২০২৬ চনৰ ৫ আগষ্টত স্পেচএক্সৰ এটা ব্যৱহৃত ৰকেটৰ অংশ চন্দ্ৰৰ বুকুত খহি পৰিব। এই অপ্ৰত্যাশিত সংঘৰ্ষৰ ঘটনাটোক নাছাই প্ৰত্যক্ষভাৱে পৰ্যবেক্ষণ কৰিবলৈ চেষ্টা কৰিব। এই ঘটনাৰ পৰা পৃথিৱীৰ কোনো বিপদ নহয়, কিন্তু ইয়াৰ পৰা বিজ্ঞানীসকলে চন্দ্ৰৰ সম্পৰ্কে বহুতো উপযোগী তথ্য পাব পাৰিব বুলি নাছাই প্ৰকাশ কৰিছে।
নাছাৰ তথ্য অনুসৰি, ফালকন ৯ ৰকেটৰ এই ব্যৱহৃত অংশটো চন্দ্ৰৰ আইন্ষ্টাইন আৰু বেল ক্ৰেটাৰৰ ওচৰত খহি পৰিব। এই সংঘৰ্ষৰ ফলত প্ৰায় ৬০ ফুট বহল আৰু ১২ ফুট দ গাতৰ সৃষ্টি হ’ব পাৰে আৰু ইয়াৰ ফলত চন্দ্ৰৰ ধূলি আৰু শিলাখণ্ড চাৰিওফালে সিঁচৰতি হৈ পৰিব। এই ৰকেট অংশটো ২০২৫ চনৰ ১৫ জানুৱাৰীত উৎক্ষেপণ কৰা হৈছিল। নাছাৰ কমাৰ্চিয়েল লুনাৰ পে’লোড চাৰ্ভিচেছৰ অধীনত ফাইৰফ্লাই এয়ৰ’স্পেচৰ ব্লু গ’ষ্ট ১ লুনাৰ লেণ্ডাৰ প্ৰেৰণ কৰোঁতে এই ফালকন ৯ ৰকেট ব্যৱহাৰ কৰা হৈছিল। পৰৱৰ্তী সময়ত সূৰ্যৰ কাৰ্যকলাপ আৰু মহাকৰ্ষণীয় বলৰ বাবে ৰকেটৰ অৱশিষ্ট অংশটো চন্দ্ৰৰ দিশে গতি কৰে।
স্বতন্ত্ৰ জ্যোতিৰ্বিজ্ঞানীসকলে ৰাজহুৱা তথ্য ব্যৱহাৰ কৰি প্ৰথমতে এই ৰকেটৰ গতিপথ চিনাক্ত কৰিছিল। তাৰ পিছত নাছাৰ চেণ্টাৰ ফৰ নিয়াৰ আৰ্থ অবজেক্ট ষ্টাদীজে নিশ্চিত কৰে যে ৰকেট অংশটো চন্দ্ৰত খুন্দা মৰাৰ সম্ভাৱনা এশ শতাংশ। এটা স্কুল বাছৰ সমান ডাঙৰ আৰু প্ৰায় চাৰি টন ওজনৰ এই বস্তুটোৱে ঘণ্টাত প্ৰায় ৫,৪০০ মাইল বেগেৰে চন্দ্ৰত আঘাত কৰিব। বিবিচিৰ এক প্ৰতিবেদন অনুসৰি, এই সংঘৰ্ষ জিএমটি পুৱা ০৬:৩৫ বজাত অৰ্থাৎ ভাৰতীয় সময় মতে আবেলি প্ৰায় ১ বজাত ঘটিব।
এই ঘটনাটো পৃথিৱীৰ পৰা খালি চকুৰে দেখা পোৱা নাযাব, কিন্তু নাছাই দূৰবীক্ষণ যন্ত্ৰৰ সহায়ত ইয়াক প্ৰত্যক্ষভাৱে পৰ্যবেক্ষণ কৰিবলৈ চেষ্টা কৰিব। অৱশ্যে বতৰ আৰু পোহৰৰ অৱস্থাৰ বাবে পৰ্যবেক্ষণ কৰাত কিছু অসুবিধা হ’ব পাৰে। ইয়াৰ উপৰিও নাছাৰ লুনাৰ ৰিকনেছান্স অৰ্বিটাৰ আৰু দক্ষিণ কোৰিয়াৰ কোৰিয়া পাথফাইণ্ডাৰ লুনাৰ অৰ্বিটাৰত থকা চেড’কেম নামৰ যন্ত্ৰই সংঘৰ্ষৰ আগৰ আৰু পিছৰ ছবি তুলিবলৈ চেষ্টা কৰিব। পোহৰ আৰু উপগ্ৰহৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি ছবিসমূহ লাভ কৰিবলৈ কেইবাদিনো সময় লাগিব পাৰে। এই ঘটনাই চন্দ্ৰত সংঘটিত সংঘৰ্ষ আৰু ইয়াৰ পৰা ওলোৱা পদাৰ্থৰ বিষয়ে অধ্যয়ন কৰাত সহায় কৰিব।
চন্দ্ৰত কোনো বায়ুমণ্ডল নথকাৰ বাবে নিতৌ উল্কাপাত হয়, কিন্তু মানৱসৃষ্ট বস্তুৰ সংঘৰ্ষ তুলনামূলকভাৱে কম। ২০২২ চনত চীনৰ এটা ৰকেটৰ অংশ চন্দ্ৰৰ বিপৰীত পিঠিত খহি পৰিছিল আৰু ২০০৯ চনত নাছাই নিজেই এক ৰকেট অংশ চন্দ্ৰত খুন্দা মৰাইছিল। কিছুমান অভিযানত এনেদৰে ৰকেটৰ অংশ বৰ্জন কৰাটো নিৰাপদ বুলি গণ্য কৰা হয় যদিও এই ঘটনাই মহাকাশৰ জাবৰ-জোঁথৰ বা আৱৰ্জনা সম্পৰ্কে চিন্তাও বৃদ্ধি কৰিছে। অৱশ্যে নাছাই মহাকাশৰ আৱৰ্জনা হ্ৰাস কৰা আৰু দায়িত্বশীলভাৱে এইবোৰ নিষ্কাশন কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ বুলি জনাইছে।





