• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী ইণ্ডিয়াৰ মতে গেৰুৱা ৰং সাহস আৰু ত্যাগৰ প্ৰতীক; আনহাতে এয়া ক্ৰীড়াৰ ‘গেৰুৱাকৰণ’ বুলি অভিহিত কৰি অসন্তুষ্টি প্ৰকাশ কৰিছে প্ৰাক্তন অধিনায়ক বীৰেণ ৰাস্কিনহাই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 30, 2026 2:38 pm
13
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নেদাৰলেণ্ড আৰু বেলজিয়ামত অনুষ্ঠিত হ’বলগীয়া ২০২৬ চনৰ হকী বিশ্বকাপৰ পূৰ্বে ভাৰতীয় ৰাষ্ট্ৰীয় হকী দলে শেহতীয়াকৈ তেওঁলোকৰ নতুন জাৰ্চী উন্মোচন কৰে। দশক দশক ধৰি ভাৰতীয় দলে পৰিধান কৰি অহা পৰিচিত ‘নীলা’ ৰঙৰ পৰিৱৰ্তে এইবাৰ সম্পূৰ্ণ গেৰুৱা বা কমলা ৰঙৰ জাৰ্চী বাছনি কৰা হৈছে। পিছে এই পৰিৱৰ্তনক লৈ ছ’চিয়েল মিডিয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। একাংশ নেটিজেনে যোৱা এক দশকত চৰকাৰে ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিতভাৱে ক্ৰীড়াক্ষেত্ৰখনৰো ‘গেৰুৱাকৰণ’ কৰা বুলি অভিযোগ উত্থাপন কৰিছে।

 

Apply Now

ভাৰতীয় পুৰুষ দলৰ প্ৰাক্তন অধিনায়ক তথা অলিম্পিয়ান বীৰেণ ৰাস্কিনহাইয়ো এই সিদ্ধান্তক লৈ আক্ষেপ প্ৰকাশ কৰিছে। এক্সত (পূৰ্বৰ টুইটাৰ) কৰা এক পোষ্টত তেওঁ এই সিদ্ধান্তক লজ্জাজনক বুলি অভিহিত কৰি প্ৰশ্ন কৰে যে কৰ্তৃপক্ষই কিয় অনুৰাগীসকলৰ আৱেগ জড়িত হৈ থকা নীলা ৰংটো আঁতৰোৱাৰ সিদ্ধান্ত ল’লে। তেওঁ কয় যে, “মই স্বীকাৰ কৰোঁ যে হকী ইণ্ডিয়াই ভাৰতীয় হকীৰ বাবে বহুতো ভাল কাম কৰিছে। কিন্তু এইটো লজ্জাজনক। ভাৰতীয় দলৰ পৰিচয় আৰু ঐতিহ্য সদায় নীলা ৰঙৰ সৈতে জড়িত হৈ আছে। মই বহু বছৰ ধৰি গৌৰৱেৰে নীলা জাৰ্চী পিন্ধিছিলোঁ। অনুৰাগীসকলেও আমাৰ দলটোক নীলা ৰঙত দেখিবলৈ বিচাৰে। কমলা ৰঙৰ যুক্তিটো কি?”

 

অৱশ্যে তেওঁৰ এই মন্তব্যই ছ’চিয়েল মিডিয়াত ৰাজনৈতিক ৰূপ লোৱাৰ পিছত ৰাস্কিনহাই ৰাজনৈতিক বিতৰ্কৰ পৰা নিজকে আঁতৰাই ৰাখে। তেওঁ স্পষ্ট কৰি দিয়ে যে তেওঁৰ আপত্তি কেৱল ক্ৰীড়াৰ পৰিচয়, গৌৰৱ আৰু ঐতিহ্যক লৈহে আছিল। আন এক পোষ্টত তেওঁ কয়, ফুটবলৰ বাবে আৰ্জেণ্টিনা যিমান গুৰুত্বপূৰ্ণ, হকীৰ বাবে ভাৰতো সিমানেই গুৰুত্বপূৰ্ণ। আমি কেতিয়াবা আৰ্জেণ্টিনাক তেওঁলোকৰ মূল জাৰ্চী হিচাপে কমলা আৰু বগা ৰঙৰ ষ্ট্ৰাইপ পিন্ধা দেখিমনে?

 

আনহাতে, হকী ইণ্ডিয়াই দাবী কৰিছে যে গেৰুৱা ৰং হৈছে সাহস, ত্যাগ আৰু বিজয়ৰ প্ৰতীক আৰু এই নতুন ৰূপটো ৰাষ্ট্ৰীয় পতাকা আৰু উদীয়মান সূৰ্যৰ পৰা অনুপ্ৰাণিত। এক্সত প’ষ্ট কৰা জাৰ্চী উন্মোচনৰ ভিডিঅ’টোত জানিবলৈ দিয়া হৈছে যে এই নতুন কিটটোত ভাৰতৰ চহকী সাংস্কৃতিক ঐতিহ্যক উদ্‌যাপন কৰিবলৈ মেণ্ডেলা-অনুপ্ৰাণিত আৰ্হি অন্তৰ্ভুক্ত কৰা হৈছে। লগতে অশোক চক্ৰক প্ৰতিনিধিত্ব কৰিবলৈ গাঢ় নীলা ৰঙৰ ব্যৱহাৰ কৰা হৈছে। ভিডিঅ’টোত দাবী কৰা হৈছে যে এই নতুন জাৰ্চীৰ আৰ্হিয়ে ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ মনোভাৱক প্ৰতিফলিত কৰিছে।

 

সমালোচকসকলে এই সিদ্ধান্তৰ আন এটা ত্ৰুটিৰ কথাও আঙুলিয়াই দিছে। ২০২৬ চনৰ বিশ্বকাপৰ অন্যতম আয়োজক দেশ হৈছে নেদাৰলেণ্ড, যিখন দেশৰ ক্ৰীড়াৰ পৰিচয় বিশ্বজুৰি ‘কমলা’ ৰঙৰ সৈতে সমাৰ্থক। এনে পৰিস্থিতিত ভাৰতীয় দলেও আয়োজক দেশৰ সৈতে একে ৰঙৰ জাৰ্চী পিন্ধি পথাৰত নমা কাৰ্যই খেলপথাৰত এক খেলিমেলিৰ সৃষ্টি কৰিব পাৰে বুলি আশংকা প্ৰকাশ কৰা হৈছে।

 

ক্ৰীড়াৰ কিটৰ ৰঙক লৈ বিতৰ্ক হোৱা এয়া প্ৰথম ঘটনা নহয়। ২০১৯ চনত ইংলেণ্ডত অনুষ্ঠিত এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ সময়তো ভাৰতীয় পুৰুষ দলটোৱে বিকল্প জাৰ্চী হিচাপে কমলা ৰঙৰ জাৰ্চী পৰিধান কৰিছিল। যদিও সেইবাৰ সম্পূৰ্ণ নীলা ৰং আঁতৰোৱা হোৱা নাছিল, তথাপিও ইয়াক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। ২০২৩ চনৰ এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ পূৰ্বেও ভাৰত-পাকিস্তান মেচৰ বাবে গেৰুৱা ৰঙৰ ইউনিফৰ্ম পিন্ধাৰ চৰ্চা চলিছিল যদিও পৰৱৰ্তী সময়ত বিচিচিআইয়ে সেয়া অস্বীকাৰ কৰি দলটোৱে তেওঁলোকৰ “পৰিচিত নীলা ৰং” পৰিধান কৰিব বুলিয়েই নিশ্চিত কৰিছিল।

 

উল্লেখ্য যে, আগন্তুক ১৪ আগষ্টৰ পৰা ৩০ আগষ্টলৈ অনুষ্ঠিত হ’বলগীয়া হকী বিশ্বকাপৰ পূৰ্বে এই ৰঙৰ পৰিৱৰ্তন কৰা হৈছে। এইবাৰৰ বিশ্বকাপৰ বিশেষত্ব এয়াই যে, ইতিহাসত প্ৰথমবাৰৰ বাবে পুৰুষ আৰু মহিলাৰ দুয়োখন প্ৰতিযোগিতা একেলগে অনুষ্ঠিত হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

October 3, 2026 7:16 pm
উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

October 3, 2026 7:02 pm
নেচলেৰ ডেইৰী হোৱাইটনাৰ অস্বাস্থ্যকৰ আৰু মানদণ্ডহীন! বিক্ৰী নিষিদ্ধ কৰিলে এফএছএছএআইয়ে

নেচলেৰ ডেইৰী হোৱাইটনাৰ অস্বাস্থ্যকৰ আৰু মানদণ্ডহীন! বিক্ৰী নিষিদ্ধ কৰিলে এফএছএছএআইয়ে

October 3, 2026 6:09 pm
অসমৰ ‘সম নাগৰিক সংহিতা’ বিধেয়কত স্বাক্ষৰ কৰিলে ৰাষ্ট্ৰপতিয়ে : শীঘ্ৰেই কাৰ্যকৰী হ’ব এই আইন

অসমৰ ‘সম নাগৰিক সংহিতা’ বিধেয়কত স্বাক্ষৰ কৰিলে ৰাষ্ট্ৰপতিয়ে : শীঘ্ৰেই কাৰ্যকৰী হ’ব এই আইন

October 3, 2026 6:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

October 3, 2026 7:16 pm
উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

October 3, 2026 7:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd