• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আজিৰ ৰাজনীতি হৈ পৰিছে “যাদুকৰী বাস্তৱতা”

ছোৱালীজনী যেনেকৈ আকাশলৈ উৰা মাৰে, কোন আহিব তাৰ আগ-গুৰি নজনাকৈ যেনেকৈ কাৰোবাৰ অপেক্ষাত অনন্তকাললৈ কোনোবা এজন ৰৈ থাকে বা ঘড়ীৰ সময় গলি গলি শেষ হয়— এই আটাইবোৰ অদ্ভুত, অবাস্তৱ, যুক্তিহীন  নহয়নে? আমাৰ ৰাজনীতি এতিয়া ঠিক তেনে অদ্ভুত, অবাস্তৱ, যুক্তিহীন হৈ পৰা নাইনে?

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
June 25, 2026 2:58 pm
21
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ ৰাজনীতি এতিয়া এনে পৰ্যায় পাইছে যে তাক আৰু ৰাজনীতি বিজ্ঞান, সমাজ বিজ্ঞান বা ইতিহাস অধ্যয়নৰ দ্বাৰা ব্যাখ্যা কৰিব পৰা হৈ থকা নাই। তাক এতিয়া আমি কলা তত্ত্বৰ দ্বাৰাহে ব্যাখ্যা কৰিব লাগিব যেন পাইছোঁ। সাহিত্যত বিশেষকৈ উপন্যাসত মেজিক ৰিয়েলিজম (Magic Realism) মানে যাদুকৰী বাস্তৱতা বুলি ধাৰা এটা আছে। এই উপন্যাস ধাৰাটোৰ মূল মানুহজন হ’ল গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কেজ। তেওঁ নোবেল বঁটা লাভ কৰা বিখ্যাত উপন্যাসখন হ’ল ‘One Hundred Years of Solitude’। বৰ মনোৰম উপন্যাস। তেওঁ আকৌ প্ৰভাৱিত হৈছিল চেক-জাৰ্মান লেখক ফ্ৰাঞ্জ কাফকাৰ দ্বাৰা। কাফকাৰ বিখ্যাত উপন্যাসিকা ‘The Metamorphosis’ৰ কাহিনীটো অদ্ভুত। কাহিনীৰ নায়কৰ কি হয়— তেওঁ এদিনৰ টোপনিৰ পৰা সাৰ পাই পুৱা দেখে যে তেওঁ নিজে এটা প্ৰকাণ্ড কীটলৈ ৰূপান্তৰিত হৈছে। এই উপন্যাসিকাখন পঢ়ি মাৰ্কেজে বিচুৰ্তি খাইছিল— হায় ভগৱান, মানুহে এনে অদ্ভুত কথাও লিখিব পাৰে? তাৰ পিছত তেওঁ তেওঁৰ সৰ্বকালৰ শ্ৰেষ্ঠ উপন্যাস ‘One Hundred Years of Solitude’ এই ধাৰাটোতেই লিখিছিল। এই উপন্যাসখনত কি নঘটে— সকলো ঘটে— এগৰাকী মহিলা আকাশলৈ উৰা মাৰে, আকাশ মাৰ্গৰ পৰা পুষ্পবৃষ্টি হয়, গোটেই চহৰখনৰ মানুহৰ ইনচমনিয়া (Insomnia) মানে টোপনি নহা বেমাৰ হয়, আৰু সদ্যজাত শিশু এটাক ৰঙা পৰুৱাই খাই শেষ কৰে, কেৱল তাৰ চিনটোহে মাটিত দেখা পোৱা যায়। সকলো অদ্ভুত, আচৰিত।

ঠিক তেনেদৰে নাটকত পাওঁ আমি অদ্ভুত নাটক— The Theatre of the Absurd। তাৰ জনক হ’ল ছেমুৱেল বেকেট (Samuel Beckett) আৰু তেওঁৰ বিখ্যাত নাটকখন হ’ল ‘Waiting for Godot’, যাৰ সাৰমৰ্ম হ’ল এক অন্তহীন আৰু নিষ্ফল অপেক্ষা। আন এটা কলা তত্ত্ব হ’ল চিত্ৰশিল্পত প্ৰাধান্য পোৱা Surrealism, যাক অসমীয়াত অধিবাস্তৱবাদ বুলি ক’ব পাৰি। স্পেনিছ চিত্ৰকৰ ছালভাডৰ ডালি ইয়াৰ মূল প্ৰবক্তা আছিল। তেওঁৰ আটাইতকৈ বিখ্যাত ছবিখন হ’ল ‘দ্য পাৰ্চিষ্টেন্স অৱ মেমৰি’ (The Persistence of Memory)। এক উকা, নিৰ্জন প্ৰাকৃতিক পটভূমিত গলিত অৱস্থাত থকা এটা পকেট ঘড়ী— সেই ঘড়ীটোত সময় গলি গলি শেষ হৈ গৈছে।

Apply Now

এই আটাইবোৰতে আমি কি দেখোঁ? এক অবাস্তৱ, অবান্তৰ, যুক্তিহীন পৰিস্থিতি নহয়নে? মই কিয় এই কলা তত্ত্ব বা সাহিত্য তত্ত্ববোৰৰ পোহৰত বৰ্তমানৰ ৰাজনীতি বুজিবলৈ বা সেইবোৰৰ লগত বৰ্তমানৰ ৰাজনীতিৰ তুলনা কৰিব বিচাৰিছোঁ? এটা নিৰ্বাচন হৈ যোৱাৰ পিছত, তাৰ ফলাফল ওলোৱাৰ পিছত, মানে তাৰ দুবছৰৰ পিছত আপুনি তাৰ ফলাফল সলাই দিব পাৰিবনে? যোৱা লোকসভা নিৰ্বাচনত ২০২৪ চনত বিজেপি আৰু তেওঁলোকৰ মিত্ৰদলে কিমানখন আসন পাইছিল? আৰু এতিয়া বিজেপি মিত্ৰদলৰ আসনৰ সংখ্যা কিমান? মানে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ দুবছৰ পিছত নিৰ্বাচন নপতাকৈ এটা ৰাজনৈতিক জোঁটৰ আসনৰ সংখ্যা বঢ়োৱা এই কলাটো আৰু এতিয়া তৃণমূল কংগ্ৰেছত আমি যি ভাওনা দেখি আছোঁ, তাক আপুনি মেজিক ৰিয়েলিজম, থিয়েটাৰ অৱ দ্য এবছাৰ্ড বা সুৰিয়েলিজমৰ লগত তুলনা নকৰি কাৰ লগত তুলনা কৰিব? ছোৱালীজনী যেনেকৈ আকাশলৈ উৰা মাৰে, কোন আহিব তাৰ আগ-গুৰি নজনাকৈ যেনেকৈ কাৰোবাৰ অপেক্ষাত অনন্তকাললৈ কোনোবা এজন ৰৈ থাকে বা ঘড়ীৰ সময় গলি গলি শেষ হয়— এই আটাইবোৰ অদ্ভুত, অবাস্তৱ, যুক্তিহীন  নহয়নে? আমাৰ ৰাজনীতি এতিয়া ঠিক তেনে অদ্ভুত, অবাস্তৱ, যুক্তিহীন হৈ পৰা নাইনে? এই ৰাজনৈতিক চাৰ্কাছৰ ভাৱৰীয়াসকল, কাহিনীৰ বা নাটকৰ নায়কসকল হ’ল বৰ্তমানৰ ৰাজনৈতিক শ্ৰেণীটো। এই নাটকখনৰ মুখ্য পৰিচালক হ’ল মোদী, আৰু সহকাৰী পৰিচালক হ’ল শ্বাহ আৰু ভাগৱত। বাকীবোৰ সকলো কেৱল ভাৱৰীয়াহে। মোদী-শ্বাহে ২০১৪ চনত দিল্লীৰ শাসনভাৰ পাই দেখিলে যে তেওঁলোকেচোন এতিয়া  যি মন যায় তাকে কৰিব পাৰে। তাৰ মানে ক্ষমতা যদি তেওঁলোকৰ হাতত থাকে, দেশৰ সম্পদো তেওঁলোকৰ। বাকী গণতন্ত্ৰ, সংবিধান— এইবোৰ কি? একোটা শব্দহে! তাৰ অৰ্থ যেতিয়াই যি মন যায় তেনেকৈ সলাই ল’ব পাৰি, তেনেকৈ ব্যৱহাৰ কৰিব পাৰি। ৰাজনৈতিক শ্ৰেণীটোৰ অন্তৰ্ভুক্ত মানুহবোৰৰ প্ৰায়ভাগৰে কিবা নীতি, আদৰ্শ বোলা কথা আছেনে? তেওঁলোক কিয় সাংসদ, বিধায়ক হয়? জনসাধাৰণৰ বাবে কাম কৰিবলৈ নহয়, নিজৰ ক্ষমতা আৰু সম্পদ বঢ়াবলৈহে। গতিকে মুষ্টিমেয় এচামৰ বাহিৰে ক্ষমতা আৰু ধনেই হৈছে তেওঁলোকৰ  মূল কথা। বিজেপিলৈ গ’লে যদি তেওঁলোকৰ ধন, সম্পদ আৰু ক্ষমতা অক্ষুণ্ণ থাকে, তেওঁলোক নিশ্চয় বিজেপিৰ লগতে থাকিব। গণতন্ত্ৰ, আইনৰ শাসন, সাংবিধানিক প্ৰমূল্য, দেশৰ অৰ্থনৈতিক অৱস্থা, নিবনুৱা সমস্যা, মূল্যবৃদ্ধি— সেইবোৰ গুলী মাৰক! বাকী ৰাজনৈতিক শ্ৰেণীটোৰ যিসকল এতিয়াও বিজেপিলৈ নোযোৱাকৈ আছে, তেওঁলোকৰ অৱস্থা কিং কৰ্তব্য বিমূঢ়। আৰু আমি উদাৰ গণতন্ত্ৰী যিসকল পেঞ্চন খোৱা মাজৰ মানুহ আছোঁ— আমাৰ কাম হৈছে বিজেপিৰ কু-কৰ্মৰ আলোচনা কৰা আৰু ফৰৱাৰ্ড শ্বেয়াৰ কৰা, বিৰোধীক গালি পৰা; তাতেই আমাৰ কাম শেষ। কিন্তু ৰাস্তাত কোনে যুঁজ দি আছে? যিসকলৰ মাটি গৈছে, যাৰ কাৰখানা বন্ধ হৈ গৈছে, যিয়ে চাকৰি হেৰুৱাইছে, যিয়ে প্ৰশ্নকাকত ফাদিল হোৱা কাৰণে দুশ্চিন্তাত ভুগিবলগা হৈছে, যাৰ ঘৰ নচলা হৈছে— তেওঁলোকে। ৰাজনৈতিক শ্ৰেণীটোৰ যিসকল এতিয়াও বিজেপিৰ ফলীয়া হোৱা নাই, তেওঁলোকে যদি ভাবি আছে তেওঁলোকে আগেয়ে কৰাৰ দৰে ৰাজনীতি কৰিব পাৰিব, তেওঁলোকে মূৰ্খৰ স্বৰ্গত বাস কৰিছে। ঠিক তেনেদৰে পেঞ্চনভোগী উদাৰ গণতন্ত্ৰীসকলে যদি ভাবিছে যে কেৱল সামাজিক মাধ্যমত লেখামেলা কৰিয়েই তেওঁলোকে তেওঁলোকৰ দায়িত্ব সাৰিব, তেওঁলোকেও নিজকে আভুৱা ভাঁৰিছে। কিয়নো তেওঁলোকে যিটো কৰি আছে সেইটো বিকল্প প্ৰচাৰ মাধ্যমৰহে কাম। বিজেপি-আৰ এচ এচৰ পৰা দেশ ৰক্ষা কৰিবলৈ হ’লে আমি এক বৃহত্তৰ ঐক্য গঢ়ি তুলিব লাগিব আৰু আমি আমাৰ ৰণকৌশলৰ আমূল পৰিৱৰ্তন কৰিব লাগিব। নহ’লে আমাৰ নিস্তাৰ নাই।

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

গুৱাহাটীস্থিত এজন লেখক

Stay Connected

  • 117k Fans

Recent News

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm
গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm
গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd