• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ব্ৰহ্মপুত্ৰত চীনৰ বৃহৎ বান্ধক কেন্দ্ৰ কৰি উদ্বেগজনক সংকেত! কি ক’লে চীনা ভূতত্ত্ববিদসকলে?

চীনৰ ভূতাত্ত্বিক জৰীপৰ ভূতত্ত্ববিদসকলে সেই অঞ্চলত এই বান্ধ নিৰ্মাণৰ সন্দৰ্ভত সকীয়াই দিছে। ভূতাত্ত্বিকভাৱে এই অঞ্চলটো ভূমিকম্পীয়ভাৱে সক্ৰিয়। যাৰ বাবে অঞ্চলটোত প্ৰাকৃতিক দুৰ্যোগৰ আশংকা আছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 11, 2026 10:51 am
ফটো সৌজন্যঃ X.com।

ফটো সৌজন্যঃ X.com।

8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আনুমানিক ১৪৭.৮ বিলিয়ন মাৰ্কিন ডলাৰ ব্যয় কৰি ব্ৰহ্মপুত্ৰত বিশ্বৰ সৰ্ববৃহৎ বান্ধ নিৰ্মাণ কৰি আছে চীনে। কিন্তু এই অঞ্চলৰ ভূতাত্ত্বিক দিশবোৰ চীনৰ এই ‘মেগা’ বান্ধৰ বাবে ‘বৃহ’ বাধা হৈ পৰিছে।

চীন চৰকাৰৰ সমৰ্থিত ভূতত্ত্ববিদসকলে (জিঅ’লজিষ্ট) সকীয়াই দিছে যে বান্ধটো য’ত নিৰ্মাণ কৰা হৈছে, সেইটো এটা ‘এক্টিভ ফল্ট লাইন’ত নিৰ্মাণ কৰা হৈছে। ফলত অঞ্চলটোত ভূমিস্খলন আৰু ভূমিকম্পৰ সৃষ্টি হ’ব পাৰে। তদুপৰি, বান্ধটোৰ আন্তঃগাঁথনিও ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা আছে।

Apply Now

তিব্বতৰ ইয়াৰলুং ছাংপো নদীত বিশ্বৰ সৰ্ববৃহৎ বান্ধ নিৰ্মাণ কৰি আছে চীনে। সেই নদীৰ পানী ভাৰতৰ সীমান্তৰে প্ৰৱেশ কৰি নাম লৈছে ছিয়াং, ব্ৰহ্মপুত্ৰ। ইয়াৰ পিছত বাংলাদেশৰ ভূখণ্ডত প্ৰৱেশ কৰিছে।

ব্ৰহ্মপুত্ৰত চীনৰ বান্ধ নিৰ্মাণ কৰাটো কৌশলগত দিশকে ধৰি বহু দিশত দিল্লীৰ বাবে তাৎপৰ্যপূৰ্ণ। এই নদীৰ সোঁতৰ পৰা আৰম্ভ কৰি নদীৰ পাৰত বসবাস কৰা বাসিন্দাসকলৰ অৱস্থাক লৈ দিল্লী বহুবাৰ সৰৱ হৈছে।

এইবাৰ চীনৰ ভূতাত্ত্বিক জৰীপৰ (জিঅ’লজিকেল চাৰ্ভে) ভূতত্ত্ববিদসকলে সেই অঞ্চলত এই বান্ধ নিৰ্মাণৰ সন্দৰ্ভত সকীয়াই দিছে। ভূতাত্ত্বিকভাৱে এই অঞ্চলটো ভূমিকম্পীয়ভাৱে সক্ৰিয়। যাৰ বাবে অঞ্চলটোত প্ৰাকৃতিক দুৰ্যোগৰ আশংকা আছে।

চীনা ভাষাৰ ‘Sedimentary Geology and Tethyan Geology’ নামৰ আলোচনীখনত প্ৰকাশিত গৱেষণাৰ মতে এই প্ৰকল্পটো দক্ষিণ-পূব তিব্বতত ইয়াৰলুং ছাংপো নদীৰ ‘গ্ৰেট বেণ্ড’ বা বৃহৎ মোৰৰ ওচৰত ‘পাইজেন ফল্ট’ নামৰ সক্ৰিয় টেকটনিক ফল্ট জ’নত অৱস্থিত। গৱেষকসকলে এই ফল্টটো প্ৰায় ২৬ লাখ বছৰ আগতে আৰম্ভ হোৱা ভূতাত্ত্বিক যুগ ‘প্লেইষ্ট’চিন’ৰ পৰাই ‘অতি সক্ৰিয়’ হৈ থকা বুলি জানিবলৈ দিয়ে আৰু ইয়াত এতিয়াও টেকটনিক বা ভূগাঁথনিগত কম্পন অব্যাহত আছে। এই ফল্ট জ’নত যিকোনো আন্তঃগাঁথনিৰ স্থায়িত্ব প্ৰশ্নবোধক, সেয়া ৰাস্তাই হওক, সুৰংগ হওক, দলং হওক বা বান্ধেই হওক!

অধ্যয়নটোত কোৱা হৈছে যে ফল্ট লাইনৰ নিৰন্তৰ লৰচৰ কৰি থকাটোৱে চাৰিওফালৰ শিল আৰু পাহাৰৰ ঢাল অস্থিৰ কৰি তুলিব পাৰে, যাৰ ফলত প্ৰকল্প এলেকাৰ চাৰিওফালে ভূমিস্খলন, শিলাস্খলন আৰু ভূপৃষ্ঠৰ বিকৃতিৰ আশংকা বৃদ্ধি পাব পাৰে। ভূতত্ত্ববিদসকলে অঞ্চলটোত প্ৰকল্পটোৰ বাবে ক্ৰমাগত ভূতাত্ত্বিক গতিবিধিৰ নিৰীক্ষণৰ পৰামৰ্শ দিছে।

২০২৫ চনত চীনে আৰম্ভ কৰা এই জলবিদ্যুৎ প্ৰকল্পটো ইয়াৰলুং ছাংপো নদীৰ নাটকীয় ‘গ্ৰেট বেণ্ড’ বা বৃহৎ মোৰৰ ওচৰৰ মেডগ কাউন্টিত নিৰ্মাণ কৰা হৈছে। এই মোৰতেই নদীখনে তীব্ৰ ‘ইউ-টাৰ্ণ’ লৈ তাৰ পাছত অৰুণাচল প্ৰদেশত ‘ছিয়াং’ হিচাপে ভাৰতত প্ৰৱেশ কৰে, য’ত ই পিছলৈ ব্ৰহ্মপুত্ৰ নদীত পৰিণত হয়।

ভাৰতে ইয়াৰ পূৰ্বেও এই নদীত চীনে বান্ধ নিৰ্মাণ কৰাক লৈ পৰিৱেশগত দিশৰ পৰা উদ্বেগ প্ৰকাশ কৰিছিল। এইবাৰ চীনৰ নিজৰ ভূখণ্ডৰ ভূতত্ত্ববিদসকলেই দিল্লীৰ সেই উদ্বেগক যেন মান্যতা দিলে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধৰ্ষণৰ গোচৰত জামিনত মুক্তি পাইয়েই পত্নী, সন্তানসহ ৬ জনক হত্যা! কিয় কৰিলে এই নৃশংস কাণ্ড?

ধৰ্ষণৰ গোচৰত জামিনত মুক্তি পাইয়েই পত্নী, সন্তানসহ ৬ জনক হত্যা! কিয় কৰিলে এই নৃশংস কাণ্ড?

July 11, 2026 12:19 pm
ব্ৰহ্মপুত্ৰত চীনৰ বৃহৎ বান্ধক কেন্দ্ৰ কৰি উদ্বেগজনক সংকেত! কি ক’লে চীনা ভূতত্ত্ববিদসকলে?

ব্ৰহ্মপুত্ৰত চীনৰ বৃহৎ বান্ধক কেন্দ্ৰ কৰি উদ্বেগজনক সংকেত! কি ক’লে চীনা ভূতত্ত্ববিদসকলে?

July 11, 2026 10:51 am
ই ২০ পেট্ৰ’লে ৫ শতাংশ হ্ৰাস কৰে বাহনৰ মাইলেজ; অৱশেষত স্বীকাৰ কৰিলে পেট্ৰলিয়াম মন্ত্ৰালয়ে

ই ২০ পেট্ৰ’লে ৫ শতাংশ হ্ৰাস কৰে বাহনৰ মাইলেজ; অৱশেষত স্বীকাৰ কৰিলে পেট্ৰলিয়াম মন্ত্ৰালয়ে

July 11, 2026 9:44 am
অভিনেতা ৰাজপাল যাদৱক ৩ মাহৰ কাৰাদণ্ড; চেক বাউন্স গোচৰত দিল্লী উচ্চ ন্যায়ালয়ে দিলে ৰায়

অভিনেতা ৰাজপাল যাদৱক ৩ মাহৰ কাৰাদণ্ড; চেক বাউন্স গোচৰত দিল্লী উচ্চ ন্যায়ালয়ে দিলে ৰায়

July 11, 2026 8:52 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধৰ্ষণৰ গোচৰত জামিনত মুক্তি পাইয়েই পত্নী, সন্তানসহ ৬ জনক হত্যা! কিয় কৰিলে এই নৃশংস কাণ্ড?

ধৰ্ষণৰ গোচৰত জামিনত মুক্তি পাইয়েই পত্নী, সন্তানসহ ৬ জনক হত্যা! কিয় কৰিলে এই নৃশংস কাণ্ড?

July 11, 2026 12:19 pm
ব্ৰহ্মপুত্ৰত চীনৰ বৃহৎ বান্ধক কেন্দ্ৰ কৰি উদ্বেগজনক সংকেত! কি ক’লে চীনা ভূতত্ত্ববিদসকলে?

ব্ৰহ্মপুত্ৰত চীনৰ বৃহৎ বান্ধক কেন্দ্ৰ কৰি উদ্বেগজনক সংকেত! কি ক’লে চীনা ভূতত্ত্ববিদসকলে?

July 11, 2026 10:51 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd