হৈছে। সংঘাতপূৰ্ণ অঞ্চলৰ পৰা পলায়ন কৰাৰ সময়ত, পৰিয়ালৰ সৈতে আশ্ৰয় লৈ থকা অৱস্থাত বা প্ৰাথমিক প্ৰয়োজনসমূহ সংগ্ৰহ কৰিবলৈ চেষ্টা কৰাৰ সময়তো শিশুসকলক লক্ষ্য কৰি আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপন হৈছে। প্ৰতিবেদনত ২০১৪ চনৰ আৰম্ভণিতে সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰা পাঁচ বছৰীয়া কন্যা শিশু হিন্দ ৰাজাবৰ মৃত্যুৰ প্ৰসংগও উল্লেখ কৰা হৈছে, য’ত ইজৰাইলী সেনাই বাহনখনত শিশু থকাৰ কথা জানিও আক্ৰমণ চলোৱা বুলি আয়োগে সিদ্ধান্ত গ্ৰহণ কৰিছে।
শাৰীৰিক আঘাতৰ সমান্তৰালভাৱে মানসিক আঘাতেই শিশুসকলক আটাইতকৈ বেছি জুৰুলা কৰিছে। বহু শিশুৱে অংগচ্ছেদন, দৃষ্টিশক্তি বা শ্ৰৱণশক্তি হেৰুওৱা আৰু মস্তিষ্কৰ আঘাতৰ দৰে গুৰুতৰ সমস্যাৰ সন্মুখীন হৈছে। বৰ্তমান গাজাত জনসংখ্যাৰ অনুপাতত অংগচ্ছেদন হোৱা শিশুৰ হাৰ সৰ্বাধিক বুলি প্ৰতিবেদনত পোহৰলৈ আহিছে। ঘৰ-বাৰী ধ্বংস হোৱা, শিক্ষা ব্যাহত হোৱা, পৰিয়ালৰ লোকক হেৰুওৱা আৰু সঘনাই স্থানান্তৰ হ’বলগীয়া হোৱাৰ ফলত শিশুসকলৰ মাজত দীৰ্ঘম্যাদী মানসিক চাপ, উৎকণ্ঠা আৰু হতাশা বিৰাজ কৰিছে। চিকিৎসালয়, বিদ্যালয় আৰু অনাথ আশ্ৰমসমূহ ধ্বংস হোৱাৰ ফলত নৱজাতক, শিশু আৰু গৰ্ভৱতী মহিলাসকলৰ মৃত্যুৰ হাৰ আৰু স্বাস্থ্যজনিত জটিলতা আশংকাজনকভাৱে বৃদ্ধি পাইছে।
এই তথ্যসমূহৰ ভিত্তিত পেলেষ্টাইনী দূতাবাসে এনে কাৰ্য যুদ্ধ অপৰাধ আৰু মানৱতাৰ বিৰুদ্ধে অপৰাধৰ পৰ্যায়ত পৰে বুলি দাবী কৰিছে। দূতাবাসে চৰকাৰ, মানৱাধিকাৰ সংস্থা আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানসমূহক পেলেষ্টাইনী অসামৰিক লোক বিশেষকৈ শিশুসকলক সুৰক্ষা প্ৰদানৰ বাবে ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। যুদ্ধৰ বিভীষিকাৰ মাজত জন্ম গ্ৰহণ কৰি নিৰন্তৰ অৱৰোধৰ মাজত জীয়াই থাকি ধ্বংসাৱশেষৰ তলত প্ৰাণ হেৰুৱাবলৈ কোনো শিশুৱেই বাধ্য নহয় বুলি উল্লেখ কৰি সমগ্ৰ বিশ্বৰ আন শিশুসকলৰ দৰেই পেলেষ্টাইনৰ শিশুসকলেও সমমৰ্যাদা আৰু সুৰক্ষিত ভৱিষ্যতৰ অধিকাৰী বুলি দূতাবাসে স্পষ্ট কৰি দিছে। বৰ্তমান গাজাত চলি থকা যুদ্ধবিৰতিৰ কূটনৈতিক প্ৰচেষ্টাৰ মাজতে ৰাষ্ট্ৰসংঘৰ এই নতুন প্ৰতিবেদনে অসামৰিক লোকৰ সুৰক্ষা আৰু দায়বদ্ধতাৰ বিষয়টোক লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তীব্ৰ বিতৰ্কৰ সূচনা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।





