• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

মন্ত্ৰী এজনক কাৰ্যভাৰ গ্ৰহণ কৰাৰ কেইমাহমানৰ ভিতৰত নিৰ্বাচনত জয়ী হোৱাৰ বিষয়টো বিতৰ্কৰ বিষয় নহয়। কিন্তু একেজন মন্ত্ৰীয়ে দুবাৰকৈ এই বিশেষ ছমাহৰ সময়সীমাৰ সুবিধা ল’ব পাৰেনে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 30, 2026 5:57 pm
10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিধানসভা বা বিধান পৰিষদৰ তেওঁ কোনো সদস্য নহয়। তথাপি ছমাহতকৈও অধিক সময় মন্ত্ৰী হিচাপে কাম কৰি আছে! এইবাৰ উচ্চতম ন্যায়ালয়ত বিহাৰৰ পঞ্চায়ত মন্ত্ৰী দীপক প্ৰকাশৰ মন্ত্ৰিত্বক লৈ প্ৰশ্ন উত্থাপন হৈছে।

এগৰাকী সমাজকৰ্মীয়ে দাখিল কৰা জনস্বাৰ্থৰ গোচৰৰ পৰিপ্ৰেক্ষিতত বিহাৰ চৰকাৰৰ পৰা উত্তৰ বিচাৰিছে দেশৰ শীর্ষ আদালতে। অহা ৪ আগষ্টত জৰুৰী শুনানিৰ বাবে তালিকাভুক্ত কৰা হৈছে গোচৰটো।

Apply Now

মুখ্য ন্যায়াধীশ সূৰ্য কান্তে কয় যে, “এয়া সম্পূৰ্ণভাৱে এটা আইনী বিষয়। ৰাজ্য চৰকাৰে ব্যাখ্যা কৰিব লাগিব যে কেনেকৈ এজন মন্ত্ৰীয়ে কোনো নিৰ্বাচনত জয়ী নোহোৱাকৈ ছমাহতকৈ অধিক সময় পদত বাহাল থাকিব পাৰে।”

নিৰ্বাচনত জয়ী নোহোৱাৰ পিছতো বিহাৰৰ পঞ্চায়ত মন্ত্ৰী দীপক প্ৰকাশৰ কাৰ্যকাল অব্যাহত ৰখাক লৈ আইনী জটিলতাৰ সৃষ্টি হৈছে।

১৫ এপ্ৰিল (২০২৬)ত মুখ্যমন্ত্ৰী নীতিশ কুমাৰে পদত্যাগ কৰিছিল। তেতিয়ালৈকে নীতিশ কেবিনেটত দীপক প্ৰকাশৰ মন্ত্ৰিত্বৰ কাৰ্যকাল আছিল চাৰি মাহ ২৬ দিন। নীতিশ কুমাৰে পদত্যাগ কৰাৰ লগে লগে প্ৰকাশৰ মন্ত্ৰিত্বৰো অন্ত পৰিল। পৰৱৰ্তী ২২ দিন তেওঁ কোনো মন্ত্ৰী পদত অধিষ্ঠিত হোৱা নাছিল।

তাৰ পিছত ৭ মে’ (২০২৬) তাৰিখে সম্ৰাট চৌধুৰীয়ে বিহাৰত নতুন চৰকাৰ গঠন কৰে। তাত প্ৰকাশকো নিযুক্তি দিয়া হৈছিল। নিৰ্বাচনত জয়ী নোহোৱাৰ পিছতো পুনৰ মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে দীপক প্ৰকাশে।

ইয়াৰ পিছত ৩০ মে’ (২০২৬)ত দীপক প্ৰকাশৰ মন্ত্ৰী পদক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু হয়। আৱেদনখনত দীপকৰ মন্ত্ৰী পদত নিযুক্তি অবৈধ ঘোষণা কৰিবলৈ দাবী উত্থাপন কৰা হৈছে। অভিযোগ উত্থাপন হৈছে যে দীপক প্ৰকাশে “সংবিধানৰ সৈতে প্ৰতাৰণা কৰিছে”।

মন কৰিবলগীয়া যে প্ৰকাশ সংসদ বা বিধানসভা অথবা বিধান পৰিষদলৈ নিৰ্বাচিত নোহোৱাৰ পিছতো মুঠ ছমাহতকৈ অধিক সময় মন্ত্ৰী হৈ আছে।

সংবিধানৰ ১৬৪(৪) অনুচ্ছেদ অনুসৰি প্ৰধানমন্ত্ৰী বা মুখ্যমন্ত্ৰীয়ে নিযুক্তি দিয়া মন্ত্ৰীক নিৰ্বাচিত হ’বলৈ ছমাহৰ ৰেহাইৰ সময়সীমা দিয়া হয়। ইয়াত কোৱা হৈছে, “যদি কোনো মন্ত্ৰীয়ে একেৰাহে ছমাহৰ বাবে ৰাজ্যখনৰ বিধানসভাৰ সদস্য নহয়, তেন্তে সেই সময়সীমা শেষ হোৱাৰ লগে লগে তেওঁ আৰু মন্ত্ৰী পদত বাহাল থাকিব নোৱাৰে।” অৰ্থাৎ ছমাহৰ ভিতৰত যদি কোনো মন্ত্ৰী নিৰ্বাচনত জয়ী হৈ নাহে তেন্তে পদত্যাগ কৰিব লাগিব।

অৱশ্যে দীপক প্ৰকাশৰ ক্ষেত্ৰখন অলপ ব্যতিক্ৰমী। কাৰণ তেওঁ একেৰাহে ছমাহ মন্ত্ৰীপদত থকা নাছিল।

নীতিশ কুমাৰৰ অধীনত চাৰি মাহ ২৬ দিন মন্ত্ৰী আছিল। যিটো সেই ছমাহৰ ভিতৰত পৰে। বৰ্তমানৰ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীয়ে পুনৰ নিযুক্তি দিয়াৰ পিছত মাত্ৰ কেইমাহমানহে কাৰ্যনিৰ্বাহ কৰিছে। কিন্তু সকলো একেলগে হিচাপ কৰিলে তেওঁ কোনো নিৰ্বাচনত জয়ী নোহোৱাকৈ ছমাহতকৈ অধিক সময় মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছে। গতিকে এইটো যথেষ্ট কৌতুহলী বিষয়।

যিসকল মন্ত্ৰী আৰু মুখ্যমন্ত্ৰী কোনো বিধানসভা সমষ্টিৰ সদস্য নহয়, তেওঁলোকে প্ৰায়ে সংবিধানৰ ১৬৪(৪) অনুচ্ছেদৰ প্ৰয়োগ কৰে। এই ক্ষেত্ৰত সাধাৰণ প্ৰথা হ’ল ‘নিৰাপদ আসন’ৰ পৰা নিৰ্বাচিত বিধায়কক পদত্যাগ কৰোৱা যাতে মন্ত্ৰীয়ে সেই আসনৰ পৰা উপ-নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে।

ছমাহৰ ভিতৰত নিৰ্বাচিত হোৱাৰ চৰ্ত পূৰণ কৰিবলৈ মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীসকলে প্ৰায়ে বিধান পৰিষদৰ পথটো বাছি লৈছে। ২০১৯ চনত উদ্ধৱ থাকৰে বিধায়ক নহৈও মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হৈছিল। পৰৱৰ্তী সময়ত তেওঁ ৰাজ্যৰ বিধান পৰিষদৰ সদস্য হিচাপে নিৰ্বাচিত হয়।

উত্তৰাখণ্ডত ২০২১ চনত মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱা তীৰ্থ সিং ৰাৱটে ছমাহৰ সময়সীমা শেষ হোৱাৰ ঠিক আগতেই পদত্যাগ কৰে। কাৰণ কোভিড মহামাৰীৰ বাবে তাত উপ-নিৰ্বাচন অনুষ্ঠিত কৰাটো কঠিন হৈ পৰিছিল।

আনকি প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱগৌড়াও প্ৰধানমন্ত্ৰী হোৱাৰ পিছত ৰাজ্যসভাৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল।

মন্ত্ৰী এজনক কাৰ্যভাৰ গ্ৰহণ কৰাৰ কেইমাহমানৰ ভিতৰত নিৰ্বাচনত জয়ী হোৱাৰ বিষয়টো বিতৰ্কৰ বিষয় নহয়। কিন্তু একেজন মন্ত্ৰীয়ে দুবাৰকৈ এই বিশেষ ছমাহৰ সময়সীমাৰ সুবিধা ল’ব পাৰেনে?

ছমাহৰ সময়সীমা শেষ হোৱাৰ আগতেই এজন মন্ত্ৰীয়ে পদত্যাগ কৰি কেইদিনমান পিছত পুনৰ দায়িত্ব লোৱা আৰু নতুনকৈ শপতগ্ৰহণৰ তাৰিখৰ পৰা ছমাহৰ সময়সীমা নতুনকৈ আৰম্ভ হ’ব বুলি দাবী কৰাটো বৈধ নে?

আইনখনৰ ব্যাখ্যাৰ এই অস্পষ্টতা ‘দীপক প্ৰকাশ’ গোচৰত উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ দ্বাৰাহে স্পষ্ট হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd