• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আগষ্টৰ পৰাই আৰম্ভ জনগণনাৰ কাম : ঘৰে ঘৰে গৈ ৩৪টা প্ৰশ্ন সুধিব গণনাকৰ্মীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 9, 2026 2:49 pm
10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বহু বছৰৰ অপেক্ষাৰ পিছত দেশত পুনৰ আৰম্ভ হ’ব জনগণনাৰ কাম। ২০১১ চনত শেষবাৰ দেশত জনগণনা হৈছিল। নিয়ম অনুসৰি ২০২১ চনতে এই কাম হোৱাৰ কথা আছিল যদিও ক’ভিড মহামাৰীৰ বাবে সেয়া সম্ভৱ হোৱা নাছিল। এতিয়া নৰেন্দ্ৰ মোদী চৰকাৰৰ সময়ত প্ৰথমবাৰৰ বাবে দেশত জনগণনাৰ প্ৰক্ৰিয়া আৰম্ভ হ’বলৈ গৈছে।

ইতিমধ্যে এই প্ৰশিক্ষণত কৰ্মীসকলক ঘৰে ঘৰে গৈ তথ্য কেনেদৰে সংগ্ৰহ কৰিব লাগে, সেই বিষয়ে শিকোৱা হৈছে।

Apply Now

আগষ্ট মাহৰ পৰাই জনগণনাৰ প্ৰাথমিক কাম আৰম্ভ হ’ব। প্ৰথম পৰ্যায় চলিব ১ আগষ্টৰ পৰা ১৫ আগষ্টলৈ। এই সময়ছোৱাত হ’ব ‘স্বগণনা’। অৰ্থাৎ প্ৰতিটো পৰিয়ালে নিৰ্দিষ্ট প’ৰ্টেলত নিজৰ তথ্য নিজে পূৰণ কৰিব লাগিব। যদিও এই কাম মূলতঃ পৰিয়ালৰ নিজা দায়িত্ব, তথাপি গণনাকৰ্মীসকলে ইয়াত সহায় কৰিব।

প্ৰশিক্ষণত গণনাকৰ্মীসকলক জনোৱা হৈছে যে আগষ্টৰ প্ৰথম ১৫ দিনত তেওঁলোকে দায়িত্বপ্ৰাপ্ত অঞ্চলত ঘূৰি ঘূৰি ঘৰৰ সংখ্যা, পৰিয়ালৰ সংখ্যা আৰু আন প্ৰয়োজনীয় তথ্য সংগ্ৰহ কৰিব লাগিব। লগতে যিসকল পৰিয়ালে অনলাইন প’ৰ্টেলত তথ্য পূৰণ কৰাত অসুবিধা পাব, তেওঁলোকক সহায় কৰিব লাগিব।

ইয়াৰ পিছত ১৬ আগষ্টৰ পৰা ৩১ আগষ্টলৈ দ্বিতীয় পৰ্যায় চলিব। এই সময়ত গণনাকৰ্মীসকলে ঘৰে ঘৰে গৈ আগতে দাখিল কৰা তথ্য পৰীক্ষা কৰিব। এই প্ৰাথমিক পৰ্যায় শেষ হোৱাৰ পিছত অহা বছৰৰ ফেব্ৰুৱাৰী মাহজুৰি জনগণনাৰ চূড়ান্ত কাম চলিব।

প্ৰতিজন গণনাকৰ্মীয়ে গড়ে ১৫০ৰ পৰা ১৮০টা ঘৰৰ তথ্য সংগ্ৰহ কৰিব লাগিব। কেৱল ঘৰে ঘৰে গৈ তথ্য লোৱাই নহয়, চেটেলাইট ছবি চাই অঞ্চলৰ মেপিং কৰাৰ কামো গণনাকৰ্মীসকলে কৰিব লাগিব।

এইবাৰৰ জনগণনাত পৰিয়ালসমূহে মুঠ ৩৪টা মূল প্ৰশ্নৰ উত্তৰ দিব লাগিব। ইয়াৰ ভিতৰত থাকিব ঘৰৰ নম্বৰ, লোকপিয়ল গৃহ নম্বৰ, ঘৰৰ মজিয়া, বেৰ আৰু ছাদৰ মূল উপাদান, ঘৰৰ ব্যৱহাৰ, ঘৰৰ বৰ্তমান অৱস্থা, পৰিয়ালৰ সংখ্যা আৰু পৰিয়ালত নিয়মিতভাৱে থকা মুঠ সদস্যৰ সংখ্যা।

ইয়াৰ লগতে পৰিয়ালৰ মুৰব্বীৰ নাম, লিংগ, তেওঁ অনুসূচিত জাতি, অনুসূচিত জনজাতি বা অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্গত নে নহয়, ঘৰৰ মালিকীস্বত্বৰ তথ্য, বাসযোগ্য কোঠাৰ সংখ্যা আৰু পৰিয়ালত থকা বিবাহিত দম্পতীৰ সংখ্যাও জনাব লাগিব।

খোৱা পানীৰ মূল উৎস, সেই উৎস ঘৰৰ ভিতৰত নে বাহিৰত, পোহৰৰ উৎস, শৌচালয় আছে নে নাই, শৌচালয়ৰ ধৰণ, জল নিষ্কাশন ব্যৱস্থা, ঘৰৰ চৌহদৰ ভিতৰত গা ধোৱাৰ ব্যৱস্থা আছে নে নাই, ৰান্ধনিঘৰ আৰু এলপিজি সংযোগ আছে নে নাই, ৰন্ধনত ব্যৱহৃত মূল ইন্ধনৰ কথাও প’ৰ্টেলত পূৰণ কৰিব লাগিব।

ইয়াৰ উপৰি পৰিয়ালত ৰেডিঅ’ বা ট্ৰেন্সিষ্টৰ, টেলিভিছন, ইণ্টাৰনেট সুবিধা, কম্পিউটাৰ বা লেপটপ, টেলিফোন, মোবাইল বা স্মাৰ্টফোন আছে নে নাই, সেই কথাও জনাব লাগিব। লগতে চাইকেল, স্কুটাৰ, মটৰ চাইকেল, মপেড, চাৰিচকীয়া গাড়ী, জীপ বা মটৰ ভেন আছে নে নাই, সেয়াও তথ্যৰ অংশ হ’ব।

পৰিয়ালত মূলতঃ কি খাদ্য খোৱা হয় আৰু পৰিয়ালৰ মোবাইল নম্বৰো এই তথ্যসংগ্ৰহত অন্তৰ্ভুক্ত থাকিব। ফৰ্ম পূৰণ সম্পূৰ্ণ হোৱাৰ পিছত নিৰ্দিষ্ট মোবাইল নম্বৰত অ’টিপি যাব।

এই ৩৪টা মূল প্ৰশ্নৰ অধীনত আৰু কিছুমান উপ-তথ্যও পূৰণ কৰিব লাগিব। যেনে পৰিয়ালত কিমানজন পুৰুষ, কিমানগৰাকী মহিলা, তৃতীয় লিংগ বা ৰূপান্তৰকামী কোনো সদস্য আছে নে নাই, সেই তথ্য জনাব লাগিব। ঘৰৰ মজিয়া, বেৰ বা ছাদৰ ক্ষেত্ৰতো বিভিন্ন শ্ৰেণী থাকিব আৰু পৰিয়ালসমূহে সেই অনুসৰি তথ্য দিব লাগিব।

জনগণনা কেৱল দেশত কিমান মানুহ আছে সেই সংখ্যা জনাৰ কাম নহয়। ইয়াৰ জৰিয়তে দেশৰ মানুহে কেনে পৰিস্থিতিত বাস কৰিছে, তেওঁলোকৰ ঘৰত খোৱা পানী, বিদ্যুৎ, শৌচালয়, ৰান্ধনিঘৰ আদি ন্যূনতম সুবিধা আছে নে নাই, সেই বাস্তৱ ছবিখনো স্পষ্ট হয়।

২০০১ চনৰ জনগণনাৰ তথ্যৰ ভিত্তিত তেতিয়াৰ মনমোহন সিং নেতৃত্বাধীন ইউপিএ চৰকাৰে বিদ্যালয়ত মধ্যাহ্ন ভোজন আঁচনিৰ পৰা আৰম্ভ কৰি আদিবাসীসকলৰ বনাঞ্চল অধিকাৰ আইন বলৱৎ কৰাৰ দৰে বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছিল। দাৰিদ্ৰ্যসীমাৰ তলত থকা পৰিয়ালক অতিৰিক্ত ৰেচন দিয়াৰ ক্ষেত্ৰতো জনগণনাৰ তথ্যই গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল।

দীৰ্ঘ প্ৰায় ডেৰ দশকৰ পিছত দেশত পুনৰ জনগণনা হ’বলৈ গৈছে। এই সময়ছোৱাত দেশৰ জনসংখ্যা কিমান বৃদ্ধি পালে, মানুহৰ জীৱনযাপনৰ মান কিমান সলনি হ’ল, মৌলিক সুবিধাৰ ক্ষেত্ৰত দেশ কিমান আগবাঢ়িল এই সকলো বিষয়ৰ স্পষ্ট ছবি অহা বছৰত পোৱা যাব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কামাখ্যাৰ নাহৰবাৰীত উলংগ অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ : আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যুৱকজনৰ বন্ধুক

কামাখ্যাৰ নাহৰবাৰীত উলংগ অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ : আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যুৱকজনৰ বন্ধুক

July 9, 2026 3:12 pm
আগষ্টৰ পৰাই আৰম্ভ জনগণনাৰ কাম : ঘৰে ঘৰে গৈ ৩৪টা প্ৰশ্ন সুধিব গণনাকৰ্মীয়ে

আগষ্টৰ পৰাই আৰম্ভ জনগণনাৰ কাম : ঘৰে ঘৰে গৈ ৩৪টা প্ৰশ্ন সুধিব গণনাকৰ্মীয়ে

July 9, 2026 2:49 pm
পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

July 9, 2026 1:09 pm
‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

July 9, 2026 12:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কামাখ্যাৰ নাহৰবাৰীত উলংগ অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ : আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যুৱকজনৰ বন্ধুক

কামাখ্যাৰ নাহৰবাৰীত উলংগ অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ : আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যুৱকজনৰ বন্ধুক

July 9, 2026 3:12 pm
আগষ্টৰ পৰাই আৰম্ভ জনগণনাৰ কাম : ঘৰে ঘৰে গৈ ৩৪টা প্ৰশ্ন সুধিব গণনাকৰ্মীয়ে

আগষ্টৰ পৰাই আৰম্ভ জনগণনাৰ কাম : ঘৰে ঘৰে গৈ ৩৪টা প্ৰশ্ন সুধিব গণনাকৰ্মীয়ে

July 9, 2026 2:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd