• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, November 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা অব্যাহতি লোৱা ধৰ্মেন্দ্ৰ প্ৰধানক ভাৰতীয় শিক্ষাব্যৱস্থাক উপনিবেশিক প্ৰভাৱৰ পৰা মুক্ত কৰা আৰু বিশেষকৈ গুৱাহাটীত আই আই এম স্থাপনত আগবঢ়োৱা গুৰুত্বপূৰ্ণ অৱদানৰ বাবে সামাজিক মাধ্যমযোগে গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 25, 2026 5:53 pm
14
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা অব্যাহতি লোৱা ধৰ্মেন্দ্ৰ প্ৰধানক তেওঁৰ কাৰ্যকালৰ সফল আৰু বলিষ্ঠ পদক্ষেপসমূহৰ বাবে ৰাজ্যৰ তৰফৰ পৰা গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰা এক বিবৃতিত মুখ্যমন্ত্ৰীগৰাকীয়ে ভাৰতৰ সভ্যতাৰ মূল সত্তাক পুনৰুজ্জীৱিত কৰা আৰু দেশৰ শিক্ষাব্যৱস্থাক উপনিবেশিক প্ৰভাৱৰ পৰা মুক্ত কৰাৰ ক্ষেত্ৰত বিদায়ী মন্ত্ৰীগৰাকীয়ে কৰা নিৰলস প্ৰচেষ্টাক ৰাষ্ট্ৰ নিৰ্মাণৰ অন্যতম শ্ৰেষ্ঠ অৱদান হিচাপে অভিহিত কৰে।

 

Apply Now

সামাজিক মাধ্যমত প্ৰকাশিত এই বিবৃতিটোত মুখ্যমন্ত্ৰী শৰ্মাই উল্লেখ কৰে যে, বিভিন্ন ৰাজনৈতিক প্ৰত্যাহ্বানৰ মাজতো ৰাষ্ট্ৰীয় শিক্ষানীতি ৰূপায়ণৰ ক্ষেত্ৰত ধৰ্মেন্দ্ৰ প্ৰধানৰ অটল দায়বদ্ধতা সদায় স্মৰণীয় হৈ ৰ’ব। ইয়াৰ সমান্তৰালকৈ অসমৰ প্ৰতি বিদায়ী মন্ত্ৰীগৰাকীৰ থকা আন্তৰিক মৰম আৰু সদিচ্ছাকো মুখ্যমন্ত্ৰীগৰাকীয়ে বিশেষভাৱে শ্ৰদ্ধাৰে সুঁৱৰিছে। ৰাজ্যখনক যেতিয়াই প্ৰয়োজন হৈছিল, তেতিয়াই প্ৰধানক সদায় কাষত পোৱা গৈছিল বুলি উল্লেখ কৰি তেওঁ কয় যে প্ৰধানৰ উৎসাহ, মাৰ্গদৰ্শন আৰু সদিচ্ছা অসমৰ বাবে সদায় গুৰুত্বপূৰ্ণ আছিল।

মাত্ৰ যোৱা সপ্তাহতে গুৱাহাটীত ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান (আই আই এম) উদ্বোধন কৰাৰ গৌৰৱো কেৱল প্ৰধানৰ দূৰদৰ্শিতা আৰু সমগ্ৰ দেশত গুণগত উচ্চ শিক্ষা সম্প্ৰসাৰণৰ প্ৰতি থকা গভীৰ দায়বদ্ধতাৰ বাবেই সম্ভৱ হৈ উঠিছিল বুলি মুখ্যমন্ত্ৰীয়ে তেওঁৰ পোষ্টটোত উল্লেখ কৰিছে। এই গুৰুত্বপূৰ্ণ অৱদানৰ বাবে সমগ্ৰ অসমবাসী চিৰদিন কৃতজ্ঞ হৈ ৰ’ব বুলিও তেওঁ প্ৰকাশ কৰিছে।

 

মন্ত্ৰীগৰাকীয়ে পদৰ পৰা অব্যাহতি লোৱাৰ ক্ষণত তেওঁৰ নিষ্ঠা, নম্ৰতা আৰু ভাৰত মাতাৰ প্ৰতি আগবঢ়োৱা নিস্বাৰ্থ সেৱাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছে। আগন্তুক দিনবোৰত তেওঁৰ সুস্বাস্থ্য, সুখ আৰু শক্তি কামনা কৰি ভৱিষ্যতেও তেওঁ য’তেই সেৱা আগবঢ়াব, তাত একেই আন্তৰিকতা আৰু দায়বদ্ধতাৰে কাম কৰি যাব বুলি দৃঢ় বিশ্বাস ব্যক্ত কৰাৰ লগতে ধৰ্মেন্দ্ৰ প্ৰধানৰ স্নেহ আৰু অৱদান অসমে সদায় মনত ৰাখিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিশা বন্ধ হোৱা কেফেৰ তলা খুলি পাৰ্টী! পূব দিল্লীত ২২ বছৰীয়া যুৱতীক দলবদ্ধ ধৰ্ষণৰ অভিযোগ, দুগৰাকী মহিলা সহকৰ্মীসহ গ্ৰেপ্তাৰ ৩

নিশা বন্ধ হোৱা কেফেৰ তলা খুলি পাৰ্টী! পূব দিল্লীত ২২ বছৰীয়া যুৱতীক দলবদ্ধ ধৰ্ষণৰ অভিযোগ, দুগৰাকী মহিলা সহকৰ্মীসহ গ্ৰেপ্তাৰ ৩

November 25, 2026 12:20 pm
জিম্মাৰ পৰা পলায়নৰ চেষ্টা! আৰক্ষীৰ গুলীত আহত দুলীয়াজান হত্যাকাণ্ডৰ দুই অভিযুক্ত

জিম্মাৰ পৰা পলায়নৰ চেষ্টা! আৰক্ষীৰ গুলীত আহত দুলীয়াজান হত্যাকাণ্ডৰ দুই অভিযুক্ত

November 25, 2026 8:56 am
এমাহ ধৰি প্ৰতিদিনে দুটাকৈ কণী খোৱাৰ উপকাৰিতা আৰু সাৱধানতা: কাৰ বাবে বিপদজনক হ’ব পাৰে?

এমাহ ধৰি প্ৰতিদিনে দুটাকৈ কণী খোৱাৰ উপকাৰিতা আৰু সাৱধানতা: কাৰ বাবে বিপদজনক হ’ব পাৰে?

November 25, 2026 7:54 am
খিলঞ্জীয়াৰ স্বাৰ্থৰ কথা কোৱা আছুৱে ৰাভা হাছঙৰ খাটিখোৱা মানুহৰ সংগ্ৰামত অংশ লওক: গোবিন্দ চন্দ্ৰ ৰাভা

খিলঞ্জীয়াৰ স্বাৰ্থৰ কথা কোৱা আছুৱে ৰাভা হাছঙৰ খাটিখোৱা মানুহৰ সংগ্ৰামত অংশ লওক: গোবিন্দ চন্দ্ৰ ৰাভা

November 24, 2026 9:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিশা বন্ধ হোৱা কেফেৰ তলা খুলি পাৰ্টী! পূব দিল্লীত ২২ বছৰীয়া যুৱতীক দলবদ্ধ ধৰ্ষণৰ অভিযোগ, দুগৰাকী মহিলা সহকৰ্মীসহ গ্ৰেপ্তাৰ ৩

নিশা বন্ধ হোৱা কেফেৰ তলা খুলি পাৰ্টী! পূব দিল্লীত ২২ বছৰীয়া যুৱতীক দলবদ্ধ ধৰ্ষণৰ অভিযোগ, দুগৰাকী মহিলা সহকৰ্মীসহ গ্ৰেপ্তাৰ ৩

November 25, 2026 12:20 pm
জিম্মাৰ পৰা পলায়নৰ চেষ্টা! আৰক্ষীৰ গুলীত আহত দুলীয়াজান হত্যাকাণ্ডৰ দুই অভিযুক্ত

জিম্মাৰ পৰা পলায়নৰ চেষ্টা! আৰক্ষীৰ গুলীত আহত দুলীয়াজান হত্যাকাণ্ডৰ দুই অভিযুক্ত

November 25, 2026 8:56 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd