• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কাছাৰত ভয়াৱহ বিস্ফোৰণ: ষ্টীল কাৰখানাত চাৰিজন শ্ৰমিকৰ মৃত্যু, আহত এজন

কাছাৰ জিলাৰ উধাৰবন্দ সমষ্টিৰ পাংগ্ৰামত থকা লাডী ষ্টীল ইণ্ডাষ্ট্ৰিয়েল ইউনিটত ৰবিবাৰে পুৱা ১১ বাজি ৩ মিনিটত হোৱা এক ভয়াৱহ বিস্ফোৰণত চাৰিজন শ্ৰমিকৰ মৃত্যু হোৱাৰ লগতে আন এজন শ্ৰমিক সামান্যভাৱে আহত হৈছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 26, 2026 6:04 pm
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাছাৰ জিলাৰ উধাৰবন্দ সমষ্টিৰ পাংগ্ৰামত থকা লাডী ষ্টীল ইণ্ডাষ্ট্ৰিয়েল ইউনিটত ৰবিবাৰে পুৱা ১১ বাজি ৩ মিনিটত হোৱা এক ভয়াৱহ বিস্ফোৰণত চাৰিজন শ্ৰমিকৰ মৃত্যু হোৱাৰ লগতে আন এজন শ্ৰমিক সামান্যভাৱে আহত হৈছে। ঘটনাৰ খবৰ পোৱাৰ লগে লগে জিলা প্ৰশাসন আৰু আৰক্ষী বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ লগতে ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনীৰ কৰ্মীসকল কাৰখানাখনত উপস্থিত হয়গৈ। স্থানীয় বাসিন্দা আৰু কাৰখানাৰ আন শ্ৰমিকসকলেও মৃতদেহ উদ্ধাৰ কাৰ্যত প্ৰশাসনক সহায় আগবঢ়ায়।

 

Apply Now

কাছাৰৰ উপায়ুক্ত ৰাহুল কুমাৰ গুপ্তা আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক সঞ্জীৱ শইকীয়াৰ সৈতে ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ কেবিনেট মন্ত্ৰী কৌশিক ৰায়ে কয় যে বিস্ফোৰণৰ সঠিক কাৰণ এতিয়াও নিশ্চিত হোৱা নাই। মন্ত্ৰীগৰাকীয়ে কয়, “কোনো শ্ৰমিক প্ৰাংগণৰ ভিতৰত আৱদ্ধ হৈ থকাৰ সম্ভাৱনা নাকচ কৰিবলৈ এন ডি আৰ এফৰ কৰ্মীসকলক কাৰখানাৰ চৌহদত পূৰ্ণাংগ তালাচী চলাবলৈ নিৰ্দেশ দিয়া হৈছে। আমাৰ তাৎক্ষণিক অগ্ৰাধিকাৰ আছিল আহতসকলক উদ্ধাৰ কৰা আৰু স্থানকণ সুৰক্ষিত কৰা। এক বিস্তৃত তদন্তৰ জৰিয়তে বিস্ফোৰণৰ কাৰণ আৰু শ্ৰমিকসকলৰ সুৰক্ষাৰ ব্যৱস্থাত কোনো ত্ৰুটি আছিল নেকি, সেয়া নিৰ্ণয় কৰা হ’ব।”

 

‘দ্য আছাম ট্ৰিবিউন’ৰ সৈতে হোৱা এক বাৰ্তালাপত উধাৰবন্দৰ বিধায়ক ৰাজদীপ গোৱালাই কয় যে নিহত চাৰিজনৰ ভিতৰত তিনিজন স্থানীয় বাসিন্দা আছিল, আনহাতে চতুৰ্থজন এগৰাকী বাহন চালক আছিল যি ত্ৰিপুৰাৰ বাসিন্দা। তেওঁ কয়, “মৃতদেহসমূহ ময়নাতদন্তৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। আহত শ্ৰমিকজনৰ উধাৰবন্দ চিকিৎসালয়ত চিকিৎসা চলি আছে আৰু তেওঁ বৰ্তমান আশংকামুক্ত।”

 

কাছাৰ জিলা প্ৰশাসনে সমগ্ৰ ঘটনাটোৰ সন্দৰ্ভত এক দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে। ইয়াৰ লগতে কাছাৰ আৰক্ষী আৰু শ্ৰম বিভাগে বিস্ফোৰণৰ কাৰণ তথা কাৰখানাটোৰ সুৰক্ষা ব্যৱস্থা সম্পৰ্কে পৃথকে পৃথকে তদন্ত আৰম্ভ কৰিছে। সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী ৰায়ে কয় যে তদন্তৰ আওতাত স্থানীয় বাসিন্দাসকলৰ সেই দাবীও অন্তৰ্ভুক্ত কৰা হ’ব, য’ত তেওঁলোকে পূৰ্বেও কাৰখানাটোত সৰু বিস্ফোৰণ ঘটা বুলি অভিযোগ কৰিছে। তেওঁ কয়, “এনে ঘটনা যদি সঁচাকৈয়ে ঘটিছিল আৰু প্ৰশাসনক অৱগত কৰা হোৱা নাছিল, তেন্তে সেই দিশটোও তদন্তৰ পৰিসৰলৈ অনা হ’ব। এই তদন্তই উদ্যোগটোৰ কাৰ্য-পৰিচালনা, শ্ৰমিকৰ সুৰক্ষা ব্যৱস্থা আৰু দুৰ্ঘটনাটোৰ সৈতে জড়িত সকলো দিশ সামৰি ল’ব।”

 

ইফালে, কাছাৰ আৰক্ষীয়ে জেৰাৰ বাবে কাৰখানাটোৰ পৰিচালক আৰু পৰিচালনা বিভাগৰ আন কৰ্মচাৰীসকলক আটক কৰিছে। বিধায়ক গোৱালাই সদৰী কৰা মতে, বাহিৰত থকা বুলি জানিব পৰা কাৰখানাৰ মালিকসকলক সোমবাৰে তদন্তকাৰী বিষয়াসকলৰ সন্মুখত উপস্থিত হ’বলৈ নিৰ্দেশ দিয়া হৈছে। আনহাতে, সহকাৰী শ্ৰম আয়ুক্তই কৰ্মক্ষেত্ৰৰ পৰিস্থিতি, বিধিবদ্ধ সুৰক্ষা ব্যৱস্থা আৰু শ্ৰমিকসকলক প্ৰদান কৰা সা-সুবিধাৰ সম্পৰ্কে এক সুকীয়া তদন্ত চলাব। কাছাৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সঞ্জীৱ শইকীয়াই কয় যে এখন প্ৰাথমিক এজাহাৰ (FIR) ৰুজু কৰি আনুষ্ঠানিক তদন্ত আৰম্ভ কৰা হ’ব। গুৱাহাটীৰ পৰা যোৱা ফৰেনছিক বিশেষজ্ঞৰ এটা দলে ঘটনাস্থলী পৰিদৰ্শন কৰি নমুনা সংগ্ৰহ কৰাৰ লগতে বিস্ফোৰণৰ সঠিক কাৰণ ফাদিল কৰিব বুলি আশা কৰা হৈছে।

 

জিলা প্ৰশাসনে নিহত শ্ৰমিকসকলৰ পৰিয়ালৰ বাবে অতিৰিক্ত ক্ষতিপূৰণ সুনিশ্চিত কৰিবলৈ কাৰখানা কৰ্তৃপক্ষৰ সৈতেও আলোচনা আৰম্ভ কৰিছে। ঘটনাটোৰ প্ৰকৃত কাৰণ আৰু সুৰক্ষা ব্যৱস্থাৰ ত্ৰুটি সম্পৰ্কীয় তদন্ত অব্যাহত থকাৰ মাজতে এই ভয়ংকৰ দুৰ্ঘটনাটোৱে ৰাজ্যখনৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহত শ্ৰমিকৰ সুৰক্ষা ব্যৱস্থাৰ বিষয়টোলৈ নতুনকৈ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

July 26, 2026 7:02 pm
কাছাৰত ভয়াৱহ বিস্ফোৰণ: ষ্টীল কাৰখানাত চাৰিজন শ্ৰমিকৰ মৃত্যু, আহত এজন

কাছাৰত ভয়াৱহ বিস্ফোৰণ: ষ্টীল কাৰখানাত চাৰিজন শ্ৰমিকৰ মৃত্যু, আহত এজন

July 26, 2026 6:04 pm
পূব কামৰূপ কুইজ ফ’ৰামৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীৰ বাবে কুইজ, তৰ্ক আৰু কবিতা আবৃত্তিৰ বিশেষ কৰ্মশালা সম্পন্ন

পূব কামৰূপ কুইজ ফ’ৰামৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীৰ বাবে কুইজ, তৰ্ক আৰু কবিতা আবৃত্তিৰ বিশেষ কৰ্মশালা সম্পন্ন

July 26, 2026 6:00 pm
ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত হ’ল সাৰনাথ

ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত হ’ল সাৰনাথ

July 26, 2026 3:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

July 26, 2026 7:02 pm
কাছাৰত ভয়াৱহ বিস্ফোৰণ: ষ্টীল কাৰখানাত চাৰিজন শ্ৰমিকৰ মৃত্যু, আহত এজন

কাছাৰত ভয়াৱহ বিস্ফোৰণ: ষ্টীল কাৰখানাত চাৰিজন শ্ৰমিকৰ মৃত্যু, আহত এজন

July 26, 2026 6:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd