• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

`মৃত্যুৰ দুবছৰ পাছত ডা: মনমোহন সিঙৰ কলংকমুক্তি, কয়লা কেলেংকাৰিৰ পৰা ৰেহাই দিলে উচ্চতম ন্যায়ালয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 29, 2026 4:13 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰধানমন্ত্ৰী হৈ থকা সময়ত দিয়া অন্তিমটো সাংবাদিক মেলত ড০ মনমোহন সিঙে কৈছিল যে বৰ্তমানৰ সংবাদ মাধ্যম আৰু বিৰোধী দলবোৰতকৈ ইতিহাসে তেওঁৰ প্ৰতি অধিক দয়ালু আচৰণ কৰিব। সময় পাৰ হোৱাৰ লগে লগে তেওঁৰ আন আন ভৱিষ্যদ্বাণীৰ দৰেই এই কথাষাৰো সত্য প্ৰমাণিত হ’বলৈ ধৰিছে। কমনৱেলথ গেমছ আৰু টু-জি কেলেংকাৰিৰ পাছত এইবাৰ আন এক দুৰ্নীতিৰ অভিযোগৰ পৰা সম্পূৰ্ণভাৱে ৰেহাই পালে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে।

২০১২ চনত প্ৰধানমন্ত্ৰীৰ পদত থকাৰ শেষৰ ফালে ড০ সিঙৰ বিৰুদ্ধে কয়লা ব্লক কেলেংকাৰি বা কোলগেট কেলেংকাৰিৰ অভিযোগ উঠিছিল। সেই সময়ত ওড়িশাৰ তালবিৰাত অবৈধভাৱে কয়লা ব্লক আবণ্টন কৰাৰ অভিযোগ উত্থাপন হৈছিল তৎকালীন ইউপিএ চৰকাৰৰ বিৰুদ্ধে। অভিযোগ পোহৰলৈ অহাৰ পাছত বহুতো কয়লা ব্লক আবণ্টন বাতিল কৰা হৈছিল। বিৰোধী দলসমূহে মনমোহন সিং চৰকাৰৰ বিৰুদ্ধে ব্যাপক হুলস্থুলৰ সৃষ্টি কৰিছিল। তৎকালীন কয়লা মন্ত্ৰী আৰু চৰকাৰৰ বহু উচ্চপদস্থ বিষয়াক এই কেলেংকাৰিত অভিযুক্ত কৰা হৈছিল। আনকি এই অভিযোগৰ আঙুলি পোনপটীয়াকৈ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈকে সম্প্ৰসারিত হৈছিল।

Apply Now

সেই কয়লা কেলেংকাৰিৰ পৰাই এইবাৰ ড০ মনমোহন সিঙক ৰেহাই দিলে উচ্চতম ন্যায়ালয়ে। জীৱিত কালত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ গায়ে দাগ লগা একমাত্ৰ দুৰ্নীতিৰ অভিযোগ আছিল এই কয়লা কেলেংকাৰি। ইয়াৰ বাহিৰে আন কোনো দুৰ্নীতিত তেওঁৰ নাম পোনপটীয়াকৈ সাঙোৰ খোৱা নাছিল। একমাত্ৰ কোলগেট কেলেংকাৰিতেই নিম্ন আদালতে তেওঁক অভিযুক্ত হিচাপে চমন প্ৰেৰণ কৰিছিল। কিন্তু পৰৱৰ্তী সময়ত চিবিআইয়ে তদন্ত কৰি জনায় যে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক অভিযুক্ত হিচাপে দেখুৱাবলৈ কোনো উপযুক্ত প্ৰমাণ পোৱা নাই। অৱশেষত চিবিআইৰ ক্লোজাৰ ৰিপোৰ্টত মনমোহন সিঙক অভিযুক্ত হিচাপে ৰখা নহ’ল।

উচ্চতম ন্যায়ালয়ে চিবিআইৰ সেই ক্লোজাৰ ৰিপোৰ্ট গ্ৰহণ কৰিলে। শীৰ্ষ আদালতে জানিবলৈ দিয়ে যে চিবিআইৰ এই ক্লোজাৰ ৰিপোৰ্ট গ্ৰহণ নকৰাৰ কোনো সংগত কাৰণ দেখা পোৱা নাই। দেশৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ নেতৃত্বাধীন বেঞ্চে স্পষ্টভাৱে কয় যে চিবিআইৰ নিম্ন কোনো আদালততে এই গোচৰৰ নিষ্পত্তি হ’ব লাগিছিল। ২০২৪ চনতে মনমোহন সিঙৰ মৃত্যু ঘটাৰ বাবে গোচৰটো এমনিও নিষ্প্ৰভ হৈ পৰিছিল। তাৰ উপৰি চিবিআইৰ ৰিপোৰ্ট খাৰিজ কৰিবলৈ কোনো শক্তিশালী প্ৰমাণো নাই। ইয়াৰ অৰ্থ হ’ল মৃত্যুৰ দুবছৰ পাছত অৱশেষত কয়লাৰ দাগৰ পৰা সম্পূৰ্ণ মুক্ত হ’ল ড০ মনমোহন সিং।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লাইভ ষ্ট্ৰীমিং চলিলেও বন্ধ থাকিব অডিঅ’, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠত এতিয়াৰে পৰা শুনা নাযাব কথা

লাইভ ষ্ট্ৰীমিং চলিলেও বন্ধ থাকিব অডিঅ’, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠত এতিয়াৰে পৰা শুনা নাযাব কথা

July 29, 2026 4:51 pm
`মৃত্যুৰ দুবছৰ পাছত ডা: মনমোহন সিঙৰ কলংকমুক্তি, কয়লা কেলেংকাৰিৰ পৰা ৰেহাই দিলে উচ্চতম ন্যায়ালয়ে

`মৃত্যুৰ দুবছৰ পাছত ডা: মনমোহন সিঙৰ কলংকমুক্তি, কয়লা কেলেংকাৰিৰ পৰা ৰেহাই দিলে উচ্চতম ন্যায়ালয়ে

July 29, 2026 4:13 pm
মুখ্যমন্ত্ৰীৰ টেবুলত ‘তাণ্ডৱ নৃত্য’ৰ হুংকাৰ অখিল গগৈৰ! মন্ত্ৰী-বিধায়কৰ চিণ্ডিকেটেই শিৱসাগৰলৈ আনিলে প্ৰলয়ংকৰী বান

মুখ্যমন্ত্ৰীৰ টেবুলত ‘তাণ্ডৱ নৃত্য’ৰ হুংকাৰ অখিল গগৈৰ! মন্ত্ৰী-বিধায়কৰ চিণ্ডিকেটেই শিৱসাগৰলৈ আনিলে প্ৰলয়ংকৰী বান

July 29, 2026 1:09 pm
এদিনীয়া বিশ্বকাপৰ দলত স্থান পাবনে বৈভৱ সূৰ্যবংশীয়ে? ফিটনেছ আৰু আচৰণক লৈ ক্ৰিকেট মহলত চৰ্চা

এদিনীয়া বিশ্বকাপৰ দলত স্থান পাবনে বৈভৱ সূৰ্যবংশীয়ে? ফিটনেছ আৰু আচৰণক লৈ ক্ৰিকেট মহলত চৰ্চা

July 29, 2026 12:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লাইভ ষ্ট্ৰীমিং চলিলেও বন্ধ থাকিব অডিঅ’, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠত এতিয়াৰে পৰা শুনা নাযাব কথা

লাইভ ষ্ট্ৰীমিং চলিলেও বন্ধ থাকিব অডিঅ’, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠত এতিয়াৰে পৰা শুনা নাযাব কথা

July 29, 2026 4:51 pm
`মৃত্যুৰ দুবছৰ পাছত ডা: মনমোহন সিঙৰ কলংকমুক্তি, কয়লা কেলেংকাৰিৰ পৰা ৰেহাই দিলে উচ্চতম ন্যায়ালয়ে

`মৃত্যুৰ দুবছৰ পাছত ডা: মনমোহন সিঙৰ কলংকমুক্তি, কয়লা কেলেংকাৰিৰ পৰা ৰেহাই দিলে উচ্চতম ন্যায়ালয়ে

July 29, 2026 4:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd