• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ইতিহাস ৰচি বিশ্বকাপৰ নকআউটত কেপ ভাৰ্ডে; সপোনৰ দৌৰত সাধু যেন লগা কাহিনীৰ নতুন অধ্যায়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 27, 2026 10:15 am
74
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বকাপত অভিষেক ঘটোৱাৰ সময়তে কেপ ভাৰ্ডেই লিখিছে নতুন কাহিনী। প্ৰথম দুখন মেচত স্পেইন আৰু উৰুগুৱেক স্তব্ধ কৰি তেওঁলোকে আচৰিত কৰি তুলিছিল। এটা সময়ত বিশ্বাস কৰিবলৈকে টান আছিল যে মাত্ৰ ছয় লাখ জনসংখ্যাৰ এই দেশখনে বিশ্বকাপ খেলিব। সকলো বাধা অতিক্ৰম কৰি বিশ্বকাপৰ মূল মঞ্চত কেপ ভাৰ্ডেৰ স্থান আছিল এক ডাঙৰ আশ্চৰ্য।

এইবাৰ সেই সাধুকথাৰ দৰে কাহিনীটোত সংযোজন হ’ল এক নতুন অধ্যায়। কেপ ভাৰ্ডেই গ্ৰুপ পৰ্যায় অতিক্ৰমি বিশ্বকাপৰ নকআউট পৰ্যায়ত প্ৰৱেশ কৰি ইতিহাস ৰচনা কৰিলে। শনিবাৰে ছৌদি আৰৱৰ বিৰুদ্ধে গ’লবিহীন ড্ৰ’ হোৱাৰ পাছতো ‘ব্লু শ্বাৰ্কছ’ বাহিনী গ্ৰুপ ‘আই’ৰ দ্বিতীয় দল হিচাপে ৩২ ৰাউণ্ডত প্ৰৱেশ কৰে। এইবাৰ লিয়নেল মেছিৰ নেতৃত্বত আৰ্জেণ্টিনাৰ প্ৰত্যাহ্বানৰ সন্মুখত ভোজিনহাৰ দল।

Apply Now

কেপ ভাৰ্ডেই অসম্ভৱক সম্ভৱ কৰি তুলিলে, যিটো প্ৰতিযোগিতা আৰম্ভ হোৱাৰ আগতে বহুতে কল্পনাও কৰা নাছিল। শনিবাৰে গ্ৰুপৰ অন্তিমখন খেলত ছৌদি আৰৱৰ বিৰুদ্ধে ০-০ গ’লত ড্ৰ’ হয়।

প্ৰথম দুখন খেলত কেপ ভাৰ্ডেই স্পেইনৰ বিৰুদ্ধে ০-০ আৰু উৰুগুৱেৰ বিৰুদ্ধে ২-২ গ’লত ড্ৰ’ কৰিছিল। আনহাতে, শনিবাৰে স্পেইনৰ হাতত পৰাস্ত হৈ উৰুগুৱেই তিনিখন মেচৰ পৰা দুটা পইণ্টেৰে খেলখন সামৰে। সেয়েহে ছৌদি আৰৱৰ বিৰুদ্ধে ড্ৰ’ হোৱাৰ পাছতো কেপ ভাৰ্ডেই ৩ পইণ্টেৰে ৰানাৰ্ছ আপৰ স্থান দখল কৰে। ফলত দুবাৰৰ বিশ্ব চেম্পিয়ন উৰুগুৱে আৰু ২০৩৪ চনৰ বিশ্বকাপৰ আয়োজক ছৌদি আৰব বাহিৰ হয়।

হিউষ্টনত চৌদি আৰৱৰ বিৰুদ্ধে খেলখনৰ প্ৰথমাৰ্ধত কেপ ভাৰ্ডে সামান্য আগবাঢ়ি আছিল। ছৌদি আৰৱৰ অভিজ্ঞ ডিফেণ্ডাৰ হাছান আল তাম্বাকাটিয়ে ৩৩ মিনিটত আঘাতপ্ৰাপ্ত হৈ ষ্ট্ৰেচাৰত খেলপথাৰ এৰিবলৈ বাধ্য হয়, যিটো দলৰ বাবে এক বৃহৎ আঘাত। আন এখন মেচত যেতিয়া প্ৰথমাৰ্ধৰ শেষৰ ফালে উৰুগুৱেৰ বিৰুদ্ধে স্পেইনে অগ্ৰগতি লাভ কৰিছিল, তেতিয়া হিউষ্টনৰ গেলেৰীত থকা কেপ ভাৰ্ডেৰ অনুৰাগীসকলে এই খবৰ শুনি উল্লাসিত হৈ পৰিছিল।

অৱশ্যে খেলখনৰ প্ৰথমাৰ্ধত দুয়োটা দলে কোনো উল্লেখযোগ্য গ’ল দিয়াৰ সুযোগ সৃষ্টি কৰিবলৈ সক্ষম নহ’ল। অন্তিম ১৫ মিনিটত উত্তেজনাই শিখৰত উপনীত হয়। কিন্তু জয়ৰ বাবে হাহাকাৰ কৰা ছৌদি আৰবে আক্ৰমণ বৃদ্ধি কৰিব নোৱাৰিলে। বৰঞ্চ মেচখনৰ শেষৰ মুহূৰ্তত কেপ ভাৰ্ডেই গ’ল দিয়াৰ অধিক সুযোগ লাভ কৰিছিল। কিন্তু গ’লবিহীন ড্ৰ’ৰ মাজতো কেপ ভাৰ্ডেৰ বাবে তেওঁলোকৰ সপোন পূৰণৰ বাবে এই এটা পইণ্টেই যথেষ্ট আছিল।

প্ৰথমবাৰৰ বাবে বিশ্বকাপত অংশগ্ৰহণ কৰাটো কেপ ভাৰ্ডেৰ বাবে ইতিহাস আছিল। কিন্তু কেৱল অংশগ্ৰহণ কৰিয়েই তেওঁলোক সন্তুষ্ট নাছিল। শক্তিশালী প্ৰতিদ্বন্দ্বী দলৰ বিৰুদ্ধে দুৰন্ত যুঁজ দি ফুটবল জগতখনক আচৰিত কৰি তুলিলে ‘ব্লু শ্বাৰ্কছ’য়ে।

প্ৰথমখন খেলতে স্পেইনৰ বিৰুদ্ধে ড্ৰ’ কৰি বিশ্বক আচৰিত কৰি তোলে কেপ ভাৰ্ডেই। কেইবাটাও ছেভ কৰি চকু কপালত তোলে গ’লৰক্ষক ভোজিনহাই। পৰৱৰ্তী মেচত কেপ ভাৰ্ডে দুবাৰৰ বিশ্ব চেম্পিয়ন উৰুগুৱেৰ বিৰুদ্ধে উত্তেজনাপূৰ্ণ মেচত ২-২ গ’লত ড্ৰ’ কৰে। শনিবাৰে চৌদি আৰৱৰ বিৰুদ্ধে ০-০ গ’লত সমতা স্থাপন কৰি কেপ ভাৰ্ডেই অন্তিম ৩২ ৰ স্থান দখল কৰে। এইবাৰ তেওঁলোকে বিশ্ব চেম্পিয়ন আৰ্জেণ্টিনাৰ বিৰুদ্ধে ইতিহাস ৰচাৰ অপেক্ষাত।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নতুন বাণিজ্য যুদ্ধৰ আশংকা! ডিজিটেল কৰ আৰোপ কৰিলে ১০০ শতাংশ শুল্কৰ সকীয়নি ট্ৰাম্পৰ

নতুন বাণিজ্য যুদ্ধৰ আশংকা! ডিজিটেল কৰ আৰোপ কৰিলে ১০০ শতাংশ শুল্কৰ সকীয়নি ট্ৰাম্পৰ

June 27, 2026 11:29 am
ইতিহাস ৰচি বিশ্বকাপৰ নকআউটত কেপ ভাৰ্ডে; সপোনৰ দৌৰত সাধু যেন লগা কাহিনীৰ নতুন অধ্যায়

ইতিহাস ৰচি বিশ্বকাপৰ নকআউটত কেপ ভাৰ্ডে; সপোনৰ দৌৰত সাধু যেন লগা কাহিনীৰ নতুন অধ্যায়

June 27, 2026 10:15 am
বিশ্বকাপৰ মাজতেই জাৰ্মানী আৰু উৰুগুৱে দলত অশান্তি : প্ৰশিক্ষকৰ নিৰ্দেশ মানিবলৈ অস্বীকাৰ খেলুৱৈৰ

বিশ্বকাপৰ মাজতেই জাৰ্মানী আৰু উৰুগুৱে দলত অশান্তি : প্ৰশিক্ষকৰ নিৰ্দেশ মানিবলৈ অস্বীকাৰ খেলুৱৈৰ

June 27, 2026 9:40 am
শান্তি চুক্তি নিটিকিল! ইৰাণৰ ড্ৰোন আৰু মিছাইল ঘাটিত আমেৰিকাৰ এয়াৰ ষ্ট্ৰাইক; প্ৰত্যুত্তৰ তেহৰানৰো

শান্তি চুক্তি নিটিকিল! ইৰাণৰ ড্ৰোন আৰু মিছাইল ঘাটিত আমেৰিকাৰ এয়াৰ ষ্ট্ৰাইক; প্ৰত্যুত্তৰ তেহৰানৰো

June 27, 2026 9:10 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নতুন বাণিজ্য যুদ্ধৰ আশংকা! ডিজিটেল কৰ আৰোপ কৰিলে ১০০ শতাংশ শুল্কৰ সকীয়নি ট্ৰাম্পৰ

নতুন বাণিজ্য যুদ্ধৰ আশংকা! ডিজিটেল কৰ আৰোপ কৰিলে ১০০ শতাংশ শুল্কৰ সকীয়নি ট্ৰাম্পৰ

June 27, 2026 11:29 am
ইতিহাস ৰচি বিশ্বকাপৰ নকআউটত কেপ ভাৰ্ডে; সপোনৰ দৌৰত সাধু যেন লগা কাহিনীৰ নতুন অধ্যায়

ইতিহাস ৰচি বিশ্বকাপৰ নকআউটত কেপ ভাৰ্ডে; সপোনৰ দৌৰত সাধু যেন লগা কাহিনীৰ নতুন অধ্যায়

June 27, 2026 10:15 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd