মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

নৰেন্দ্ৰ মোদীৰ মন্ত্ৰীসভাত এক বৃহৎ পৰিৱৰ্তনৰ সিদ্ধান্ত এতিয়া চূড়ান্ত হৈছে। একাধিক সূত্ৰৰ মতে, কেইবাজনো মন্ত্ৰীক পদৰ পৰা বাদ দিয়াৰ সিদ্ধান্তৰ বিষয়ে সকলোকে জনাই দিয়া হৈছে। অহা ২০ জুলাইৰ পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ হ’ব। ধাৰণা কৰা হৈছে যে তাৰ আগতেই নতুন মন্ত্ৰীসকলে শপত গ্ৰহণ কৰিব। চৰকাৰী মহলত এনে এক চিন্তা-চৰ্চা চলি আছে যে বৰ্ষাকালীন অধিৱেশনৰ প্ৰথম দিনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদত তেওঁলোকৰ চিনাকি কৰি দিব।
জানিব পৰা গৈছে যে মন্ত্ৰীসভাত কম বয়সীয়া নেতাসকলক সুযোগ দিয়াটোৱেই এই আসন্ন ৰদবদলৰ অন্যতম উদ্দেশ্য। বিজেপিৰ সভাপতি নীতিৰ নবীনৰ বয়স ৪৬ বছৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ শীৰ্ষ নেতৃত্বই বিচাৰিছে যে পঞ্চাশৰ ওচৰা-উচৰি বয়সৰ নেতাসকলক মন্ত্ৰীসভালৈ অনা হওক।
অহা বছৰ উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচন আৰু ২০২৯ চনত লোকসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। ২০২৯ চনৰ নিৰ্বাচনৰ বাবে উত্তৰ প্ৰদেশত নিজৰ ভেটি শক্তিশালী কৰাতো বিজেপিৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। দলে অনুভৱ কৰিছে যে ডাবল ইঞ্জিন চৰকাৰৰ গুৰুত্ব দাঙি ধৰিবলৈ কেন্দ্ৰীয় চৰকাৰেও সমানে ভাল কামৰ নিদৰ্শন দাঙি ধৰিব লাগিব। সেই লক্ষ্যৰেই কম বয়সীয়া নেতাসকলক মন্ত্ৰীসভালৈ অনাৰ সিদ্ধান্ত লোৱা হৈছে। অৱশ্যে এই সিদ্ধান্ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব।
এই ৰদবদলত যিসকল গুৰুত্বপূৰ্ণ মন্ত্ৰী বাদ পৰিব পাৰে, তেওঁলোকৰ ভিতৰত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং অন্যতম। প্ৰধানমন্ত্ৰীৰ সমবয়সীয়া ৰাজনাথ ২০১৪ চনৰ পৰা একেৰাহে কেন্দ্ৰীয় মন্ত্ৰীসভাত আছে। ইয়াৰ পূৰ্বে তেওঁ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিও আছিল।
জানিব পৰা গৈছে যে ৰাজনাথ সিঙৰ ক্ষেত্ৰত বয়সৰ উপৰিও আন এক বিষয় বিবেচনা কৰা হৈছে। উত্তৰ প্ৰদেশৰ ৰাজনীতিত তেওঁৰ দুজন পুত্ৰ এতিয়া অতি সক্ৰিয়। ডাঙৰ পুত্ৰ ৰাজ্যখনৰ বিধায়ক আৰু সৰু পুত্ৰ উত্তৰ প্ৰদেশ বিজেপিৰ উপ-সভাপতি। পৰিয়ালতন্ত্ৰৰ অভিযোগৰ পৰা হাত সাৰিবলৈকে তেওঁক বৰ্তমান মন্ত্ৰীসভাৰ পৰা অব্যাহতি দিয়াৰ সিদ্ধান্ত লোৱা হৈছে।
বিজেপিৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীক এই সিদ্ধান্তৰ বিষয়ে জনোৱা হৈছে। অৱশ্যে তেওঁৰ স্থানত কাক নিযুক্তি দিয়া হ’ব, সেই বিষয়ে এতিয়াও স্পষ্ট হোৱা নাই।
দীৰ্ঘদিন ধৰি আলোচনা চলি আছে যে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক দক্ষিণ ভাৰতত সাংগঠনিক কামত ব্যৱহাৰ কৰা হ’ব পাৰে। তেওঁৰ ঠাইত বৰ্তমানৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱাল নতুন বিত্তমন্ত্ৰী হ’ব পাৰে। পেট্ৰ’লিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়েও বয়সৰ বাবে মন্ত্ৰিত্ব হেৰুৱাব পাৰে। জানিব পৰা মতে, ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গভৰ্ণৰ শক্তিকান্ত দাসক মন্ত্ৰীসভালৈ অনাৰ চিন্তা-চৰ্চা চলি আছে। তেওঁ বৰ্তমান প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। তেওঁক বিত্ত বা প্ৰতিৰক্ষা মন্ত্ৰীৰ দায়িত্ব দিয়া হ’ব পাৰে।
আসন্ন ৰদবদলত তুলনামূলকভাৱে অধিক সংখ্যক মন্ত্ৰীক বাদ দিয়াৰ অন্যতম কাৰণ হৈছে বিজেপিৰ নতুন মিত্ৰ দলসমূহ। ৰাজ্যসভাত আম আদমি পাৰ্টীৰ যি ১০ জন সাংসদে বিজেপিত যোগদান কৰিছে, তেওঁলোকৰ অন্যতম ৰাঘৱ চাড্ডাক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰাৰ কথা ভবা হৈছে। মহাৰাষ্ট্ৰত উদ্ধৱ ঠাকৰেৰ শিৱসেনা ভাঙি ছয়জন সাংসদ একনাথ সিন্দেৰ দলত যোগদান কৰিছে। ফলস্বৰূপে সিন্দে গোটৰ পৰা আন এজনক মন্ত্ৰীসভাত লোৱাৰ দাবী উঠিছে। ইয়াৰ উপৰিও তৃণমূল কংগ্ৰেছ ত্যাগ কৰা সাংসদসকলকো মন্ত্ৰীসভাত স্থান দিয়াৰ চিন্তা-চৰ্চা কৰিছে বিজেপিয়ে।
ইফালে নিট কেলেংকাৰীৰ বাবে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী জনাইছে কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহে। কিন্তু বিজেপিৰ সূত্ৰৰ মতে, এই কাৰণত তেওঁক মন্ত্ৰীসভাৰ পৰা আঁতৰোৱাৰ কোনো পৰিকল্পনা এতিয়াও দলৰ নাই। অৱশ্যে ওড়িশাত মুখ্যমন্ত্ৰী সলনি কৰাৰ এক প্ৰস্তাৱ বিজেপিৰ শীৰ্ষ নেতৃত্বৰ বিবেচনাধীন হৈ আছে। বৰ্তমানৰ মুখ্যমন্ত্ৰী মোহন মাঝিৰ কাম-কাজক লৈ শীৰ্ষ নেতৃত্ব সন্তুষ্ট নহয়। যদি মাঝিক আঁতৰোৱা হয়, তেন্তে ধৰ্মেন্দ্ৰ প্ৰধান নতুন মুখ্যমন্ত্ৰী হ’ব পাৰে।