• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 8, 2026 8:49 am
10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কান্দিছে লিয়োনেল মেছিয়ে। এজনৰ পাছত আনজন সতীৰ্থক সাৱটি ধৰি তেওঁ কান্দিছে। চকুপানীয়ে যেন ৰোৱাৰ নামেই লোৱা নাই। খেল শেষ হোৱাৰ পোন্ধৰ মিনিট আগলৈকে তেওঁৰ এবাৰৰ বাবে হ’লেও অনুভৱ হৈছিল যে সকলো শেষ, বিশ্বকাপ শেষ! কিন্তু তেওঁ যে কিয় বিশ্বৰ সৰ্বকালৰ শ্ৰেষ্ঠ ফুটবলাৰ সেয়া পুনৰবাৰ প্ৰমাণ কৰি দেখুৱালে। অকলেই দলটোক বিশ্বকাপত জীয়াই ৰাখিলে মেছিয়ে। খেলৰ অন্তত মেছিক যিদৰে সতীৰ্থসকলে কান্ধত তুলি আনন্দোল্লাস কৰিছিল, তাৰ পৰাই বুজা গৈছিল যে তেওঁ নথকা হ’লে দলটোৰ কি অৱস্থা হ’লহেঁতেন।

সঁচাকৈয়ে মেছি নথকা হ’লে এই খেলখন আৰ্জেন্টিনাই কেতিয়াও জিকিব নোৱাৰিলেহেঁতেন। খেলখনত আৰ্জেন্টিনা ০-২ গ’লত পিছ পৰি আছিল। মেছিয়ে পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক টানি নি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেললৈ লৈ গ’ল। হাৰিলেও ইজিপ্তে সকলোৰে মন জয় কৰিলে। খেল আৰম্ভ হোৱাৰ আগতে ইজিপ্তৰ ফুটবল সঞ্চালকগৰাকীয়ে কৈছিল যে তেওঁলোকৰ দলত ছাব্বিশজন মেছি আছে। ইজিপ্তৰ খেল দেখি তেনেকুৱাই লাগিছিল। প্ৰথমাৰ্ধত চালাহে বিশেষ একো কৰিব নোৱাৰিলেও ইব্ৰাহিম, হাছান আৰু জিকোহঁতে বাৰে বাৰে আৰ্জেন্টিনাৰ শিবিৰত আক্ৰমণ কৰিছিল। আৰ্জেন্টিনাৰ প্ৰশিক্ষক স্কালোনিয়ে প্ৰথম একাদশত তিনিটা সালসলনি কৰিছিল যদিও আলভাৰেজকে ধৰি খেলুৱৈসকলে বিশেষ প্ৰভাৱ পেলাব নোৱাৰিলে।

Apply Now

আৰ্জেন্টিনাই আৰম্ভণিৰ পৰাই লেহেমীয়া খেল খেলিছিল। ইয়াৰ সুযোগ লৈ হাছানৰ ক্ৰছৰ পৰা হেডেৰে গ’ল কৰি ইব্ৰাহিমে ইজিপ্তক আগুৱাই নিয়ে। তাৰ কেইমিনিটমান পিছতে আৰ্জেন্টিনাই এটা পেনাল্টি পাইছিল যদিও মেছিয়ে গ’ল কৰিবলৈ ব্যৰ্থ হয়। চলিত বিশ্বকাপত এইটো মেছিৰ দ্বিতীয়টো পেনাল্টি মিছ। ইয়াৰ পিছতো মেছিয়ে ফ্ৰি-কিকৰ পৰা গ’ল কৰাৰ সুযোগ পাইছিল যদিও বলটো পোষ্টত লাগি উভতি আহে। মেছিক ইজিপ্তৰ খেলুৱৈসকলে চাৰিওফালৰ পৰা আগুৰি ধৰিছিল আৰু তেওঁ বল পালেই দুজন খেলুৱৈয়ে ঘেৰি ধৰিছিল। দ্বিতীয়ার্ধতো একেই অৱস্থা আছিল। ইয়াৰ মাজতে ইজিপ্তৰ জিকোৱে এটা সুন্দৰ গ’ল কৰি দলটোক ২-০ ব্যৱধানত আগুৱাই নিয়ে।

খেলৰ সময় ক্ৰমান্বয়ে কমি আহিছিল। গেলাৰীত থকা আৰ্জেন্টিনাৰ সমৰ্থকসকলে কান্দিবলৈ আৰম্ভ কৰিছিল। ধাৰাভাষ্যকাৰসকলেও কৈছিল যে মেছিক আৰু মাত্ৰ পোন্ধৰ মিনিটৰ বাবেহে বিশ্বকাপত দেখা পোৱা যাব। ঠিক তেনে সময়তে লাউটাৰো মাৰ্টিনেজক খেলপথাৰলৈ নমোৱা হয়। মেছিয়েও নিজৰ স্থান সলনি কৰি একেবাৰে সোঁফালে গুচি যায়। ইয়াৰ পিছতে আৰম্ভ হয় মেছিৰ যাদু। মেছিৰ ক্ৰছৰ পৰা হেডেৰে গ’ল কৰে ক্ৰিষ্টিয়ান ৰোমেৰোৱে। ইয়াৰ চাৰি মিনিটৰ পিছত মেছিয়ে নিজেই এটা গ’ল দি খেলখন ২-২ ত সমতা স্থাপন কৰে। চলিত বিশ্বকাপত এইটো তেওঁৰ অষ্টমটো গ’ল।

খেলৰ আচল নাটক তেতিয়াও বাকী আছিল। ইজিপ্তে পুনৰ গ’ল কৰিবলৈ আগুৱাই যোৱাৰ সুযোগতে তেওঁলোকৰ ৰক্ষণভাগত সুৰুঙা ওলায়। সেই সুযোগ গ্ৰহণ কৰে আৰ্জেন্টিনাই। সোঁফালৰ পৰা লাউটাৰোৱে দিয়া পাছৰ পৰা এঞ্জো ফাৰ্নান্দেজে হেডেৰে গ’ল কৰি আৰ্জেন্টিনাক বিজয়ী কৰে। ইজিপ্তে বিশ্বকাপৰ পৰা বিদায় ল’বলগীয়া হয়। খেলত জিকি মেছিয়ে কান্দি পেলায়। ইয়াৰ পৰাই বুজা গৈছিল যে তেওঁ কিমান মানসিক চাপৰ মাজেৰে গৈ আছিল। সেই সকলো চাপ নেওচি আৰ্জেন্টিনাক কোৱাৰ্টাৰ ফাইনেললৈ লৈ গ’ল সেই একেজন মেছিয়েই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm
সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

August 22, 2026 6:13 pm
আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

August 22, 2026 5:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm
সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd